কৈশোৰৰ কোনো এটা ক্ষণত ভালপোৱাৰ প্ৰথমগৰাকী অধিকাৰীক যিবোৰ কথা কোৱা হোৱা নাছিল, আপুনি মনলৈ আনকচোন।
কথাবোৰ ঘাম হৈ বাহিৰ হোৱা পৰিস্থিতিও চাগে ভালদৰেই মনত আছে। কথাবোৰ প্ৰিয়জনৰ কর্ণ কুহৰত প্ৰৱেশ কৰিব নোৱৰাৰ বেদনাবোৰ অনাহাৰ-অনিদ্ৰালৈ পৰিৱৰ্তিত হোৱা সময়বোৰ? নৱম শ্ৰেণীৰ ছাত্ৰজনে প্ৰেয়সীক ভেলেণ্টাইন ডে’ৰ উপহাৰ দিবলৈ দেউতাকক এটিএম হিচাপে বøৱহাৰ কৰিব বিচাৰে। অথচ কথাবোৰ দেউতাকক পৰিষ্কাৰকৈ বুজাব নোৱাৰে। কোনোবাই ধেমালিতে কোৱা কথাত কাৰোবাৰ একোটা প্ৰগাঢ় সম্পর্ক বিচ্ছিন্ন হৈ যায়। বহু চেষ্টাৰ পাছতো যিবোৰ কথাৰ সংশোধন নহয়।
যিবোৰ কথা ক’ব পৰা হ’লে বহুতো জীৱনৰ গতিপথ সলনি হৈ পৰিলহেঁতেন। বহুতো অব্যক্ত কথাৰ সামর্থ আছিল সমাজব্যৱস্থা সলনি কৰি দিয়াৰ। কথাবোৰ সময়ত কোৱা নহ’ল, নোকোৱা কথাবোৰে প্ৰভাৱ পেলালে জীৱনত, নোকোৱা কথাবোৰে প্ৰভাৱ পেলালে সমাজত। এই যে বুজা-নুবুজাৰ সাঁথৰ। এই প্ৰহেলিকাই সলনি কৰি দিয়ে বিভিন্নজনৰ জীৱন।