প্ৰভু ভক্ত গোলাম আৰু দৈনিক গণ অধিকাৰ কাকতৰ পৰিচালন সঞ্চালক

শাহজাহান তালুকদাৰ :

কালিৰ ঘটনা। সময় ৰাতি ১১:১৫ মি:। কাকতৰ কাৰ্যালয়ৰ পৰা ঘৰলৈ গৈ আছিলো। আধাবাট যোৱাৰ পাছত দেখিলো ৰাস্তা বন্ধ। বনুৱাই No Entry ব্লক পেলাই থৈছে ।গাড়ীখন লৈ ঘৰলৈ যোৱাৰ বিকল্প অন্য অন্য কোনো পথো নাই। কিছু সময় অপেক্ষা কৰাৰ পিছত, ওপৰৰ পৰা জেচিবিৰ ড্ৰাইভাৰজনে কাষেদি পাৰ হৈ যাবলৈ ইংগিত দিলে। আকৌ গাড়ী ষ্টাৰ্ট দি আগুৱাবলৈ আৰম্ভ কৰিছিলোহে………….।

চাৰিওফালৰ পৰা লেবাৰবোৰে(বনুৱাবোৰে) খেদি আহি আগুৰি ধৰিলে, মাৰিবই নে কাটিব। প্রথম অৱস্থাত গাড়ীৰ খিড়িকী বন্ধ নেথাকিলে অৱস্থা গুৰুতৰ আছিল। মানুহ নামৰ প্ৰাণীবোৰ তড়িৎ গতিত, আগ পিছ নেভাবি ইমান হিংস্ৰ (ইয়াত আচলতে প্ৰভুভক্ত বুলি কব লাগিব) হ’ব পাৰে, ভাবিলেই কিবা যেন লাগে। মনতে চিন্তা কৰিলো লেবাৰ কেইজনৰনো কি দোষ। এওঁলোকে মালিকক সন্তুষ্ট কৰাৰ দায়িত্বহে পালন কৰিছে। কাৰণ মহানগৰৰ কোনোবা এটা চাৰিআলিৰ পৰা তেওঁলোকক কেইঘন্টামানৰ বাবে কিনি আনিছে।গাড়ীৰ স্টার্ট বন্ধ কৰি ৰৈ থকা অৱস্থাত কোনোবা চুকত দেখা পাইছিলো নাম ফলকটো, মালিকজন পৰিৱৰ্তনকামী ৰজাঘৰীয়া এজন ঠিকাদাৰ। এই মালিকবোৰে দিনে-ৰাতিয়ে সপোন দেখে এওঁলোকৰ (বনুৱা সকলৰ) হিতৰ বিৰুদ্ধে। অথচ তেওঁৰ অনুপস্থিতিতেই বিক্ৰী হোৱাবোৰে কিদৰে পালন কৰিছে ৱাফাদাৰী। কাৰণ “ৱাফাদাৰী” এওঁলোকৰ স্বভাবজাত। য’ত থাকে, যাৰ খায় তাৰেই নামগুণ গায়। তথাপিও সোমাব পৰা নাই,মালিক শ্রেণী লোকৰ অন্তৰত। অথচ স্ব-জাতি /স্বধর্মৰ আপোন এজনকো বলি দিবলৈ কুন্ঠাবোধ নকৰে, এই অজ্ঞান নিষ্পেষিত, নিপীড়িত প্ৰাণীবোৰে, মোৰো এওঁলোকৰ বিৰুদ্ধে কোনো নালিছ আৰু অভিযোগ নাই।
এওঁলোকৰ মাজৰে কিছুমানক আমাৰ চাৰিআলিত পাই থাকো মানে মোক চিনি পায় বুলিহে ৰক্ষা পালো।

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.