হোজাইত উচ্ছেদৰ সময়ত আৰক্ষীয়ে প্ৰহাৰ কৰা গৰ্ভৱতী মহিলা কুলছুমা বেগমৰ GMCH ত মৃত্যু

ৰাষ্টীয় মানবাধিকাৰ আয়োগ , ৰাষ্টীয় মহিলা আয়োগ , ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগ কেৱল ধনবান সকলৰ বাবে নেকি ?

হোজাইৰ নখুটিত উচ্ছেদৰ সময়ত আৰক্ষীয়ে প্ৰহাৰ কৰা গৰ্ভৱতী মহিলা কুলছুমা বেগমৰ GMCH ত আজি মৃত্যু হয়।

কোলছুমা বেগম (২০ )
স্বামী – ছফিকুল ইছলাম ।
গাওঁ ২ নং ছাৰ্কেবস্তি
পোঃ – নখুটি বজাৰ
থানা – লামডিং
জিলা – হোজাই ( অসম)

যোৱা ৪ তাৰিখত কাৰ্বি আংলং জিলা প্ৰশাসনে অবৈধ ভাৱে চলোৱা উচ্ছেদৰ সময়ত কুলছুমা বেগম নামৰ গৰ্ভৱতী মহিলা এগৰাকীক প্ৰহাৰ কৰিছিল কাৰ্বি আংলং পুলিচে। প্ৰহাৰৰ ফলত মহিলা গৰাকীৰ সন্তান জন্ম হৈছিল। সংকট জনক অৱস্থাত মহিলা গৰাকীক লংকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল । তাৰ পাছত অৱস্থা সংকট জনক হোৱাৰ ভাবে নগাঁও ভুগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। যদিও পৰৱৰ্তী সময়ত GMCH লৈ ভৰ্তি কৰা হৈছিল। পুৰণি মহলাৰ ৯ নং ৰুমত আজি মৃত্যু হয় । এই মৃত্যুৰ বাবে দায়ী সোণোৱাল চৰকাৰ, দায়ী কাৰ্বি আংলং জিলা প্ৰশাসন-পুলিচ। হত্যাকাৰীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰি উচিত শাস্তিৰ ব্যৱস্থা কৰাৰ বাবে সচেতন নাগৰিকে আগবাঢ়ি আহিবনে?

অসমত থকা তথাকথিত মানবাধিকাৰ কর্মী সকলে প্রতিবাদ কৰিবনে ?

তথ্য সংগ্রহ : আশ্রাফুল আৰু মাছুমা (পক্ষপাতিত্ব আৰু চৰকাৰী অনিয়মত মৃত্যু হোৱা মহিলা গৰাকীৰ ফটো দিবলৈ ভাল নলগাৰ কাৰণে প্রথম মন্তব্যত দিলো )

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.