চৌদী আৰৱ প্রীতি আৰু ভাৰতীয় মুছলমান

ইছলাম এটি ধর্ম আৰু এই ধৰ্মৰ মূল গ্রন্থ হৈছে কোৰান আৰু কোৰান খন ৰচিত হৈছে আৰবী ভাষাত। ইছলামৰ মূল কাণ্ডাৰী হজৰত মহম্মদ (ছা:) ৰ জন্মও হৈছিল বৰ্তমানৰ চৌদি আৰবৰ মক্কা নগৰীত। ষষ্ঠ শতিকাত পৃথিবীত বিৰাজমান ধর্মবোৰৰ তুলনাত ইছলামৰ নীতি নিয়ম বোৰ সৰল আছিল যাৰ বাবে কোৰানৰ বাণী বিশ্বৰ বিভিন্ন প্ৰান্তত মন মুহিবলৈ সক্ষম হৈছিল। যিটো ধাৰা এতিয়াও বহু ঠাইত বিৰাজমান। আজিকালি আমাৰ ভাৰতৰ বহু মুছলমান বা অমুছলমানে KSA (Kingdom of Saudi Arabia) মানেই ইছলাম বুলি ধাৰণা কৰি লয়। আচলতে সেয়া সম্পূর্ণ ভুল ধাৰণা। ইছলামৰ বহু নীতি নির্দেশনা বৰ্তমানৰ KSA চৰকাৰে পালন নকৰে বা কৰাৰ কোনো নজিৰ ও নাই।

ইছলামৰ মূল ভিত্তি হৈছে পাঁচটা:

১. ঈমান ( আল্লাহ এক আৰু হজৰত মহম্মদ আল্লাহৰ প্রেৰিত পুৰুষ বুলি বিশ্বাস কৰা)
২. নামাজ ( প্রতিদিন পাঁচবাৰকৈ আল্লাহৰ নামত প্রার্থনা কৰা)
৩. ৰমজান মাহত ৰোজা ৰখা ( ৩০ দিন উপবাস পালন কৰা)
৪. হজ ( জীৱন কালত এবাৰ হলেও মক্কা নগৰীত তীর্থযাত্রা কৰা- কেৱল ধনবান সকলৰ বাবে)
৫. জাকাত ( নিজৰ উপার্জনৰ এটা অংশ সমাজৰ আর্থিক দুর্বল সকলৰ মাজত ভগাই দিয়া- কেৱল ধনবান সকলৰ বাবে)
এই পাঁচটা চৰ্ত পালন কৰা সকলক মুছলমান বুলি কৈছে। নবী হজৰত মহম্মদ (ছা:) এ বিদায়ী ভাষণত স্পষ্ট ভাষাত কৈছিল যে আৰৱ সকল অনাৰৱ সকলৰ ওপৰত নহয় সেইদৰে শ্বেতাঙ্গ সকল কৃষাঙ্গ সকলৰ ওপৰত নহয়। বৃহত্তৰ ইছলামিক সমাজ ব্যৱস্থা যাতে সদায় দয়া, ন্যায়, সমতা আৰু মানৱৰ অধিকাৰৰ সপক্ষে নীৰৱে কাম কৰি যায় লগতে সহিষ্ণুতা, ভাতৃত্ববোধ আৰু মধ্যমপন্থা নীতিৰ আধাৰত সমাজ প্রতিষ্ঠা কৰিব পাৰে তাৰে নির্দেশনা দি গৈছিল।

ইছলামৰ প্রথম ফিৎনা (First Fitna) আছিল সম্পূর্ণ ক্ষমতা কেন্দ্রিক আৰু ইয়েই জন্ম দিছিল খোৱাৰিজ (Khawarij) সকল আৰু খোৱাৰিজ নব্যৰুপ ৱাহাবী সকল ( অষ্টাদশ শতিকাৰ প্ৰখ্যাত হানাফি পন্ডিত ইমাম ইবন আবিদিনে ৱাহাবী সকলকো আধুনিক যুগৰ খোৱাৰিজ বুলি অভিহিত কৰিছিল). বৰ্তমানৰ সউদ বংশ (House of Saud) ৱাহাবী সকলৰ মূখ্য পৃষ্ঠপোষক।
ইছলামৰ মৌলিক নীতিৰ লগতে কিছু প্রয়োজনীয় নীতি (হাদীছ) দি থৈ গৈছিল সেইবোৰ খোৱাৰিজ সকলে নিজৰ ইচ্ছামতে ব্যাখ্যা কৰি গোটেই ইছালামক বদনাম কৰি দিছে এই আধুনিক খোৱাৰিজ সকলৰ বাবেই প্রায় আধা ডজন মুছলমান প্রধান দেশ ধ্বংস প্রাপ্ত হৈ গৈছে।

এতিয়া আহিছো – ইছলামত স্পষ্ট নির্দেশ দিয়া আছে – যদি তোমাৰ চুবুৰীয়াই অনাহাৰে থাকে আৰু তোমাৰ ঘৰত এসাঁজতকৈ অধিক খাদ্য থাকে তেন্তে সেই খাদ্য অনাহাৰে থকা সকলৰ মাজত ভগাই দিয়াটো ওবাজেব (আল্লাহৰ নির্দেশ – Quran, 4: 36) কিন্তু দুখৰ বিষয় তথাকথিত ধনী মুছলমান বাহুল্য দেশ সমূহে কি কৰি আছে ?

একালৰ হোস্টেলমেট ভাইটি মহিন খানে (Mohin Khan ) দুখেৰে সৈতে লিখিছিল – (হুবহু কপি কৰা হৈছে)

” আমাৰ ইছলাম ধৰ্মৰ বৃহৎ ধনী ৰাষ্ট্ৰ UAE, KSA, Kuwait ইত্যাদি কৰি যিমান দেশ আছে, সকলোতে ভাৰতবৰ্ষৰ পৰা আৰম্ভ কৰি এছিয়া মহাদেশৰ বহু অঞ্চলৰ মানুহ সেইবোৰ দেশত #গেবাৰি খাঁটি সেইবোৰ দেশ উন্নতিৰ জখলাত উঠাই আছে। কিন্তু আচৰিত বাবে যিবোৰ অনগ্ৰসৰ অঞ্চলৰ পৰা সেইবোৰ দেশ উন্নতি কৰিবলৈ Human Resource (কামলা) ৰপ্তানি হৈ আছে, সেইসকল দৰিদ্রৰ বাবে বা সেই দেশবিলাকৰ বাবে কোনো policy নাই, নাই কোনো উন্নয়ন মূলক কামৰ আঁচনি । ইতিহাসৰ পাত খুচুৰিলে দেখা যায় যে – খৃষ্টান সকলে য’তেই ধৰ্ম প্ৰচাৰৰ বাবে খোপনি পাতিবলৈ পাং পাতে তাতেই প্ৰথমে স্কুল গৃহ খুলি বহি থাকে আৰু তাৰ বাবে ধনী বৰ্হি খৃষ্টান দেশৰ পৰা পুঁজিৰ ব্যৱস্থাও থাকে । যিমান পাৰে সেই ঠাইডোখৰৰ সকলো মানুহৰ ল’ৰা-ছোৱালী বিনামূলীয়াকৈ ইংৰাজী মাধ্যমত শিক্ষিত কৰিবলৈ উঠি পৰি লাগে। দিন যোৱাৰ লগে লগে যেতিয়াই সেই মানুহ খিনিৰ #আৰ্থিক উন্নতি হোৱা আৰম্ভ কৰিব, লগে লগে free শিক্ষাৰ ঠাইত #পইছা লৈ শিক্ষা বিলোৱা আৰম্ভ কৰিব। সেই collected টকা সমূহ অন্য অনগ্ৰসৰ ঠাইত investment কৰা আৰম্ভ কৰিব যিটো এক শেষ নোহোৱা মিছনেৰী পৰ্ব! যাৰ বাবেই তলে তলে North East ৰ বহু ঠাইৰ মানুহ ধৰ্ম সলনি কৰি হ’লেও ব্যাপক বাবে শিক্ষিত হোৱা আৰম্ভ কৰিছে! আমাৰ নামনি অসমৰে ইমান বৃহৎ অঞ্চলত চৰকাৰী বাদেই দিলোঁ, এটা #ব্যক্তিগত_বিশ্ববিদ্যালয় খুলিবলৈ কাৰো পুঁজি নাই। এখন private technical college/Medical college খুলিবলৈ কাৰো পুঁজি নাই কিন্তু তাৰ বিপৰীতে অন্য ৰাজ্যত বা বিদেশত ডাক্তৰ/ইঞ্জিনিয়াৰ পঢ়িবলৈ এই অঞ্চলৰ পৰা এটা Huge পৰিমাণৰ টকা ওলাই গৈ আছে প্ৰত্যেক বছৰে। যিটো হিচাব কৰিলে কোটিৰ ঘৰত। কিন্তু শিক্ষাৰ পোহৰ বিলাব পৰাকৈ কোনো উচ্চ শিক্ষা প্রতিষ্ঠান আজিলৈ তথাকথিত ‘মুছলিম উম্যাহ’ ৰ আজিলৈ নাহিল। সৌদী আৰবে একমাত্ৰ হজ্জৰ নামতে এবছৰত Rs. 15,59,62,60,00,000/- টকা (22.6 Billion US Dollar ) ঘটি লয় যিটো গোটেই আৰবৰ তেলৰ ৰয়েলিটিতকৈ বেছি। সৌদী আৰবে ইচ্ছা কৰিলে অকলেই বিভিন্ন ৰাষ্ট্ৰত থকা ধৰ্মীয় সংখ্যালঘু এলেকাত #স্কুল_ঘৰ, #মেডিকেল_কলেজ, #ইন্জিয়াৰ_কলেজ খুলিবলৈ টকা দান কৰি ধৰ্মীয় সংখ্যালঘুক #নান্নতৰ_জীৱনৰ পৰা ধুনীয়াকৈ উদ্ধাৰ কৰাই ল’ব পাৰে। কিন্তু তেনে একো নকৰে তাৰ ঠাইত সিহঁতক এইবোৰ অন্ছলৰ পৰা Toilet ছাফা কৰা দুখীয়া বা কথা ক’ব নোৱাৰা বা নিজৰ প্ৰাপ্যৰ আওভাও নবুজা labour হে লাগে, technical জ্ঞান থকা মানুহ নালাগে। জীৱনটো কষ্ট কৰি চাকৰি কৰি মৃত্যুৰ আগত ছৌদী ভ্ৰমণ কৰিব খোজা মানুহৰ পৰা #লাখৰ_ঘৰত হজ্জৰ টকা লাগে ঠিকেই কিন্তু মানুহ খিনিৰ জীৱন ধৰণৰ মান উন্নতি কৰিবলৈ কোনো আঁচনি নাই। যদিও গৰিষ্ঠ সংখ্যক হজ্জ আদায়কাৰী কিন্ত চৰকাৰী চাকৰিয়াল নতুবা ধনী ব্যৱসায়ী। ”

এতিয়া প্রশ্ন আহে – আমাৰ মাজত থকা ধনীক শ্রেণীটোৱে কৌটি কৌটি টকা ধৰ্মৰ নামত নব্য খোৱাৰিজ সকলক দি আহে কিন্তু নিজৰ চুবুৰীৰ , জিলাৰ , ৰাজ্যৰ , দেশৰ অনাহাৰ পীড়িত – অশিক্ষিত সকলৰ মাজত বিলাব নোৱাৰে কিয় ? আমি জনা আৰু মানা ইছলামে ইহকাল আৰু পৰকাল দুয়োটাৰে চিন্তা কৰিব দিছে কিন্তু সমাজৰ বুজন সংখ্যকে কেৱল পৰকাল লৈ ব্যস্ত থকাৰ কাৰণ কি ?

Facebook Comments Box
Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.