অনুভৱ: মিঞা শব্দটোতেই বহুতৰ এলাৰ্জী

 ডাঃ জাহিদ আহমেদ

মাজে মাজে এখনি মিঞা জাতীয় অভিবৰ্তনৰ প্ৰয়োজন অনুভৱ কৰোঁ !

ৰ’ব ৰ’ব, হেডলাইন দেখিয়েই ছাৰপোকাৰ নিচিনা ছাট মাৰি নুঠিব। আমি জানোঁ মিঞা শব্দটোতেই বহুতৰ এলাৰ্জী উঠি যায়, অসমত থাকি ইয়াৰে হাওৱা পানী খাই আজিয়েই মিঞাই পৃথককৈ অভিবৰ্তন পাতিব! এয়া জানো হজম কৰিব পাৰি!! এইহেন চিন্তাধাৰা বেছিভাগ তথাকথিত মূলসুঁতিৰ লেণ্ডছন অৰ্থাৎ ভূমিপুত্ৰৰ। আৰু এইটো বাৰ্তাৰেই আজি অতবছৰে সহজ সৰল অসমীয়া মানুহৰ মগজ ধুলাই কৰি মামুহঁতে নিজৰ ব্যাক্তিস্বাৰ্থ পূৰণ কৰি অাহিছে।

শুনক, কবলৈ গলে বিভিন্ন সৰু বৰ উপগোষ্ঠী লগলগাই অসমত আজি মিঞাৰ সংখ্যা প্ৰায় কোটিৰ ওচৰা উচৰি। কোটি নহলেও অনাগত দুই চাৰি বছৰতে কোটিৰ সংখ্যা গৈ চুবগৈ দিয়কচোন। তেনেক্ষেত্ৰত ইমান বৃহৎ জনসংখ্যৰ এটা সম্প্ৰদায়ক একাষৰীয়া কৰি অসমীয়া জাতিটো কেতিয়াওঁ উন্নতিৰ শিখৰত আৰোহণ কৰিব নোৱাৰে। কাৰণ সৰ্বভাৰতীয় প্ৰেক্ষাপটত যেতিয়া অসমৰ উন্নয়নৰ মাপকাঠি চালিজাৰি চোৱা হয় তেতিয়া এই মিঞা বা ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ক বাদ দি বাকী সকলৰ উন্নয়নকে অসমৰ উন্নয়ন বুলি ধৰা নহয়। অৰ্থাৎ আপুনি যিমানেই উন্নতিৰ শিখৰত বহি নাথাকক কিয় আপোনাৰ কাষৰ মিঞা ঘৰটোৰ একেবাৰে দূৰ্বল অৱস্থা (আৰ্থিক, শৈক্ষিক ইত্যাদি) ৰ কাৰণে আপোনাৰ ব্যাক্তিগত উন্নয়নে সমাজত স্বীকৃতি নাপায়। আপোনাৰ ব্যাক্তিগত উন্নয়ন ঠিকেই আছে কিন্তু যেতিয়া দুয়োৰে গড় কৰা হৈছে তেতিয়া আপোনাৰ ব্যাক্তিগত উন্নয়নেও দৰিদ্ৰ সীমাৰেখা চুই চুই হৈ যায়। তো উপায় কি! হয় আপুনি সেই দূৰ্বল পৰিয়ালটোক মাৰি কাটি তাৰ পৰা খেদিব লাগিব, নহলে আপুনি নিজেও সেই পৰিয়ালটোৰ সামগ্ৰিক উন্নয়নৰ কাৰণে বিভিন্ন কাৰ্যপন্থা হাতত লব লাগিব। কিন্তু ইয়াৰ কোনো এটা উপায় অৱলম্বন আপুনি কৰিব নোৱাৰে বা ইচ্ছাকৃতভাৱে নকৰে!

আমি মিঞা সম্প্ৰদায়ৰ হৈয়ো জাতীয় পৰিচয়ত একো একোজন অসমীয়া। অকল অসমীয়াই নহয়, এজন প্ৰকৃত অসমীয়া। আপুনি সেয়া বিশ্বাস কৰিলে ভাল, নকৰিলে তাল গছ, উই ডন্ট কেয়াৰ। অসমৰ কিবা অমংগল বা অনুন্নয়ন আমাৰ কাম্য নহয়, হবও নোৱাৰে কাৰণ আমাৰ ধৰ্মীয় শিক্ষাইয়ো নিজ দেশ বা জাতিৰ মংগল প্ৰাৰ্থনা কৰিবলৈ বাধ্য কৰিছে। অসমৰ সামগ্ৰিক উন্নয়নৰ কাৰণে আমি যিকোনো ধৰণৰ যোগাত্মক চিন্তা বা কাৰ্যপন্থা লবলৈ সদা প্ৰস্তুত। আপুনি সেয়া বিশ্বাস কৰিলে ভাল, নকৰিলে তাল গছ, উই ডন্ট কেয়াৰ। গতিকে যিহেতু অসমৰ সামগ্ৰিক উন্নয়নত মিঞা সম্প্ৰদায়ৰ অনুন্নয়ন তথা অদূৰদৰ্শিতাই ব্যপক প্ৰভাৱ পেলায় গতিকে নিজৰ দায়িত্ব বুজি মিঞা সম্প্ৰদায়ৰ সন্তানে যদি নিজ সম্প্ৰদায়ৰ অনুন্নয়নৰ কাৰণসমূহ চালি জাৰি চাবলৈ এখনি অভিবৰ্তনৰ আয়োজন কৰে তাত এজন প্ৰকৃত অসমীয়াৰ আপত্তি দৰ্শোৱাৰ কোনো যুক্তি নাই বুলি ভাৱোঁ। আমি সচেতন মহলে এই সম্প্ৰদায়টো কিয় ইমান পিছ পৰা, কি কৰিলে ইয়াৰ সমস্যা সমূহৰ সমাধান হব আৰু সামগ্ৰিকভাৱে অসমৰ উন্নয়ন হব তাৰ বাবে চিন্তাচৰ্চা কৰিব নোৱাৰোঁ নেকি!

আৰু এটা কথা, মিঞাই নিজাকৈ কিবা চিন্তা কৰিলেই সকলোৰে টেমা গৰম হৈ যায়। জন্মলগ্নৰে পৰা শুনি আহিছোঁ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী সংস্কৃতিৰ মহমিলনত অসমীয়া জাতি গঠন হৈছে। জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত চৰকাৰে জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে সকলোৰে উন্নয়নৰ বাবে কাম কৰিব লাগে কিন্তু বাস্তৱ পৰ্যালোচনা কৰিলে দেখা যায় স্বাধীনোত্তৰ কালৰ আমাৰ চৰকাৰ সমূহ এই ক্ষেত্ৰত চুড়ান্ত ভাৱে ব্যৰ্থ হৈছে। আৰু তাৰেই ফলশ্ৰুতিত বিভিন্ন ক্ষেত্ৰত বঞ্চিত শোষিত নিপীড়িত জনগোষ্ঠী সমূহে আজি নিজ নিজ সম্প্ৰদায়ৰ উন্নয়নৰ কাৰণে বিভিন্ন স্বায়ত্তশাসিত পৰিষদৰ জন্ম দিছে। সকলো জনগোষ্ঠীয়েই কিবা নহয় কিবা কাৰণত নিজাকৈ চিন্তা কৰিব লগা হৈছে কিন্তু এইসমূহ জনগোষ্ঠীয়ে নিজৰ সম্প্ৰদায়ৰ উন্নয়নৰ কথা চিন্তা কৰা মানে কিন্তু অসমৰ অমংগল হোৱাটো বুজোৱা নাই, আমি য’ত এই কথাটো এক মুখে স্বীকাৰ কৰো তেনেক্ষেত্ৰত মিঞাই নিজাকৈ কিবা গঠনমূলক চিন্তা কৰিলে সকলোৰে ইমান জ্বলন হয় কিয়, ইমান ভয় কিহৰ?? মিঞাই নিজৰ অধিকাৰৰ কথা কলে, নিজৰ সমস্যা সমাধানৰ কিবা পথ বিচাৰি উলিয়ালেই বাকী সকলো নহৰুৰ ৰূপ লৈ মিঞাৰ বিৰুদ্ধে গগন ফলা চিঞৰ আৰম্ভ কৰি দিয়ে, আৰম্ভ হৈ যায় তথাকথিত ভুৱা জাতীয় আবেগ, কিয়? কিয়?

সেয়ে কৈছোঁ, কোনোবাই ভাল পাওঁক বা বেয়াই পাওঁক, নিজৰ সমস্যাসমূহ কেনেকৈ সমাধান কৰিব পৰা যায় তাৰ কাৰণে সচেতন মহলে ব্যপক ৰূপত চৰ্চা কৰিব লাগিব। মই কোৱা নাই যে মিঞাৰ সমস্যা সমাধানৰ কাৰণে একমাত্ৰ মিঞাই হে সন্মুখৰ পৰা নেতৃত্ব দিবই লাগিব বুলি। প্ৰথমে আমাৰ সমস্যা সমূহৰ ব্যপক হাৰত পৰ্যালোচনা হৈ সেইবোৰ ৰাজনৈতিক ভাৱে কেনেকৈ কাৰ দ্বাৰা উপস্থাপন কৰি সমাধান কৰিব পাৰি তাৰ ব্যৱস্থা কৰিব লাগিব। স্বাধীনতাৰ পিছৰ পৰাই মিঞা সম্প্ৰদায়টোক বিভিন্ন ধৰণে ঠগি আহিছে নিজ সম্প্ৰদায়ৰে ৰাজনৈতিক নেতাসকলে। সেয়ে মিঞাৰ সমস্যা সমাধান কৰাৰ দায়িত্ব কোনোবা অনা মিঞাই ললেও আমাৰ আপত্তি নাই, মুঠতে অসমৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত এইসমূহ সমস্যাৰ সমাধান উলিয়াব লাগে। নিৰ্বাচন সমাগত, আমি আমাৰ সমস্যা সমূহ কোনজন যোগ্য মানুহৰ দ্বাৰা দিছপুৰত উপস্থাপন কৰিব পাৰি তাৰ কাৰণে চিন্তা কৰিব লাগিব। দল মত নির্বিশেষে ৰাজনৈতিক নেতাসকলে কেনেকৈ ইমান বছৰে আমাক নিজৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি আহিছে তাৰ পৰ্যালোচনা হব লাগে। শোষিত নিষ্পেষিত ভোটাৰ ৰাইজক কেনেকৈ নিঃস্বাৰ্থ ভাৱে সচেতন কৰিব পৰা যায় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইমান লাঞ্ছিত বঞ্চিত হোৱাৰ পিছতো কিহৰ কাৰণে মাত্ৰ সামান্য টকাৰ বিনিময়ত ভোট গ্ৰহণৰ আগদিনা নিজৰ বিবেকক বিক্ৰী কৰা হয় তাৰ পৰ্যালোচনা হব লাগে। শত্ৰুৰ সকলো ধৰণৰ ষড়যন্ত্ৰ কেনেকৈ উফৰাব পাৰি তাৰো এক গঠনমূলক পৰিকল্পনা যুগুত কৰিব লাগিব।

অসমৰ জয় হওক
অসমীয়াৰ জয় হওক
মিঞাৰো উন্নয়ন হওক

বিঃ দ্ৰঃ সৰুকৈ লিখিব খুজিও নোৱাৰিলোঁ, ক্ষমা কৰিব।
Photo Credit: ডাঃ জাহিদ আহমেদ

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.