কিসী কে বাপ কা হিন্দুস্থান থোড়ি হ্যায়

মাইন উদ্দিন: নিৰ্বাচনৰ বতৰ , সকলোৱে ব্যস্ত জিন্দাবাদ /মুর্দাবাদ লৈ কিন্তু আমাৰ দৰে নিমাষিত নৰ-মনিচ বোৰে কবিতা লিখা বা অনুবাদ কৰাৰ বাদে কিবা কৰিব পাৰিম বুলি বিশ্বাস নহয়। অকল ভাৰতৰে নহয় বিশ্বৰ কৌটি কৌটি মানুহৰ প্রিয় কবি এজনৰ কবিতা এটা, অনুবাদৰ চেষ্টা কৰিম। ৰাহাত কুৰেশি নামৰ শান্তশিষ্ট ল’ৰাজনৰ জন্ম হৈছিল মধ্যপ্রদেশৰ ইন্দোৰ চহৰত ১৯৫০ চনৰ ১ জানুৱাৰী তাৰিখে। সৰুৰে পৰা পিতৃ ৰাফালতুল্লাহ কুৰেশি আৰু মাতৃ মকবুলউনা নেছা বেগমৰ পৰা সাংস্কৃতিক জগতৰ লগত পৰিচয় হৈছিল। Nutan School, Indore পৰা উচ্চ মাধ্যমিক , Islamia Karimia College পৰা স্নাতক , Barkatullah University ৰ পৰা স্নাতকোত্তৰ আৰু Bhoj University ৰ পৰা পিএইচডি ডিগ্রী লৈছিল। […]

দেহা মন জোকাৰি যোৱা কবিতা : কেৰামতেৰ পোলা

কবিতাই কেতিয়াবা দেহা মন জোকাৰি যায়। নতুন যুগৰ উঠন্ত কবি গাজী ৰহমানৰ “কেৰামতেৰ পোলা” (কেৰামতৰ পুতেক) ৰ অসমীয়া অনুবাদত কাব্যিক সৌন্দর্য কিমান খিনি আছে সেয়া অভিজ্ঞ সমালোচকে বিবেচনা কৰিব কিন্তু মই কবিতাটোত, সঁজাত ডাঙৰ-দীঘল হোৱা বগলী চৰাই এজনীক দেখা পাইছো যিয়ে মামৰে ধৰা সঁজাৰ দুবাৰ ভাঙি মুক্তিৰ সোৱাদ লোৱাৰ চেষ্টাত ব্রতী হোৱা দেখা পাইছো। কেৰামতৰ পুতেক © গাজী ৰহমান তোৰ দেউতা আমাৰ ঘৰত গৰখীয়া আছিল তিনি টকা বেতনত তোৰ কিহৰ ইমান ফুটনি শুনিলো খোৱা বোলে ফিল্টাৰৰ পানী তোৰ দেউতাৰ চেন্ডেল নাছিল ভৰিত গেঞ্জী নাছিল গাত তই বোলে পিন্ধা কোট চোলা আৰু জোতা তোৰ দেউতাৰ ককালত শুনিছোঁ নাছিল কোনো সূতা তই […]

অসমত অসমীয়া ব্লগ্গিং কর্মশালা

২০০৪ চনৰ পৰাই ব্লগ্গিং আৰম্ভ কৰিছিলো যদিও ২০০৭ ৰ পৰা প্রফেশনাল (ব্যৱসায়িক) ব্লগিং কৰি আছো। অসমত ব্লগ্গিংৰ ওপৰত তৃতীয় বাৰৰ বাবে কর্মশালা আয়োজনৰ চিন্তা-চর্চা কৰি আছো। ২০০৮, ২০১২ ত সর্বভাৰতীয় পৰ্য্যায়ত আয়োজন কৰাৰ যিখিনি অভিজ্ঞতা আছে সেয়া অসমীয়া ভাষাত প্রয়োগৰ চিন্তা কৰি আছো। এই ক্ষেত্রত উৎপল শইকীয়া , মৃদুল কুমাৰ শর্মা , লক্ষ্যজ্যোতি শইকীয়া , বিক্রমজিৎ কাকতি (দা), চুলতান মাহমুদ মির্ধা , চুলতান মুস্তাফিজুল হক, দুলাল হুছাইন, অজয় লাল দত্ত আদি অখ্যাত-বিখ্যাত ব্লগ্গাৰ সকলৰ পৰা স্থান আৰু তাৰিখ নিৰ্ধাৰণৰ ওপৰত পৰামৰ্শ বিচাৰিছো। কর্মশালাৰ উদ্দেশ্য: ১. ইন্টাৰনেটত অসমীয়া ভাষাৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰ ৷ ২. নৱ প্ৰজন্মক অসমীয়া ভাষাৰ ব্যৱহাৰৰ প্ৰতি […]

মহিলাৰ সাজ–পাৰ আৰু অসম

মানৱ জাতি সুন্দৰৰ পূজাৰী। সুন্দৰৰ সাধনাত ব্ৰতী হৈ মানুহে নিজকে বিভিন্ন ৰুপত সজাবলৈ প্ৰয়াস কৰে। আদিম যুগত এই জীৱ – শ্ৰেষ্ঠ মানৱ জাতিয়ে গছৰ বাকলি, আঁহ আৰু জন্তৰ ছাল বা নোমেৰে নিজৰ সাজ – পাৰ তৈয়াৰ কৰি লৈছিল। লজ্জা নিবাৰণ আৰু প্ৰকৃতিৰ ঋতু অনুযায়ী শীত – তাপৰ মাত্ৰাৰ পৰা দেহক ৰক্ষা কৰিবলৈ মানুহে দেহত আৱৰণৰ প্ৰয়োজন অনুভৱ কৰিছিল। কিন্ত আধুনিক যুগত সময় বাগৰাৰ লগে লগে সেই আৱৰণেই মানুহৰ জীৱনৰ মৌলিক সমস্যাবোৰৰ এটা প্ৰধান অংগ হিচাপে পৰিগণিত হৈছে। অসমীয়া তিৰোতাৰ সাজ – পাৰৰ বিষয়ে পুৰণি সাহিত্য, লিপি সমূহ আৰু সেই সময়ৰ ভাস্কৰ্য্য আদি উৎসৱৰ পৰা এটা থূলমূল আভাস পাব পাৰি। কালিকা […]

দেওঁবৰীয়া উর্দু শ্বায়েৰীৰ নিচা

প্রভু সকল, মোলৈ যাতে হেংদানৰ চোচা নলয় ,দেওঁবৰীয়া উর্দু শ্বায়েৰীৰ নিচা : গালিব : গালিব শ্বেৰাব পিনে দে মছজিদ মে বেইথ কৰ য়াহ ওহ জগাহ বতা যাহা খুদা নেহি। ইকবাল : মছজিদ খুদা কা ঘৰ হ্যায় পিনে কি জগাহ নেহি কাফিৰ কে দিল মে যা ওহা খুদা নেহি। ওয়াছি : খুদা তো মৌজুদ দুনিয়া মে হৰ জগাহ তু জান্নাত মে যা ওহা পিনে ছে মানা নেহি। ফাৰাজ : কাফিৰ কে দিল ছে আয়া হু য়ে দেখকৰ ফাৰাজ খুদা মৌজুদ হ্যায় ওহা, উছে পতা নেহি। ছাকী : পীতা হু ছাকী, গমে দুনিয়া ভুলানে কে লিয়ে জান্নাত মে কোন ছা গম হ্যায়, […]

লোকসভা নির্বাচন আৰু চিধা তিনি চৰ্ত

আজি লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হৈছে , সেয়ে মোৰো গাত অকণমান হলেও ফাগুনৰ বলিয়া বাঁ লাগিছে। মোৰ হলে বিশেষ তিনটা চৰ্তত বিজেপিকো ভোট দিয়াত আপত্তি নাই : ১. শিক্ষা-দীক্ষা আৰু চাকৰিত অন্নুনত জনগোষ্ঠীক বিশেষ ৰেহাইৰ যোগেদি সমানুপাতিক ভাৰসাম্য কৰাৰ লিখিত প্রতিশ্রুতি। ২. ভাৰতীয় সকলক সন্দেহযুক্ত বিদেশীৰ লেবেল লগোৱা বন্ধ কৰা আৰু ডিটেনছন কেম্প বন্ধ কৰি চিহ্নিত বাংলাদেশী সকলক সেই দেশৰ চৰকাৰক গতাই দিয়াৰ লিখিত প্রতিশ্রুতি। ৩. বানপানী আৰু নিবনুৱা সমস্যাৰ বিজ্ঞান ভিত্তিক নির্দিষ্ট সময়ৰ ভিতৰত সমাধানৰ লিখিত প্রতিশ্রুতি। এই তিনিটা চৰ্ত মানি নললে নৰেন্দ্ৰ মোদী বা ৰাহুল গান্ধী বা বদৰউদ্দিন আজমল নিজে নির্বাচন খেলিলেও মই (আমি ) তেখেত সকলৰ এজনকো […]

বন্ধুবৰ অনুৰণন আদিত্যই কথা প্রসংগত এবাৰ কৈছিল

কৈশোৰৰ কোনো এটা ক্ষণত ভালপোৱাৰ প্ৰথমগৰাকী অধিকাৰীক যিবোৰ কথা কোৱা হোৱা নাছিল, আপুনি মনলৈ আনকচোন। কথাবোৰ ঘাম হৈ বাহিৰ হোৱা পৰিস্থিতিও চাগে ভালদৰেই মনত আছে। কথাবোৰ প্ৰিয়জনৰ কর্ণ কুহৰত প্ৰৱেশ কৰিব নোৱৰাৰ বেদনাবোৰ অনাহাৰ-অনিদ্ৰালৈ পৰিৱৰ্তিত হোৱা সময়বোৰ? নৱম শ্ৰেণীৰ ছাত্ৰজনে প্ৰেয়সীক ভেলেণ্টাইন ডে’ৰ উপহাৰ দিবলৈ দেউতাকক এটিএম হিচাপে বøৱহাৰ কৰিব বিচাৰে। অথচ কথাবোৰ দেউতাকক পৰিষ্কাৰকৈ বুজাব নোৱাৰে। কোনোবাই ধেমালিতে কোৱা কথাত কাৰোবাৰ একোটা প্ৰগাঢ় সম্পর্ক বিচ্ছিন্ন হৈ যায়। বহু চেষ্টাৰ পাছতো যিবোৰ কথাৰ সংশোধন নহয়। যিবোৰ কথা ক’ব পৰা হ’লে বহুতো জীৱনৰ গতিপথ সলনি হৈ পৰিলহেঁতেন। বহুতো অব্যক্ত কথাৰ সামর্থ আছিল সমাজব্যৱস্থা সলনি কৰি দিয়াৰ। কথাবোৰ সময়ত কোৱা নহ’ল, নোকোৱা […]

হোজাইত উচ্ছেদৰ সময়ত আৰক্ষীয়ে প্ৰহাৰ কৰা গৰ্ভৱতী মহিলা কুলছুমা বেগমৰ GMCH ত মৃত্যু

ৰাষ্টীয় মানবাধিকাৰ আয়োগ , ৰাষ্টীয় মহিলা আয়োগ , ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগ কেৱল ধনবান সকলৰ বাবে নেকি ? হোজাইৰ নখুটিত উচ্ছেদৰ সময়ত আৰক্ষীয়ে প্ৰহাৰ কৰা গৰ্ভৱতী মহিলা কুলছুমা বেগমৰ GMCH ত আজি মৃত্যু হয়। কোলছুমা বেগম (২০ ) স্বামী – ছফিকুল ইছলাম । গাওঁ ২ নং ছাৰ্কেবস্তি পোঃ – নখুটি বজাৰ থানা – লামডিং জিলা – হোজাই ( অসম) যোৱা ৪ তাৰিখত কাৰ্বি আংলং জিলা প্ৰশাসনে অবৈধ ভাৱে চলোৱা উচ্ছেদৰ সময়ত কুলছুমা বেগম নামৰ গৰ্ভৱতী মহিলা এগৰাকীক প্ৰহাৰ কৰিছিল কাৰ্বি আংলং পুলিচে। প্ৰহাৰৰ ফলত মহিলা গৰাকীৰ সন্তান জন্ম হৈছিল। সংকট জনক অৱস্থাত মহিলা গৰাকীক লংকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল […]

প্ৰভু ভক্ত গোলাম আৰু দৈনিক গণ অধিকাৰ কাকতৰ পৰিচালন সঞ্চালক

শাহজাহান তালুকদাৰ : কালিৰ ঘটনা। সময় ৰাতি ১১:১৫ মি:। কাকতৰ কাৰ্যালয়ৰ পৰা ঘৰলৈ গৈ আছিলো। আধাবাট যোৱাৰ পাছত দেখিলো ৰাস্তা বন্ধ। বনুৱাই No Entry ব্লক পেলাই থৈছে ।গাড়ীখন লৈ ঘৰলৈ যোৱাৰ বিকল্প অন্য অন্য কোনো পথো নাই। কিছু সময় অপেক্ষা কৰাৰ পিছত, ওপৰৰ পৰা জেচিবিৰ ড্ৰাইভাৰজনে কাষেদি পাৰ হৈ যাবলৈ ইংগিত দিলে। আকৌ গাড়ী ষ্টাৰ্ট দি আগুৱাবলৈ আৰম্ভ কৰিছিলোহে………….। চাৰিওফালৰ পৰা লেবাৰবোৰে(বনুৱাবোৰে) খেদি আহি আগুৰি ধৰিলে, মাৰিবই নে কাটিব। প্রথম অৱস্থাত গাড়ীৰ খিড়িকী বন্ধ নেথাকিলে অৱস্থা গুৰুতৰ আছিল। মানুহ নামৰ প্ৰাণীবোৰ তড়িৎ গতিত, আগ পিছ নেভাবি ইমান হিংস্ৰ (ইয়াত আচলতে প্ৰভুভক্ত বুলি কব লাগিব) হ’ব পাৰে, ভাবিলেই কিবা যেন লাগে। […]