মাইন উদ্দিন:
সেয়া কিজানো ২০০৭ চন মানৰ কথা সদ্য চাকৰি ত্যাগী গৰাখহনীয়া পীড়িত যুৱক এজন বৰপেটা ৰোড চহৰত ভাড়াঘৰলৈ Social Media website এটা তৈয়াৰ কৰাৰ কামত ব্যস্ত আছিল। সেই সময়ত চহৰখনত নির্দিষ্ট কেইজন মানুহৰ ঘৰতেহে কম্পিউটাৰ আছিল। কম্পিউটাৰৰ দোকান মাত্র দুখন মান আছিল যদিও ডিগ্ৰীধাৰী কোনো Hardware অভিযন্তা নাছিল বুলিয়েই কব পাৰি। নতুনকৈ পাছ কৰি অহা তৰুণ সাহা (চিন্টু) নামৰ ডেকাজনক প্ৰায়ে অফিচত মাতিব লগা হৈছিল আৰু সিয়ো আহিছিল । সেই সূত্রে কেতিয়াবা তাৰ সৰু দোকান খনত যাব লগা হৈছিল। আজি বাৰ বছৰ পাৰ হ’ল – আজিও hardware ৰ কিবা কাম হলেই চিন্টু প্রথম পছন্দ। আজিকালি তাৰ ডাঙৰ দোকান হ’ল – GST অবিহনে একো বিক্রী নকৰে। যোৱা কালি Sunrise Jatiya Vidyalaya ৰ School management software ৰ printer testing ৰ বাবে তাৰ দোকানত যাব লগা হৈছিলো। চিন্টুৱে প্রিন্টাৰৰ লাগতিয়াল hardware বোৰ লগাই আছিল। দোকানত বহু কেইজন গ্রাহক আগৰে পৰা ৰৈ আছিল যদিও প্রিন্টাৰ কাম খিনি অলপ খৰখেদাকৈ কৰি আছিল। এনেতে এজন বিকলাঙ্গ ডেকা (ভৰি দুখন নাই বুলিয়েই কব পাৰি) শীত-তাপ নিয়ন্ত্রিত দোকান খনত সোমাই আহিল। সকলোৰে দৃষ্টি ডেকা জনৰ ওপৰত পৰিল। সুঠাম দেহা যুক্ত ডেকাজনক চাই হয়তো সকলোৰে পুতৌ উপজিছিল। এনেতে চিন্টুৱে Cash ৰ পৰা দহটকীয়া এখন উলিয়াই ডেকা জনলৈ আগবঢ়াই দিলে।
” দাদা , মোক ভাল প্রিন্টাৰ এটা লাগে”
ডেকাজনৰ প্রথম বাক্যটোৱে দোকানৰ সম্মুখ অংশত বহি থকা আটাইকেজনকে লাজত মূখ উলিয়াব নোৱাৰা কৰি পেলালে। আটাইতকৈ বেছি লজ্জিত হ’ল – চিন্টু কাৰণ – চিন্টুৱে অতি কমেও ১০ বাৰ মান sorry কোৱা শুনা গল। সেই গৰাখহনীয়া পীড়িত আদহীয়া Software অভিযন্তা জনে দোকানত থকা সকলোকে চাহ একাপকৈ খুৱাই প্রায়চিত্ত কৰা যেন লাগিল।
চাহ কাপ খাই উঠি জীৱন যুঁজত জয়ী হোৱা সেই ডেকাজনে কলে –
“দাদা , DTP , PHOTOSHOP, GRAPHIC DESIGN আদি ভালেই খিনি কাম শিকিছো আৰু সৰু দোকান এখন আছে। দিনত গড়ে ১৫০০ টকাকৈ উপার্জন হয়। ”
আৰু বহু কিবাকিবি কৈছিল যদিও এটা কথাই মনটোক ধিক্কাৰ দি আছিল – আমাৰ মানসিকতা এনেকৈয়ে গঢ়লৈ উঠিছে যে বিকলাঙ্গ মানেই আনৰ সহানুভূতিলৈ জীয়াই থকা লোক। জীৱনৰ বহু সংগ্রামত প্রতক্ষ্য ভাবে যুঁজি জয়ী হৈছো যদিও যোৱাকালি বিনা যুদ্ধত পৰাজিত হোৱাৰ পাল আছিল।