মাগুৰ বৰণীয়া ল’ৰাজন আৰু ধর্ম – সাজিদা খাতুন

সাজিদা খাতুন: 

সেয়া আছিল ১৯৯৩ চনৰ জুন মাহৰ কোনোবা এটা বৰ দুপৰীয়া , নতুন কৈ হাই স্কুল বা হায়াৰ চেকেণ্ডাৰী পৰীক্ষাত উত্তীর্ন বহুকেইজাক ল’ৰা ছোৱালীৰ নামভৰ্তিৰ উখল মাখল পৰিবেশ। কলেজ খন আমাৰ ঘৰৰ নিচেই ওচৰত থকা কাৰণে অলপ দেৰিকৈ উপস্থিত হৈছিলো। ঘৰুৱা ভাবে চিনাকি কেৰাণী জনৰ পৰা নামভর্তিৰ ফর্মখন লৈ হতাশ হৈ পৰিছিলো কাৰণ ইংৰাজীত ফর্ম এখন ফিলাপ কৰাৰ যোগ্যতা আছিল যদি ও ভুল হব বুলি ভাবি ইফাল সিফাল চাই আছিলো আৰু মনৰ কথা খিনি খুলি কবলৈ সমবয়সীয়া কাকো দেখা পোৱা নাছিলো।
সেই হেজাৰজন নামভৰ্তি কৰিব বিচৰা ছাত্র ছাত্ৰীৰ মাজৰ পৰা ক্ষীণকায় মাগুৰ বৰণীয়া ল’ৰা এজন আগবাঢ়ি আহি সুধিছিল –
“দিয়ক , ফৰ্মখন ময়ে ফিলাপ কৰি দিও। “
মন্ত্রমুগ্দ্ধৰ দৰে ফর্ম খন আগবঢ়াই দি ডেস্কৰ বিপৰীত পিনে থকা বেঞ্চখনত বহি লৈ কাগজ পাতি বোৰ উলিয়াই দিছিলো। ল’ৰাজনে নীৰৱে ফর্ম খন ফিলাপ কৰি লাহে কৈ কৈছিল –
“আপোনাৰ কাম হৈ গৈছে , এয়া লওক আৰু কাউন্টাৰত জমা দি দিয়ক। “
মই ইমান আকৰী নাছিলো কিন্তু ফর্ম খন হাতত লৈ ধন্যবাদ এটা নিদিয়াকৈ গুচি আহিছিলো।কাউন্টাৰত জমা দিয়াৰ পিছত হে ল’ৰাজন লৈ মনত পৰিল।
ছে: নামটো সোধা নহলেই আনকি ধন্যবাদ এটাকে দিয়া নহল। নিজকে কিবা জানো অপৰাধী অপৰাধী ভাব হ’ল। ইতিমধ্যে ল’ৰাজন জনসমুদ্রত হেৰাই গৈছিল।
যথাৰীতি নামভর্তি হৈ গৈছিল আৰু শ্রেণী পাঠদানও আৰম্ভ হৈছিল কিন্তু মনৰ মাজত সেই মাগুৰ বৰণীয়া ল’ৰা ভুমুকি মাৰিছিল যদি ও তাৰ প্রাবল্য গধুৰ নাছিল।
এদিন কলেজত দুটা অতিৰিক্ত ক্লাশ লোৱা কাৰণে ঘৰলৈ বুলি চমু ৰাস্তাৰে বাট লৈছো, কলেজৰ গাতে লাগি থকা বয়েজ হোষ্টেলৰ কাষেৰে যোৱা লুংলুঙীয়া বাটেৰে তলমূৰ কৰি গৈ আছিলো কাৰণ বয়েজ হোষ্টেলক লৈ আমাৰ মাজত এটা বেয়া মনোভাব সেই সময়ত আছিল। কোনে বা কি কয় কাৰণ বয়েজ হোষ্টেলত থকা ল’ৰাবোৰৰ মুখত লাগ্ বান্ধ নাই বুলিয়েই শুনিছিলো।
বেটমিন্টনৰ কক টোৱে দুয়োফালৰ কোব সহ্য কৰিব নোৱাৰি , মোৰ ফালে উৰি আহিছিল , লগে লগে খেলি থকা হোষ্টেলীয়া ডেকাজাকৰ পৰা এজনে ……
“ঐ ধুনীয়া……” চিয়ঁৰি উঠিছিল যদিও বাকী শব্দ বোৰ শুনা নগল।
তলফালে থকা মোৰ চকু যোৰ সেইফালে কৰাৰ লগে লগে দেখা পালো সেই মাগুৰ বৰণীয়া ল’ৰাটোৱে বজ্র হাত দুখনেৰে আন এজনৰ মুখত সোপা দি আছে। সম্ভৱতঃ “ঐ ধুনীয়া……” বুলি চিয়ঁৰা লৰাজনৰ মুখত সোপা দিছিল। (বহু বছৰ পিছত লৰাজনে কি কব বিচাৰিছিল সেয়া শুনি বন্ধুমহলত খুবেই হাঁহিছিলোঁ )
সেই দিনা কোনো দ্বিতীয় বাক্য কোনোৱে উচ্চাৰণ কৰা নাছিল আৰু ময়ো কোনো শব্দ উচ্চাৰণ নকৰাকৈয়ে ঘৰলৈ আহিছিলো। ৰাতি খোৱাবোৱাৰ পিছত বিছনাত শুই সেই মাগুৰ বৰণীয়া লৰা জনৰ কথা মনলৈ আহিছিল কাৰণ আন দহজন হোষ্টেলীয়া ল’ৰাতকৈ ভিন্ন প্রকৃতিৰ কিয়?
এই প্রশ্নৰ উত্তৰ পাবলৈ মোৰ বহু দিন অপেক্ষা কৰিব লগা হৈছিল। উত্তৰ কি আছিল সেয়া পিছলৈ জনাম কিন্তু মনৰ ভিতৰত কিবা নতুনত্ব ভাৱ এটা আহিছিল কিন্তু প্রথমে সেয়া কলেজত পঢ়াৰ কাৰণে হৈছে বুলি ভাবিছিলো। পিছে সেয়া সাময়িক সান্তনাহে আছিল কিন্তু উৰহী গছৰ উৰ টো আছিল সেই মাগুৰ বৰণীয়া ল’ৰাজন।
আমাৰ কলেজত আধুনিক ভাৰতীয় ভাষাৰ (MIL) আৰু ইংৰাজীৰ ক্লাস বিজ্ঞান আৰু ক’লা শাখাৰ একেলগে হৈছিল সেয়ে বিজ্ঞান শাখাৰ ছাত্র -ছাত্রী খিনি পিছৰ বেঞ্চত বহিব লগা হৈছিল। এদিন ঘটনা ক্রমে ময়ো পিছফালে থকা বেঞ্চত বহিব লগা হ’ল। সেয়া সৌভাগ্য আছিল নে দুৰ্ভাগ্য আছিল নাজানো কিন্তু মোৰ নিচেই কাষতে সেই মাগুৰ বৰণীয়া ল’ৰাজন ও বহিছিল। সেইদিনা আমাৰ সন্মানীয় শিক্ষক যোগেন্দ্র ঝা চাৰ হয়তো ৫ মিনিট পলম কৈ শ্রেণী কোঠাত সোমাইছিল কিন্তু সেয়া কোঠা নাছিল , ডাঙৰ হ’ল বুলি কব লাগিব কাৰণ ২৫০ জন ছাত্র একেলগে বহাৰ সুবিধা আছিল। এই ৫ মিনিট সময়ৰ সৎব্যহাৰ কৰি মাগুৰ বৰণীয়াজনৰ ফালে মুখ খন ঘূৰাই লাহে কৈ সুধিলো –
“সিদিনা আপোনাক ধন্যবাদ খিনিও দিয়া নহল , বেয়া নাপাব। “
ল’ৰাজনে ইফালে সিফালে চাই নিশ্চিত হৈছিল যে কথা খিনি মই তেখেতকে কৈছো।
“নাই নাই , ধন্যবাদ দিয়াৰ কোনো প্রয়োজন নাই। ” লাহে কৈ উত্তৰ দিছিল .
বহুত সাহস কৰি দ্বিতীয় প্রশ্নটো কৰিছিলো –
“আপোনাৰ নামটো জানিব পাৰিম নে ?”
তেখেতে উত্তৰ দিবলৈ মুখ মেলিছিলেই কিন্তু আমাৰ ঝাঁ চাৰ ইতিমধ্যে প্লাটফর্মত উঠিছিলেই।
নামটো শুনা আৰু নহল , এইখিনি ভাবি ক্লাসত মনোযোগ দিলো যে ক্লাস শেষ হোৱাৰ পিছত সুধিম কিন্তু ছাৰে ইমান সোপা বোর্ডত লিখিব দিলে যে মোৰ লিখা শেষ হোৱাৰ আগতেই বিজ্ঞান শাখাৰ খিনি লিখা শেষ কৰি হল ত্যাগ কৰিছিল।
তথাপি নিৰাশ হোৱা নাছিলো , এইখিনি ভাবি যে – ল’ৰাজন বিজ্ঞান শাখাত পঢ়ে আৰু কলেজ হোষ্টেলত থাকে।
কলেজত অহা যোৱা আৰু শ্ৰেণীত উপস্থিতি নিয়মীয়া ভাবেই চলি আছিল। ধর্মীয় সংখ্যালঘু অঞ্চলত আমাৰ কলেজ খন থকা বাবে শুকুৰ বাৰে সম্পূর্ণ এক ঘন্টাৰ জিৰণি দিয়া অলিখিত নিয়ম আছিল। (আজিকালি সেই নিয়ম আছে নে নাই নাজানো )
কলেজৰ পশ্চিম প্ৰান্তৰ পুৰণি আসাম টাইপ ডাঙৰ হলৰ খিৰিকি খুলি নতুন কৈ চিনাকি হোৱা নুৰনাহাৰ নামৰ বান্ধবী জনীৰ লগত মুক্ত বতাহ অকণ মানৰ অপেক্ষা কৰি ইটো সিটো অপ্রয়োজনীয় কথা বোৰ পাতি আছিলো। কিন্তু এক বা দুই মিনিট পিছতে এজাক পাঞ্জাবী আৰু গোল (skull cap ) টুপী পৰিহিত ল’ৰা আহি থকা দেখা পালো। এয়া সংযোগ নে আন কিবা কব নোৱাৰিম কিন্তু সেই জাকটোৰ মাজত সেই মাগুৰ বৰণীয়া ল’ৰাজনকো দেখা পালো। কোনোবাই যে সিহঁতক লক্ষ্য কৰি আছে সেয়া কোনোৱে মন নকৰিলে কাৰণ বাউন্ডাৰী ওয়ালৰ বাহিৰেদি আছিল বয়েজ হোস্টেল লৈ অহা যোৱা কৰা ৰাস্তা, তাৰোপৰি সিহঁতৰ উদ্দেশ্যই আছিল কিজানো শুকুৰবাৰীয়া জুমাৰ নামাজ আদায় কৰা।গতিকে আমাৰ ফালে চকু নপৰাটো একেবাৰে সাধাৰণ কথা।
সেই কমবয়সীয়া seasonal pious (ঋতু ভিত্তিক ধার্মিক) জাক টোৰ ফালে চাই নুৰনাহাৰে প্রায় গর্ব কৰিয়েই কলে –
” সেই যে আগফালে তলমূৰ কৰি যোৱা ল’ৰা জনক দেখিলি সেইজন আমাৰ দুর্সম্পকীয় ভাগিন কিন্তু মোক নিজৰ মাহীৰ দৰেই সন্মান কৰে। সি এইবেলি আমাৰ মেট্রিক সেন্টাৰত হায়েস্ট নম্বৰ পাইছে। “
আচলতে নূৰনাহাৰে কোনজন ল’ৰাৰ কথা কৈছিল সেয়া ধৰিব পৰা নাছিলো (বহুদিন পিছত বুজি পাইছিলো যে সেই মাগুৰ বৰণীয়া ল’ৰাজনকেই কৈছিল) । সাধাৰণতে বাহিৰত চাহ খোৱাৰ অভ্যাস নাছিল বুলিয়েই কব পাৰি কিন্তু সেইদিনা মনটোৱে চাহ একাপ খাবলৈ ব্যাকুল হৈ পৰিল। চৈয়দৰ চাহ দোকান খনত সাধাৰণতে শুকুৰবাৰে জিৰণি সময়ত ল’ৰা মানুহ নাথাকে বুলি কলেও ভুল নহব। নামাজ নপঢ়া খিনিয়েও কেণ্টিনত ভীৰ নকৰে কাৰণ কোনোবা ছাৰে দেখা পালে বেয়া পাব নতুবা প্রাক্টিকেলৰ নম্বৰ কমাই দিব , আদি ভয়ৰ কাৰণেই এই ক্ষন্তেকীয়া নীৰৱতা।
আমি দুয়ো চৈয়দৰ চাহ দোকান খনত এনেকুৱা টেবুল এটাত বহিলো যৰ পৰা মছজিদ লৈ অহাযোৱা কৰা মানুহ খিনিক দেখা যায়। মই কিয় তেনেকুৱা কৈ বহিছিলোঁ সেয়া নিজেও নাজানো বা নূৰনাহাৰে গমেই পোৱা নাছিলে।
মনে মনে কামনা কৰিছিলো যাতে চাহ দুকাপ অলপ পলম কৈ দিয়ে আৰু আমি অলপ বেছি সময় বহিব পাৰো। দোকানৰ কৰ্মচাৰীয়ে যেন আমাৰ মনৰ কথাবোৰ বুজি পাইছিল আৰু প্রায় আধা ঘন্টা পিছত আমাৰ চাহ দুকাপ দিছিল। ইতিমধ্যে নামাজ শেষ হৈ গৈছিল আৰু দুই এজনে মছজিদৰ পৰা ওলাই আহি আছিল। আমাৰ প্রিন্সিপাল চাৰ আৰু লগতে তিনিজন প্রফেছৰ দোকান খনলৈ সোমাই অহাত, আমি ছিট্ এৰি আহিব লগাত পৰিলো আৰু মনৰ মাজত পাগুলি থকা কথাবোৰত আউল লাগিল।
দিনবোৰ গতানুগতিক ভাবেই পাৰহৈ গৈ আছিল ঠিকেই কিন্তু ষোড়শী এজনীৰ নিজৰ ও যে এখন পৃথিবী থাকে সেয়া লাহে লাহে প্রথম বাৰ বুজিব পাৰিছিলো। সেই নিজৰ পৃথিবী খন, সম্পূর্ণ ব্যক্তিগত আৰু কেৱল নিজৰেই ৰাজত্ব চলাব পাৰি, নাথাকে – মা -দেউতা , ভাই , ভনী কিম্বা পৰিয়াল পৰিজন।
হাই স্কুলত পৰি থকা অৱস্থাত কিজানো সচাঁকৈয়ে আকৰী জনী আছিলো কাৰণ – আমাৰ লগৰ বহু কেইজনে এই নিজৰ পৃথিবীখনৰ বাসিদ্ধা হৈ পৰিছিল যিসকল বর্তমান বিখ্যাত ব্যক্তি।মই কব নোৱাৰিম কিয় মই এই নিজৰ পৃথিবীখনৰ বিষয়ে বুজি পাবলৈ পলম হৈছিল – হয়তোবা ঘৰুৱা পৰিবেশ নতুবা অইন কিবা।
শ্ৰেণীত উপস্থিত হোৱা আৰু তলমূৰ কৰি ঘৰলৈ যোৱা কামটো সূচাৰূপে চলি আছিল। এইখিনিতে এটা কথা কৈ থোৱা ভাল হব – KCC আছিল সেই সময়ৰ আমাৰ সৰু অঘোষিত চহৰ খনৰ একমাত্র স্বয়ম্ভু অভিভাৱক সংগঠন আৰু এই কেচিঁচিঁ ৰ সাধাৰণ সম্পাদক আছিল আমাৰ বৰডেকা (ককাইদেউ) । গতিকে ৰেগিঙ নামৰ বেমাৰে মোৰ গাত লম্ভা নাছিল কাৰণ জ্যেষ্ঠ দাদা -বাইদেউ সকলে কেচিঁচিঁ ক ভালকৈয়ে জানিছিল। এদিন দুদিন কৰি দিনবোৰ পাৰহৈ গৈ আছিল।
অৱশেষত নবাগত আদৰণি সভা (Freshers social) আহিল আৰু মনত নতুন কৈ মাগুৰ বৰণীয়া জনে মনত উক দিয়া আৰম্ভ কৰিলে কিন্তু ইচ্ছা থাকিলেও সকলো কথা কব নোৱাৰি বা সকলো কাম কৰিব নোৱাৰি। মুকলি অধিবেশনৰ বহু আগতেই আমি কেইজনীয়ে সন্মুখৰ আসন দখল কৰি লৈছিলো। লগৰ কেইজনীৰ উদ্দেশ্য কি আছিল সেয়া জনাৰ চেষ্টা কৰা নাছিলো কিন্তু মোৰ হলে সেই মাগুৰ বৰণীয়া জনক দেখা বা নামটো জনাৰ প্রবল ইচ্ছা আছিল।
অবশেষত মুকলি সভা আৰম্ভ হৈছিল আৰু পৰম্পৰা অনুসৰি অধ্যক্ষ মহোদয়েই সভাপতিৰ আসন গ্রহণ কৰিছিল লগতে আমন্ত্রিত অথিতিৰ তালিকাত আছিল – স্থানীয় বিধায়ক “চাচা” আৰু ছাত্র সংগঠন এটাৰ কেন্দ্রীয় সভাপতি। উদ্দেশ্য ব্যাখ্যৰ পিছতে সভাপতিয়ে ঘোষণা কৰিছিল –
“এই বেলি আমাৰ মহাবিদ্যালয়ত বিভিন্ন বিদ্যালয়ৰ পৰা আহি নাম ভর্তি কৰা ছাত্র -ছাত্রী সকলৰ প্রতিটো শ্রেণীৰেই সর্বোচ্চ নম্বৰ পোৱা দুজনক সম্বর্ধনা জনোৱা হব।”
সাধাৰণ সম্পাদক আবু বক্কৰ ছিদ্দিক দাই লিস্ট এখন হাতত লৈ প্লাটফৰ্মৰ এচুকত থকা মাইকত নামবোৰ গাই গল লগতে শ্রেণী আৰু ৰোল নম্বৰ। একাদশ শ্ৰেণীৰ ঘোষণাৰ লগে লগে মনটো কিয় জানো ভাল লাগি গল কিন্তু সেয়া ক্ষন্তেকীয়া যিজনৰ নাম প্রথমে কোৱা হল তেখেত মই ভাবি থকাজন নহল দেখোন। কিন্তু দ্বিতীয় নামটো শুনি কিবা আকর্ষণ নেলাগিল কাৰণ তলমূৰ কৰি আছিলো কিন্তু মোৰ আচৰিত হোৱাৰ পাল – প্রত্যেকে সম্বর্ধনা লৈ এটা বা দুটা শব্দতে স্টেজেৰ পৰা নামি আহিছিল কিন্তু একাদশৰ দ্বিতীয় সর্বোচ্চ নম্বৰ পোৱা ছাত্রজনে এক দীঘলীয়া ভাষণ আৰম্ভ কৰিলে।নুৰনাহাৰে চিকুটি দি কানে কানে কলে –
” ঐ , আমাৰ ভাগিনে ভাষণ দি আছে”
মই যেন সম্ভিত ঘুৰাই পালো , হয় দেখোন এয়া দেখোন সেই মাগুৰ বৰণীয়াজন যিয়ে মোৰ “নিজৰ পৃথীবী” খন দীর্ঘ সময় ধৰি তোলপাৰ কৰি আছে। ভাষণত কি কৈছিল মনত নাই কিন্তু পিছদিনা পেপাৰত আহিছিল সেয়া আমাৰ বৰডেকাই পঢ়ি শুনাইছিল সেয়া হলে মনত আছে।
আন আন বক্তা সকলে বহু ভাল ভাল কথাই কৈছিল কিন্তু মই “নিজৰ পৃথীবী” খনলৈয়ে ভাৱত বিভোৰ হৈ গৈছিলো। ( দুঃখিত – নামটো নৱম খণ্ডত প্রকাশ কৰিম )
সেই মাগুৰ বৰণীয়া ল’ৰাজনে ভাষণত নিজৰ বিষয়ে , পৰিয়ালৰ বিষয়ে পঢ়া স্কুল খনৰ বিষয়ে বহু কথাকে মুকলিভাবে কৈছিল যিটো সাধাৰণ একাদশৰ ছাত্র এজনৰ কাৰণে অসম্ভৱ। আটাইতকৈ আমোদজনক কথা আছিল – দশম শ্রেণীলৈ ইংৰাজী মাধ্যমত লিখা পঢ়া কৰি কেনেকৈ অসমীয়া মাধ্যমত ভাল ফল কৰিলে।
মিঠাইৰ টোপলাটো হাতত লৈ ঘৰত আহি থকা অৱস্থাত হেজাৰটা মুক্ত চিন্তাই বাহ্ লৈছিল কিন্তু কাকো কব পৰা নাছিলো। কলেজত মাগুৰ বৰণীয়া ল’ৰাজনৰ নাম সকলোৰে মুখে মুখে আহি গৈছিল যিটো পিছদিনা কলেজত গৈ গম পাইছিলো।
কলেজত অফ প্রিয়িওড পালেই পশ্চিমৰ আসাম টাইপ ডাঙৰ হলৰ খিৰিকী খুলি বহাটো নিয়মীয়া কামত পৰিণত হৈছিল। কেতিয়াবা অকলে অকলে বহিছিলোঁ আৰু কেতিয়াবা কোনোবা বান্ধবীক লগত লৈ সময় বোৰ পাৰ কৰিছিলো কিন্তু কিয় ?
সেয়া কেৱল মইহে জানিছিলো আৰু বর্তমানে পাঠক সকলে অল্প হলেও বুজি পাই আছে। ইফালে কলেজ ইলেকশন মানে – মহাবিদ্যালয় ছাত্র একতা সভাৰ দিন বাৰ ঘোষণা হৈ গৈছিল কিন্তু মনটোত কিবা এটা অজান ধুমুহাই সদায়ে তোলপাৰ কৰি ৰাখিছিল। আমাৰ লগৰে দুজনী মানে নির্বাচন লৈ তুমুল আলোচনাত মত্ত থকা দেখি ওচৰ চাপি শুনাৰ চেষ্টা কৰিলো –
” এইবাৰ আমাৰ কলেজত চাৰিকোণীয়া প্রতিদ্বন্ধীতা হব – আমছু , আছু , এচ এফ আই আৰু এন এচ ইউ আই কিন্তু নির্দলীয়াৰ কোনো কাম নাই। “
এই আলোচনাৰ মাজতে অতর্কিতে জুমি আহি মাত লগালে –
” এইবাৰ HS 1st Science ৰ কোনোবা এজনে আমছুৰ পৰা AGS খেলিব বোলে। “
মফিদাই ইতিমধ্যে আমাৰ কাষ পাইয়েই , পৰিপূৰিকা দিলে –
” ময়ো কথা টো শুনিছো , সেই যে ফ্ৰেচাৰৰত ভাষণ দিয়া ল’ৰাটো “
মই লাহেকৈ ক’লো – “হয় নেকি ?”
জমিয়ে মূৰদপিয়াই মফিদাৰ কথাত সম্মতি জনালে।
মোৰ বেছি সময় শুনি থকাৰ ধৈর্য নহল – মনে মনে ভাবিছিলো – ” ইমান জ্ঞান বুদ্ধি থকা ছাত্র জনে এই ঝামেলা বোৰত কিয় সোমাব লাগে। “
মই সেই উৰাবাতৰিটোত সন্তুষ্ট নহয় কিন্তু কিয় ? তেখেত মোৰ কোন , তেখেতৰ ভাল – বেয়াত মোৰ একো লাভালাভ আছে নেকি ?
এইবোৰ প্রশ্নৰ উত্তৰ মোৰ মগজুৱে ঢুকি পোৱা নাছিল কাৰণে বেছি সময় অপেক্ষা নকৰি ঘৰলৈ গুচি আহিছিল। পিছদিনা যথাৰীতি কলেজ পালো কিন্তু শ্ৰেণীত পাঠ দানৰ বিশেষ পৰিবেশ এটা দেখা নগল , আটায়ে যেন নির্বাচন লৈ ব্যস্ত। মই আকৌ কল্পনা ৰাজ্যত সোমাই গলো সেই বৃহৎ হলটোৰ এচুকৰ বেঞ্চখনত। ইফালে জুমি , মফিদা আৰু নূৰনাহাৰে মোক বিচাৰি বিচাৰি শেষত হলটোৰ এচুকত চিন্তামগ্ন অৱস্থাত উদ্ধাৰ কৰিছিল। দুজনীয়ে দুবাহুত ধৰিয়েই বাহিৰ লৈ টানি লৈ আহিল।
মোৰ অবাক হোৱাৰ পাল – লগত ২ জন মান জ্যেষ্ঠৰ লগত মই ভাবি থকাজনও বাৰাণ্ডাত কাৰোবাকলৈ অপেক্ষা কৰি থকা দেখা পালো। ইতিমধ্যে মোৰ সম্পর্কীয় মামা (নুৰুল) আহি সেইখিনিত হাজিৰ হৈছিল –
” এওঁ আমাৰ VP ক্যান্ডিডেট ,GS ক্যান্ডিডেট , আৰু এওঁ আমাৰ AGS ক্যান্ডিডেট ” মামাৰ চমু ভাষণ।
মনে মনে ভাবিলো – ইতিমধ্যে নির্বাচনী প্রচাৰ আৰম্ভ হলেই। মামাই আমাক উদ্দেশ্য কৰি কলে –
“তোমালোকৰ কিবা সুধিব লগা থাকিলে শুধিব পৰা। “
জুমি মফিদাহতে কিবা কিবি শুধিলে কিন্তু কি সুধিছিল মই কান দিয়া নাছিলো কিন্তু পেটে পেটে বহুত খঙ উঠিছিল। এই খংৰ বহিঃপ্রকাশ ঘটিছিল মোৰ প্রশ্নত-
” why you have come to college?” I had added the question by pointing to the AGS candidate.
” মা -দেউতাৰ সপোনবোৰ পূৰণ কৰিবলৈ ” , AGS ক্যান্ডিডেট জনে খুব মৃদুভাবে উত্তৰ দিছিল।
মাজতে মফিদাই সুধিয়েই পেলালে – ” তাৰ মানে আপোনাৰ নিজৰ কোনো সপোন নাই ?”
” আছে , কিয় নাথাকিব কিন্তু মা -দেউতাৰ খিনি আগত , তাৰ পিছতহে গোটেই পৃথিবী। “
তাৰ পিছত ইটো সিটো কথা হোৱাৰ পিছত নুৰুল মামাই সদম্ভে ঘোষণা কৰিলে – ” বেছি চিন্তা কৰিব নালাগে , ভাগিন গ্রুপ টোৱেই ছাত্রী সকলৰ মাজৰ কেম্পাইন চলাই লব। ” নির্বাচন খেলা প্রার্থী সকলক উদ্দেশি কোৱা কথা খিনিত মনে মনে ভালেই লাগিছিল যদিও ভাওঁ ধৰি মফিদাই মানা কৰিছিল। অৱশেষত চকুৰ ইঙ্গিতত নির্বাচন খেলা প্রার্থী সকলে কর্মর্দনৰ কাৰণে হাত আগবঢ়াই দিছিল কিন্তু আমাৰ কেইজনী অলপ ইতস্ততঃ বোধ কৰিছিল। মই একো নভবাকৈ হাত খন আগবঢ়াই দিছিলো। মই ভাবি থকা জনলৈয়েই দিছিলো আৰু সেয়া আগুৱাই যোৱা হাত যোৰ যে আজীৱনৰ বাবে কৰমর্দন কৰিলে, কল্পনা শক্তিৰ বাহিৰত আছিল।
” মই জীৱনত হাৰি পোৱা নাই আৰু এইবাৰো নাহাৰো যদি আপোনালোকে অলপ সহায় সহযোগ কৰে। “, AGS ক্যান্ডিডেট জনে খুবেই আত্মপ্রতয়েৰে কথা খিনি কৈছিল।
আমাৰ গ্রুপ টোৱে বহু কষ্ট কৰি প্রচাৰৰ কৰাৰ ফলত অতিকেইজনেই জয়ী হৈছিল আটাইতকৈ বেছি ভাল লাগিছিল – AGS জনে সর্বোচ্চ ভোট পাইছিল। এইক্ষেত্ৰত বহুকেইজন বন্ধুৰ অৱদান আছে সেয়া পৰৱৰ্তী সময়ত শুনা পাইছিলো। অতিকেইজনৰ নাম মনত নথকা বাবে দুই চাৰিজনৰ নাম উল্লেখ নকৰিলো। ( হয়তো বহুতে ভাবিব – ডাক্তাৰ , ইঞ্জিনিয়াৰ খিনিৰ নাম লিখিলে কিন্তু আমাক মনতে ৰখা নাই)
নির্বাচন পাৰ হোৱাৰ পিছত Science block ত আমাৰ অহা যোৱা অলপ বেছি হৈছিল কিয় হৈছিল সেয়া কিজানো পাঠক সকলক নতুনকৈ কোৱাৰ প্রয়োজন নাই।
প্রকান্ড নহলেও ডাঙৰ আমগছ জোপাৰ তলত আমি কেইজনীয়ে বতাহৰ ছলেৰে ৰৈ থাকিছিলো আৰু আমাৰ AGS মহাশয়ে সবিনয়ে কাষত আহি সুধিছিল – “আপোনালোকৰ ভাল নে ?”
মাজে মাজে সৈয়দ বা মান্নানৰ চাহ দোকানত কিবা কিবি খুৱাইছিল। এনেকৈয়ে কাষত পায়ো বহু দূৰত অনুভৱ কৰিছিলো।
আজিকালি কলেজ ছুটিৰ পিছত বয়েজ হোস্টেলৰ কাষেদি যোৱা চমু বাটেৰে অহা যোৱা দৈনিক ৰুটিনৰ দৰে হৈ গৈছিল। হোষ্টেলৰ বহুকেইজন আবাসীয়ে দেখা পালেই ইটো সিটো ভাল বেয়া খবৰ সোধা আৰম্ভ কৰিছিলেই। কিন্তু যিজনৰ কাৰণে সেইফালে গমণ প্রত্যাগমণ কৰিছিলো তেখেতৰ দর্শন হোৱা নাছিলেই। ইয়াৰ মাজতে এটা কথা লক্ষ্য কৰিছিলো – হোস্টেল বেছি সংখ্যক আবাসীয়ে পাঁচ ওয়াক্ত নামাজ পঢ়িছিল। জোহৰৰ আজান দিয়াৰ ক্ষন্তেক পিছতে হোষ্টেলৰ ল’ৰাই মছজিদৰ পিনে দৌৰিছিল। ক্লাছৰ পৰা হোস্টেল আৰু হোষ্টেলৰ পৰা মছজিদ পাইছিল আৰু এই কামটোত আমাৰ AGS জনে নেতৃত্ব লৈছিল বুলি পিছত শুনা পাইছিলো। মোৰ মনত এটা কথাই বাহ্ লৈছিল – এই কম বয়সীয়া কলেজীয়া ছাত্র খিনি কিয় বা কিহৰ তাড়ণাত ধর্মপ্রাণ হৈছিল?
উত্তৰটো বহু বছৰ পিছত জানিব পাৰিছিলো যে – সকলোৱে আল্লাহৰ ওচৰত সমর্পণ যাতে তেওঁলোকৰ আশা কৰা ধৰণে পৰীক্ষাৰ ফলাফল লাভ কৰিব পাৰে। কিমান জনে আশা কৰা ধৰণে ফলাফল পাইছিল সেই হিচাব মোৰ হাতত নাই কিন্তু বিশেষ প্ৰাপ্তিয়ে তেখেতসকলক ধার্মিক বনাই দিছিল।
আমাৰ ঘৰখনো ধর্মীয় দিশে এখাপ চড়া বুলি কলেও ভুল নহব যিটো ধাৰা বর্তমানেও বর্তি আছে। নামাজ নপঢ়া ব্যক্তিয়ে ৰান্ধনীহালত যোৱা নিষিদ্ধ আছিল আৰু আজিও আছে। আমাৰ AGS ৰ পাঁচ ওয়াক্ত পঢ়া গুণ টোৱে আৰু বেছিকৈ আকর্ষিত কৰিছিল কিন্তু বিধিৰ কি বিপাক মই নিজে কথা খিনি কবলৈ অপৰাগ হৈ পৰিছিলো, এই খিনি ভাবি – যদি তেখেতে প্রত্যাখান কৰে।
এনেকৈ দিনবোৰ গৈ আছিল আৰু সৰু সুৰা দুই এটা কথা Science গৈ পাতিছিলো যদিও মনৰ কথা খিনি নোকোৱা কৈয়ে থাকি গৈছিল। ইফালে মহাবিদ্যালয় সপ্তাহ আৰম্ভ হৈ গৈছিল আৰু মোৰ মনটোৱে অজানিতে কিবা পুলক অনুভৱ কৰিছিল কাৰণ – ছাত্র একতা সভাৰ বহু খিনি কামৰ দায়িত্ব মোৰ ওপৰত ন্যস্ত কৰা হৈছিল যিবিলাক কাম সাধাৰণতে Girls Common Room ৰ সম্পাদিকাই পায়। কোনে দিছিল কিয় দিছিল জনাৰ উপায় নাছিল কেৱল কৰিব লাগে বুলি কৰিছিলো।
Culture Secretary ৰো কিছু কাম মই কৰিব লগা হল – নাটক প্রতিযোগিতা চলোৱা, কবিতা আবৃতি প্রতিযোগিতা , ৰচনা প্রতিযোগিতা আদি। কবিতা আবৃতি প্ৰতিযোগিতাত আমাৰ AGS জনকো এজন প্রতিযোগি হিচাবে পালো – নামবোৰ ময়েই মাতি দিছিলো –
তেখেত মঞ্চত উঠি আবৃতি কৰা কবিতা আছিল – (প্রথম ৪ শাৰী)
.
মনৰ গুপুত শব্দবোৰ গোটেই পৃথিবীয়ে জানিলে
কেৱল গোপন হৈ থাকিল তোমাৰ ওচৰত
ব্যস্ত পৃথীবিত মনৰ দাম তুচ্ছ, কোনোৱে কাকো নুশুনে
শব্দবোৰ অহৰহ বাজি আছে কিজানো তোমাৰ কাণত।
.
“বন্ধকী আৱাজ” নামৰ কবিতাৰ বাকী অংশ পিছত কেতিয়াবা অনুমতি সহ শেয়াৰ কৰিম। কবিয়ে কি কৈছে কিয় কৈছে সেয়া নাজানো কিন্তু অনুমান কৰিছিলো সেয়া কিজানো মোকে উদ্দেশ্য কৰি কোৱা হৈছিল। ছাত্র একতা সভাৰ হৈ কাম কৰিছিলো যেতিয়া অনুষ্ঠানৰ শেষত ধন্যবাদৰ লগতে শকত মিঠাই টোপলা কিন্তু আমাৰ AGS চাহাবেই দিছিল (মানে যিকেইজন /গৰাকীয়ে কাম কৰি আছিলো ) . মহাবিদ্যালয় সপ্তাহৰ শেষৰ দিনা আমাৰ গ্রুপটোক ছাত্র একতা সভায় বিশেষ সম্বর্ধনা জনাইছিল কিন্তু কিয় সেয়া জনা নাছিলো। মনত এটাই ভাল কথা অনুভৱ হৈছিল – ভাবি থকা জনক নিচেই কাষত পাই আছো এই কেইদিন। মাইক্রোফোন প্রায় সময় হাতত থকা কাৰণে লগা -নলগা কৈয়ে AGS মহোদয়ক মাতি দিছিলো আৰু তেখেতও উধাতু খাই আহি আমাৰ ওচৰত হাজিৰ হৈছিল।
মহাবিদ্যালয় সপ্তাহৰ সাংস্কৃতিক সন্ধিয়াও সুচাৰুৰূপে পাৰ হৈছিল আৰু আমি ও আগৰ দৰেই গতানুতিক শ্রেণীত উপস্থিতিৰ ভাওঁ লোৱা আৰম্ভ কৰিছিলো। ইফালে টেস্ট পৰীক্ষা আৰম্ভ হৈ গৈছিল আৰু ক্লাচ অনিয়মীয়া হৈ পৰিছিল। লাহে লাহে আমাৰ ও পৰীক্ষা আহি গৈছিল। মনৰ মাজত লুকাই ৰখা কথা বোৰ এটা বছৰে গোপন হৈয়ে থাকিল।
HS প্রথম বার্ষিকৰ পৰীক্ষা পাৰ হৈ গল কিন্তু সামান্য সৌজন্যতা মূলক শুভেচ্ছা ব্যক্তিগত ভাবে নাপালো কিন্তু সমূহীয়া শুভেচ্ছা অবেশ্যই যাচিছিল, সেয়া ছাত্র একতা সভাৰ এজন সদস্য হিচাবে। পৰীক্ষা শেষৰ দিনা সেই যে science ব্লকৰ আম গছ জোপাৰ তলত থিয় হৈ থকা দেখা পাই, কাষ চাপি আহি গতানুগতিক ভাবেই কৈছিল –
” তিনি তাৰিখৰ পৰা হোস্টেল বন্ধ থাকিব আৰু মই ২ তাৰিখেই ঘৰলৈ যাম। ” AGS মহাশয়ৰ বার্তা টোত মই কোনো প্রাণ বিচাৰি নাপাই অলপ হলেও হতাশ হৈছিলো। সাধাৰণ ভাবেই কলেজত জন সমাগম কমি আহিছিল , মানে পৰীক্ষা শেষ হৈ গৈছিল আৰু দূৰ-দূৰান্তৰৰ ছাত্র-ছাত্রী সকল নিজ নিজ ঘৰ লৈ গুচি গৈছিল কিন্তু মই নো কলৈ যাম ? মনৰ মাজৰ হাজাৰ টা উত্তৰ বিহীন প্রশ্নৰ ধুমুহাত মগ্ন হৈ সময় বোৰ পাৰ কৰিছিলো। গতানুগতিক ভাবে ধর্মীয় কাম কাজ (নামাজ -ৰোজা ) আদি পালন কৰি ক্ষন্তেকৰ বাবে সমস্যাৰ পৰা হাত সাৰিবলৈ ব্যর্থ প্রয়াস অব্যাহত আছিল।
দিন বোৰ যেন এটা যুগ আছিল – পাৰ হোৱাৰ নামেই লোৱা নাছিল। অৱশেষত আমাৰ ফলাফল ঘোষণা হ’ল আৰু মোৰ ফলাফল গতানুগতিক পাছ কিন্তু যিজনৰ ফলাফলৰ কাৰণে মন বাউলী হৈ আছিল তেখেতৰ কোনো খবৰেই নাপালো। দুই চাৰিজনীক সুধিলো কিন্তু সঠিক ফলাফল কোনেও দিব নোৱাৰিলো। পশ্চিম ফালৰ আসাম টাইপ হলৰ সেই নির্দিষ্ট খিৰিকী খন খুলি বহি আছিলো কিন্তু কিয় নাজানো। অনুমান ১০ মিনিট পিছত – কাৰোবাৰ মাতত সম্বিৎ ঘূৰাই পাই দেখিলো – এয়া চোন আমাৰ AGS মহাশয় –
” পৰীক্ষাৰ ৰিজাল্ট ভালেই হৈছে , মিঠাই নোখোৱা নেকি?”
মই কোনো উত্তৰ নিদি মন্ত্রমুগ্দ্ধৰ দৰেই তেখেতৰ পিচ ললো , মানে ছৈয়দৰ চাহ দোকান খনলৈ বুলি। কলেজ গেট পাৰ হোৱাৰ পিছত আৰু দুজনী আমাৰ সঙ্গ দিলে। চাহ মিঠাইৰ অর্ডাৰ দিলে আৰু নীৰৱে বহি খালও কিন্তু একো সোধা নহল। এনেতে কৰবাৰ পৰা আহি হাজিৰ হল – মাজেদা বাইদেউ। মাজেদা বাইদেউ আমাৰ আগৰজন GS (জলিল খন্দকাৰ) ৰ বাগদত্তা (বর্তমানে পত্নী), সেয়ে মাজেদা বাইদেউক মই বুলি নহয় আটাইয়ে সমীহ কৰি চলে। মাজেদা বাইদেউ এ AGS ৰ নাম কাঢ়ি শুধিলে –
” **** ***** তোমাৰ ৰিজাল্ট কেনেকুৱা ?”
“ভালেই হৈছে বাইদেউ , A গ্রেড পালো কিন্তু নম্বৰ সন্তোষ জনক নহয়। “
” ঠিকেই আছে , সেকেন্ড ইয়াৰত অলপ গুৰুত্ব দিয়া , সন্তোষজনকেই হব। ” মাজেদা বাইদেউ এ পৰিপূৰিকাৰে সান্তনা বাণী শুনালে। চাহ মিঠাই খাই গুচি আহিলো কিন্তু “নিজৰ পৃথিবী” ৰ এটা শব্দ ও ওঠ ভেদি ওলাই অহাৰ সুযোগ নাপালো।
এই বছৰ আমাৰ AGS মহাশয়ক কিন্তু যতে ততে বিচাৰি পাবলৈ নাই , পিছত অবেশ্য শুনিছিলো – বিজ্ঞান শাখাৰ দ্বিতীয় বর্ষৰ ছাত্ৰৰ মৰিবলৈ ও বোলে সময়ৰ নাটনি হয়। যিয়েই নহওঁক – প্র্যাক্টিকেল ক্লাসৰ ফাকে ফাকে কেতিয়াবা চেহেৰা টো দেখা পাই থাকিছিলো কিন্তু কথা কোৱাৰ সুযোগ নাছিল। মোৰ মনৰ ভিতৰৰ কথা বোৰ তেখেতে জানিছিল নে নাই সেয়া জনাৰ উপায় নাছিল কিন্তু এদিন আমাৰ নুৰুল ইছলাম মামাক তেখেতেও মামা বুলি মাতা শুনিলো। মোৰ মামাক তেখেতে মামা বুলি মাতিব কিয়? সাধাৰণতে একে শ্রেণী সহপাঠীয়ে ভাই বা নাম কাঢ়ি মাতে কিন্তু এখেতে মামা বুলিছে কিয়? এই সৰু কথা টোৰ উত্তৰ মোৰ মগজুৱে ধাৰণা কৰি ললে ঠিকেই কিন্তু সেয়া ভুলো হব পাৰে। আজিকালি মামা ই মোক সাধাৰণতকৈ অলপ বেছি খবৰ লোৱা কৰিলে এনেকি চাহ খাব মন নাথাকিলেও , মাতি লৈ চাহ খুবাইছিল।পিছত আবেশ্য গম পাইছিলো – সেই চাহৰ পইচা মামাই দিব লগা হোৱা নাছিল কাৰণ চাৰিওটা চাহৰ দোকান মোৰ কাৰণে “ফ্রী ” কৰি দিয়া আছিল মানে আমাৰ AGS মহাশয়ে পিছত বিল ভৰিছিল।
বয়েজ হোস্টেলৰ গেটৰ সন্মুখৰ ঠেক ৰাস্তাটোৰে অহাযোৱাৰ সংখ্যাটো বেছি হৈছিল আৰু কোনোবা নহয় কোনোবা আবাসীয়ে মাত এষাৰ দিয়া টো সাধাৰণ ঘটনা হৈ পৰিছিল। এনেকুৱা লাগিছিল যেন আটাইয়ে মোক ভালকৈ চিনি পায়।
আমাৰ দিনত কলেজত ফাতেহা-ই-দোয়াজ-দহম উযাপন উলহ মালহেৰে পালন কৰা হৈছিল। আজিকালি এই উৎসব টি পালন কৰা হয় নে নহয় নাজানো। HS দ্বিতীয় বৰ্ষৰ উদযাপনে মোৰ জীৱন টোকে নতুন দিগন্তৰ সূচনা কৰিছিল। ৰাতিপুৱাৰে পৰা বিভিন্ন কামৰ মাজতে ব্যস্ত থাকিব লগা হৈছিল। কিছুমান কামৰ দায়িত্ব দিছিল ছাত্র একতা সভাই আৰু কিছুমান নিজেই ইচ্ছা কৰি লৈছিলো যেনেকৈ – “বেগানা সাদী মে আব্দুল্লা দীবানা”
বিভিন্ন প্রতিযোগিতা অনুষ্ঠিত হৈছিল যদি ও দেখাৰ সৌভাগ্য সৌভাগ্য হোৱা নাছিল যদিও মাইক্রোফোনত শুনা পাইছিলো।
মুকলি সভা ঠিক সময় মতে আৰম্ভ নোহোৱা বাবে অনুষ্ঠান আধাতে এৰি ঘৰত যাবলগীয়াত পৰিছিলো। সেই সময়ত এটা অলিখিত নিয়ম আছিল – ছোৱালীয়ে ৰাতি কোনো অনুষ্ঠান উপভোগ কৰা উচিত নহয়। সেয়ে ময়ো অনুষ্ঠান ত্যাগ কৰি অইন ছোৱালী সকলৰ লগত হলৰ পৰা ওলাই ঘৰলৈ গতি লৈছিলো। ইফালে বাহিৰত ডবা পিটা বৰষুণ দি আছিল সেয়ে লুংলুঙীয়া ৰাস্তা এৰি মূল পথৰে গৈ আছিলো। মুছা ঠিকাদাৰৰ ঘৰ পাৰ হৈ মৰমী মেছৰ সম্মুখ পাইছিলো তেনেতে পিছফালৰ পিছফালৰ পৰা চিনাকি মাত এটা শুনা পালো –
” অলপ শুনিব চোন। “
ইফাল সিফাল লক্ষ্য কৰি দেখা পালো – সেয়া আমাৰ AGS মহাশয় দেখোন – তিতি-বুৰি ভিজা মেকুৰীৰ দৰে আহি মোৰ কাষত হাজিৰ হৈছিল। ভাগ্যে সেই সময়ত মেছৰ বাৰাণ্ডাত কাকো দেখা নাপালো। কাৰণ এই বৰষুণত কোনো লৰাৰ লগত একান্ত ভাবে কাকো দেখা পোৱা টো আপাতত সেই সময়ত ভাল কাম নাছিল।
“আপুনি অনুষ্ঠান এৰি হঠাৎ তিতি-বুৰি ইয়াত কিয় আহিল ?”
মোৰ অপ্রত্যাশিত প্রশ্ন টোৱে তেখেতক কোনো বিব্রত হোৱা দেখা নাপালো।
ডবা পিটা বৰষুণত মিচিকিয়া হাঁহিৰে দিয়া উত্তৰত নিজকে বহু বেছি আস্বস্ত হোৱা দেখা গৈছিল।
“তুমি ও বুজি পাইছা মই কিয় আহিছো আৰু ময়ো জানো কিন্তু প্রকাশৰ কৰাৰ সৎ সাহস যোৱা ১৮ টা মাহে দুয়োজনৰ এজনৰো নহল !” AGS চাহাবৰ প্রতক্ষ্য স্বীকাৰোক্তি।
কথাখিনি মিছা কোৱা নাছিল তথাপি আন দহ গৰাকীৰ দৰেই নুবুজাৰ ভাঁও দি কৈছিলো –
” মই ইমান ডাঙৰ দার্শনিক নহয় যে , আপোনাৰ মনৰ কথা বোৰ নোকোৱা কৈ জানিব পাৰিম।”
তেখেতে দিয়া উত্তৰ টো মোৰ অপ্রত্যাশিত নাছিল যদিও কল্পনাৰ বাহিৰত আছিল।
” তুমি কিমান বছৰ মোৰ জীৱন লগৰী হবলৈ ৰৈ থাকিব পাৰিবা ?” AGS মহাশয়ে কোনো বনিতা নকৰাকৈয়ে সুধিছিল।
যিজন ব্যক্তিৰ বিষয়ে ইমান দিনে কেৱল কল্পনা কৰি আহিছিলো সেইজন ব্যক্তিয়ে আজি প্ৰেমৰ প্ৰস্তাৱ দিয়া নাই কিন্তু জীৱন লগৰী কৰাৰ প্ৰস্তাৱ। এই দিনটো লৈয়ে কিজানো মই অপেক্ষা কৰি আছিলো। ইফালে বৰষুণ আৰু বেছি প্রবলভাবে পৰিব আৰম্ভ কৰিছিল। তেখেতে ছাতি লৈ আহা নাছিল কাৰণে মোৰ ছাতিটোকে অলপ হেলনীয়া কৈ ধৰি দুয়ো কথা পাতি আছিলো। মূল ৰাস্তা হলেও বৰষুণে জনশূন্য কৰি পেলাইছিল। মনৰ মাজৰ হেজাৰ টা প্রশ্নই তেখেতৰ প্রশ্ন টোকে তল পেলাই দিছিল আৰু তেখেতৰ মাতত স্বম্বিত ঘূৰাই পাইছিলো।
“আজীৱন অপেক্ষা কৰিব পাৰিম” , একো চিন্তা নকৰা কৈয়ে মুখৰ পৰা অজান্তে ওলাই গৈছিল।
“তুমি উত্তৰ টো এতিয়াই দিলা , মই পিছে ভাবিছিলো সময় লবা কিন্তু কেনেকৈ এয়া সম্ভৱ কৰিবা ?” AGS চাহাবৰ আকৌ প্রশ্ন।
“কেনেকৈ এয়া সম্ভৱ হব সেয়া নাজানো কিন্তু মই পাৰিম যদি তুমি মোৰ সঙ্গ দিয়া” , দৃঢ়তাৰে উত্তৰ দিছিলো।
“মোৰ বিশেষ কোনো চর্ত নাই , কেৱল এটাই – আল্লাহক বিশ্বাস ৰাখিবা আৰু নিজৰ মনে বিচৰা প্রয়োজনীয় কাম কৰি যাব। তুমি মোৰ আৰু মই তোমাৰ। কোনে কত আছো কেনেকৈ আছো ভাবিব নালাগে , সময়ত একলগ হম। ” তেখেতে দৃঢ়ভাবে কথা খিনি কৈ মোৰ চকু লৈ চাইছিল।
মৌনভাৱে মূৰ দপিৱাই সম্মতি দিয়াৰ বাবেই যেন মই বহু দিন ৰাতি অপেক্ষা কৰি আছিলো।
মই নীৰৱে তেখেতৰ সোঁহাত হাত খন ধৰি কৈছিলো – ” মই তোমালৈ ৰৈ থাকিম আজীৱন আৰু তুমি থাকিব লাগিব মোলৈ আজীৱন।”
” প্রতিজ্ঞাৰ প্রয়োজন নাই কাৰণ মনবলে মানুহক পূৰঠ কৰে আৰু সেয়া মোৰ আছে। কেৱল মনে বিচাৰা খিনিক বাধা নিদিবা , দেখিবা তোমাৰ নিজৰ পৃথিবী খনত সদায়ে মোক বিচাৰি পাবা।” তেখেতে সংযোগ কৰিছিল।
তেখেতে মোৰ হাত খন তেতিয়ালৈকে এৰি দিয়া নাছিল মানে মই নিজেই এৰুৱাই আনা নাছিলো। বৰষুণৰ লগতে বতাহ আহি থকাত ছাতি টোবে কাম কৰা নাছিল। তেখেতে আগতেই তিতিছিল যদিও এতিয়া ময়ো তিতিছিলোঁ সেয়ে মিঠা হাঁহি এটা উপহাৰ দি –
” বেছি তিতিলে জ্বৰ হোৱাৰ সম্ভবনা থাকে , গতিকে হোস্টেল লৈ গৈ কাপোৰ কানি চেঞ্জ কৰক গৈ , অহাকালি পাৰ্টিৰ যোজা কৰিব লৈ পাহৰি নাযাব।”
“ওকে , মাই দেয়াৰ ” তেখেতৰ সন্তুষ্টি মূলক উক্তি।
জীৱনত প্ৰথমবাৰৰ কাৰোবাৰ পৰা (নিজৰ তেজৰ সমন্ধীয় বাদে) “মাই দেয়াৰ ” বাক্যাংশ শুনিছিলো যিটোৱে আমনি নিদি আনন্দহে দিছিল।
তেখেতে বোকা পানী খচকি পথাৰৰ মাজেৰে হোস্টেল লৈ গুচি গৈছিল আৰু মই মূলৰাস্তা এৰি নজমুল প্রফেসৰৰ ঘৰৰ সন্মুখেদি যোৱা “দুপাইয়া ” ৰাস্তা টোৰে বেগাই যাওতে অলপ উচ্চ স্বৰতে গাইছিলো –
“মন কহে মে জুমু , ও মে জুমু ও মে গাউ ……..”
পিছদিনা কলেজত কথাষাৰ এনেকৈ প্রচাৰ হৈছিল যে এজনীয়ে আহি মোকো কৈছিল –
“আমাৰ AGS মাইন উদ্দিনে প্ৰেমত পৰিলে নহয় , ওপেন পার্টি চলি আছে , ব’ল আমিও ফ্রীতে খাই আহো আৰু ছোৱালীজনীৰ নামটো জানি আহো। “
মইহে জানিছিলো – সেই জনী ময়েই …………।
.
টোকা : আগলৈ সময় পালে লিখাৰ প্রতিশ্রুতি থাকিল কিন্তু কেতিয়াৰ পৰা লিখিম সেয়া কিন্তু কব নোৱাৰিম।
Facebook Comments Box
Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.