কাব্যিক হৃদয়: হ্যাম কাগজ নেহী দিখায়েঙ্গে

কাব্যিক হৃদয় এটা কেনেকৈ গঢ় লৈ উঠে নাজানো আৰু জানিবৰ চেষ্টা ও নকৰিলোঁ। ১৯৯০ চনৰ পৰাই বিভিন্ন ভাষাৰ কবিতা অনুবাদ কৰাৰ ‘বদ অভ্যাস’ এটা আছিল আৰু সেই অভ্যাসটো এতিয়াও আছে যদিও লেহেমীয়া। ১০+ আধুনিক ভাৰতীয় ভাষা জনাৰ বাবেই নে খেয়ালি মনৰ বাবেই এই ‘বদ অভ্যাস’ টো গঢ় লৈছিল সেয়া নাজানো আৰু আজিলৈ জানিবৰ চেষ্টা ও কৰা নাই। এনে সময় আছিল প্রায় প্রতিদিনেই কমেও এটাকৈ কবিতা লিখাৰ বা অনুবাদৰ অভ্যাস আছিল কিন্তু কত যে হেৰাই গল সেই দিনবোৰ, লগতে লৈ গল অফুৰন্ত শব্দ ভাণ্ডাৰ ! কি উদ্দেশ্য লৈ লিখিছিলো মনত নাই কিন্তু আজিকালি সেইবোৰৰ অর্থ বিলাক যেন ভিন্ন হৈ পৰিছে। আজি এটা কথা মানিবলৈ বাধ্য হৈছো – কবিতাৰ ভাবার্থ সার্বজনীন সেই যে আঞ্জাৰ আলু (potato) ৰ দৰেই যতেই যি অৰ্থ কৰা যায় তাতেই সিদ্ধ। আজি আগবঢ়াইছো হিন্দীৰ প্রতিষ্ঠিত কবি -গীতিকাৰ বৰুণ গ্রোবৰৰ বিখ্যাত কবিতা -“হ্যাম কাগজ নেহী দিখায়েঙ্গে” ৰ অসমীয়া অনুবাদ।
হ্যাম কাগজ নেহী দিখায়েঙ্গে
@বৰুণ গ্রোবৰ
অনুবাদ @মাইন উদ্দিন
আমি দস্তাবেজ নেদেখুৱাও
স্বৈৰতান্ত্রিক শাসক আহিব আৰু যাব
আমি দস্তাবেজ নেদেখুৱাও।
তুমি কন্দুৱা গেছ সিঁচৰিত কৰিবা
তুমি বিষযুক্ত চাহ উতলিবা
আমি মৰমৰ চেনী মিহলাই
একে উশাহত পি খাম
আমি দস্তাবেজ নেদেখুৱাও।
এই দেশ নিজৰ আয়াত্বাধীন
যত ৰাম প্রসাদ ও বিছমিল হয়
ভূমিক কেনেকৈ বিভক্ত কৰিবা
সকলোৰে তেজ মিহলি হৈ আছে।
তুমি পুলিচৰ হতুৱাই লাঠি মাৰিবা
তুমি মেট্রো বন্ধ কৰি দিবা
আমি খোজকাঢ়িয়েই আহিম
আমি দস্তাবেজ নেদেখুৱাও।
আমি ফুলৰ বাগিচা ইয়াতেই বনাম
আমি দস্তাবেজ নেদেখুৱাও।
আমি সংবিধান ৰক্ষা কৰিম
আমি দস্তাবেজ নেদেখুৱাও।
আমি জন গণ মন ও গাম
আমি দস্তাবেজ নেদেখুৱাও।
তুমি জাতি জনগোষ্ঠীত ভাগ কৰিবা
আমি ভাত বিচাৰিয়েই থাকিম
আমি দস্তাবেজ নেদেখুৱাও।

Original Song version

Facebook Comments Box
Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.