মহিলাৰ সাজ–পাৰ আৰু অসম

মানৱ জাতি সুন্দৰৰ পূজাৰী। সুন্দৰৰ সাধনাত ব্ৰতী হৈ মানুহে নিজকে বিভিন্ন ৰুপত সজাবলৈ প্ৰয়াস কৰে। আদিম যুগত এই জীৱ – শ্ৰেষ্ঠ মানৱ জাতিয়ে গছৰ বাকলি, আঁহ আৰু জন্তৰ ছাল বা নোমেৰে নিজৰ সাজ – পাৰ তৈয়াৰ কৰি লৈছিল। লজ্জা নিবাৰণ আৰু প্ৰকৃতিৰ ঋতু অনুযায়ী শীত – তাপৰ মাত্ৰাৰ পৰা দেহক ৰক্ষা কৰিবলৈ মানুহে দেহত আৱৰণৰ প্ৰয়োজন অনুভৱ কৰিছিল। কিন্ত আধুনিক যুগত সময় বাগৰাৰ লগে লগে সেই আৱৰণেই মানুহৰ জীৱনৰ মৌলিক সমস্যাবোৰৰ এটা প্ৰধান অংগ হিচাপে পৰিগণিত হৈছে।

অসমীয়া তিৰোতাৰ সাজ – পাৰৰ বিষয়ে পুৰণি সাহিত্য, লিপি সমূহ আৰু সেই সময়ৰ ভাস্কৰ্য্য আদি উৎসৱৰ পৰা এটা থূলমূল আভাস পাব পাৰি। কালিকা পুৰাণত থকা বিৱৰণ মতে অসমীয়া সাজ – পাৰক বস্ত্ৰ বা আচ্ছাদন বুলি কোৱা হৈছিল। এই উৎস বিলাকৰ পৰা অনুমান হয় যে তিৰোতা বিলাকৰ সামাজিক অৱস্থাৰ লগতে জীয়ৰী বা বোৱাৰী অৱস্থাৰ বাবে সাজ – পাৰৰ ক্ষেত্ৰত ভিন্নতা আছিল। কাপোৰ বোৰৰ এটা ভাগ কঁকালৰ ওপৰত আৰু আনটো ভাগ তল ছোৱাত ব্যৱহাৰ কৰিছিল, মেখেলাৰ ব্যৱহাৰ তেতিয়াও আছিল। আহোম স্বৰ্গদেউ সকলৰ দিনত অসমত অভিজাত শ্ৰেণীৰ মহিলাই সাধাৰণ মানুহৰ সাজ – পাৰতেই কিছু বিভিন্নতা আনি সুন্দৰ ভাৱে পৰিধান কৰিছিল। তেনেকুৱা মহিলাই মেখেলাৰ ওপৰত ৰিহা পিন্ধিছিল। বক্ষস্থল আগুৰিবৰ বাবে চোলাতকৈ ৰিহাৰ ব্যৱহাৰ বেছি আছিল। ৰিহাখনে কঞ্চুলিকা বা স্তনাভৰণৰ লগতে পিঠিভাগো আবৃত কৰি ৰাখিছিল। তাৰ ওপৰত চাদৰ এখন মেৰিয়াই লৈছিল। কাপোৰ বিলাকত হাতেৰে নানাৰকমৰ কাৰুকাৰ্য্য কৰা হৈছিল। এই কাপোৰৰ গুণাগুণে তিৰোতা বিলাকৰ সমাজত স্থান বা সামাজিক মৰ্য্যাদাৰ ইংগিত বহণ কৰিছিল। তদুপৰি সাজপাৰৰ বিশিষ্টতাই বিবাহিতা নে কুমাৰী, বিধবা নে সধবা, সংসাৰী নে তপস্বী, উচ্চখাপৰ নে নিম্নখাপৰ আদি কথাৰ সম্ভেদ নিঃসন্দেহে দিব পাৰিছিল।
সভ্যতা-সংস্কৃতিৰ অন্যতম পথ নিৰ্দেশক সাজ-পাৰ আৰু অলংকাৰ-পাতি। জাতিৰ সাজ-পাৰ আৰু তাৰ উপকৰণত ওপৰত ভৌগোলিক প্ৰভাৱ আৰু ব্যৱহাৰিক প্ৰয়োজন অস্বীকাৰ কৰিব নোৱাৰি। তথাপি, সাজ-পোছাকৰপৰা বৰ্ণ, শ্ৰেণী, বিবাহিত, অবিবাহিত, বয়স, লিংগ – এই প্ৰভেদসমূহৰো সংকেত পায়। পুৰোহিত-ব্ৰাহ্মণ, মহন্ত-সত্ৰাধিকাৰ, বৈৰাগী-সন্ন্যাসীৰ লগত সাধাৰণৰ সাজ-পাৰৰ আজিও পাৰ্থক্য আছে। বিধৱা-সধৱাৰ অথবা বিবাহিতা তিৰোতা আৰু পাটগাভৰু ছোৱালীৰ সাজ-পাৰ একে নহয়; ধনী-দুখীয়াৰ প্ৰথম পৰিচয় বেশ-ভূষাতে। সাজ-পাৰে যিদৰে শ্ৰেণী-বিভাজন সূচায়, সেইদৰে ব্যক্তিত্বৰ ওপৰতো সাজ-পাৰে বিশিষ্ট মৰ্যাদা দিয়ে। এই সাজ-পাৰতেই জাতিৰ শ্লীলতা, আৰ্থিক অৱস্থা, সৌন্দৰ্যপ্ৰিয়তা, শিল্পীমন, সুকুমাৰ প্ৰতিভাৰ প্ৰকাশ। ধাৰ্মিক আৰু সামাজিক জীৱনৰ লগতো বস্ত্ৰ-অলংকাৰৰ বিশেষ সম্বন্ধ। পূজা-পাৰ্বনত কেৱল পূজাৰীয়ে নহয়, সেৱকেও পাট, নৱ-বস্ত্ৰ অথবা ধৌত-বস্ত্ৰ পৰিধান কৰিব লাগে। মন্ত্ৰ-সাধনত আৰু কোনো কোনো পূজা-অৰ্চনাত ৰঙা কাপোৰ পিন্ধাৰ নিয়ম। দুৰ্গা পূজাত নতুন কাপোৰ পিন্ধাৰ নিৰ্দেশ কালিকা পুৰাণে দিছে। বিবাহত, ঘাইকৈ প্ৰতিদিনৰ নোৱনিৰ পিছত, দৰা-কন্যা উভয়ে নতুন বস্ত্ৰ পিন্ধিব লাগে। পুৰণি বস্ত্ৰ আঁতৰাই নতুন বস্ত্ৰৰে মৃতকৰ দেহ ঢকাৰ বিধি শাস্ত্ৰীয়। গুৰু-গোঁসাই অথবা নামঘৰত সেৱা জনালে কান্ধত চাদৰ বা গামোচা গলবস্ত্ৰৰূপে ল’ব লাগে। বস্ত্ৰদান পুণ্যকাৰ্য। দুৰ্গা পূজাত, ব’হাগ বিহুত ন-কাপোৰ ব্যৱহাৰ কৰাৰ বাহিৰেও পৰিয়ালবৰ্গ আৰু আত্মীয়-কুটুম্বৰ মাজত বস্ত্ৰৰ আদান-প্ৰদান চলে। পূৰ্বে ৰজা-ঘৰলৈ পঠোৱা সন্দেশ-বাৰ্তাৰ লগত বস্ত্ৰ-অলংকাৰো উপঢৌকনস্বৰূপে পঠোৱা হৈছিল। ভাস্কৰবৰ্মাই হৰ্ষবৰ্ধনলৈ পঠোৱা উপঢৌকনৰ ভিতৰত মহামূল্য অলংকাৰ আৰু চিত্ৰ-বিচিত্ৰ পাট-কাপোৰৰ উল্লেখ আছে। আহোম স্বৰ্গদেউসকলে মোগললৈ পঠোৱা উপহাৰৰ ভিতৰত নানা ধৰণৰ বস্ত্ৰ-অলংকাৰ আছিল। বিবাহ-মৃত্যু অনুষ্ঠানত আৰু বছৰেকীয়া কৰ হিচাপে গুৰুঘৰলৈ বস্ত্ৰ আগবঢ়োৱা ৰীতি এতিয়াও প্ৰচলিত। নৱ-বস্ত্ৰ আগবঢ়াই দৰা-কন্যাই মানীজনক সেৱা জনোৱা অসমীয়া বিবাহৰ প্ৰাসংগিক অনুষ্ঠান। বস্ত্ৰদান যিদৰে সন্মানৰ কাৰ্য, বিৱস্ত্ৰীকৰণ সেইদৰে অসন্মান আৰু অপমানজনক। ‘নাঙঠ-কৰিম’ – এইষাৰ ডাঙৰ গালি। তিৰোতাক পুৰুষৰ আৰু পুৰুষক তিৰোতাৰ কাপোৰ পিন্ধোৱাওঅসন্মানৰ কথা। অসমীয়া লোক-বচন আৰু সাহিত্যত সাজ-পাৰ সন্বন্ধীয় বহু উক্তি আৰু বৰ্ণনা আছে। এইবোৰৰ সংকলন হ’লে অসমীয়া মানুহৰ সাজ-পাৰ সম্বন্ধীয় প্ৰাচীন ধৰণ-কৰণৰ বিষয়ে জনা যাব। পুৰণি অসমীয়া সাজ-পাৰৰ বিষয়ে এতিয়ালৈকে আমি নিচেই কম বিৱৰণহে পাইছোঁ। এই বিৱৰণ ঘাইকৈ প্ৰাচীন মূৰ্তি-শিল্পৰপৰাহে সংগ্ৰহ কৰিব পাৰি। হৰ্ষচৰিত আৰু কালিকা পুৰাণতো কিছু উল্লেখ আছে। এই বিষয়ে A Cultural History of Assam গ্ৰন্থত আলোচনা কৰা হৈছে। মধ্যযুগৰ অসমীয়া সাহিত্যত বিশেষকৈ চিত্ৰ-সম্বলিত পুথিসমূহৰ চিত্ৰৰপৰা ৰজা, বিষয়া, সাধাৰণ প্ৰজা, সন্ন্যাসী, তিৰোতা, নটি আদি বিভিন্ন শ্ৰেণীৰ মুনিহ-তিৰোতাৰ সাজ-পাৰ, অলংকাৰ-পাতিৰ আভাস পায়। ভাৰতৰ অন্যান্য প্ৰদেশৰ দৰে ধোতি বা ধুতিয়েই সৰ্বশ্ৰেণীৰ অসমীয়া মানুহৰ সকলো যুগতে প্ৰধান অধোবাস আছিল। এই ধুতি পিন্ধা পদ্ধতিৰপৰাই মানুহৰ সামাজিক মৰ্যাদা নিৰ্ণয় কৰিব পাৰি। খেতিয়ক, গৰখীয়া আদিয়ে নাইৰ তলত (সম্ভৱত: নাইৰ সৌন্দৰ্য দৰ্শাবলৈ, দেওপানীৰ দশম শতিকাৰ বিষ্ণু-মূৰ্তিত নাইৰ তলত ধুতি পিন্ধাৰ ৰীতি দেখা গৈছে) আৰু আঁঠুৰ ওপৰত পেলাই ধুতি পিন্ধিছিল। কাম-বন কৰোঁতে সুলকি নপৰিবলৈ ধুতিৰ এটা আঁচল কঁকালত টানকৈ মেৰিয়াই বান্ধিছিল; এয়ে কমৰ-বন্ধৰ কাম কৰিছিল। দুই কৰঙনৰ মাজেদি সৰকাই নি অন্যটো আগেৰে পোন্ধ মাৰিছিল। পোন্ধ সম্ভৱত: পঞ্চগচ্ছম শব্দৰ ৰূপান্তৰ। এই ৰীতিত পিন্ধা ধুতিয়ে আজিকালিৰ হাফপেণ্টৰ ৰূপ লৈছে। সৈনিক আৰু যুঁজাৰুসকলেও এই ভংগিতে (মল্লবেশত) ধুতি পিন্ধিছিল; ধুতিৰ বাহিৰে তেওঁলোকে কঁকালত কমৰ-বন্ধও মাৰিছিল। প্ৰাচীন সাহিত্যত যোদ্ধাৰ বেশৰ ভিতৰত সন্নাহৰ উল্লেখ আছে। কোনো কোনোৰ মতে সন্নাহ কপাহী কাপোৰেৰে নিৰ্মিত (a coat of quilted cotton)। সন্ন্যাসীসকলে কৌপীন পিন্ধিছিল, মূৰত জঁটা ৰাখিছিল; কেতিয়াবা তিৰোতাৰ নিচিনাকৈ দীঘল বেণীও গাঁঠিছিল। বিষয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ মানুহে সাধাৰণতে দুই বস্ত্ৰ পৰিধান কৰিছিল। প্ৰধান অধোবাস, অৰ্থাৎ ধুতি; আঁঠুৰ তললৈ নমাই পিন্ধা ধুতিয়ে কেতিয়াবা ভৰিৰ সৰু গাঁঠি স্পৰ্শ কৰিছিল। এয়ে এতিয়াৰ ‘গোৰোৱা লেটাই’ ধুতি পিন্ধাৰ ৰীতি। ধুতিৰ একাষেৰে সমুখৰ পিনে দীঘলকৈ থোৰ মাৰিছিল। প্ৰসংগত হৰ্ষবৰ্ধনক কুমাৰ ভাস্কৰবৰ্মাই বেতৰ জপাত কুণ্ডলী পকোৱা(অৰ্থাৎ থুৰিওৱা) কাপোৰ উপহাৰ দিয়া মন কৰিবলগীয়া (কুণ্ডলী পকোৱা ধুতি আৰু চাদৰ ধনী শ্ৰেণীৰ বঙালীয়ে এতিয়াও ব্যৱহাৰ কৰে)। কেতিয়াবা থোৰ নামাৰি আগটোৰ সামান্যভাগ সমুখৰ পিনে পূৰণ চিনৰ দৰে গাঁঠি বান্ধি থৈছিল (A Cultural History of Assam অৰ ১২ নং চিত্ৰত দেখুওৱাৰ দৰে)। এতিয়াও সাধাৰণ মানুহে এই ভংগিত ধুতি পিন্ধে (পিন্ধন নেতৰ ধড়া কতি বেঢ়ি দুলে – বৰগীত)। সৰু ল’ৰা-ছোৱালীয়ে কেৱল কাছুটি পিন্ধিছিল। দ্বিতীয় বস্ত্ৰ হ’ল উত্তৰীয় বা চাদৰ (পিচৌৰা)। চাদৰ লোৱা ৰীতি কেইবা প্ৰকাৰৰো। সাধাৰণতে, ডিঙিত পেলাই (কেতিয়াবা কুণ্ডলীকৃত কৰি) দুই বাহুৰ ওপৰেদি সমুখলৈ অনা নিয়ম(উত্তৰ ভাৰতীয় তিৰোতাই লোৱা দুপট্টাৰ দৰে)। এই প্ৰথাই শোভা বঢ়ায়; কিন্তু শৰীৰ আচ্ছাদিত নকৰে। কেতিয়াবা সমুখৰ সোঁ আঁচলটো ঘূৰাই বাওঁ কান্ধত থোৱা হয়। শীতকালত অৱশ্যে সমগ্ৰ শৰীৰতে মেৰাই লোৱাৰ নিয়ম; এনে ৰীতিত সমুখেদি সোঁ আঁচল বাওঁ কান্ধত আৰু বাওঁ আঁচল সোঁ কান্ধত থোৱা হয়। কেতিয়াবা আঁচল দুটা সমুখলৈ অনা নহয়; যৎসামান্যভাবে কান্ধ আৰু ডিঙিত লাগি পিছপিনে ঢৌ খেলি থাকে (A Cultural History of Assam ৰ ৩৯ নং চিত্ৰত দেখুওৱাৰ দৰে)। শিৰোবেষ্টন বা মূৰত বন্ধা বা পিছৰ যুগৰ পাগুৰিৰ বিশেষ প্ৰচলন নাছিল। আহোম-মোগলৰ দিনৰপৰা এই প্ৰথাৰ ব্যাপক প্ৰচলন হোৱা বুলি অনুমান কৰিব পাৰি। অৱশ্যে, কনৌজৰ মেলত ভাস্কৰবৰ্মাই শিৰোবেষ্টনেৰে যোগ দিয়াৰ উল্লেখ আছে; পুৰণি পুথিত অনেক প্ৰকাৰৰ শিৰোবেষ্টনৰ চিত্ৰ আছে। এইবোৰৰ আকৃতি-প্ৰকৃতি বিশেষ মন কৰিবলগীয়া। বিষয়াসকলৰ বাহিৰে সৈনিকেও মূৰত কাপোৰ বান্ধিছিল। গাঁৱৰ ডেকাসকলৰ মাজত মূৰত গামোচা মৰা প্ৰথা আজিও আছে। গামোচা মূলতে আছিল অংগবস্ত্ৰ (অংগবস্ত্ৰ>অংগোচ্ছা>গামোচা)। মুছলমান ঐতিহাসিক কাজিমে অসমীয়া সাধাৰণ মানুহৰ সাজ-পাৰৰ বিষয়ে উপহাস কৰি উল্লেখ কৰিছে : The Assamese tie a cloth round their heads and another upon their loins and throw a sheet round their shoulders; but it is not customary to that country to wear turbans, robes, drawers and shoes. প্ৰাচীন সাহিত্যৰপৰা তিৰোতাই একবস্ত্ৰ শাৰীও পিন্ধিছিল বুলি অনুমান কৰিবৰ থল আছে। অৱশ্যে, ধুতি আৰু শাৰী একে পৰ্যায়ৰ পৰিধান। প্ৰাক্‌বৈষ্ণৱ আৰু বৈষ্ণৱ যুগৰ সাহিত্যৰ নানা ঠাইত শাৰীৰ উল্লেখ আছে (পিন্ধি শাড়ী খোণ্টা জালি)। উজনি-নামনি দুয়ো অঞ্চলৰ বিয়া নামত কন্যাৰ সাজ-পাৰ প্ৰসংগত শাৰীৰ উল্লেখ পোৱা যায়:
ৰাধাই পিন্ধা শাৰীখনত দশাৱতাৰ লেখা ।

ষোল্ল হাতৰ শাৰীখনে মেৰ নিব নাটে ।

কৈন্যাৰ মাকৰ শাৰীখনি উপ্তে জালি কটা ।

শাৰী পিন্ধে শাৰী পিন্ধে ভাল মানুহৰ জী ।

ভাল কৰি শাৰী পিন্ধে চিকাত গাৱত দি ।।

সাজ – পাৰ পিন্ধাৰ ক্ষেত্ৰত অঞ্চলভেদে বা সমাজভেদে বেলেগ বেলেগ পদ্ধতি বা ধৰণ হোৱা দেখা যায়। অসমীয়া সমাজতো সাজ – পাৰৰ পৰাই অসমীয়া তিৰোতাৰ সামাজিক পৰিচয় পাব পাৰি। অসমীয়া মহিলাৰ পোছাক হ’ল মেখেলা – চাদৰ (কিছুমান ৰিহা – মেখেলা বুলি উল্লেখ কৰে)। ৰুপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই অসমীয়া তিৰোতাৰ চাদৰ – মেখেলাৰ বৰ্ণনা তেওঁৰ লিখাত সুন্দৰ ভাৱে দাঙি ধৰিছে। তেওঁ লিখিছিল – “অসমীয়া ৰিহা – মেখেলা পিন্ধনত লনি, গঠনত গঢ়িত, দেখাত শুৱনি, কাম – কাজত আহুকাল নিদিয়া, কাপোৰ ৰাজি কৰা, গাভৰুৰ গাত ৰজিতা খোৱা, বোৱাৰীক গাম্ভীৰ্য্য দিয়া, পৃথিৱীৰ প্ৰদৰ্শনীত বাছনিত উঠা তিৰোতাৰ সাজ। এই সাজটোৰ পাৰিপাৰ্শ্বিক পৰিকল্পনাৰ নৈপুণ্যৰ উপৰিও ইয়াৰ কাৰুকাৰ্য্য, বৈচিত্ৰ্যও মনোমোহা আৰু অসমীয়া ফুলতিৰ কাঁজি আঙুলিৰ গৌৰৱৰ চানেকি”।

তদুপৰি তেওঁ লিখিছে : “তাতোকৈ ডাঙৰ কথা যে এই ৰিহা – মেখেকা ধনী – নিচলা সকলোৱে বৈ – কাটিহে পিন্ধে। ৰিহা – মেখেলাই অসমীয়া তিৰোতাক বোৱনী – কাটনী, ফুলতী হিচাপে নিপুণা বুলি প্ৰমাণ কৰাৰ উপৰিও অসমীয়া তিৰোতা যে প্ৰথম শ্ৰেণীৰ শিপিনীও, তাকো জগতৰ আগত দাঙি ধৰে”।

১৯২৩ চনত লণ্ডনত সাজ – পোছাকৰ এখন প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল। তাত পৃথিৱীৰ বহু দেশে যোগদান কৰে। এই প্ৰদৰ্শনীত অসমৰ মেখেলা – চাদৰে ভূয়সী প্ৰশংসা লাভ কৰে। দুখীয়া – নিচলা অসমীয়া শিপিনীৰ লাহি হাতৰ পৰশত প্ৰাণ পাই উঠা অভূত পূৰ্ব চানেকীৰ কাপোৰে সকলোৰে মন জয় কৰি লয়। সোণবৰণীয়া মুগাৰ সাজ আৰু ৰুপোৱালী পাটৰ ছাঁতে শুকোৱা মুঠিতে লুকোৱা সাজ স্বকীয় গুণেৰে ভৰপূৰ। মুগাৰ সাজ আৰু গুণাৰ বনকৰা পাটৰ কাপোৰৰ বৰ্ণনা জ্যোতিপ্ৰসাদৰ লিখা এইদৰে বৰ্ণিত হৈছে :

সোণ – উজলা মুগাৰ কাপোৰ

গাভৰু ধুনীয়া কৰে

ৰুপৰ বালিত সোণৰ ধূলিয়ে

জিলমিল ৰুপ ধৰে।

অসমীয়া পাটৰ সাজৰ বৰ্ণনা ড° নিৰ্মলপ্ৰভা বৰদলৈৰ গীত দীপালী বৰঠাকুৰৰ কণ্ঠত ফুটি উঠিছে এনেদৰে :

সোণোৱালী বুটা বচা

অসমীয়া পাট,

জিকিমিকি কৰে চোৱা

সোণালী দেহাত।

তাহানিতে কৌটিল্য, বাণভট্ট আদিয়ে বৰ্ণোৱা ‘ক্ষৌমবস্ত্ৰ’ অসমৰ পাট কাপোৰৰেই এটা স্বকীয় ৰুপ। অসমীয়া শিপিনীৰ নিপুণতা ফুটি উঠে মহাপুৰুষ শঙ্কৰদেৱে তৈয়াৰ কৰোৱা বৃন্দাবনী বস্ত্ৰত। মহাপুৰুষ জনাই বৰপেটাৰ পুৰণি বাউসী সত্ৰৰ তাঁতীৰ হতুৱাই এই বৃন্দাবনী বস্ত্ৰত সাত বৈকুণ্ঠৰ পট অংকিত কৰি চিহ্নযাত্ৰা ভাওনা কৰিছিল।

মোগল আক্ৰমণৰ পিছত অসমত প্ৰচলন হোৱা ‘সিংখাপ’ বা ‘কিংখাপ’ অসমীয়াৰ অতি আদৰৰ সম্পদ। অসমীয়া কাপোৰ চানেকীত জ্যামিতিক অঙ্কনেৰে কেছবছা, ফুলবছা, নানা ৰঙৰ আঁচুৰ আৰু গুণাৰ কামকৰা আদি কৰ্মত শিপিনীৰ দক্ষতা ভালদৰে প্ৰকাশ পায়।

সাম্প্ৰতিক কালত অসমীয়া মহিলাৰ মাজত শাৰী আৰু চুৰিদাৰৰ প্ৰচলন বাৰুকৈয়ে পৰিলক্ষিত হয়। প্ৰাচীন অসমীয়া নাৰী সকলেও শাৰী ব্যৱহাৰ কৰিছিল। আমাৰ প্ৰাক্‌ – বৈষ্ণৱ যুগৰ সাহিত্যৰ বহু ঠাইত নাৰীৰ সাজ – পাৰৰ প্ৰসংগত শাৰীৰ উল্লেখ আছে। এতিয়া এই শাৰী ভাৰতৰ ৰাষ্ট্ৰীয় পোছাক হিচাপে গ্ৰহণ কৰা হৈছে। গতিকে শাৰীৰ বহুল ব্যৱহাৰ হোৱাটো স্বাভাৱিক। তদুপৰি কম দামতে দেখাত ধুনীয়া শাৰী সহজলভ্য হোৱাত ই মহিলা সকলক সততে আকৰ্ষণ কৰে।

অসমীয়া জাতি জাতি আৰু অসমীয়া সংস্কৃতি গঠনৰ ক্ষেত্ৰত বিভিন্ন সময়ত অহা বিভিন্ন জনগোষ্ঠীৰ মিলনৰ ফলশ্ৰুতি বুলি ক’ব পাৰি। সেয়েহে জাতীয় জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ দৰে অসমীয়া নাৰীৰ সাজ – পাৰতো এই জনগোষ্ঠী সকলৰ প্ৰভাৱ একেবাৰে নুই কৰিব নোৱাৰি। অসমীয়া নাৰীৰ সাজটোত মেখেলা, চাদৰ, ৰিহা আদি একাধিক কাপোৰৰ সমন্বয়ত গঢ়ি উঠে।

যুগৰ পৰিৱৰ্তনৰ লগে লগে মনুহৰ ৰুচিবোধৰো পৰিৱৰ্তন হৈছে। এই পৰিৱৰ্তনে সাজ – পোছাকৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে। এই ক্ষেত্ৰত নাৰী সকলতকৈ পুৰুষ সকল বেছি প্ৰভাৱান্বিত হোৱা যেন অনুভৱ হয়। কাৰণ কম – বেছি পৰিমাণে নাৰী সকলে নিজৰ সংস্কৃতিক ধৰি ৰাখি সাজ – পাৰ কৰা দেখা যায়। কিন্ত ভাৰতীয় প্ৰায় সমগ্ৰ পুৰুষেই পাশ্চাত্য সংস্কৃতিৰদ্বাৰা প্ৰভাৱান্বিত হৈ বিদেশী সাজ – পিন্ধিবলৈ লোৱা দেখা যায়। সেই অনুপাতে প্ৰাচীন নাৰীৰ সাজ হিচাপে ব্যৱহাৰ হোৱা শাৰী খনৰ বহুল পৰিৱৰ্তন হোৱা নাই।

বৰ্তমান সময়ত মহিলাৰ আন এবিধ সৰ্বজনপ্ৰিয় পোছাক হ’ল চুৰিদাৰ। ব্যক্তিগত সুবিধাৰ বাবে ব্যস্ত চহৰ বিলাকত চুৰিদাৰৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি। আগৰ দিনত বেছি ভাগ মহিলাৰ ঘৰ – সংসাৰক লৈ একোটা সীমাৰ ভিতৰতে আৱদ্ধ হৈ আছিল। তেওঁলোকে প্ৰয়োজন সাপেক্ষে কেতিয়াবাহে বাহিৰ ওলাইছিল। কিন্ত বৰ্তমান যুগৰ মহিলাৰ জীৱন প্ৰণালীত বহুত পৰিৱৰ্তন আহিছে। এই পৰিৱৰ্তন মানি ল’ব লগীয়াই। কাৰণ উন্নতি পথত আগুৱাবলৈ হ’লে সময়ৰ পৰিৱৰ্তনৰ লগে লগে জীৱন প্ৰণালীতো পৰিৱৰ্তন অহা প্ৰয়োজন। অৱশ্যে নিজস্বতাক বাদ দি ইয়াক মানি লোৱাটোৱে শ্ৰেয় বুলি ক’ব নোৱাৰি।

নাৰীয়ে সমাজত পুৰুষৰ লগত সমানে খোজ মিলাই বাহিৰৰ জগতত প্ৰৱেশ কৰিছে। সেয়েহে কম সময়তে পৰিধান কৰিব পৰা অথচ মাৰ্জিত ৰুচিৰ পোছাক এযোৰৰ প্ৰয়োজন বোধ কৰে। সেই ফালৰ পৰা চুৰিদাৰ এনে এক সুবিধা জনক পোছাক হিচাপে পৰিগণিত হৈছে। বজাৰ, অফিচ, ভ্ৰমণ আদিৰ নিচিনা কিছুমান কাৰ্যত চলা – ফুৰা কৰিবলৈ মেখেলা – চাদৰতকৈ চুৰিদাৰক বেছি উপযুক্ত বুলি এটা চামে গণ্য কৰে।

তথাপি মেখেলা – চাদৰৰ দৰে আটক ধুনীয়া পোছাক এসাজ থাকোঁতে অসমীয়া মহিলাই আন পোছাক সবৰ্ত্ৰ বা সৰ্বকালতে পৰিধান কৰাটো বাঞ্ছনীয় নহয়। কিয়নো নিজৰ জাতীয় পোছাকে নিজৰ পৰিৱেশ অধিক আকৰ্ষণীয় কৰি তোলাত সহায় কৰে। বিয়া বা তেনে ধৰণৰ উৎসৱত, নামঘৰ, পূজাথলী বা সভা – সমিতিত আৰু বৰগীত বা নাম আদি পৰিৱেশন কৰাৰ সময়ত অসমীয়া নাৰীয়ে মেখেলা – চাদৰ পিন্ধি ওলালে অনুষ্ঠানটিৰ সৌষ্ঠব বহু খিনি বঢ়া যেন অনুমান হয়। গতিকে ক’ত কেনে ধৰণৰ পোছাক ব্যৱহাৰ কৰিলে ব্যক্তিগত সুবিধাৰ লগতে পৰিৱেশৰ লগতো খাপ খাই পৰে তাক বিচাৰ কৰিব জানিলেই যিকোনো সাজ পৰিধানযোগ্য হৈ উঠে। সাজ – পাৰৰ দ্বাৰা নিজৰ ব্যক্তিত্বও প্ৰকাশ হয়। তদুপৰি জাতীয় সংস্কৃতি ৰক্ষা কৰাটোও প্ৰতি গৰাকী মহিলাৰ দায়িত্ব আৰু কৰ্তব্য।

পাট – মুগাৰ কাপোৰৰ মূল্য অতি বেছি। এইবোৰ কাপোৰ সকলো সময়তে ব্যৱহাৰ কৰাটো সম্ভৱ নহয়। কিন্ত মেখেলা – চাদৰ বুলিলে কেৱল পাট – মুগাৰ কাপোৰকে নুবুজায়। কপাহী বা বিভিন্ন ধৰণৰ সংশ্লেষিত সূতাৰ কাপোৰৰ দ্বাৰা কম খৰচ আৰু আয়াসতে ধুনীয়া মেখেলা – চাদৰ প্ৰস্তুত কৰি উলিয়াব পাৰি। প্ৰয়োজন মাথোঁ আগ্ৰহৰ।

সৃষ্টিৰ মাদকতাৰে অসমীয়া শিপিনীয়ে হেনো তাঁতৰ পাতত সৰগ ৰচনা কৰে। উৰি যোৱা চৰাইৰ মনোমোহা দৃশ্য ফুল – কাঠিৰে কাপোৰত ধৰি ৰাখিব পাৰে। এনেহেন সুন্দৰ পোছাক এটাক আমিনো অৱহেলা কৰোঁ কিয়? কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ কবিতাৰে ক’ব পাৰি – “এটোপ এটোপ কৰি / ডাৱৰৰ পানী পৰি / ভৰি গ’ল বহল সাগৰ / কণ কণ বালিচাহি / ইটো সিটো লগলাগি / সাজি দিলে ধৰণী ডাঙৰ”। – সেইদৰে আমি প্ৰত্যেক গৰাকী অসমীয়া নাৰীয়ে সুযোগ মতে চাদৰ – মেখেলা পৰিধান কৰি আমি আমাৰ সংস্কৃতিৰ সাগৰ খন ভৰাই তুলিব পাৰোঁ। আমাৰ কুটীৰ শিল্পৰ লেখিয়া ক্ষুদ্ৰ শিল্প উদ্যোগ বিলাক জীয়াই ৰখাৰো ই এটা মহৎ উপায়।

প্ৰাচীন সম্ভ্ৰান্ত ঘৰৰ মহিলাই চাদৰৰ লগত পিন্ধা ৰিহা খন বৰ্তমান সময়ত সাধাৰণতে কইনাই বিয়াৰ দিনাহে পিন্ধা দেখা যায়। অসমীয়া মহিলাই কেচবছা ৰিহা, গাজৰৰ ৰিহা, কিংখাপৰ মেখেলা, কাৰ্চিপী কৰা কাপোৰ, বেনাৰসী সাজ, গোমচেং মেখেলা আদি বিভিন্ন ধুনীয়া ধুনীয়া সাজ পৰিধান কৰিছিল। অসমীয়া নাৰীৰ খনিয়াখন দুতৰপীয়াকৈ ব্যৱহাৰ কৰিলেও অতি মিহি আৰু স্বচ্ছ আছিল।

পুৰণি ৰীতি অনুযায়ী পিন্ধা সাজ বিলাক সন্মুখত ৰাখি তাৰ আৰ্হিত নতুন নতুন আধুনিক ৰুচি সন্মত মেখেলা – চাদৰ তৈয়াৰ কৰি অসমীয়া মহিলাই নিজৰ মৌলিক প্ৰতিভা প্ৰকাশ কৰিব পাৰে। সেয়ে ইয়াক অৱহেলা কৰিব নালাগে। অকল উৎসৱ বা সামাজিক কামতহে পিন্ধিম বুলি থৈ নিদি এই সাজটো সদাসৰ্বদা ব্যৱহাৰ কৰি থাকিবলৈ ইয়াৰ গুৰুত্ব বা মান বাঢ়িব। আধুনিকতাৰ অনুসন্ধানত ইমান সুন্দৰ সাজ এটা উটুৱাই দিয়াৰ পৰিৱৰ্তে সেই সাজেৰে নিজক সজাই ৰাখিব পাৰিলে নিজৰ লগতে অসমীয়া জাতিও গৌৰৱ অনুভৱ কৰিব বুলিয়েই ধাৰণা হয়।

আত্মনিৰ্ভৰশীল অসমীয়া মহিলাই নিজৰ কৰ্মকুশলতা আৰু শিল্প পটুতাৰে বাহিৰৰ সাজ – পাৰৰ লগত নিজৰ সাজ – পাৰৰ প্ৰতিযোগিতাত নামিব পাৰে। বস্ত্ৰ – উদ্যোগৰ আনুসাঙ্গিক বৃত্তি ‘ড্ৰেছ ডিজাইনিং’ আৰু ‘মডেলিং’অৰ শিক্ষা গ্ৰহণ কৰি নিজৰ জাতীয় সাজৰ উন্নতি সাধন কৰিব পাৰে। বৰ্তমান বহু কেইগৰাকী অসমীয়া ‘ড্ৰেছ ডিজানাৰে’ অসমীয়া চাদৰ – মেখেলাত ফেশ্বনৰ পৰশ বোলাই এই সাজযোৰ জনপ্ৰিয় কৰি তুলিবলৈ চেষ্টা কৰিছে। প্ৰচলিত নীতি – নিয়মক সম্পূৰ্ণ ৰুপে উলাই কৰাটো উচিত নহয়; কিন্ত সময়ৰ গতিশীলতাৰ লগত খোজ মিলাই সৌন্দৰ্য্য সাধনৰ ক্ষেত্ৰত কিছু গ্ৰহণযোগ্য পৰিৱৰ্তন আনিব পৰাটোও এক শুভ লক্ষণেই। প্ৰতীচ্যৰ প্ৰভাৱ আৰু আধুনিক ৰুচিবোধৰ প্ৰভাৱত অসমীয়া তিৰোতাৰ সাজত পৰিৱৰ্তন আহিলেও আমি সাধ্যানুযায়ী নতুন প্ৰজন্মক বাট দেখুৱাব লাগিব, যাতে অসমীয়া জাতীয় সাজ – পাৰ বিস্মৃতিৰ গৰ্ভত লীন হৈ নাযায়।

প্ৰকৃততে সুন্দৰ সাজ – পোছাকে মানুহৰ বিশেষকৈ নাৰী সকলৰ মনত যি আনন্দৰ ভাব আনি দিব পাৰে, সেই আনন্দ সকলো ক্ষেত্ৰতে পোৱাটো দুৰ্লভ। সেয়েহে আধুনিকতাৰ লগতে পৰিস্থিতিৰ লগত খাপ খোৱা ৰহণ সানি ধুনীয়া ধুনীয়া চাদৰ – মেখেলা উলিয়াব পাৰিলে আদৰণীয় হৈ পৰিব বুলি একে আষাৰে ক’ব পাৰি।

সুদূৰ সাতসাগৰ তেৰ নদীৰ সিপাৰৰ বৃটিছ প্ৰদৰ্শনীত তাহানিতে পৃথিৱীৰ ধুনীয়া সজা – পাৰ বুলি খ্যাত মেখেলা – চাদৰক লৈ কেৱল সান্ত্বনা লভিলেই নহ’ব বা গৌৰৱ কৰিলেই নহ’ব, ইয়াক বিশ্বৰ প্ৰতিখন দেশৰে তিৰোতাৰ সাজৰ ভিতৰত ধুনীয়া সাজ হিচাপে প্ৰদৰ্শন কৰি পৃথিৱীৰ সভ্যতা – সংস্কৃতিত স্থান লাভ কৰিবলৈ চেষ্টা কৰিব লাগিব।

উৎস : লোক – সংস্কৃতিৰ সঁফুৰা, কাঞ্চন দাস, অসমৰ লোক-সংস্কৃতি

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.