হেঙুল হাজৰিকাৰ কবিতা : চিনাকি চহৰত অবৈধ অনুপ্ৰৱেশকাৰী

চিনাকি চহৰত অবৈধ অনুপ্ৰৱেশকাৰী

@ হেঙুল হাজৰিকা

অচিনাকি চহৰ এখনৰ মাজেৰে খোজকাঢ়ি গৈ আছোঁ
উত্তেজনাৰ ভিতৰত কঢ়িয়াই নিছোঁ
মেলানকলিক এখন ইস্তানবুল ।

পামুকৰ দৰে এই চহৰ মোৰ বাবে চিনাকি নহয়
কাৰখানাৰ ধোঁৱাত আকাশখন নেদেখি
এজাক চৰাই অস্থিৰ হৈ ধপধপাই উৰি গৈছে
জানোঁ, অলপ পিছতে সিহঁতে ওখ গছ এডালত বহিব ।

ঠিক হোলোং জোপাত বহি
কোনো পৰিভ্ৰমীয়ে আহি
সুমেৰুৰ এটুকুৰা বৰফৰ সাধু কোৱাৰ দৰে
সিহঁতে গলি গলি ক’ব
কোনো উচ্চতাৰ পৰা লৈ অনা আশ্চৰ্যকৰ আত্মকথা ।

সিহঁতৰ উচুপনিত ট্ৰাংক ৰোডবোৰ ভিজি যাব
সেই বিষাদগ্ৰস্ততাৰ চকুলো সঞ্চয় কৰিবলৈ
ফুটপাথবোৰত গজি উঠিব কিছুমান কেকটাছ
মোৰ চিনাকি চহৰত কথাই কথাই শেলুৱৈ গজে ।

কেকটাছ মোৰ বাবে আচহুৱা ,অচিনাকি
এই চহৰত ওখ ছাই বৰণৰ ঘৰবোৰ
পুৰণি হ’লে খহি নপৰে
ধ্বংসস্তূপত পৰিণত নহয় কোনো মিউজিয়াম ।

মোৰ চিনাকি চহৰৰ কথা ইয়াতকৈ সুকীয়া
আজায়বখানাৰ বাবেই মানুহে কিছুমান নদীৰ কাষত
কবৰ খান্দি খান্দি দেখুৱাব লগা হয়
পূৰ্ব পুৰুষৰ লাওখোলা ।

লাওখোলা…লাওখোলা
বোজা কঢ়িয়াই কামিহাড় ভাগি যোৱা
শৰীৰবোৰৰ লাওখোলা ।

অহসহিষ্ণুতা কিমান ডিগ্ৰী চেলচিয়াছ বৃদ্ধি পালে
হিমবাহৰৰ কঠিন শীত আহি
এখন চহৰৰ মগজুত জমা বান্ধেহি?
নাজানো ।

খুব সন্তৰ্পণে গৈ আছোঁ এখন অচিনাকি চহৰৰ মাজেৰে
কি কি দেখিছোঁ ?
সৰু পাহাৰ এটাৰ সীমাত এটা ৰঙা দৰিয়া ।

কিছুসময় ৰৈছোঁ , ৰৈ, ৰৈ
ৰঙা দৰিয়াৰ পানীত নিজকে চাই লৈছোঁ
নিজৰ আৰ্চীখনত নিজকেতো আৰু নেদেখি
সেয়ে চাই লৈছোঁ ।

কি কি দেখা নাই ?
এই চহৰত দেখা নাই মই
ভেড়া মাংসৰ লগত মদ খাই ভ্ৰম বকা এজনো পথিক ;
তুৰ্কীছ ডিলাইটেৰে যাত্ৰা
জব্দ কৰি দিয়া এজনো ব্যৱসায়ী
হাজাৰটা গুপ্ত হত্যাৰ পিছতো
মানৱতাৰ গান গোৱা এজনো গায়ক ।

এই চহৰত মই দেখা নাই মোৰ চিনাকি চহৰ
উত্তেজনাত ইস্তানবুল শেষ হৈ আহিছে
আৰু আগবাঢ়িব পৰা নাই
এই চিনাকি চহৰত মই এক অবৈধ অনুপ্ৰৱেশকাৰী ।

Facebook Comments Box
Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.