মাইন উদ্দিন:
নিৰ্বাচনৰ বতৰ , সকলোৱে ব্যস্ত জিন্দাবাদ /মুর্দাবাদ লৈ কিন্তু আমাৰ দৰে নিমাষিত নৰ-মনিচ বোৰে কবিতা লিখা বা অনুবাদ কৰাৰ বাদে কিবা কৰিব পাৰিম বুলি বিশ্বাস নহয়। অকল ভাৰতৰে নহয় বিশ্বৰ কৌটি কৌটি মানুহৰ প্রিয় কবি এজনৰ কবিতা এটা, অনুবাদৰ চেষ্টা কৰিম। ৰাহাত কুৰেশি নামৰ শান্তশিষ্ট ল’ৰাজনৰ জন্ম হৈছিল মধ্যপ্রদেশৰ ইন্দোৰ চহৰত ১৯৫০ চনৰ ১ জানুৱাৰী তাৰিখে। সৰুৰে পৰা পিতৃ ৰাফালতুল্লাহ কুৰেশি আৰু মাতৃ মকবুলউনা নেছা বেগমৰ পৰা সাংস্কৃতিক জগতৰ লগত পৰিচয় হৈছিল। Nutan School, Indore পৰা উচ্চ মাধ্যমিক , Islamia Karimia College পৰা স্নাতক , Barkatullah University ৰ পৰা স্নাতকোত্তৰ আৰু Bhoj University ৰ পৰা পিএইচডি ডিগ্রী লৈছিল। Indore University ত pedagogist হিচাবে শিক্ষকতা আৰম্ভ কৰিছিল।
তেখেতৰ লিখনিত সমাজৰ সৰু সৰু চিত্রবোৰ লুকঢাক নোহোৱাকৈ ফুটি উঠাৰ বাবে বলিউড জগতে বহু গান তেখেতৰ পৰা লৈছে।
কবিতা :
কিসী কে বাপ কা হিন্দুস্থান থোড়ি হ্যায়
…………………………….
যদি বিৰোধী হয়, হব দিয়া জীৱনতো নহয়
যদি বিৰোধী হয়, হব দিয়া জীৱনতো নহয়
এয়া সকলো ধোঁৱা হয়, আকাশতো নহয়।
যেতিয়া জুই লাগিব, ঘৰৰ সমষ্টিবোৰ ছানি ধৰিব
এই ঠাইত কেৱল আমাৰ ঘৰ কেইখনেই আছেনে ?
মই জানো শত্রুর অভাৱ নাই কিন্তু
আমাৰ দৰে হাতত জী লৈ ঘূৰেনে
আমাৰ মূখৰ পৰা যি ওলাই সেয়াই নির্ঘাত
আমাৰ মূখত তোমাৰ বাক্যবোৰ নাই নহয়
যিয়ে আজি সিংহাসনত অধিষ্ঠিত, কাইলৈ নাথাকিব
ভাৰাতীয়া হয়, পৈতৃক সম্পত্তিতো নহয়
সকলোৰে ৰক্ত মিশ্রিত হৈ আছে , এই ভূমিত
কাৰোবাৰ পৈতৃক সম্পত্তি নহয় এই ভাৰতবৰ্ষ।
(মূল কবিতা :
अगर ख़िलाफ़ हैं होने दो जान थोड़ी है
अगर ख़िलाफ़ हैं होने दो जान थोड़ी है
ये सब धुआँ है कोई आसमान थोड़ी है
लगेगी आग तो आएँगे घर कई ज़द में
यहाँ पे सिर्फ़ हमारा मकान थोड़ी है
मैं जानता हूँ के दुश्मन भी कम नहीं लेकिन
हमारी तरहा हथेली पे जान थोड़ी है
हमारे मुँह से जो निकले वही सदाक़त है
हमारे मुँह में तुम्हारी ज़ुबान थोड़ी है
जो आज साहिबे मसनद हैं कल नहीं होंगे
किराएदार हैं ज़ाती मकान थोड़ी है
सभी का ख़ून है शामिल यहाँ की मिट्टी में
किसी के बाप का हिन्दोस्तान थोड़ी है .)
শেষত নাম নকলেও কিজানো বহুতেই গম পাইছে যে ৰাহাত কুৰেশি নামৰ ব্যক্তিজনেই হৈছে ড’ ৰাহাত ইন্দোৰী।