সন্মানীয় বৰপেটা সমষ্টি: আপুনি আব্দুল খালেকক ভোট দিব কিয়?

ড. বিলায়েৎ হুছাইন:  অসমৰ সৃষ্টিশীল লেখক , সমাজ কৰ্মী , ধৰ্ম নিৰপেক্ষ দৃষ্টিভংগী সম্পন্ন যুৱ নেতা আব্দুল খালেক আজিৰ তাৰিখত সৰ্বাধিক বৈশিষ্ট্যপূৰ্ণ মিঞাজনগোষ্ঠীৰ চৰ্চিত ব্যক্তি । তেখেতৰ বিষয়ে নেতিবাচক সমালোচনা কৰাৰ আগতে এবাৰ ভাবি চিন্তি চাওঁক —

10 টা বিশেষ গুৰুত্বপূৰ্ণ কাৰণ

১….(inspire…To dream To Learn To work)

ৰাজনৈতিক আশাবাদৰ জন্মদাতা ….চৰুৱা সম্প্ৰদায়ৰ মাজত ৰাজনৈতিক চেতনাবোধ( intelligent democratic citizenship) জন্মদিয়া অন্যতম ব্যক্তি ..যাৰ বাবে বহু মানুহ ৰাজনৈতিক পথাৰ লৈ আহিছে আৰু প্লেটফৰ্ম পাইছে এয়া আমাৰ বাহে শুভলক্ষণ পৰবৰ্তী সমাজ ব্যৱস্থাত সু-নেতৃত্ব দিব পৰা মানুহৰ জন্ম হ’ব..

২..দুখীয়া মানুহ যে নিজৰ যোগ্যতাত আগবাঢ়িব পাৰে সেই দৰ্শন দেখিছো আব্দুল খালেকৰ মাজত.(commitment. & passion)
ডেল কাৰ্নেগিৰ পুথিত পঢ়িছিলো..””””মৰাবস্তুও নদীদি ভাহি যায় কেৱল জীয়া বস্তু হে উজায় যায়”””” সেই সংগ্ৰাম কৰা মানুহ জন হ’ল এই আব্দুল খালেক…

৩….যোগাযোগ (easily communicate) দক্ষতা যথেষ্ট উন্নত…..দলীয় কৰ্মীৰ লগতে সকলোধৰনৰ মানুহৰ লগত যোগাযোগ কৰি চলি আছে….নিজ সমষ্টিৰ এনেকুৱা এখন গাও নাই যে তেও সু-যোগাযোগ ৰক্ষা নাই….
এক কথাত গাও সমষ্ঠি প্ৰদেশ ..কেন্দ্ৰ লগত সু যোগাযোগ কৰি নিজৰ চিনাকী দিছে…

৪..উন্নয়ণ….(devlopment)
এটা সময়ত আমাৰ পৰিচয় দিব লগীয়া হৈছিল বৰপেটাৰ নাম কৈ এতিয়া কলগাছিয়া কলেই চিনি পায়….
ইতিহাসবিদ সকলে কব পাৰিব…আমাৰ ইতিহাসত কিমানবাৰ নো কলগাছিয়াৰ নাম আছে….কিন্তু আধুনিক অসমৰ নতুন ইতিহাস লিখিব হ’লে কলগাছিয়াৰ ক্ষীপ্ৰ উন্নয়ণ আৰু খালেক চাহাবৰ অৱদান সম্পৰ্কে লিখিবই লাগিব….শাৰীৰিক আৰু মানসিক দুই ধৰনৰে অৱদান আগবঢ়াইছে…স্বাস্থ্য ,শিক্ষা যোগাযোগ অৰ্থনীতি বজাৰঘাট,ইত্যাদি…এইবোৰে জীৱন ধাৰণ পদ্ধতি উন্নয়ণ কৰিছে ….
আমাৰ মানসিকতাৰ উন্নয়ণৰ ক্ষেত্ৰত উল্লেখ্য যোগ্য অৱদান আগবঢ়াইছে

৫…নিৰপেক্ষতা ….(secularity & Accountability)
.ৰাজনৈতিক পথাৰত খুব কম সংখ্যক মানুহ আছে যি সকল নিৰপেক্ষ তাৰে ভিতৰত আব্দুল খালেক অন্যতম…
মিয়া মুছলমানে ভাবে যে তেওঁৰ মুছলমানৰ প্ৰতি আবেগ কম..তেন্তে ইমান কাম কৰিলে কোনে..হস্পিটাল,ৰাজ্যিক পথ…বালিকুৰা মুনবুৰী ৰামপুৰ সংযোগী পকী বাটবোৰ কৰিছে মই ভাবো যদি তেখেতৰ মুছলমানৰ প্ৰতি অতিৰিক্ত আবেগ নাই তেন্তে আমাৰ বাবে ভাল গনতান্ত্ৰৰ বাবে ভাল নহলে..বিজিপি ৰ হিন্দুত্বৰ আবেগক স্বীকাৰ কৰিবলৈ সাহস গোটাই লওক….

৬…শিক্ষিত ….(Educated)
ৰাজনীতিত সদায় অভিযোগ অশিক্ষিত লোক নেতা হয় সেই ক্ষেত্ৰত খালেক জি মুক্ত কেৱল ছাৰ্টিফিকেট নাই লগতে আছে শিক্ষাৰ সামাজিক প্ৰয়োগৰ কৌশল(SKILL )

৭…কৰ্মপটু .(To hard work) .কেৱল নেতা হলে নহব কাম কৰাৰ দক্ষতা থাকিব লাগিব..সেই মানসিকতা আছে…মেডিকেল কলেজৰ লিষ্ট বনোৱাৰ সময়ত বৰপটাত আছিল যেতিয়া খবৰ পাইছে আজি লিষ্টৰ কথা আলোচনা কৰিব সেইখবৰ শুনিৱে দৌৰাদৌৰিকৈ গুৱাহাটী গৈছিল আৰু মূল কামত কৃতকাৰ্য হৈছিল এনে উদাহৰণ হেজাৰে হেজাৰে আছে….
গাড়ীত টোপনি মাৰি ঘৰে ঘৰে মানুহৰ বুজ লোৱা এই মানুহ

৮….(dimensional competency)যুক্তি তৰ্ক,বক্তৃতা,আবৃতি,বিশ্লেষণ সমাধান….
ভাষিক নিপুনতা সকলো ক্ষেত্ৰতে আগবঢ়া…

৯…সৃষ্টশীলতা (Creativness)
মানুহৰ সংস্কৃতিবান নহলে সৃষ্টশীলতা নাহে…তেওৰ মনত সৌন্দৰ্য আছিল বাবেই কবিতা ৰচনা কৰিব পাৰিছিল
ইমান কলা কৌশলৰ বাবে ধন্যবাদ দিবই লাগিব

১০…উত্তৰণ পথ…(deticated &,dynamic process)
… আমাৰ চৰুৱা মানুহৰ মাজত বিভিন্ন ধৰনৰ কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি কাৰক হ’ল আব্দুল খালেক চাহাব যেনে…গ্ৰন্থমেলা ,কিতাপ পঢ়া , কিতাপ লিখা ইত্যাদি।

ভোট আপোনাৰ , কিন্তু আপোনাৰ ভোটটো আবেগত উটুৱাই নিদি যুক্তিৰে বিচাৰ কৰি শুদ্ধ পাত্ৰত প্ৰদান কৰক। ধন্যবাদ।

টোকা : মতামত লিখকৰ নিজস্ব, গতিকে প্রকাশন গোষ্ঠী মতামতৰ বাবে দায়ী নহয়।

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.