বর্ণবাদৰ ভিন ভিন ৰূপত নগ্নতা

মাইন উদ্দিন:
বর্ণবাদৰ সংজ্ঞা সমাজ বিজ্ঞানী সকলে সহজ ভাবে দিয়াত প্ৰায়ে বিফল হোৱা দেখা যায়। সাধাৰণতে বর্ণবাদ হ’ল এনেকুৱা এক মানসিকতা যিয়ে এটা জনগোষ্ঠীক উচ্চ বা নীচ প্রতিপন্ন কৰে। এটা জনগোষ্ঠীক যোগ্য আৰু আনটো জনগোষ্ঠীক অযোগ্য বা এটা জনগোষ্ঠীৰ ওপৰত আনটো জনগোষ্ঠীৰ প্রভুত্বৰ অধিকাৰী। কোনো মানুহৰ আচৰণ যদি তেখেতৰ জাতি-ধর্ম , ভাষা বা গাৰ বৰণ আদি দি নিয়ন্ত্রিত হয় সেয়া সমাজৰ কাৰণে ক্ষতিকাৰক নহলেও তাক বর্ণবাদ বুলি কোৱা হয়। এই বর্ণবৈষম্যৰ ফলতেই অৱহেলিত, নির্যাতিত, পদদলিত, নিপীড়িত, শোষিত, বঞ্চিত শ্রেণী এটাৰ সৃষ্টি হৈছে।

Photo source: Twitter.com

পৃথীবিৰ ভিন ভিন অঞ্চলত এই বর্ণবাদ ভিন ভিন নাম লৈ আভির্ভাব হৈছে আৰু সাধাৰণতে সংখ্যালঘু সকল এই বর্ণবৈষম্যৰ বলি হৈ জীয়াতু ভুগি আছে। আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বেলেগ বেলেগ নাম – কৰবাত জাতীয়তাবাদ , কৰবাত আঞ্চলিকতাবাদ , কৰবাত মাৰাঠীবাদ আদি।
ইতিহাসে সাক্ষ্য দি আছে যে – এই বর্ণবাদৰ ফলত লক্ষ লক্ষ মানুহ হত্যা কৰা হৈছে আৰু কৌটি কৌটি মানুহক শাৰীৰিক -মানসিক নির্যাতন চলাই থকা হৈছে। এনেকি আমাৰ প্রাণৰ অসম ভূমিতো হেজাৰ হেজাৰ নিৰাপৰাধী মানুহক হত্যা কৰা হৈছিল আৰু আজিও মানসিক আৰু শাৰীৰিক হাৰাশাস্তিৰ ধাৰা অব্যাহত আছে।অপ্রিয় হলেও সত্য:
আঞ্চলিকতাবাদ, জাতীয়তাবাদ, হিন্দুত্ববাদ আদি হৈছে বর্ণবাদৰ স্থানীয় ৰূপ। CAB – নদীবান্ধ বিৰোধ, বিদেশী বহিষ্কাৰ আদি হৈছে বর্ণবাদ জীয়াই ৰখাৰ নব্য কৌশল।
[Wikipedia: Racism is the belief in the superiority of one race over another, which often results in discrimination and prejudice towards people based on their race or ethnicity. The use of the term “racism” does not easily fall under a single definition. The ideology underlying racism often includes the idea that humans can be subdivided into distinct groups that are different due to their social behavior and their innate capacities, as well as the idea that they can be ranked as inferior or superior]

Facebook Comments Box
Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.