বিজেপিয়ে open communalism কৰে আৰু আজমল ডাঙৰীয়াই মিহি communalism কৰে: আব্দুল খালেক

অসমৰ প্ৰথম মাহেকীয়া ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত কংগ্ৰছৰ বিধায়ক তথা ৬ নং বৰপেটা লোকসভাৰ প্রার্থী আব্দুল খালেক চাহাবৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছে গণেশ বৰ্মন আৰু দেবজিত দত্তই। (টোকা : অসমৰ মিঞাত পুনৰ মুদ্রণ কৰা হল) ৰাজনীতি অসম: অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ক সময় দিয়াৰ বাবে ধন্যবাদ। আব্দুল খালেক : আপোনালোককো সাক্ষাৎকাৰ লোৱাৰ বাবে ধন্যবাদ। ৰাজনীতি অসম: নাগৰিকত্ব বিধেয়ক ২০১৬, যদি সংসদত উত্থাপন হয় তেন্তে আপোনাৰ দলৰ কেন্দ্ৰীয় নেতৃত্বই কি স্থিতি ল’ব বুলি আপুনি ভাবে ? আব্দুল খালেক : আমাৰ দলৰ স্থিতি স্পষ্ট আৰু আমি ব্যক্তিগত ভাবেও ইয়াক সমৰ্থন নকৰো । বাংলাদেশৰ হিন্দু সকল নিৰাপদ হ’ব লাগিব । বাংলাদেশ যিহেতু ভাৰতৰ মিত্ৰ […]

অসমত মাইনোৰিটি কার্ডৰ (minority card) গুপ্ত নম্বৰ

মাইন উদ্দিন: জ্যোতিষী ও নহয় , ৰাজনৈতিক বিশেষজ্ঞও নহওঁ, সেয়ে কোনে জিকিব বা কোনে হাৰিব কব নোৱাৰিম। তাৰোপৰি সমাজ বিজ্ঞানৰ বিশ্ববিদ্যালয় প্রদত্ত ডিগ্রী ও নাই তথাপি চৰ চাপৰি সাহিত্য পৰিষদৰ সভাপতি হাফিজ আহমেদ (Hafiz Ahmed) চাহাবে লিপিবদ্ধ কৰা দাবীৰ লগত সম্পূর্ণ একমত পোষণ কৰিলো। Photo: Parvin Sultana ১ .বান-গড়াখহনীয়া সমস্যাৰ সমাধান। ২ .বান-গড়াখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰা। ৩ .গড়াখহনীয়া পীড়িতৰ ক্ষতিপূৰণ। ৪ .বৃহৎ নদীবান্ধ বন্ধ কৰা। ৫ .সুস্থ ভূমিনীতি। ৬ .চৰৰ ভূমিৰ জৰীপ। ৭ .চৰৰ কৃষকৰ মাটিৰ পট্টা প্ৰদান। ৮ .চৰৰ বাবে পৃথক ভূমি সঞ্চকালয়। ৯. ডি ভোটাৰ সমস্যাৰ সমাধান। ১০ .ডি ভোটাৰ,এন আৰ চিৰ হাৰাশাস্তি ৰ বলি হৈ […]

বর্ণবাদ, অসম আৰু কিছু আন্তর্জাতিক অনুভৱ

মাইন উদ্দিন: সাম্প্ৰতিক সময়ত ৰাজনীতি আমাৰ জীৱন-যাত্ৰাৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে৷ প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে আমি সকলোৱেই ৰাজনীতিৰে যুক্ত অথবা প্ৰভাৱিত৷ বিশেষকৈ অসমত এটা বিশেষ ভয়-ভীতিয়ে ক্রিয়া কৰে দুয়োফালে। এফালে আমাক ভোট দিয়া নহলে বাংলাদেশী বনাই খেদিব নতুবা ডিটেনচন কেম্পত ৰখাৰ ভয় আনহাতে অসম খন মিঞাই দখল কৰিলে বুলি দেখুওৱা ভয়। সচাঁ কব গলে – অসম খন অসম হৈয়ে আছে আৰু আগলৈ অসম হৈয়ে থাকিব। ভূপেনদাৰ ভাষাত কব গলে -অসম হৈছে মহামিলনৰ মহাতীর্থ। ইয়াত অকল মিঞা খিনিয়েই নহয় যিয়েই আহিছে সিয়েই অসমীয়া সমাজত জাহ গৈছে আৰু আগলৈও জাহ যাব। কেৱল মিঞা খিনিক লৈ উচ্চ বাচ্য কৰাৰ কাৰণ দেখা নাপাও। অপ্রিয় […]

ৰজাঘৰীয়া সংখ্যালঘু নেতা আৰু অসমৰ মিঞা

১৯৪৭ বা ১৯৭১ ৰ আগত প্রব্রজন কৰা ভাৰতীয় সকল কোনো যুক্তিতেই বাংলাদেশী বা বাংলাদেশী মূলৰ হব নোৱাৰে। আপুনি যদি বিভাজন সূত্ৰৰ আতধৰি অত্যধিক বল প্রয়োগ কৰি কব খোজে তেন্তে নিতান্তই পূৱ পাকিস্থানী বা আদি ভাৰতীয় মূলৰ বুলি কব লাগিব কাৰণ ১৯৪৭ ৰ আগত পাকিস্তানী মূল বা 1971 আগত বাংলাদেশী মূল শব্দ দুটা শুদ্ধ হব নোৱাৰে কিয়নো ১৯৪৭ ৰ আগত পাকিস্তান বা ১৯৭১ আগত বাংলাদেশৰ জন্মই হোৱা নাছিল ৷

সন্মানীয় বৰপেটা সমষ্টি: আপুনি আব্দুল খালেকক ভোট দিব কিয়?

ড. বিলায়েৎ হুছাইন:  অসমৰ সৃষ্টিশীল লেখক , সমাজ কৰ্মী , ধৰ্ম নিৰপেক্ষ দৃষ্টিভংগী সম্পন্ন যুৱ নেতা আব্দুল খালেক আজিৰ তাৰিখত সৰ্বাধিক বৈশিষ্ট্যপূৰ্ণ মিঞাজনগোষ্ঠীৰ চৰ্চিত ব্যক্তি । তেখেতৰ বিষয়ে নেতিবাচক সমালোচনা কৰাৰ আগতে এবাৰ ভাবি চিন্তি চাওঁক — 10 টা বিশেষ গুৰুত্বপূৰ্ণ কাৰণ ১….(inspire…To dream To Learn To work) ৰাজনৈতিক আশাবাদৰ জন্মদাতা ….চৰুৱা সম্প্ৰদায়ৰ মাজত ৰাজনৈতিক চেতনাবোধ( intelligent democratic citizenship) জন্মদিয়া অন্যতম ব্যক্তি ..যাৰ বাবে বহু মানুহ ৰাজনৈতিক পথাৰ লৈ আহিছে আৰু প্লেটফৰ্ম পাইছে এয়া আমাৰ বাহে শুভলক্ষণ পৰবৰ্তী সমাজ ব্যৱস্থাত সু-নেতৃত্ব দিব পৰা মানুহৰ জন্ম হ’ব.. ২..দুখীয়া মানুহ যে নিজৰ যোগ্যতাত আগবাঢ়িব পাৰে সেই দৰ্শন দেখিছো আব্দুল খালেকৰ মাজত.(commitment. & […]

ভোটৰ ৰাজনীতি আৰু এজন অসমবাসীৰ ৭ টা প্রশ্ন

মাইন উদ্দিন: জাতি-ধর্ম ভাষা নির্বিশেষে অসমৰ সকলো ভোটাৰৰ সৎ সাহস হবনে তলত দিয়া প্রশ্ন সমূহ কৰিবলৈ ? ১. নিবনুৱা সমস্যা কিমান দিনৰ ভিতৰত সমাধান কৰিব ? ২. বানপানী আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কিমান দিনৰ ভিতৰত হব আৰু ক্ষতিগ্রস্ত সকলক ক্ষতিপূৰণ কি দিয়া হব। ৩. অসমৰ প্রাকৃতিক সম্পদৰ পৰা হোৱা আয়-ব্যয়ৰ ৰাজহুৱা হিচাব দাখিল কেতিয়া কৰিব ? ৪. বিদেশী সমস্যাৰ(?) ৰাজনৈতিক বাৰ্তালাপৰে কিমান দিনৰ ভিতৰত সমাধান কৰা হব? ( ৰাজনৈতিক সমস্যা, আইনেৰে সমাধান কৰাৰ বৃথা চেষ্টা চলি আছে) ৫. জনসংখ্যা অনুপাতে আৰু কিমান টা বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰিব আৰু কিমান দিনৰ ভিতৰত ? ৬. দৰিদ্রতা নির্মূলকৰণ কেনেকৈ কৰিব আৰু কিমান দিনৰ […]

ধুবুৰী বাসী এজন মিঞা ভোটাৰক উত্তৰ লাগে

আব্দুল মজিদ শ্বেখ(গৱেষক, গুৱাহাটী বিশ্ববিদ্যালয়): মই ধুবুৰী লোকসভা সমষ্টিৰ এজন যুৱপ্ৰজন্মৰ ভোটাৰ ৷ তাহানিৰ UMF ত থকা গোলাম উচমানীৰ দিনৰে পৰা আৰম্ভ কৰি এতিয়ালৈকে বহু নেতা ধুবুৰীৰ পৰা জয়লাভ কৰি দিল্লীলৈ গৈ পালে ৷ বহু ধন সম্পত্তিৰ পাহাৰ গঢ়িলে ৷ কিন্তু ৰাইজে ভোট দিয়াৰ আগত কোনো প্ৰাৰ্থীৰ যোগ্যতা বা তেওঁৰ সমস্যা সমাধান কৰিব পৰা ক্ষমতা কিমান সেয়া খুব সুক্ষ্ম আৰু গভীৰভাৱে চিন্তা কৰা নাই । হয়তো আজিৰ দিনতো সেই কথা চিন্তা কৰা খুব কম সংখ্যক ভোটাৰ ওলাব ৷ ভোটদানৰ দিনা ৰাতিপুৱা সপৰিয়ালে গৈ দুই এজনৰ লগত ওপৰে ওপৰে কথা পাতি নাইবা চিনি নোপোৱাকৈয়ে যিকোনো এজনক হঠকাৰী সিদ্ধান্ত এটা লৈ মাত্ৰ […]

নৱপ্ৰজন্মৰ এজন মিঞা বৰপেটীয়া ভোটাৰৰ প্রশ্ন তালিকা

ডাঃ জাহিদ আহমেদ: বৰপেটা লোকসভা সমষ্টিৰ মই এজন নৱপ্ৰজন্মৰ ভোটাৰ, সেই তাহানিৰ UMF ত থকা গোলাম উচমানীক ভোট দিয়াৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে বহুবাৰ বহু নেতাক ভোট প্ৰদান কৰি আহিলোঁ কিন্তু ইমানদিনে কেতিয়াও ভোট দিয়াৰ আগতে কোনো প্ৰাৰ্থীৰ যোগ্যতা বা তেওঁৰ সমস্যাৰ সমাধান কৰিব পৰা ক্ষমতা কিমান সেয়া খুব সুক্ষ্ম আৰু গভীৰভাৱে চিন্তা কৰা নাছিলোঁ। ভোটদানৰ দিনা ৰাতিপুৱা সপৰিয়ালে ঘৰত গৈ দুই এজনৰ লগত ওপৰে ওপৰে কথা পাতি ক্ষন্তেকীয়া সিদ্ধান্ত এটা লৈ মাত্ৰ আশা আৰু ভৰষাৰ ওপৰত ভিত্তি কৰি কাৰোবাক ভোটটো দি আহিছিলোঁ। কিন্তু এইবেলি নিজকে অলপ সলনি কৰিছোঁ, ভোটদানৰ আগতে মগজুত অনবৰতে কাইট বিন্ধাৰ নিচিনা বিন্ধি থকা প্ৰশ্ন সমূহৰ উত্তৰ […]

ব্ৰহ্মপুত্ৰৰ বালিচৰত এজন বয়োজ্যেষ্ঠ মিঞাৰ ভাষ্য

ব্ৰহ্মপুত্ৰৰ বালিচৰত এজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে কোৱা শুনিলো : ” মোৰ হিন্দু মুছলিম সম্পৰ্কে সকলো ধ্যান ধাৰণা নোহোৱা হৈ গৈছে। কেতিয়াবা নিজৰ ওপৰতে ঘীণ ওপজে । আজিকালি অসমত দুটা শব্দই তেজে ধোৱা তিৰাশিলৈ মনত পেলাই দিয়ে। সন্দেহযুক্ত হিন্দু বাংলাদেশী, সন্দেহযুক্ত মুছলিম বাংলাদেশী …..নৃগোষ্ঠীয়ভাবে এই দ্রাবিড় মূলীয় লোক সকল যেন মানুহেই নহয়….কিমান যে তুচ্ছ-তাচ্ছিল্যৰ সন্মুখীন হৈ আছে ,এই প্ৰজাতি দুটাই ….কি ভুল কৰিছে ইহঁতে ….নিৰীহ ,দুখীয়া, লেৰেলা, চেপেটা,…কেৱল দৌৰিছে দুমুঠি অন্নৰ বাবে …..কি যে দুখ লগা ইহঁতৰ অৱস্থা…. মই কাৰো ঠিকাদাৰহৈ ইহঁতৰ বাবে উকালতি কৰিব যোৱা নাই….মোৰ নিজৰ ওপৰতে খং আৰু ভগৱান আল্লাৰ ওপৰত ধিক্কাৰ উপজিছে…. এজন মানৱ সন্তান হিচাবে নিজৰ ওপৰত […]

অসমত থ্রী ডি (3D) কি বস্তু ?

মাইন উদ্দিন: আজিকালি ইনবক্সত বা ফোনত বহুতে প্রশ্ন কৰে – ” দাদা/ Sir এই যে আপুনি আৰু কেইজন মানে প্ৰায়ে লিখি থাকে থ্রী ডি (3D) কিন্তু এই 3D কি বস্তু ? ” প্রশ্নটো ৰাজহুৱা স্বার্থজড়িত হোৱা ভাবেই ৰাজহুৱা বাবে দিলো।আচলতে 3D মানে Three-dimension (তিনি তৰপীয়া) ফটো তৈয়াৰ কৰা জ্যামিতিক কৌশল (Three-dimensional space is a geometric setting in which three values are required to determine the position of an element)। অসমত 3D কলে ভিন্ন অর্থ বুজায়। অসমত ১৯১৯ চনত পোনতে এই 3D ৰ আৱিস্কাৰ হৈছিল যদি ও নাম ভিন্ন আছিল। এই 3D ৰ প্রভাৱতে Line System -১৯২০ আইনত পৰিণত হৈছিল। ১৯২৬, […]