মাইন উদ্দিনৰ ভোগালীৰ কবিতা : দগ্‌মগ্‌ উৰুকা

দগ্‌মগ্‌ উৰুকা
@ মাইন উদ্দিন
—————
আজিৰ নগ্ন সভ্যতাৰ যান্ত্রিক যুজঁত
কোঙা হৈ পৰি ৰয় সেউজীয়া যৌৱন
প্রেমিক কবিজন ইনচ্টালমেন্ট দি দি ভাগৰি পৰিছে
আৰু কিমান টানিব কোঙা দেহাৰে উৎকৰ্ষিত সভ্যতাৰ বোজা।
পৰিচয় বিহীন লক্ষ লক্ষ মানুহক লিপ্সিত প্রাপ্তি দিবলৈ
মোহচ্ছন্নৰত কৰি ৰাখিবলৈ অনন্ত পল-অনুপল
নাই আলাদিনৰ চাকি সদৃশ বাটে-ঘাটে , চহৰে-বন্দৰে বিচাৰি ফুৰিবলৈ
আজন্ম প্রেমিক কবিজনৰ হৃদয় কংক্ৰীটৰ দেৱালত ম্রিয়মাণ।
প্রেমিকাক বিচাৰি শূন্যৰ পৰা শিখৰ আকৌ শূন্য
উদ্ভাসিত হয় অধিবৃত্তীয়, অধিবক্রীয় অলেখ আন্দোলন
ৰাষ্ট্রযন্ত্রৰ ৰঙা, বগা, সেউজীয়া অনেক ৰেখা.
যান্ত্রিকতাত হৃদয়ৰ গতি স্পন্দন নে অসন্তুলিত কম্পন ?
বাটৰ নাটৰ সংলাপ বিচাৰি ৰৈ থাকিবৰ মন নাই
ছফদৰ হাছ্‌মিৰ নিধৰ দেহটোৰ সৈতে সাবনামৰ চকুযুৰি
থ্রী ডি যন্ত্রণাত ছটফটাই নিগৰি নাহে কায়িক শব্দ ভাণ্ডাৰ
দগ্‌মগ্‌ উৰুকাত ভেলাঘৰত কবিয়ে হাত সেকি শান্তি লয়।
টোকা : পুৰণি কবিতা আৰু ফটো দিয়াৰ বাবে দুঃখিত। আজিকালি কবিৰ শব্দ ভাণ্ডাৰত তলা মৰা হোৱা বাবেই কবিতাৰ পৰা সন্যাস লৈছে। ৰচনা কাল – ২০০৯
Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.