সুতত লৈ ধাৰত দিয়া আৰু এটি কবিতা

মাইন উদ্দিন : 

নিৰ্বাচনৰ বতৰত বহু বিজ্ঞ /অভিজ্ঞই বিভিন্ন মতামত দি আছে আৰু দিয়েই থাকিব। সাধাৰণতে বেছি কাষৰ মানুহ নহলে আজিকালি মন্তব্য নিদিওঁ বা দিলেও “মন্তব্য নাই” বা “no comment” লিখিয়েই সামৰো। সাধাৰণতে অভিজ্ঞ আৰু নিৰপেক্ষ বুলি ভাবি ব্যক্তি এজনৰ ফেচবুকত যোৱা কেইদিন ধৰি বহুকেইটা পোষ্ট বিশেষ জনগোষ্ঠীৰ প্রতি বিদ্বেষ উজাগৰ হোৱা দেখা পাই মন্তব্য এটা দিলো। কেইজন মানে অশ্লীল শব্দেৰে আক্রমণ কৰিলে আৰু কেইজন (তথাকথিত শিক্ষিত) উপলুঙা কৰিলে। আপোনালোকে ভবাৰ দৰেই যোৰহাটত চিৰাজ্জুদ্দিন আজমল/ৰফিকুল ইছলামক , কলিয়াবৰত ৱাজেদ আলি চৌধুৰী/মহিবুলহকক ,ধুবুৰীত বৃন্দাবন গোস্বামী/ অতুল বৰাক , বৰপেটাত সুশান্ত বৰগোহাঁই/প্রশান্ত ফুকনক আদি ব্যক্তিক টিকট দিয়ক। আমি নিশ্চয়তা দিছো – “বৰ অসম” ৰ ঠিকা লোৱাৰ কথা মূখত নকৈ বাস্তৱত সম্ভৱ কৰি দেখুৱাই দিম। “বৃহত্তৰ অসমীয়া” অংশীদাৰ বুলি বাৰে বাৰে প্রমান দি আহিছো আৰু আগলৈ দি থাকিম। আপোনালোকে পাৰিব জয়ী কৰাব নে ? মাইন উদ্দিনক কোৱাৰ দৰে উপলুঙা কৰি কব ” এইফালে নাহিব , আমানতৰ ধন বাজেয়াপ্ত হব ” ? আপোনালোকে পাহৰি গলেও ইতিহাসে পাহৰি যোৱা নাই – উগ্র অসমীয়া জাতীয়তাবাদৰ কাৰণেই অসম ভাঙি ৭ টুকুৰা হৈছে আৰু এটা টুকুৰা হও হও কৰি আছে। সময়ে কাকো ক্ষমা নকৰে।

Image may contain: 2 people, including Main Uddin, people standing and outdoor

আজিৰ পৰা প্রায় ১০ বছৰ মান আগত কবিতা এটা লিখিছিলো। আজিও সেই একেই মতত বিশ্বাসী। সেই সময়টো যিদিনা আহিব, সেইদিনা নিশ্চয় মই ৰাজনীতিত আহিম আৰু ডিব্রুগড় বা যোৰহাটৰ পৰা নিৰ্বাচনত অংশ লম। বৰপেটা / বঙাইগাঁওত অংশ লোৱাৰ ইচ্ছা নাছিল আৰু এতিয়াও নাই , থাকিলে কাহানিবাই দিল্লী /দিছপুৰত দপদপাই থাকিলোহেঁতেন। এয়া মোৰ আত্মবিশ্বাস বুলি ধৰি লব পাৰে। (অহংকাৰ কৰিব পৰা বিধৰ DNA মোৰ তেজত নাই, সুতত লৈ ধাৰত দিয়াৰ বহু অভিজ্ঞতা আছে) . প্রাগ স্বাধীনতা কালত দুটা পুৰুষে দেশৰ /সমাজৰ হিত চিন্তা কৰি জেল খাটিছিল কিন্তু কোনো দিনেই স্বাধীনতা সংগ্ৰামীৰ তাম্ৰফলি বিচাৰি যোৱা নাছিল আৰু আজিৰ পঞ্চম পুৰুষেও বিধায়ক বা সাংসদ হোৱাৰ আশাত নাই। ১৮৯২ চনৰ পৰা আজিলৈ আমাৰ পৰিয়ালে সমাজ সেৱা কৰি আছে আৰু আগলৈ কৰি থাকিব।

==================
এজন অসমীয়াৰ অপেক্ষাত
===================
© মাইন উদ্দিন
====================
কেতিয়াবা মোৰো সুধিব মন যায়
অসম মূলকত শান্তি দেখিছা
নাই, এবাৰো সোধা ন’হল
দেৱকান্ত বৰুৱা নহওঁ নহয় যে
সকলোকে সুধি ফুৰিম-সাগৰ দেখিছা।

কুলিৰ কু কু আজিকালি শুনা নাযায়
সেয়ে কিজানো নতুন বিষ্ণুৰাভা মৰতলৈ নাহে
পৰজনমত লগ দিয়াৰ বাসনা লৈ,
হীৰুদাই কেৱল ফটা কামিজটোৰে
কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য সাজি গল।

ৰূপকোঁৱৰে আধৰুৱাকৈ এৰি যোৱা
“অসমীয়া ডেকাৰ উক্তি ” সম্পূর্ণ কৰোঁতা নোলাল
ৰসৰাজৰ ৰসে যে মোকর্দজৰ কাম কৰিছিল
সেয়া যেন আজি পাহৰণিৰ গৰ্ভত
তল পৰিল “ধন্য নৰ তনু ভাল”ৰ সৃষ্ট্রা “অজগৰ”।

বুকু ডাঠ কৰি কবলৈ দুনাই নাহে ভূপেনদা
লুইতৰ পাৰৰে মাটিত মাতৃ বোলা
প্ৰতিজন ভাৰতীয়ই নতুন ৰূপৰ অসমীয়া
ৰঙঘৰৰ বাকৰিত উন্মোচিত হবনে
ন ন মেগনৰ “মেমচাহিব পৃথিবী”ৰ।

বাট আগচি ধৰিব ৰক্তৰঞ্জিত দিনৰ পুনৰাবৃত্তিৰ কুচকাৱাজ
নেলী, নাগাবান্ধা, চাউলখোৱা, আমটেঙ্গা , নাৰায়ণগুড়ি
লক্ষীপুৰ বা বালাপাড়াৰ আর্তজনক আঁচুৰি আনি দিব ন্যায়।
মিচিং, কার্বি , তিৱা, বড়ো, ডিমা-হাছাও আদিৰ নৃত্যৰ গৰাকীয়ে
মে-ডাম-ফি পালন কৰিব লুইতৰ চৰ-চাপৰিত।

শোষণ, লুণ্ঠণ, প্রতাৰণা,বিশ্বাস হীনতা, স্ব্জনপ্রীতি ভয়াবহতাক নেওঁচি
জাতিক অস্তিত্ব হেৰুৱাৰ সংকটৰ পৰা মুক্তি দিবলৈ
অন্তৰৰ পৰা বিচাৰো এজন অসমীয়া
হয়, মই সেই দিনটোলৈ জীয়াই থাকিব বিচাৰো
এবাৰ হলেও চিয়ঁৰি কব পাৰো – হয়, মই শান্তি দেখিছো।

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.