মাইন উদ্দিন: জ্যোতিষী ও নহয় , ৰাজনৈতিক বিশেষজ্ঞও নহওঁ, সেয়ে কোনে জিকিব বা কোনে হাৰিব কব নোৱাৰিম। তাৰোপৰি সমাজ বিজ্ঞানৰ বিশ্ববিদ্যালয় প্রদত্ত ডিগ্রী ও নাই তথাপি চৰ চাপৰি সাহিত্য পৰিষদৰ সভাপতি হাফিজ আহমেদ (Hafiz Ahmed) চাহাবে লিপিবদ্ধ কৰা দাবীৰ লগত সম্পূর্ণ একমত পোষণ কৰিলো।

Photo: Parvin Sultana
১ .বান-গড়াখহনীয়া সমস্যাৰ সমাধান।
২ .বান-গড়াখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰা।
৩ .গড়াখহনীয়া পীড়িতৰ ক্ষতিপূৰণ।
৪ .বৃহৎ নদীবান্ধ বন্ধ কৰা।
৫ .সুস্থ ভূমিনীতি।
৬ .চৰৰ ভূমিৰ জৰীপ।
৭ .চৰৰ কৃষকৰ মাটিৰ পট্টা প্ৰদান।
৮ .চৰৰ বাবে পৃথক ভূমি সঞ্চকালয়।
৯. ডি ভোটাৰ সমস্যাৰ সমাধান।
১০ .ডি ভোটাৰ,এন আৰ চিৰ হাৰাশাস্তি ৰ বলি হৈ আত্মহত্যা কৰাসকলৰ ক্ষতিপূৰণ।
১১. ডিটেনশ্বন কেম্পৰ বিলুপ্তিকৰন।
১২ .নিবনুৱা সমস্যাৰ সমাধান।নিবনুৱা বাট্টা প্ৰদান।
১৩. অসমৰ বাহিৰত কাম কৰি থকা শ্ৰমিকসকলৰ কল্যাণৰ বাবে আচনি গ্ৰহণ।
১৪ .শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ অধিকাৰ আইন অসমৰ সকলো অঞ্চলত প্ৰয়োগ কৰা।
১৫ .অসমৰ সকলো জিলাতে ছাত্ৰ-শিক্ষকৰ সঠিক অনুপাত
১৬ .শিক্ষাৰ অধিকাৰ আইনমতে প্ৰযোজ্য কৰা।
১৭ .শিক্ষাৰ অধিকাৰ আইনমতে কম বিদ্যালয় থকা অঞ্চলত নতুন বিদ্যালয় স্থাপন কৰা।
১৮ .সকলো ভেঞ্চাৰ শিক্ষানুষ্ঠান তিনি মাহৰ ভিতৰত প্ৰাদেশীকৰণ কৰা।
১৯. অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিয়মমতে যিবোৰ অঞ্চলত চিকিৎসালয় নাই, সেইবোৰত চিকিৎসালয় স্থাপন কৰা।
২০ .চৰ-চাপৰি ,চাহ বাগিচা অঞ্চলৰ চিকিৎসালয়ত পৰ্যাপ্ত সংখ্যক ডাক্তৰ-নাৰ্ছৰ নিযুক্তি আৰু তেওঁলোকৰ উপস্থিতি নিশ্চিত কৰা।
২১. চাহ শ্ৰমিকৰ মজুৰি দিনে ৩৫১ টকা কৰা।
২২. উচ্ছেদিত কৃষকৰ পুৰ্নসংস্থাপন আৰু ক্ষতিপূৰণৰ ব্যৱস্থা কৰা।
২৩ .গোষ্ঠীগত সংঘৰ্ষত প্ৰাণহেৰুৱাসকলক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰা।
২৪ .নেলী, চাউলখোৱা,বিটিএডি আদি হত্যাকাণ্ডৰ বাবে দায়ীসকলক শাস্তি প্ৰদান কৰা।
২৫ .কৃষকৰ ফচলৰ উপযুক্ত মূল্য প্ৰদান কৰা।
২৬ .কৃষিপ্ৰধান প্ৰতিটো পঞ্চায়ত ত একোখনকৈ cold storage স্থাপন কৰা।
২৭ .ছালাবিলা হাপাচৰাকে আদি কৰি অসমৰ বিভিন্ন ঠাইত নৃগোষ্ঠীয় পৰিস্কৰণৰ বলি হৈ শৰণাৰ্থীৰূপে যুগ যুগ বাস কৰি থকা মুছলমান আৰু ২৮. আদিবাসী শৰণাৰ্থীৰ উপযুক্ত বাসস্থানৰ ব্যৱস্থা কৰা।
২৯ .চৰ-চাপৰি ,জনজাতীয় আৰু চাহবাগিচা অঞ্চলৰ যাতায়ত ব্যৱস্থাৰ উন্নতি সাধন কৰা।
৩০ ধুবুৰী-ফুলবাৰী দলং
৩১ .বৰপেটাৰ বহৰিৰ পৰা দক্ষিণপাৰলৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মান।
৩২ .ভাৰতীয় নাগৰিকক আইন হাতত লৈ বিদেশী বুলি নিৰ্যাতন কৰিলে নিৰ্যাতন কাৰীৰ শাস্তিৰ বাবে বিশেষ আইন প্ৰণয়ন।
৩৩ .গোৱালপাৰা বা ধুবুৰীত কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্হাপন।
৩৪ .নাগৰিকত্ব সংশোধনী বিধি বাতিলকৰণ।
৩৫ .অসমীয়া ভাষা-সংস্কৃতিৰ ভৱিষ্যত সুৰক্ষিত কৰা।
আদি প্ৰতিশ্ৰুতি কোন কোন ৰাজনৈতিক দলৰ ইস্তাহাৰত অন্তৰ্ভুক্ত হৈছে?
আশাকৰো – জিন্দাবাদ দিয়া বা মুর্দাবাদ দিয়া সকলে নিজৰ নিজৰ স্থিতি স্পষ্ট কৰিব।