আমি অসহায়
চিয়ঁৰি উঠে অন্তৰ-আত্মা
বুকুৰ ভিতৰৰ পৰা ওলাই যাব বিচাৰে হৃদয়
যেন বাৰে বাৰে ৰিঙিয়াই কৈ আছে
আমি অসহায়, আমি অসহায়।
জীৱনৰ অর্থ কি সেয়া পাহৰি গৈছো বহু আগতে
জীৱনৰ হিচাব -নিকাচ নিমিলা অংক
কালৰ যাত্ৰাৰ ধ্বনি শুনিবলৈ
এতিয়া আৰু ব্যাকুলতা নাই।
প্ৰাপ্তিৰ সুখ বিচাৰি, হেৰুৱাৰ গ্লানিত নিমজ্জিত প্রাণ
মনোকষ্ট ভৰপূৰ হৈ ভৱ-গহন সমুদ্রত
উদৰ ভর্তি হৈ পৰিল আশাহত লুণীয়া জলত
জীৱনতৰী অস্তমিত বিয়লি বেলাত।
শৈশৱ, কিশোৰ পাৰ হৈ যৌৱনত স্বপ্নবিভোৰ
ছায়া ,মায়া তৰঙ্গিত ভুৱা ৰঞ্জিত মনোহৰ
কেৱল স্পষ্ট ৰূপত শুনা যায় বিভীষিকাময় সংঘাত
আমি অসহায়, আমি অসহায়।
অন্ন, বস্ত্র , বাসস্থান নামৰ মৌলিক খিনি পাবলৈ
হেৰুৱাব লগা হ’ল জীৱনৰ মাধুর্য্যতা আৰু সুন্দৰতা
সেয়ে , ব্যথিত হৃদয়ৰ পৰা বাৰে বাৰে উচ্চাৰিত হয়
আমি অসহায়, আমি অসহায়।
Facebook Comments Box