বাবা (আব্বা/দেউতা) দুটা আখৰৰ শব্দটোৱে বহন কৰে এক বিশাল সমুদ্র বা তাতকৈয়ো বহুত বেছি। আমি সাধাৰণতে বাবাতকৈ “মা ” ৰ স্থান আগত ৰাখো। বহুতৰে মূখত শুনা যায় – ল’ৰা খিনি অলপ বেছিকৈ মা ভক্ত আৰু ছোৱালী খিনি বাবা ভক্ত কিন্তু প্রত্যেক জন সন্তানেই নিজৰ মা-দেউতাক ভীষণ ভালপায় সেয়া লৈ কোনো সন্দেহ নাই।
যি সকলৰ মা -দেউতা জীয়াই আছে সেইসকল নিশ্চিত ভাবেই ভাগ্যবান। এনে বহুজন জীৱন বাটত লগ পোৱা যায় যিসকলৰ মা-দেউতা সময়ৰ আগতেই পৃথিবীৰ পৰা বিদায় লৈ সন্তান সকলক নিঠুৰুৱা কৰি গৈছে। এইখিনি ও স্বীকার্য যে মানৱ জীৱনত মা ৰ স্থান সকলোতকৈ ওপৰত কিন্তু দেউতাও বৃহৎ বট বৃক্ষ যিজোপা বৃক্ষ অবিহনে ছায়াবিহীন নিঠুৰুৱা জীৱন কটাবলগীয়া হয়।
দেউতা : বট বৃক্ষ জোপা
হঠাৎ ডাঙৰ দীঘল হৈ গলো
বাবা তুমি কেনে আছা?
এতিয়া আৰু কোৱা নহয়
বাবা তুমি ভাত খালানে
এই প্রশ্ন কৰাৰ সময়ৰ নাটনি।
বাবা, তোমাৰ শৰীৰ ঠিকেই আছেনে ?
এতিয়া আৰু সুধিবলৈ সুযোগ কম ।
মই খুবেই ব্যস্ত মানুহ
ভার্চুয়াল জগতত কিমান যে কাম
স্টেটাস আপডেট, কমেন্ট, লাইক
কিমান যে ব্যস্ততা মোৰ
কেৱল তোমাৰ বাবেই সময়ৰ নাটনি !
হঠাৎ ডাঙৰ দীঘল হৈ গলো
সেই সৰু পোৱালি মই টোক খুবেই মিছ কৰো
ৰজা -মহাৰজাৰ কাহিনীবোৰ শুনিছিলোঁ
কিমান যে দুষ্টামী কৰি গালি খাইছিলোঁ !
আজি তোমাৰ খবৰ লবলৈ
মই অত্যন্ত দ্বিধাগ্রস্ত।
দেউতাৰ হয়তো বহু কস্ট হয়
কিন্তু কেতিয়াও বুজিব নিদিয়ে
পুত্রৰ মাজত নিজৰ অপূর্ণ সপোনবোৰ
দিঠক কৰাৰ দৃঢ় প্রতিজ্ঞ দেউতা
আজিও পুত্রৰ কিঞ্চিৎ সাফল্যত উৎফুল্লিত।
স্বৰ্গৰ পিছতো যদি কোনো স্টেশন থাকে
তোমালৈ অপেক্ষা কৰিম
কেৱল এটা প্রশ্ন সুধিবলৈ
তুমি ভালে -কুশলে আছা নে দেউতা ?
টোকা : এই শব্দ গুচ্ছখিনি সদ্য প্রয়াত আমাৰ আব্বা মৰহুম আব্দুছ ছোৱাহান লৈ উছৰ্গিত কৰা হৈছে।
Facebook Comments Box