আজিৰ হেজাৰটা খবৰৰ মাজত হেৰাই যোৱা এটি খবৰ

মাইন উদ্দিন:
“ভাৰতীয় মুছলমান সকলক পাকিস্তানলৈ পঠিয়াই দিয়া হওঁক” এই দাবীলৈ ভাৰতৰ সর্বোচ্চ ন্যায়লয় (Supreme Court of India) ত PIL (ৰাজহুৱা স্বার্থজড়িত আবেদন) দাখিল কৰা হ’ল।

ন্যায়ালয়ে ৰায় কি দিছে সেয়া বিচার্য বিষয় নহয় কিন্তু ভাৰতৰ একাংশ মানুহৰ মানসিকতা কেনে পৰ্য্যায়ত আছে , সেয়াই লক্ষণীয়।
আজিৰ তাৰিখত ভাৰতত প্রায় ২৫ কৌটি মুছলমান আছে যিটো পাকিস্তানৰ মুঠ জনসখ্যাতকৈ ও বেছি। জিন্না বিৰোধী মুছলমান সকলেই ভাৰতত ৰৈ গৈছিল,সেয়া নাগপুৰীয়া জ্ঞান ভাণ্ডাৰৰ পন্ডিত সকলে পাহৰি গলেও ইতিহাসে পাহৰা নাই। দ্বিজাতি সূত্ৰৰ উদ্ভাৱন তেখেত সকলৰ নাগপুৰীয়া মাতৃ সংগঠনে কৰিছিল। ১৯৪৭ চনত ধৰ্মৰ ভিত্তিত দেশ বিভাজন হোৱাৰ কথাটো নাগপুৰীয়া জ্ঞান ভাণ্ডাৰৰ পন্ডিত সকলে খুব কয় । মৌলানা আবুল কালাম আজাদ আৰু অন্যান্য জমিয়ত নেতাসকল দেশ বিভাজনৰ ঘোৰ বিৰোধী আছিল যিদৰে বিভাজন বিচৰা নাছিল মহাত্মা গান্ধীয়েওঁ ।
কিন্তু ক্ষমতাৰ লোভত পাগল হোৱা মহম্মদ আলী জিন্না¸ জৱাহৰলাল নেহৰু ¸ বল্লভভাই পেটেল আদি নেতাবোৰৰ চক্ৰান্তত দেশ বিভাজন হৈছিল আৰু ইহতে দুয়োখন দেশৰ ক্ষমতাৰ বাঘজৰী হাতত লৈছিল ।
হজৰত মৌলানা হুছাইন আহমদ মদনী¸ মৌলানা আবুল কালাম আজাদ¸ মুজাহিদে মিল্লত মৌলানা হিফজুৰ ৰহমান কাছিমী আৰু অন্যান্য বৰেণ্য উলামাসকলৰ আহ্বানত কোটি কোটি মুছলমানে পাকিস্তান গঠনৰ বিৰোধীতা কৰি মাতৃভূমি ভাৰতবৰ্ষত থাকিবলৈ সিদ্ধান্ত লৈছিল । স্বাধীনতা আন্দোলনত কি কি অৱদান আগবঢ়াইছে সেই বিলাক কব নাযাও। আজিওঁ ২৫কোটি ভাৰতীয় মুছলমানে দেশ মাতৃৰ সেৱা আগবঢ়াই আছে । ভাৰত আমাৰ দেশ ।

এইখিনিতে আৰু এটা কথা উনুকিয়াব বিচাৰো যে ভাৰতৰ সংখ্যাগুৰু লোকৰ সহনশীলতাৰ দয়াত এতিয়াও সৰহ সংখ্যক সংখ্যালঘু লোক সকলে ভাৰতত নিৰাপদে আছে। বন্ধুবৰ Darshan Mondkar এ মুক্ত কণ্ঠে চাৰিটা প্রশ্ন কৰিছে – (যি কেইটা প্রশ্ন কৰাৰ সক্ষমতা /সাহস আমাৰ দৰে ব্যক্তিৰ নাই)

A few questions need to be asked:

1. Why was such a plea even entertained in the SC?
2. Why should the lawyer who admitted the plea in the SC not be debarred for life?
3. Why should the person who made such a petition not be held responsible and be punished for wasting the time of the Supreme Court?
4. Unless people are held accountable for their actions this will continue to happen.

এখন ৰাষ্ট্রৰ বা ৰাজ্যৰ উন্নয়ন আৰু বিকাশ বুলি ক’লে ৰাষ্ট্র বা ৰাজ্যৰ সকলো শ্রেণীৰ লোকসকল আর্থসামাজিক, শৈক্ষিক দিশত সমানে আগবাঢ়িবই লাগিব আৰু সকলো শ্রেণীৰ লোকক সমান মর্যদাৰে আগবঢ়াব পৰা হ’ব লাগিব৷

শেষত মোৰ বা বহুতৰে প্রিয় কবি ৰাহাত ইন্দোৰী চাহাবৰ দুটা পক্তিৰে সামৰিছো-

सभी का ख़ून है शामिल यहाँ की मिट्टी में
किसी के बाप का हिन्दोस्तान थोड़ी है ৷

(সকলোৰে ৰক্ত মিশ্রিত হৈ আছে , এই ভূমিত
কাৰোবাৰ পৈতৃক সম্পত্তি নহয় এই ভাৰতবৰ্ষ। )

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.