অধিবক্তা পিয়াৰ আলী আহমেদ :
মফিজ উদ্দিন সৰকাৰ আছিল বাগোদী অঞ্চলৰ এজন খ্যাতিমান ব্যক্তিত্বৰ গৰাকী যিজন আছিল একেধাৰে এজন সমাজ সেবক, স্ত্ৰী-শিক্ষা অনুৰাগী আৰু স্বাধীনতা সংগ্ৰামী। কিন্তু বাগোদী অঞ্চলৰ আজিৰ প্ৰজন্মই হয়তো নাজানেই সেইজন মফিজ উদ্দিন সৰকাৰৰ মহান ব্যক্তিত্ব আৰু কৰ্মৰাজীৰ বিষয়ে। সেইবাবেই আজি বাগোদী অঞ্চলৰ সেইজন মহান ব্যক্তিত্বৰ গৰাকী, আমাৰ পূজনীয় বৰদেউতা মফিজ উদ্দিন সৰকাৰৰ বিষয়ে কিছু কথা অবগত কৰিবলৈ প্ৰয়াস কৰিছো।
জমিদাৰৰ অত্যাচাৰ, অন্যায় ভাবে জমিদাৰে আৰোপিত কৰা অত্যাধিক মাটিৰ খাজনা বহন কৰিব নোৱাৰি আৰু দুৰ্ভিক্ষৰ কবলত পৰি ১৯১৭ চনত মফিজ উদ্দিন সৰকাৰৰ পিতৃ নছিম উদ্দিন সৰকাৰে পৰিয়াল সহ অবিভক্ত ভাৰতবৰ্ষৰ মৈমনসিং জিলাৰ বৰ্টিয়া গাওঁৰ পৰা জীবন জীবিকাৰ সন্ধানত অসমলৈ আহি সেই সময়ৰ কামৰূপ জিলাৰ বাউসী পৰগনাৰ অন্তর্গত বাগোদী গাওঁত থিতাপি লৈছিল। ইতিমধ্যে চৈয়দ আলী সিকদাৰ আৰু হাজী হুছেইন বেপাৰীৰ নেতৃত্বত অহা পৰিয়ালৰ প্ৰথম দলটোৱে ১৯১৩ চনতে বাগোদী গাওঁত থিতাপি লৈছিল। তেওঁলোকে বাগোদী গাওঁত বসতি স্হাপন কৰোঁতে ঔমূৰা গাওঁৰ হেম ঠাকুৰে তেওঁলোকক সৰ্বোতো প্ৰকাৰে সহায় কৰিছিল।
ইংৰাজী ১৯১৪ চনৰ অক্তোবৰ মাহৰ কোনোবা এটা বুধবাৰৰ দিনা অবিভক্ত ভাৰতবৰ্ষৰ মৈমনসিং জিলাৰ বৰ্টিয়া গাৱত মফিজ উদ্দিন সৰকাৰৰ জন্ম হৈছিল।তেখেতৰ পিতৃৰ নাম আছিল নছিম উদ্দিন সৰকাৰ মাতৃৰ নাম আছিল শ্বাহাতন নেছা।
মফিজ উদ্দিন সৰকাৰৰ পূৰ্ব পুৰুষসকল ব্যবসায়ৰ লগত জড়িত আছিল। তেওঁলোকৰ পূৰ্ব পুৰুষ জিয়াচ বেপাৰী এজন নামকৰা ব্যবসায়ী আছিল। ব্যবসায়-বানিজ্যৰ সন্ধানত তেওঁ বংগ আৰু অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিছিল।আনকি ব্যবসায়-বানিজ্যৰ বাবে তেওঁ শেষ আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ আহোম ৰাজ্যলৈও আহিছিল।জিয়াচ বেপাৰীৰ একমাত্ৰ পুত্ৰ বক্তাৰ বেপাৰীও এজন ভাল ব্যবসায়ী আছিল।বক্তাৰ বেপাৰীৰ আক্তাৰ বেপাৰী নামেৰে এজন পুত্ৰ সন্তান আছিল।কিন্তু বক্তাৰ বেপাৰীৰ অকাল মৃত্যু হোৱাত ব্যবসায়-বানিজ্যত অপৈনত পুত্ৰই ভালদৰে ব্যবসায় চলাব পৰা নাছিল। এটা সময়ত ব্যবসায় প্ৰায় বন্ধহৈ গৈছিল। আক্তাৰ বেপাৰীৰ তিনিজন সন্তান আছিল; ক্ৰমে-১) আছিৰণ বিবি(মেহেৰ আলী মুন্সীৰ পত্নী আছিল।), ২) আমিৰ বেপাৰী আৰু ৩) আজিম বেপাৰী।
মফিজ উদ্দিন সৰকাৰৰ ককা-আইতাৰ নাম আছিল ক্ৰমে- আজিম বেপাৰী আৰু নছিমন নেছা। তেওঁৰ ককা দেউতাৰ আঠজন সন্তান আছিল; ক্ৰমে-১) কছিমন নেছা, ২) ছানেৰম নেছা, ৩) কদৰজান নেছা, ৪) ৰহিমন নেছা, ৫) নছিম উদ্দিন সৰকাৰ, ৬) বাহাৰ উদ্দিন, ৭) বাছিৰণ নেছা আৰু ৮) হাজী কছিৰ উদ্দিন। কনিষ্ঠ সন্তান হাজী কছিৰ উদ্দিন(আমাৰ ককা দেউতা) মাকৰ গৰ্ভত থাকোঁতে ১৮৯৬ চনৰ মাৰ্চ মাহত পীষ্ঠশাল(এক প্ৰকাৰৰ কেন্সাৰ) ত আক্ৰান্তহৈ আজিম বেপাৰীৰ মৃত্যু হৈছিল।
মফিজ উদ্দিন সৰকাৰৰ পিতৃ নছিম উদ্দিন সৰকাৰ এজন বিচক্ষণ ব্যক্তি আছিল।তেখেত একেধাৰে সমাজ সেৱক আৰু স্বাধীনতা সংগ্ৰামী আছিল।১৯২১ চনত মহাত্মা গান্ধী যেতিয়া অসমলৈ আহিছিল তেতিয়া বাগোদী অঞ্চললৈ নতুনকৈ আহি বসতি স্হাপন কৰা বাসিন্দাসকলে নছিম উদ্দিন সৰকাৰৰ নেতৃত্বত গান্ধীৰ অসহযোগ আন্দোলনত সমৰ্থন আগবঢ়াইছিল।
বাগোদী অঞ্চলত নতুনকৈ স্হাপন হোৱা গাওঁ সমূহত কেতিয়াবা কিবা গন্ডোগোল লাগিলে বা হাই-কাজিয়া হ’লে নছিম উদ্দিন সৰকাৰে তাৰ সু-মিমাংসা কৰি দিছিল। বিভিন্ন সময়ত বিভিন্ন বিবাদ মিমাংসা কৰাৰ পাৰদৰ্শীতা থকাৰ বাবেই অঞ্চলৰ মানুহবোৰে তেখেতক “সৰকাৰ” বুলি সম্বোধন কৰিছিল। ১৯২৬ চনত বাগোদী বজাৰ, ১৯২৫ চনত বাগোদী এল পি স্কুল আৰু ১৯৪০ চনত বাগোদী এম ই স্কুল স্হাপনৰ ক্ষেত্ৰত আন আন সমাজৰ নেতৃত্ব স্হানীয় ব্যক্তি বৰ্গৰ লগতে নছিম উদ্দিন সৰকাৰেও আগভাগ লৈছিল। এইদৰে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান স্হাপনৰ ক্ষেত্ৰত তেখেতে অবদান ৰাখি গৈছিল। এতিয়াও ১নং বেছিমাৰী গাওঁৰ পথাৰত নছিম উদ্দিন সৰকাৰে তাহানি মাটিৰ সীমা নিৰ্ধাৰণ কৰি নিজ হাতেৰে পুতি দিয়া খুটিৰ সন্ধান পোৱা যায়। ১৯৪৭ চনৰ মাৰ্চ মাহত মফিজ উদ্দিন সৰকাৰৰ পিতৃ নছিম উদ্দিন সৰকাৰৰ মৃত্যু হৈছিল।
পিতৃ নছিম উদ্দিন সৰকাৰে অবিভক্ত ভাৰতবৰ্ষৰ মৈমনসিং জিলাৰ বৰ্টিয়া গাওঁত থাকোঁতে একেখন গাওঁৰ ছলিম উদ্দিনৰ কন্যা শ্বাহাতন নেছাক ইংৰাজী ১৯০৯/১০ চনত বিবাহ কৰাইছিল। বিবাহৰ পিছত ১৯১২ চনত তেওঁলোকৰ প্ৰথম সন্তান শ্বাইজুদ্দিনৰ জন্ম হৈছিল যদিও মাত্ৰ ৫ বছৰ বয়সত তাৰ মৃত্যু হৈছিল। তাৰ পিছত চাৰিজন সন্তান ক্ৰমে-মফিজ উদ্দিন সৰকাৰ, খবিৰ উদ্দিন, মহিৰ উদ্দিন আৰু বৰুণ নেছাৰ জন্ম হৈছিল। ভাতৃ খবিৰ উদ্দিনে শিক্ষকৰ চাকৰি কৰিছিল।১৯৬২ চনত মৃগী ৰোগত আক্ৰান্তহৈ তেখেতৰ মৃত্যু হৈছিল। কনিষ্ঠ ভাতৃ মহিৰ উদ্দিনো প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল।১৯৮৪ চনত লিভাৰৰ ৰোগত আক্ৰান্তহৈ তেখেতৰ মৃত্যু হৈছিল। বাগোদী গাওঁৰ সবেদ আলীৰ পত্নী আৰু মফিজ উদ্দিন সৰকাৰৰ একমাত্ৰ ভনী বৰুণ নেছাৰো ১৯৪৮ চনত নিঃসন্তান অবস্হাত মৃত্যু হৈছিল।
মফিজ উদ্দিন সৰকাৰে স্হানীয় মক্তবত শিক্ষা গ্ৰহণ কৰিছিল যদিও শিক্ষা অনুষ্ঠানৰ অভাব আৰু যাতায়তৰ অসুবিধাৰ কাৰণে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব পৰা নাছিল।কিন্তু শিক্ষাৰ প্ৰতি তেখেতৰ আছিল প্ৰবল ধাউতি। অসমলৈ আহিয়ে তেখেতে অলপ দিনৰ ভিতৰতে অসমীয়া ভাষা আয়ত্ব কৰি লৈছিল আৰু আনকো অসমীয়া ভাষা শিকিবলৈ উৎসাহিত কৰিছিল।
মফিজ উদ্দিন সৰকাৰে ১৯৩০ চনৰ ফেব্ৰুৱাৰী মাহৰ ৩ তাৰিখ সোমবাৰৰ দিনা সুহাবিল দলনী গাওঁৰ আব্দুল হামিদ মুন্সীৰ ১০ বছৰীয়া কন্যা ছামাতন নেছাৰ লগত বিবাহ বান্ধোনত আবদ্ধ হৈছিল।তেওঁলোকৰ যোগ্ম জীবনৰ সাক্ষী স্বৰূপে ৮ জন সন্তান ক্ৰমে- ১) নাজিম উদ্দিন আহমেদ(বিজ্ঞান শিক্ষক), ২) বাছিৰণ নেছা, ৩) নুৰুদ্দিন আহমেদ (বিজ্ঞান শিক্ষক) ৪) ছামছুল হক(বিজ্ঞান শিক্ষক) ৫) আলা উদ্দিন আহমেদ, ৬) চুলতান মাহমুদ (Police SI), ৭) ফাতেমা খাতুন আৰু ৮) নাছিৰ উদ্দিনৰ জন্ম হৈছিল।
মফিজ উদ্দিন সৰকাৰৰ গাৰ বৰণ বগা আছিল। তেখেত ৰাজকুমাৰৰ দৰে ওখ-পাগ আৰু সুঠাম দেহাৰ গৰাকী আছিল; কিন্তু তেখেতৰ পত্নী দেখাত তেনেই চুটি-চাপৰ আৰু গাৰ বৰণ ক’লা আছিল। এদিন অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীয়ে মফিজ উদ্দিন সৰকাৰৰ পত্নীক দেখা পাই মনে মনে বেজাৰ পাইছিল।তাৰপিছত চৌধুৰীয়ে এদিন নিজে পছন্দ কৰা কইনাৰ সৈতে তেখেতৰ নিজৰ খৰছেৰে সৰকাৰক দ্বিতীয় বাৰৰ বাবে বিয়া পাতি দিবলৈ খাটনি ধৰিছিল; কিন্তু চৌধুৰীৰ প্ৰস্তাবত সৰকাৰে সঁহাৰি জনোৱা নাছিল।
পিতৃৰ পদাংক অনুসৰণ কৰি মফিজ উদ্দিন সৰকাৰে বিভিন্ন সমাজ সেৱা আৰু স্বাধীনতা আন্দোলনৰ লগত জড়িত হৈ পৰিছিল। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰী আৰু তেখেতৰ ভাতৃ নন্দ চৌধুৰীৰ সানিধ্যলৈ আহি ১৯৩২ চনৰ পৰা তেখেতে কংগ্ৰেছৰ সক্ৰিয় সদস্য হিচাপে ভাৰতৰ স্বাধীনতা সংগ্ৰামত অংশ গ্ৰহণ কৰিছিল। তেখেতে স্বাধীনতা সংগ্ৰামৰ কাৰণে পুঁজি সংগ্ৰহ কৰাৰ লগতে সাধ্যানুসাৰে নিজেও দান-বৰঙণি আগবঢ়াইছিল।বাগোদী অঞ্চলৰ বিভিন্ন গাওঁৰ মানুহক লগতলৈ মহেন্দ্ৰ মোহন চৌধুৰীৰ নেতৃত্বত তেখেতে স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ কৰিছিল। আনকি পুলিছৰ লাঠিৰ কোবো খাইছিল। ১৯৪২ চনৰ “ভাৰত ত্যাগ” আন্দোলনত মফিজ উদ্দিন সৰকাৰে মহেন্দ্ৰ মোহন চৌধুৰীৰ নেতৃত্বত সক্ৰিয় ভাবে অংশ গ্ৰহণ কৰিছিল।কিন্তু আক্ষেপৰ বিষয় এই যে স্বাধীনতা লাভৰ পিছত এই অঞ্চলৰ কোনো এজন ব্যক্তিকে চৰকাৰে আজিলৈকে “মুক্তি যুদ্ধা”ৰ সন্মান নিদিলে।
মহেন্দ্ৰ মোহন চৌধুৰীয়ে তেখেতক আনৰ আগত নিজৰ কনিষ্ঠ ভাতৃ বুলি পৰিচয় কৰাই দিছিল।সৰকাৰেও মৃত্যু পৰ্যন্ত মহেন্দ্ৰ মোহন চৌধুৰীৰ সংগ এৰা নাছিল। চৌধুৰীয়ে সৰকাৰৰ পৰিয়ালৰ উপযুক্ত ব্যক্তিক চাকৰি প্ৰদান কৰিছিল।
১৯৫২ চনৰ বিধান সভা নিৰ্বাচনত মহেন্দ্ৰ মোহন চৌধুৰীয়ে যেতিয়া বৰপেটা নৰ্থ-ইষ্ট সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বীতা কৰিছিল তেতিয়া মফিজ উদ্দিন সৰকাৰে চৌধুৰীক জয়ী কৰাবলৈ দিন-ৰাতি একাকাৰ কৰি নিৰ্বাচনী প্ৰচাৰত ভাগ লৈছিল।১৯৬২ চনৰ বিধান সভা নিৰ্বাচনত মহেন্দ্ৰ মোহন চৌধুৰীয়ে যেতিয়া হাজো সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বীতা কৰিছিল তেতিয়া নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰথম প্ৰথমে ভোটাৰৰ পৰা সিমান সঁহাৰি পোৱা নাছিল।তেতিয়া মফিজ উদ্দিন সৰকাৰে মহেন্দ্ৰ মোহন চৌধুৰীক মন্দিৰ-মছজিদত টকা-পইছা দান দিবলৈ পৰামৰ্শ আগবঢ়াইছিল। চৌধুৰীয়েও তাকেই কৰিছিল আৰু আশাপ্ৰদ ফলো পাইছিল। সেই বাৰৰ নিৰ্বাচনত মহেন্দ্ৰ মোহন চৌধুৰীয়ে বিপুল ভোটত জয়লাভ কৰিছিল।
মফিজ উদ্দিন সৰকাৰে যৌথ পৰিয়ালত বাস কৰিছিল। পৰিয়ালটো তেখেতৰ নিৰ্দেশত চলিছিল।পৰিয়ালৰ সদস্যসকলে তেখেতৰ কথা কেতিয়াও অমান্য কৰা নাছিল।পৰিয়ালৰ মুৰব্বী হাজী কছিৰ উদ্দিনেও তেখেতৰ কথা অমান্য কৰা নাছিল। পৰিয়ালৰ সদস্যৰ সংখ্যা যেতিয়া ৪২ জনলৈ বৃদ্ধি পাইছিল, তেতিয়া ৰন্ধা-বঢ়া আৰু খোৱা লোৱা কৰাত অসুবিধা হৈছিল। সেই বাবেই ১৯৬১ চনত মফিজ উদ্দিন সৰকাৰে যৌথ পৰিয়ালটো তিনিটা পৃথক পৰিয়ালত বিভক্ত কৰিছিল আৰু তিনিটা পৰিয়াল পৃথককৈ থাকিবলৈ লৈছিল।
স্বাধীনতা আন্দোলন চলি থকাৰ সময়ত স্ত্ৰী শিক্ষাৰ প্ৰয়োজনীয়তা অনুভব কৰি ১৯৩৮ চনত মফিজ উদ্দিন সৰকাৰে নিজৰ মাটিত বাগোদী বালিকা প্ৰাথমিক বিদ্যালয় স্হাপন কৰিছিল। এইখন বালিকা বিদ্যালয়ৰ প্ৰথম প্ৰধান শিক্ষক আছিল ৰাউলী গাওঁৰ স্বৰ্গীয় উমাকান্ত শৰ্মা, দ্বিতীয় জন প্ৰধান শিক্ষক আছিল গহিয়া গাওঁৰ স্বৰ্গীয় সদানন্দ নাথ আৰু তৃতীয়জন প্ৰধান শিক্ষক আছিল বেলবাৰীৰ স্বৰ্গীয় লক্ষীকান্ত শৰ্মা। এই বালিকা বিদ্যালয়ৰ প্ৰথমজনী ছাত্ৰী আছিল বাগোদী গাওঁৰ কুৰপান মাতবৰৰ ছোৱালী ৰংবাহাৰ। এই বালিকা বিদ্যালয়খনক পিছলৈ ১৯২৫ চনত তেতিয়াৰ লোকেল বোৰ্ডৰ সভাপতি স্বৰ্গীয় ধনীৰাম তালুকদাৰৰ নেতৃত্বত স্হাপন হোৱা ১৮৮ নং বাগোদী প্ৰাথমিক বিদ্যালয়ৰ লগত সংযোগ কৰা হৈছিল।১৯৪০ চনত বাগোদী এম ই স্কুল আৰু ১৯৬১ চনত বাগোদী হাই স্কুল স্হাপন কৰোঁতে মফিজ উদ্দিন সৰকাৰে আগভাগ লৈছিল।
নিজৰ ল’ৰা-ছোৱালীক পঢ়োৱাবলৈ গৈ আৰু বেমাৰত আক্ৰান্তহৈ এটা সময়ত মফিজ উদ্দিন সৰকাৰ আৰ্থিক অনাটনৰ সন্মূখীন হৈছিল আৰু সেই সময়তেই তেখেতক আৰ্থিক ভাবে সহায়ৰ হাত আগবঢ়াইছিল মহেন্দ্ৰ মোহন চৌধুৰীয়ে।
মফিজ উদ্দিন সৰকাৰ এজন ভাল চিকাৰীও আছিল। তেখেতে নিজৰ নামত লাইছেন্স থকা বন্দুকেৰে নানা ধৰণৰ চৰাই-চিৰিকতি, পহু আদি চিকাৰ কৰিছিল। তেখেত এজন ভাল হা-ডুডু খেলুৱৈও আছিল। তেখেত কবি গান আৰু যাত্ৰা গানৰ ভক্তও আছিল।
মফিজ উদ্দিন সৰকাৰে বহুদিন ধৰি মাৰণব্যাধি বহুমূত্ৰ ৰোগত ভূগি আছিল।প্ৰকৃতিৰ লগত যুঁজি যুঁজি তেখেতে এটা সময়ত ভাগৰি পৰিছিল। নিয়তিৰ মৰণ কামূৰত ১৯৭২ চনৰ চেপ্তেম্বৰ মাহৰ ১ তাৰিখে শুক্ৰবাৰৰ জুমাৰ নামাজৰ আগে আগে দিনৰ প্ৰায় ১১.৩০ বজাত তেখেত চিৰ নিদ্ৰাত শায়িত হৈছিল। লগে লগেই এটা সংগ্ৰামী জীবনৰ অবসান ঘটিছিল। তেখেতৰ বেহেস্ত নছীব হওঁক..!!
Facebook Comments Box