মাইন উদ্দিন:
জাতি-ধর্ম ভাষা নির্বিশেষে অসমৰ সকলো ভোটাৰৰ সৎ সাহস হবনে তলত দিয়া প্রশ্ন সমূহ কৰিবলৈ ?

১. নিবনুৱা সমস্যা কিমান দিনৰ ভিতৰত সমাধান কৰিব ?
২. বানপানী আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কিমান দিনৰ ভিতৰত হব আৰু ক্ষতিগ্রস্ত সকলক ক্ষতিপূৰণ কি দিয়া হব।
৩. অসমৰ প্রাকৃতিক সম্পদৰ পৰা হোৱা আয়-ব্যয়ৰ ৰাজহুৱা হিচাব দাখিল কেতিয়া কৰিব ?
৪. বিদেশী সমস্যাৰ(?) ৰাজনৈতিক বাৰ্তালাপৰে কিমান দিনৰ ভিতৰত সমাধান কৰা হব? ( ৰাজনৈতিক সমস্যা, আইনেৰে সমাধান কৰাৰ বৃথা চেষ্টা চলি আছে)
৫. জনসংখ্যা অনুপাতে আৰু কিমান টা বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰিব আৰু কিমান দিনৰ ভিতৰত ?
৬. দৰিদ্রতা নির্মূলকৰণ কেনেকৈ কৰিব আৰু কিমান দিনৰ ভিতৰত কৰিব ?
৭. দৈনন্দিন ব্যৱহাৰৰ বাবে প্রয়োজনীয় সামগ্রী উৎপাদনৰ বাবে কেইটা আৰু কি কি উদ্যোগ প্রতিষ্ঠা কৰিব ?
টোকা : যিদিনা অসমৰ সাধাৰণ জনতাই ওপৰোক্ত প্রশ্ন সমূহ ৰাজহুৱা ভাবে কৰিব আৰু তাৎক্ষণিক সমাধান বিচাৰিব সেইদিনা ময়ো ৰাজনীতিত আহিম । মোৰ জীৱন কালত আহিব বুলি আশা পালি ৰৈ থাকিলোঁ।