মাইন উদ্দিন: সাম্প্ৰতিক সময়ত ৰাজনীতি আমাৰ জীৱন-যাত্ৰাৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে৷ প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে আমি সকলোৱেই ৰাজনীতিৰে যুক্ত অথবা প্ৰভাৱিত৷ বিশেষকৈ অসমত এটা বিশেষ ভয়-ভীতিয়ে ক্রিয়া কৰে দুয়োফালে। এফালে আমাক ভোট দিয়া নহলে বাংলাদেশী বনাই খেদিব নতুবা ডিটেনচন কেম্পত ৰখাৰ ভয় আনহাতে অসম খন মিঞাই দখল কৰিলে বুলি দেখুওৱা ভয়। সচাঁ কব গলে – অসম খন অসম হৈয়ে আছে আৰু আগলৈ অসম হৈয়ে থাকিব। ভূপেনদাৰ ভাষাত কব গলে -অসম হৈছে মহামিলনৰ মহাতীর্থ। ইয়াত অকল মিঞা খিনিয়েই নহয় যিয়েই আহিছে সিয়েই অসমীয়া সমাজত জাহ গৈছে আৰু আগলৈও জাহ যাব। কেৱল মিঞা খিনিক লৈ উচ্চ বাচ্য কৰাৰ কাৰণ দেখা নাপাও।

অপ্রিয় হলেও সত্য:
আঞ্চলিকতাবাদ, জাতীয়তাবাদ, হিন্দুত্ববাদ আদি হৈছে বর্ণবাদৰ স্থানীয় ৰূপ। CAB – নদীবান্ধ বিৰোধ, বিদেশী বহিষ্কাৰ আদি হৈছে বর্ণবাদ জীয়াই ৰখাৰ নব্য কৌশল।
বর্ণবাদৰ সংজ্ঞা সমাজ বিজ্ঞানী সকলে সহজ ভাবে দিয়াত প্ৰায়ে বিফল হোৱা দেখা যায়। সাধাৰণতে বর্ণবাদ হ’ল এনেকুৱা এক মানসিকতা যিয়ে এটা জনগোষ্ঠীক উচ্চ বা নীচ প্রতিপন্ন কৰে। এটা জনগোষ্ঠীক যোগ্য আৰু আনটো জনগোষ্ঠীক অযোগ্য বা এটা জনগোষ্ঠীৰ ওপৰত আনটো জনগোষ্ঠীৰ প্রভুত্বৰ অধিকাৰী। কোনো মানুহৰ আচৰণ যদি তেখেতৰ জাতি-ধর্ম , ভাষা বা গাৰ বৰণ আদি দি নিয়ন্ত্রিত হয় সেয়া সমাজৰ কাৰণে ক্ষতিকাৰক নহলেও তাক বর্ণবাদ বুলি কোৱা হয়। এই বর্ণবৈষম্যৰ ফলতেই অৱহেলিত, নির্যাতিত, পদদলিত, নিপীড়িত, শোষিত, বঞ্চিত শ্রেণী এটাৰ সৃষ্টি হৈছে।
পৃথীবিৰ ভিন ভিন অঞ্চলত এই বর্ণবাদ ভিন ভিন নাম লৈ আভির্ভাব হৈছে আৰু সাধাৰণতে সংখ্যালঘু সকল এই বর্ণবৈষম্যৰ বলি হৈ জীয়াতু ভুগি আছে। আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বেলেগ বেলেগ নাম – কৰবাত জাতীয়তাবাদ , কৰবাত আঞ্চলিকতাবাদ , কৰবাত মাৰাঠীবাদ আদি। ইতিহাসে সাক্ষ্য দি আছে যে – এই বর্ণবাদৰ ফলত লক্ষ লক্ষ মানুহ হত্যা কৰা হৈছে আৰু কৌটি কৌটি মানুহক শাৰীৰিক -মানসিক নির্যাতন চলাই থকা হৈছে। এনেকি আমাৰ প্রাণৰ অসম ভূমিতো হেজাৰ হেজাৰ নিৰাপৰাধী মানুহক হত্যা কৰা হৈছিল আৰু আজিও মানসিক আৰু শাৰীৰিক হাৰাশাস্তিৰ ধাৰা অব্যাহত আছে।
ভয়-ভীতি দেখুৱাই মিঞাক অসমৰ (ভাৰত) পৰা খেদিব বিচৰা সকলে জানি লোৱা প্রয়োজন- United Nations Human Rights Council ৰ বিশেষ চাৰিটা নিয়ম (আইন) যত শান্তিকামী দেশ হিচাবে ভাৰতবর্ষ বহু আগতেই চহী কৰি থৈছে।
1. The International Convention on the Elimination of All Forms of Racial Discrimination (ICERD), ratified by India on 3 Dec 1968.
2. United Nations General Assembly Declaration on the Elimination of All Forms of Intolerance and of Discrimination based on Religion and Belief of 1981.
3. The International Covenant on Civil and Political Rights, ratified by India on 10 April 1979.
4. The United Nations 1992 Declaration on the Rights of Persons Belonging to National or Ethnic, Religious and Linguistic Minorities.
ৰাইট (১৯৫০), কুইট আসাম (১৯৬০), নেলী, নাগবান্ধা , চাউলখোৱা, মুকালমুৱা (১৯৮৩) , লক্ষীপুৰ, বাঁশবাড়ী, আমটেঙ্গা, (১৯৯১) নাৰায়ণগুড়ি, বালাপাড়া(২০১২) আদি যিমানেই দেখাবলৈ চেষ্টা কৰিব ,সিমানেই সচেতনতা বৃদ্ধি পাব। হিয়াৰিঙ, ডি ভোটাৰ, ডিটেনচন কেম্প, গোলাঘাট (কাণত ধৰি উঠা বহা), শিৱসাগৰ , বিশ্বনাথ ( শেহতীয়া) আদিলৈ আজিকালি ভয় নকৰা হ’ল আৰু উত্তেজিত ও নহয়। নদীৰ সোঁত কেৱল ভাটিৰ ফালেই বয় যদি ও বহু সময়ত গতিপথ সলনি কৰে আৰু মথাউৰি ভাঙি সুৰক্ষিত অঞ্চলও প্লাৱিত কৰে। সময় খুবেই নিষ্ঠুৰ , ইয়ে কাকো ক্ষমা নকৰে।