মাইন উদ্দিন:
কিমান হাজাৰ বাৰ কলো – “বাংলাদেশী মূল” শব্দটো অস্বিত্বহীন ভুল শব্দ কিন্তু আমাৰ ৰজাঘৰীয়া সকলে মানিবই নিবিচাৰে।
অসমত থকা অবৈধ বাংলাদেশীক বিনাবিচাৰে ফাঁচী দিলেও আপত্তি নাই কিন্তু ভাৰতীয় মূলৰ দ্রাবিড় নৃগোষ্ঠীয় মিঞাক “বাংলাদেশী মূল” কলে হেজাৰ বাৰ প্রতিবাদ কৰিম।

‘মিঞা’ৰ ফালে আঙুলি টোৱাবলৈ কাৰো অনুমতিৰ প্রয়োজন নাই আৰু সবল প্রতিবাদও নহয়। গতিকে সকলোৱে যি মন যায় মিঞাৰ বিৰুদ্ধে কব পাৰে আৰু কৰিবও পাৰে কিন্তু মিঞাৰ মাজত থকা ‘অশিক্ষা’ আৰু দৰিদ্রতা নির্মূলকৰণত কোনোৱে আগুৱাই নাহে। যিমানেই নাটক নকৰক কিয় , খেদিব নোৱাৰে। খেদিব কলৈ, কোনে লব আৰু কিয় লব ?
চৰকাৰী বা বেচৰকাৰী কূটিল যন্ত্র প্রয়োগ কৰি অভাৰতীয় বুলি প্রমাণ কৰিব পাৰিব কিন্তু অন্য দেশৰ নাগৰিক বুলি প্রমাণ কৰাৰ সক্ষমতা আৰু যোগ্যতা আপোনালোকৰ নাই। সেয়ে অন্যদেশে মিঞাক গ্রহণ কৰাৰ প্রশ্নই নাহে।
কূতর্ক দিয়া সকলৰ প্রতি :
পাকিস্থানী মূল , বাংলাদেশী মূল বুলি কূতর্ক দিয়া সকলক আয়না দেখাব মন যায় কিন্তু সময়ৰ অভাৱত সেয়া হৈ নুঠে।
ধৰ্মৰ ভিত্তিত দেশ বিভাজন হৈছিল বুলি মানি ললো কিন্তু যোগেন্দ্রনাথ মণ্ডল কেনেকৈ পাকিস্তানৰ প্রথমজন আইনমন্ত্রী হল আনহাতে মৌলনা আবুল কালাম আজাদ কেনেকৈ ভাৰতৰ প্রথমজন শিক্ষা মন্ত্রী হল ?
অৰ্থটো এনেকুৱা নাছিল জানো – সীমাৰ দুয়োপাৰে স্বাধীনতা দিয়া হৈছিল যে যাৰ যি অংশত থাকিব মন যায় থাকিব পাৰে আৰু যোগ্যতা অনুসৰি যি মন যায় কৰিবই পাৰে। (ইতিহাস অধ্যয়ন কৰক পিছত তর্কত বহক )
১৯৪৭ বা ১৯৭১ ৰ আগত প্রব্রজন কৰা ভাৰতীয় সকল কোনো যুক্তিতেই বাংলাদেশী বা বাংলাদেশী মূলৰ হব নোৱাৰে। আপুনি যদি বিভাজন সূত্ৰৰ আতধৰি অত্যধিক বল প্রয়োগ কৰি কব খোজে তেন্তে নিতান্তই পূৱ পাকিস্থানী বা আদি ভাৰতীয় মূলৰ বুলি কব লাগিব কাৰণ ১৯৪৭ ৰ আগত পাকিস্তানী মূল বা 1971 আগত বাংলাদেশী মূল শব্দ দুটা শুদ্ধ হব নোৱাৰে কিয়নো ১৯৪৭ ৰ আগত পাকিস্তান বা ১৯৭১ আগত বাংলাদেশৰ জন্মই হোৱা নাছিল ৷
১৯৭১ , ২৫ মাৰ্চৰ পিছৰ খিনি বিশুদ্ধ অবৈধ বিদেশী (বাংলাদেশী) .
শেষত এইখিনিকে কম – দেহৰ এটা অংগ বেমাৰী হলে যেনেকৈ নিজকে সুস্থ বুলি কব নোৱাৰি সেইদৰে মিঞাৰ সমস্যা সমাধান অবিহনে অসমৰ উন্নয়ন প্রায় অসম্ভৱ। এতিয়া ও সময় আছে, আত্মসমালোচনা কৰক, সমস্যা সমাধান হব আৰু অসমৰ উন্নয়নত আগভাগ লওক।