দেহা মন জোকাৰি যোৱা কবিতা : কেৰামতেৰ পোলা

কবিতাই কেতিয়াবা দেহা মন জোকাৰি যায়। নতুন যুগৰ উঠন্ত কবি গাজী ৰহমানৰ “কেৰামতেৰ পোলা” (কেৰামতৰ পুতেক) ৰ অসমীয়া অনুবাদত কাব্যিক সৌন্দর্য কিমান খিনি আছে সেয়া অভিজ্ঞ সমালোচকে বিবেচনা কৰিব কিন্তু মই কবিতাটোত, সঁজাত ডাঙৰ-দীঘল হোৱা বগলী চৰাই এজনীক দেখা পাইছো যিয়ে মামৰে ধৰা সঁজাৰ দুবাৰ ভাঙি মুক্তিৰ সোৱাদ লোৱাৰ চেষ্টাত ব্রতী হোৱা দেখা পাইছো।

কেৰামতৰ পুতেক

© গাজী ৰহমান

তোৰ দেউতা আমাৰ ঘৰত গৰখীয়া আছিল
তিনি টকা বেতনত
তোৰ কিহৰ ইমান ফুটনি
শুনিলো খোৱা বোলে ফিল্টাৰৰ পানী
তোৰ দেউতাৰ চেন্ডেল নাছিল ভৰিত
গেঞ্জী নাছিল গাত
তই বোলে পিন্ধা কোট চোলা আৰু জোতা
তোৰ দেউতাৰ ককালত শুনিছোঁ
নাছিল কোনো সূতা
তই বোলে লিখা মেলা কৰা
তোৰ দেউতাই ‘ক’ৰ পিছত ‘খ’ লগাব পৰা নাই
তই বোলে কবিতা লিখা ?

হয় লিখো ,
কিয় লিখিব নোৱাৰোঁ
সেইটো কি তোৰ পৈত্ৰিক সম্পত্তি নেকি ?

তোৰ কথা শুনিলো
এতিয়া মোৰ কথা শুন
চৈধ্যপুৰুষলৈ মন দি

মোৰ দেউতা গৰখীয়া আছিল মানিলো
নিমখ আনোতে পঁইতা ভাত শেষ হৈছিল জানো
কিন্তু দেউতা গৰখীয়া হৈও
মোক লিখা পঢ়া কৰাইছে
শিক্ষিত মানুহ বনাইছে

দাস আছিল কিন্তু
দাসত্ব ভাল পোৱা নাছিল
মোক অমানুহ বনোৱা নাছিল
মই তোৰ দাস নহয়
যাহা তাহা নক’বি

বহুত হৈছে আৰু নহয়
মই কিন্তু কেৰামত নহয়
কেৰামতৰ পুতেক
কবিতা লিখোঁ নে গল্প লিখোঁ
নে নতুন ইতিহাস লিখোঁ
চুপ চাপ চাই থাক
নহ’লে গুচি যা, যলৈ মন যায়

বাধা নিদিবি
ৰাস্তাৰ মাজত থিয় নহ’বি
ক’লা পিঠি হ’ব কিন্তু ৰঙা
মই কিন্তু কেৰামত নহয়
কেৰামতৰ পুতেক

অস্বচ্ছ পানী কৰিম স্বচ্ছ
অন্ত পেলাম দাসত্বৰ যন্ত্ৰণা
নিজৰ ভাল সকলোৱে বিচাৰে
সেয়ে কৈছোঁ আমাৰ বিষয়ৰ নীৰৱে থাক
আকৌ কও মই কেৰামত নহয়
কেৰামতৰ পুতেক

তোমালোকে যি ভাবিছা
যি বিচৰা
তাক মই হ’ব নিদিওঁ
এই প্ৰজন্মৰ ৰক্ত
সম্পূৰ্ণ দাসত্ব মুক্ত
ইতিহাসৰ লগত আৰু এটি ইতিহাস
নতুনকৈ হ’ব যুক্ত

এইটো ভ্ৰম নহয়
এয়াই বাস্তৱ সত্য
কিয়
দেহ জ্বলি-পুৰি যায়
কৰে নেকি যন্ত্ৰণা
কৈছিলো কি
মই কিন্তু কেৰামত নহয়
কেৰামতৰ পুতেক

বেকা পথৰ দিন আৰু নাই
ইতিকিং কৰাৰ দিন গ’ল
পোন ৰাস্তাত ব’লা
এইটোৱেই ভাল
মনত ৰাখিব, মই কোন
মই কিন্তু কেৰামত নহয়
কেৰামতৰ পুতেক

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.