২০০৪ চনৰ পৰাই ব্লগ্গিং আৰম্ভ কৰিছিলো যদিও ২০০৭ ৰ পৰা প্রফেশনাল (ব্যৱসায়িক) ব্লগিং কৰি আছো। অসমত ব্লগ্গিংৰ ওপৰত তৃতীয় বাৰৰ বাবে কর্মশালা আয়োজনৰ চিন্তা-চর্চা কৰি আছো। ২০০৮, ২০১২ ত সর্বভাৰতীয় পৰ্য্যায়ত আয়োজন কৰাৰ যিখিনি অভিজ্ঞতা আছে সেয়া অসমীয়া ভাষাত প্রয়োগৰ চিন্তা কৰি আছো। এই ক্ষেত্রত উৎপল শইকীয়া , মৃদুল কুমাৰ শর্মা , লক্ষ্যজ্যোতি শইকীয়া , বিক্রমজিৎ কাকতি (দা), চুলতান মাহমুদ মির্ধা , চুলতান মুস্তাফিজুল হক, দুলাল হুছাইন, অজয় লাল দত্ত আদি অখ্যাত-বিখ্যাত ব্লগ্গাৰ সকলৰ পৰা স্থান আৰু তাৰিখ নিৰ্ধাৰণৰ ওপৰত পৰামৰ্শ বিচাৰিছো।
কর্মশালাৰ উদ্দেশ্য:
১. ইন্টাৰনেটত অসমীয়া ভাষাৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰ ৷
২. নৱ প্ৰজন্মক অসমীয়া ভাষাৰ ব্যৱহাৰৰ প্ৰতি আগ্ৰহান্বিত কৰা ৷
৩. অসমীয়া ভাষা সাহিত্যক বিশ্ব দৰবাৰত প্ৰচাৰ কৰা ৷
৪. অসমীয়া ভাষা ব্যৱহাৰ দিশটো শেহতীয়া উন্নত প্ৰযুক্তি বিদ্যাৰ সৈতে সংযোগ কৰা
কর্মশালাৰ বিষয় :
১. অসমীয়াত ব্লগ কেনেকৈ নিজেই তৈয়াৰ কৰি লব পাৰি।
২. অসমীয়াত content কেনেকৈ সাৱলীল ভাবে লিখিব পাৰি।
৩. ছার্জ ইঞ্জিনক কেনেকৈ প্ৰভাৱিত কৰিব পাৰি
৪. ব্লগৰ পৰা উপার্জন কেনেকৈ কৰিব পাৰি।
৫. ফেক content কেনেকৈ চিনাক্ত কৰিব পাৰি।
৬. অধিক পঢ়ুৱৈ (visitor) কেনেকৈ পাব পাৰি।
৭. ছচিয়েল মিডিয়াৰ যোগাত্মক ব্যৱহাৰ আৰু ব্লগিঙত প্ৰভাৱ।
যোগাযোগ : +৯১-৯৯৫৪৬৩৯৫০৯
ceo@indilens.com