মাইন উদ্দিনৰ কবিতা : আমি অসহায়

আমি অসহায় @ মাইন উদ্দিন চিয়ঁৰি উঠে অন্তৰ-আত্মা বুকুৰ ভিতৰৰ পৰা ওলাই যাব বিচাৰে হৃদয় যেন বাৰে বাৰে ৰিঙিয়াই কৈ আছে আমি অসহায়, আমি অসহায়। জীৱনৰ অর্থ কি সেয়া পাহৰি গৈছো বহু আগতে জীৱনৰ হিচাব -নিকাচ নিমিলা অংক কালৰ যাত্ৰাৰ ধ্বনি শুনিবলৈ এতিয়া আৰু ব্যাকুলতা নাই। প্ৰাপ্তিৰ সুখ বিচাৰি, হেৰুৱাৰ গ্লানিত নিমজ্জিত প্রাণ মনোকষ্ট ভৰপূৰ হৈ ভৱ-গহন সমুদ্রত উদৰ ভর্তি হৈ পৰিল আশাহত লুণীয়া জলত জীৱনতৰী অস্তমিত বিয়লি বেলাত। শৈশৱ, কিশোৰ পাৰ হৈ যৌৱনত স্বপ্নবিভোৰ ছায়া ,মায়া তৰঙ্গিত ভুৱা ৰঞ্জিত মনোহৰ কেৱল স্পষ্ট ৰূপত শুনা যায় বিভীষিকাময় সংঘাত আমি অসহায়, আমি অসহায়। অন্ন, বস্ত্র , বাসস্থান নামৰ মৌলিক খিনি পাবলৈ […]

দেউতা : বট বৃক্ষ জোপা- মাইন উদ্দিন

বাবা (আব্বা/দেউতা) দুটা আখৰৰ শব্দটোৱে বহন কৰে এক বিশাল সমুদ্র বা তাতকৈয়ো বহুত বেছি। আমি সাধাৰণতে বাবাতকৈ “মা ” ৰ স্থান আগত ৰাখো। বহুতৰে মূখত শুনা যায় – ল’ৰা খিনি অলপ বেছিকৈ মা ভক্ত আৰু ছোৱালী খিনি বাবা ভক্ত কিন্তু প্রত্যেক জন সন্তানেই নিজৰ মা-দেউতাক ভীষণ ভালপায় সেয়া লৈ কোনো সন্দেহ নাই। যি সকলৰ মা -দেউতা জীয়াই আছে সেইসকল নিশ্চিত ভাবেই ভাগ্যবান। এনে বহুজন জীৱন বাটত লগ পোৱা যায় যিসকলৰ মা-দেউতা সময়ৰ আগতেই পৃথিবীৰ পৰা বিদায় লৈ সন্তান সকলক নিঠুৰুৱা কৰি গৈছে। এইখিনি ও স্বীকার্য যে মানৱ জীৱনত মা ৰ স্থান সকলোতকৈ ওপৰত কিন্তু দেউতাও বৃহৎ বট বৃক্ষ যিজোপা বৃক্ষ […]

মাইন উদ্দিনৰ কবিতা : নাম বিহীন সেউজ

নাম বিহীন সেউজ @ মাইন উদ্দিন =========== সেয়া আছিল কুৰি শতিকাৰ প্রথম দহক বগা বঙ্গালৰ উচটনিত ত্যাগ কৰিছিল গৃহভূমি পাঁচ টকীয়া ৰেলৰ টিকটৰ হতুৱাই নতুবা লুইতৰ বুকুয়েদি উজাই আনিছিল। . কথা আছিল শুভ্র নদীখন বুকুত মেৰিয়াই লৈ নিজৰ মাজেৰে বৈ পৰাৰ— সেউজ দেশলৈ আজি কিন্তু এখন মহাসাগৰ হৈ আমাক গিলি থ’লে সর্বস্ব ত্যাগ কৰিও অবহেলিত , লাঞ্চিত , বঞ্চিত আৰু কলংকিত। . গোমা আকাশ ভাঙি বৰষুণ নামিব তুমি আকৌ উভটি আহিবা— আমাক বিচাৰি বুকুত জিলিকি থাকিব অশ্রুধাৰা আমাৰ হেপাহৰ ৰঙা নদী আৰু এজাক সেউজ। =================== ৰচনাকাল – ১৯৯৫ (ইং) Facebook Comments Box

মাইন উদ্দিনৰ ভোগালীৰ কবিতা : দগ্‌মগ্‌ উৰুকা

দগ্‌মগ্‌ উৰুকা @ মাইন উদ্দিন ————— আজিৰ নগ্ন সভ্যতাৰ যান্ত্রিক যুজঁত কোঙা হৈ পৰি ৰয় সেউজীয়া যৌৱন প্রেমিক কবিজন ইনচ্টালমেন্ট দি দি ভাগৰি পৰিছে আৰু কিমান টানিব কোঙা দেহাৰে উৎকৰ্ষিত সভ্যতাৰ বোজা। পৰিচয় বিহীন লক্ষ লক্ষ মানুহক লিপ্সিত প্রাপ্তি দিবলৈ মোহচ্ছন্নৰত কৰি ৰাখিবলৈ অনন্ত পল-অনুপল নাই আলাদিনৰ চাকি সদৃশ বাটে-ঘাটে , চহৰে-বন্দৰে বিচাৰি ফুৰিবলৈ আজন্ম প্রেমিক কবিজনৰ হৃদয় কংক্ৰীটৰ দেৱালত ম্রিয়মাণ। প্রেমিকাক বিচাৰি শূন্যৰ পৰা শিখৰ আকৌ শূন্য উদ্ভাসিত হয় অধিবৃত্তীয়, অধিবক্রীয় অলেখ আন্দোলন ৰাষ্ট্রযন্ত্রৰ ৰঙা, বগা, সেউজীয়া অনেক ৰেখা. যান্ত্রিকতাত হৃদয়ৰ গতি স্পন্দন নে অসন্তুলিত কম্পন ? বাটৰ নাটৰ সংলাপ বিচাৰি ৰৈ থাকিবৰ মন নাই ছফদৰ হাছ্‌মিৰ নিধৰ দেহটোৰ […]

মাগুৰ বৰণীয়া ল’ৰাজন আৰু ধর্ম – সাজিদা খাতুন

সাজিদা খাতুন:  সেয়া আছিল ১৯৯৩ চনৰ জুন মাহৰ কোনোবা এটা বৰ দুপৰীয়া , নতুন কৈ হাই স্কুল বা হায়াৰ চেকেণ্ডাৰী পৰীক্ষাত উত্তীর্ন বহুকেইজাক ল’ৰা ছোৱালীৰ নামভৰ্তিৰ উখল মাখল পৰিবেশ। কলেজ খন আমাৰ ঘৰৰ নিচেই ওচৰত থকা কাৰণে অলপ দেৰিকৈ উপস্থিত হৈছিলো। ঘৰুৱা ভাবে চিনাকি কেৰাণী জনৰ পৰা নামভর্তিৰ ফর্মখন লৈ হতাশ হৈ পৰিছিলো কাৰণ ইংৰাজীত ফর্ম এখন ফিলাপ কৰাৰ যোগ্যতা আছিল যদি ও ভুল হব বুলি ভাবি ইফাল সিফাল চাই আছিলো আৰু মনৰ কথা খিনি খুলি কবলৈ সমবয়সীয়া কাকো দেখা পোৱা নাছিলো। সেই হেজাৰজন নামভৰ্তি কৰিব বিচৰা ছাত্র ছাত্ৰীৰ মাজৰ পৰা ক্ষীণকায় মাগুৰ বৰণীয়া ল’ৰা এজন আগবাঢ়ি আহি সুধিছিল – […]

কাব্যিক হৃদয়: হ্যাম কাগজ নেহী দিখায়েঙ্গে

কাব্যিক হৃদয় এটা কেনেকৈ গঢ় লৈ উঠে নাজানো আৰু জানিবৰ চেষ্টা ও নকৰিলোঁ। ১৯৯০ চনৰ পৰাই বিভিন্ন ভাষাৰ কবিতা অনুবাদ কৰাৰ ‘বদ অভ্যাস’ এটা আছিল আৰু সেই অভ্যাসটো এতিয়াও আছে যদিও লেহেমীয়া। ১০+ আধুনিক ভাৰতীয় ভাষা জনাৰ বাবেই নে খেয়ালি মনৰ বাবেই এই ‘বদ অভ্যাস’ টো গঢ় লৈছিল সেয়া নাজানো আৰু আজিলৈ জানিবৰ চেষ্টা ও কৰা নাই। এনে সময় আছিল প্রায় প্রতিদিনেই কমেও এটাকৈ কবিতা লিখাৰ বা অনুবাদৰ অভ্যাস আছিল কিন্তু কত যে হেৰাই গল সেই দিনবোৰ, লগতে লৈ গল অফুৰন্ত শব্দ ভাণ্ডাৰ ! কি উদ্দেশ্য লৈ লিখিছিলো মনত নাই কিন্তু আজিকালি সেইবোৰৰ অর্থ বিলাক যেন ভিন্ন হৈ পৰিছে। আজি […]

চৌদী আৰৱ প্রীতি আৰু ভাৰতীয় মুছলমান

ইছলাম এটি ধর্ম আৰু এই ধৰ্মৰ মূল গ্রন্থ হৈছে কোৰান আৰু কোৰান খন ৰচিত হৈছে আৰবী ভাষাত। ইছলামৰ মূল কাণ্ডাৰী হজৰত মহম্মদ (ছা:) ৰ জন্মও হৈছিল বৰ্তমানৰ চৌদি আৰবৰ মক্কা নগৰীত। ষষ্ঠ শতিকাত পৃথিবীত বিৰাজমান ধর্মবোৰৰ তুলনাত ইছলামৰ নীতি নিয়ম বোৰ সৰল আছিল যাৰ বাবে কোৰানৰ বাণী বিশ্বৰ বিভিন্ন প্ৰান্তত মন মুহিবলৈ সক্ষম হৈছিল। যিটো ধাৰা এতিয়াও বহু ঠাইত বিৰাজমান। আজিকালি আমাৰ ভাৰতৰ বহু মুছলমান বা অমুছলমানে KSA (Kingdom of Saudi Arabia) মানেই ইছলাম বুলি ধাৰণা কৰি লয়। আচলতে সেয়া সম্পূর্ণ ভুল ধাৰণা। ইছলামৰ বহু নীতি নির্দেশনা বৰ্তমানৰ KSA চৰকাৰে পালন নকৰে বা কৰাৰ কোনো নজিৰ ও নাই। ইছলামৰ মূল […]

স্বাধীনতা সংগ্ৰামী মফিজ উদ্দিন সৰকাৰ আৰু বাগোদী অঞ্চল

অধিবক্তা পিয়াৰ আলী আহমেদ :  মফিজ উদ্দিন সৰকাৰ আছিল বাগোদী অঞ্চলৰ এজন খ্যাতিমান ব্যক্তিত্বৰ গৰাকী যিজন আছিল একেধাৰে এজন সমাজ সেবক, স্ত্ৰী-শিক্ষা অনুৰাগী আৰু স্বাধীনতা সংগ্ৰামী। কিন্তু বাগোদী অঞ্চলৰ আজিৰ প্ৰজন্মই হয়তো নাজানেই সেইজন মফিজ উদ্দিন সৰকাৰৰ মহান ব্যক্তিত্ব আৰু কৰ্মৰাজীৰ বিষয়ে। সেইবাবেই আজি বাগোদী অঞ্চলৰ সেইজন মহান ব্যক্তিত্বৰ গৰাকী, আমাৰ পূজনীয় বৰদেউতা মফিজ উদ্দিন সৰকাৰৰ বিষয়ে কিছু কথা অবগত কৰিবলৈ প্ৰয়াস কৰিছো। জমিদাৰৰ অত্যাচাৰ, অন্যায় ভাবে জমিদাৰে আৰোপিত কৰা অত্যাধিক মাটিৰ খাজনা বহন কৰিব নোৱাৰি আৰু দুৰ্ভিক্ষৰ কবলত পৰি ১৯১৭ চনত মফিজ উদ্দিন সৰকাৰৰ পিতৃ নছিম উদ্দিন সৰকাৰে পৰিয়াল সহ অবিভক্ত ভাৰতবৰ্ষৰ মৈমনসিং জিলাৰ বৰ্টিয়া গাওঁৰ পৰা জীবন জীবিকাৰ […]

ডা° ধনীৰাম বৰুৱা : এসময়ত অসমত এজন ডাক্তৰ আছিল

অসমৰ এজন পৃথিৱী বিখ্যাত হাৰ্ট চাৰ্জন, জৈৱ অভিযন্তা, জিন বিশেষজ্ঞ, অংগ সংৰোপক তথা গৱেষক বিজ্ঞানী। গৱেষণাৰ নামত নিজৰ জীৱন উচৰ্গা কৰি সাধাৰণ মানুহৰ জীৱনৰ পৰা ৰোগ-ব্যাধিৰ যন্ত্ৰণা উপসম ঘটোৱাৰ পথ বিচৰাই যেন তেওঁৰ জীৱনৰ লক্ষ্য। ১৯৫০ চনত নগাও জিলাৰ জাগিয়াল গাওঁত আনন্দিৰাম বৰুৱাৰ ঘৰত জন্ম লোৱা ধনীৰাম সৰুৰে পৰাই অত্যন্ত বিচক্ষণ বুদ্ধিৰ লৰা আছিল। যোগ্যতা অনুসৰি তেওঁ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লৈ ডা° ধনীৰাম বৰুৱা নামেৰে পৰিচয় লাভ কৰে। জ্ঞানপিপাষু ডা° ধনীৰাম বৰুৱাই পুনৰ ১৯৭৮ চনত (Glasgow) গ্ল’চগোৰ “ৰয়েল কলেজ অৱ চাৰ্জন”ৰ পৰা সন্মানীয় FRCS ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁ নিজকে Xeno-Transplant Surgeon হিচাবে গঢ় […]

হেঙুল হাজৰিকাৰ কবিতা : চিনাকি চহৰত অবৈধ অনুপ্ৰৱেশকাৰী

চিনাকি চহৰত অবৈধ অনুপ্ৰৱেশকাৰী @ হেঙুল হাজৰিকা অচিনাকি চহৰ এখনৰ মাজেৰে খোজকাঢ়ি গৈ আছোঁ উত্তেজনাৰ ভিতৰত কঢ়িয়াই নিছোঁ মেলানকলিক এখন ইস্তানবুল । পামুকৰ দৰে এই চহৰ মোৰ বাবে চিনাকি নহয় কাৰখানাৰ ধোঁৱাত আকাশখন নেদেখি এজাক চৰাই অস্থিৰ হৈ ধপধপাই উৰি গৈছে জানোঁ, অলপ পিছতে সিহঁতে ওখ গছ এডালত বহিব । ঠিক হোলোং জোপাত বহি কোনো পৰিভ্ৰমীয়ে আহি সুমেৰুৰ এটুকুৰা বৰফৰ সাধু কোৱাৰ দৰে সিহঁতে গলি গলি ক’ব কোনো উচ্চতাৰ পৰা লৈ অনা আশ্চৰ্যকৰ আত্মকথা । সিহঁতৰ উচুপনিত ট্ৰাংক ৰোডবোৰ ভিজি যাব সেই বিষাদগ্ৰস্ততাৰ চকুলো সঞ্চয় কৰিবলৈ ফুটপাথবোৰত গজি উঠিব কিছুমান কেকটাছ মোৰ চিনাকি চহৰত কথাই কথাই শেলুৱৈ গজে । কেকটাছ […]