মাইন উদ্দিনৰ কবিতা : নাম বিহীন সেউজ

নাম বিহীন সেউজ
@ মাইন উদ্দিন
===========
সেয়া আছিল কুৰি শতিকাৰ প্রথম দহক
বগা বঙ্গালৰ উচটনিত ত্যাগ কৰিছিল গৃহভূমি
পাঁচ টকীয়া ৰেলৰ টিকটৰ হতুৱাই
নতুবা লুইতৰ বুকুয়েদি উজাই আনিছিল।
.
কথা আছিল শুভ্র নদীখন বুকুত মেৰিয়াই লৈ
নিজৰ মাজেৰে বৈ পৰাৰ— সেউজ দেশলৈ
আজি কিন্তু এখন মহাসাগৰ হৈ আমাক গিলি থ’লে
সর্বস্ব ত্যাগ কৰিও অবহেলিত , লাঞ্চিত , বঞ্চিত আৰু কলংকিত।
.
গোমা আকাশ ভাঙি বৰষুণ নামিব
তুমি আকৌ উভটি আহিবা— আমাক বিচাৰি
বুকুত জিলিকি থাকিব অশ্রুধাৰা
আমাৰ হেপাহৰ ৰঙা নদী আৰু এজাক সেউজ।
===================
ৰচনাকাল – ১৯৯৫ (ইং)
Facebook Comments Box
Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.