আব্দুল মজিদ শ্বেখ(গৱেষক, গুৱাহাটী বিশ্ববিদ্যালয়): মই ধুবুৰী লোকসভা সমষ্টিৰ এজন যুৱপ্ৰজন্মৰ ভোটাৰ ৷ তাহানিৰ UMF ত থকা গোলাম উচমানীৰ দিনৰে পৰা আৰম্ভ কৰি এতিয়ালৈকে বহু নেতা ধুবুৰীৰ পৰা জয়লাভ কৰি দিল্লীলৈ গৈ পালে ৷ বহু ধন সম্পত্তিৰ পাহাৰ গঢ়িলে ৷ কিন্তু ৰাইজে ভোট দিয়াৰ আগত কোনো প্ৰাৰ্থীৰ যোগ্যতা বা তেওঁৰ সমস্যা সমাধান কৰিব পৰা ক্ষমতা কিমান সেয়া খুব সুক্ষ্ম আৰু গভীৰভাৱে চিন্তা কৰা নাই । হয়তো আজিৰ দিনতো সেই কথা চিন্তা কৰা খুব কম সংখ্যক ভোটাৰ ওলাব ৷ ভোটদানৰ দিনা ৰাতিপুৱা সপৰিয়ালে গৈ দুই এজনৰ লগত ওপৰে ওপৰে কথা পাতি নাইবা চিনি নোপোৱাকৈয়ে যিকোনো এজনক হঠকাৰী সিদ্ধান্ত এটা লৈ মাত্ৰ আশা আৰু ভৰসাৰ ওপৰত ভিত্তি কৰি ভোটটো দি দিয়ে । কিন্তু কিমানদিন আৰু এনেকৈ চলিব?? সচেতন ভোটাৰে কিমান আৰু মনোকষ্টত ভূগিব ৷ সচেতন ৰাইজ তথা ভোটৰ আওভাও বুজি নোপোৱা সমূহ ৰাইজৰ হৈ ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থীসকলৰ ওচৰত তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ বিচাৰিলোঁ । যিজন প্ৰাৰ্থীয়ে সন্তোষজনক উত্তৰ দিব পাৰিব মোৰ ভোটটোতো পাবই লগতে সমূহ বিবেক ভোট তেওঁৰ চিহ্নত পৰিব বুলি ডাঠি ক’ব পাৰি ৷

(১) ব্ৰহ্মপুত্ৰ আৰু অন্যান্য নদ-নদীৰ গৰাখহনীয়াৰ কবলত পৰি নৈপৰীয়া আৰু ইয়াৰ আশে পাশে থকা ভাৰতীয় দুখীয়া মানুহবোৰৰ একাংশই প্ৰতিবছৰে নিজৰ ঘৰ বাৰী এৰি গৃহহীন হৈ অন্য ঠাইলৈ প্ৰব্ৰজন কৰে, কিন্তু বহু সময়ত সিহঁতৰ এই নতুন গৃহ নিৰ্মাণে তেওঁলোকক ৰাজ্যখনৰ অতি জাতীয়তাবাদী সকলৰ চকুত বিভিন্ন পেপাৰ মেডিয়াৰ কৃপাত বাংলাদেশী হিচাপে চিহ্নিত কৰা হয়। প্ৰতিবছৰে নতুন নতুন গৃহনিৰ্মানৰ চিন্তাই নিজৰ সন্তানক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰিবলৈও তেওঁলোকৰ সময়ৰ অভাৱ হৈ পৰে। এই গৃহহীন ভাৰতীয় মানুহৰ স্থায়ী আৰু সন্মানজনক সংস্থাপনৰ কাৰণে আপোনাৰ দলৰ বা আপোনাৰ ব্যক্তিগত পৰিকল্পনা কি??
(২) এক বিশেষ সম্প্ৰদায়ৰ ক্ষেত্ৰত ডি ভোটাৰ এক ভাইৰাছ সদৃশ। বহু সময়ত দেখা যায় যে এবাৰ এজন মানুহ ডি ভোটাৰৰ পৰা মুক্তি পাই আদালতত ভাৰতীয় হিচাপে ঘোষণা হোৱাৰ পিছতো পুনৰাই ডি ভোটাৰৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হয়। এই ভাইৰাছটোৰ কবলত পৰি ইতিমধ্যেই বহু দুখীয়া মানুহে নিজৰ সৰ্বস্ব বিক্ৰী কৰি পথৰ ভিক্ষাৰী হৈ পৰিছে, বহুতে উপায়হীন হৈ আত্মহত্যাও কৰিলে। এই ডি ভোটাৰ নামৰ ব্যাধিটো চিৰদিনৰ বাবে নিৰ্মূল কৰিবলৈ আপোনাৰ দল তথা আপোনাৰ ব্যক্তিগত পৰিকল্পনা কি??
(৩) তিহাৰ জেল কি জীৱনত দেখা নাই কিন্তু ডিটেনশ্বন কেম্প কি সেয়া আজি আমাৰ লগতে প্ৰায় সকলোৱেই জ্ঞাত। এই নৰক সদৃশ কাৰাগাৰত এতিয়ালৈকে কিমান নিষ্পাপ প্ৰাণীয়ে সূৰ্যবিহীন জিন্দেগী পাৰ কৰি আহিছে তাৰ বৰ্ণনা ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। মাতৃদুগ্ধ নিৰ্ভৰশীল শিশু এজনেও এই নৰক যন্ত্ৰণাৰ পৰা মুক্তি পোৱা নাই। ইয়াৰে বেছিভাগৰে দেশী বিদেশী প্ৰমাণ কৰিবলৈ বাহিৰত উপযুক্ত মানুহ পৰ্যন্ত নাই। এক অন্ধকাৰ ভৱিষ্যত মূৰত লৈ মাত্ৰ আল্লাহ ভৰষা কৰি হুমুনিয়াহ কাৰিয়েই সময়বোৰ পাৰ কৰে সিহঁতে। এই নৰক সদৃশ ডিটেনশ্বন কেম্পত থকা মানুহবোৰ সোনকালে দেশী বিদেশী হিচাপে প্ৰমাণ কৰি ভাৰতীয়ক সসন্মানেৰে সংস্থাপন দিয়া আৰু বিদেশীক বহিষ্কৰণৰ বাবে আপোনাৰ দল তথা আপোনাৰ ব্যক্তিগত পৰিকল্পনা কেনেকুৱা??
(৪) এন আৰ চিৰ অন্তিম তথা চূড়ান্ত তালিকাৰ পৰা যদি কোনো বৈধ ভাৰতীয়ৰ নাম কিবাকৈ উপযুক্ত নথিপত্ৰৰ অভাৱত বা কৰ্তৃপক্ষৰ গাফিলতিৰ ফলত বাদ পৰি ৰয় তেতিয়াহলে সেইখিনি মানু্হৰ ভৱিষ্যত কেনেকুৱা হ’ব আপুনি মই সকলোৱেই জ্ঞাত। তেনেকুৱা পৰিস্থিতিত সেই সকল মানুহৰ হকে যুঁজিবলৈ আপোনাৰ দল বা আপোনাৰ ব্যক্তিগত পৰিকল্পনা কেনেকুৱা??
(৫) ধুবুৰী লোকসভা সমষ্টিখন শিক্ষা-দীক্ষাত অতিকৈ পিছপৰা ৷ তাৰ মূল কাৰণ হ’ল দৰিদ্ৰতা ৷ বহু ভাল ভাল লৰা-ছোৱালী দৰিদ্ৰতাৰ কবলত পৰি আধাতে পঢ়া-পাতি সামৰি পৰিয়াল পোহপাল দিয়াৰ নামত বিদেশলৈ যাব লাগে ৷ তদুপৰি এই সমষ্টিত এখন চৰকাৰী উচ্চশিক্ষা প্ৰতিষ্ঠানৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰি আহিছোঁ। বিশেষকৈ বিশ্ববিদ্যালয় পৰ্য্যায়ৰ এখন শিক্ষানুষ্ঠানৰ দাবী সকলোৰে অন্তৰত বিদ্যমান, কিন্তু সদায় ৰাজ্যখনৰ অতি জাতীয়তাবাদী সকলৰ হাতেৰে সৃষ্ট সমস্যাবোৰৰ মোকাবিলা কৰোঁতে কৰোঁতে এই দাবীটোৱে এতিয়ালৈকে বিশেষ গুৰুত্ব পোৱা নাই, আৰু আপোনালোকেতো নিবিচাৰেই যে ইয়াৰ মানুহবোৰ উচ্চ শিক্ষা লাভ কৰি নিজৰ বিবেকৰ ওপৰত নিৰ্ভৰশীল হওঁক। গতিকে এই লোকসভা সমষ্টিত এখন বিশ্ববিদ্যালয় পৰ্যায়ৰ চৰকাৰী উচ্চ শিক্ষানুষ্ঠান গঢ়ি তুলিবলৈ আপোনাৰ দল তথা আপোনাৰ ব্যক্তিগত পৰিকল্পনা কেনেকুৱা??
(৬) ধুবুৰী লোকসভা সমষ্টিৰ চৰ অঞ্চলৰ ৰাস্তা-ঘাট, দলং, মাথাউৰীৰ কাৰণে হাজাৰ হাজাৰ জনতা যমৰ যাতনা নিতৌ ভূগি আছে ৷ তদুপৰি কৃষিকাৰ্যৰ বাবে তেনে কোনো উন্নতমানৰ আধুনিক কৃষিব্যৱস্থা গঢ় লৈ উঠা নাই ৷ কৃষকৰ শস্যৰ উচিত মূল্য কোনোদিনে পোৱা নাই ৷ যাৰ কাৰণে কৃষকসকলে প্ৰতিবছৰে এক বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হবলগীয়া হয়। ৰাস্তা-ঘাটৰ লগতে কৃষকৰ এনে সমস্যাসমূহ সমাধানৰ বাবে আপোনাৰ দল তথা আপোনাৰ ব্যক্তিগত পৰিকল্পনা কেনেকুৱা??
(৭) ধুবুৰী লোকসভা সমষ্টিত দৰিদ্ৰ দুখীয়া মানুহৰ অভাৱ নাই, এইসকলে প্ৰায়েই উজনিত কাম বিচাৰি গলে বাংলাদেশীৰ নামত নানা ধৰণৰ নিকৃষ্ট নিৰ্যাতনৰ বলি হৈ আহিছে। একমাত্ৰ কৰ্মস্থানৰ অভাৱ হোৱা কাৰণেই তেওঁলোকে নিজৰ ঠাই এৰি দেশৰ বিভিন্ন প্ৰান্তলৈ কাম বিচাৰি যাবলগীয়া হয়। এইসকল অশিক্ষিত দৰিদ্ৰ পৰিয়ালৰ কৰ্মসংস্থানৰ বাবে নিজৰ জন্মঠাইতেই কিবা উদ্যোগীকৰণ বা তেনেকুৱা কিবা পৰিকল্পনা কৰিছে নেকি??
(৮) ধুবুৰী লোকসভা সমষ্টিত বহু শিক্ষিত নিবনুৱা অাছে ৷ বিশেষকৈ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মাজত এই সংখ্যা বহু বেছি আৰু দিনে দিনে এইটো জলন্ত সমস্যা ৰূপে পৰিগণিত হবলৈ আৰম্ভ কৰিছে। চৰকাৰী বিজ্ঞপ্তি যোগে চাকৰিৰ বজাৰ মেলি দিলে ধৰ্মীয় সংখ্যালঘুৱে কিমান চাকৰি পায় সেয়া সৰ্বজন বিদিত। গতিকে এই সকল শিক্ষিত নিবনুৱাক চৰকাৰী সংস্থাপনৰ বাবে আপোনাৰ দল বা আপোনাৰ ব্যক্তিগত পৰিকল্পনা কেনেকুৱা??
(৯) ধুবুৰী লোকসভা সমষ্টিত এতিয়াও বহু ভেঞ্চাৰ স্কুলত বহু শিক্ষকে বছৰ বছৰ ধৰি বিনামূলীয়া পাঠদান কৰি আছে অথচ তেওঁলোকৰ পৰিয়ালৰ ভৰন পোষণৰ বাবে পকেটত ফুটাকড়ি এটাও নাথাকে। যদি প্ৰাদেশিকীকৰণ কৰিব নোৱাৰে তেন্তে সেইসকল শিক্ষকৰ পৰিয়ালৰ ভৰণ পোষণৰ বাবে আপোনাৰ দল বা আপোনাৰ ব্যক্তিগত পৰিকল্পনা কেনেকুৱা??
(১০) ধুবুৰী লোকসভা সমষ্টিৰ ভিতৰুৱা অঞ্চলত থকা শিক্ষানুষ্ঠান সমূহত মাজে মাজে টেট উত্তীৰ্ণ শিক্ষক দুই-এজন দিয়া হয় যদিও কিছুদিন পিছতেই তেওঁলোকে উচ্চ পৰ্যায়ৰ বিষয়া সকলৰ কৃপাদৃষ্টি লাভ কৰি সেই শিক্ষানুষ্ঠানৰ পৰা বদলি হৈ গুচি যায়। তেওঁলোকে বদলি হবলৈ যিবোৰ কাৰণ দৰ্শায় সেয়াও আপুনি অমুলক বুলি ক’ব নোৱাৰে। ৰাস্তা ঘাট নথকা বিজুলী বিহীন আন্ধাৰ ঠাইত কেনেকৈ তেওঁলোকে চাকৰি জীৱনৰ অমুল্য সময় নষ্ট কৰিবলৈ নিজৰ সৰ্বস্ব ত্যাগ কৰিব ! এই সকলো সমস্যা সমাধানৰ কাৰণে আপোনাৰ দল বা আপোনাৰ ব্যক্তিগত পৰিকল্পনা কেনেকুৱা??
(১১) ধুবুৰী লোকসভা সমষ্টিৰ বিভিন্ন চিকিৎসালয়ত সকলো বিভাগৰ বিশেষজ্ঞ চিকিৎসক নিয়োগৰ দ্বাৰা পূৰ্ণ পৰ্যায়ৰ চিকিৎসালয় হিচাপে গঢ়ি তুলিবলৈ আপোনাৰ দল বা আপোনাৰ ব্যক্তিগত পৰিকল্পনা কেনেকুৱা??
(১২) ধুবুৰী লোকসভা সমষ্টিত আগতেই উল্লেখ কৰিছোঁ যে ৰাস্তা-ঘাটৰ ব্যপক অচলাৱস্থা। ৰাস্তা ঘাট উন্নয়ন নহলে সেই অঞ্চলৰ শিক্ষানুষ্ঠান বা চিকিৎসালয় সমূহত আপুনি উপযুক্ত চৰকাৰী কৰ্মচাৰী টানি ধৰি ৰাখিব নোৱাৰে। জাতি এটাৰ উন্নয়ন বিচাৰিলে প্ৰথমে সেই জাতিয়ে বসবাস কৰা অঞ্চলৰ ৰাস্তা-ঘাটৰ উন্নয়ন হব লাগিব, ৰাস্তা-ঘাট উন্নত হলে তাৰ শিক্ষানুষ্ঠান বা অন্যান্য অনুষ্ঠানলৈ দূৰ দূৰণিৰ পৰা উপযুক্ত মানুহৰ আগমন ঘটিব, ফলত নতুন নতুন অনুষ্ঠান গঢ় লৈ উঠিব, কৃষিজীৱী মানুহবোৰো উপকৃত হব, পুলিচ টহল বাঢ়িব ফলত বিভিন্ন অপৰাধজনিত কুকৰ্মবোৰ কমিব। গতিকে সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত ৰাস্তা ঘাট উন্নয়নৰ কাৰণে আপোনাৰ দল বা আপোনাৰ ব্যক্তিগত পৰিকল্পনা কেনেকুৱা??
(১৩) একালৰ কংগ্ৰেছৰেই দুই এটা ধুৰন্ধৰ ৰাজনৈতিক নেতাৰ ষড়যন্ত্ৰৰ বলি হৈ ধুবুৰী লোকসভা সমষ্টিৰ অবড়ো অধ্যুষিত অঞ্চল হাগ্ৰামাৰ বিটিএডি অঞ্চলত অন্তৰ্ভুক্ত হৈছে ৷ যাৰ কুফল সেই অঞ্চলৰ ৰাইজে ভুগি থাকিবলগীয়া হৈছে। সেই অঞ্চলসমূহৰ অবড়ো মানুহৰ অধিকাৰ সুৰক্ষাৰ স্বাৰ্থত বা সেই অঞ্চল কাটি আনিবলৈ আপোনাৰ দল বা আপোনাৰ ব্যক্তিগত পৰিকল্পনা কি??
(১৪) ধুবুৰী লোকসভা সমষ্টিৰ অফিচ-কাছাৰীত এতিয়াও বিভিন্ন ধৰণৰ দূৰ্নীতি চকুত লগা ধৰণে পৰিলক্ষিত হয়। সাধাৰণ ফাইল এটা লৰচৰ কৰাবলৈ টকা পইচাৰ লেন-দেন চকু কপালত উঠিবলগীয়া। এই ধৰণৰ বেমাৰ নিৰ্মূল কৰিবলৈ আপোনাৰ ব্যক্তিগত পৰিকল্পনা কেনেকুৱা??
(১৫) ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি পেট্ৰলজাত সামগ্ৰীৰ লগতে দৈনন্দিন জীৱনত ব্যৱহৃত অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি ৰোধ কৰিবলৈ আপোনাৰ দলটোৰ পৰিকল্পনা কেনেকুৱা??
(১৬) বৰ্তমানৰ চৰকাৰখনে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ দূৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উঠা পৰিলক্ষিত হৈছে। যদি আপোনাৰ দলটোৰ চৰকাৰ হয় তেতিয়া হলে এইসকল দূৰ্নীতিগ্ৰস্ত ৰাজনৈতিক নেতাসকলৰ কি ধৰণৰ শাস্তিমূলক ব্যৱস্থা লম বুলি ভাৱিছে??
(১৭) বাল্যবিৱাহ প্ৰতিৰোধ, জনসংখ্যা বিস্ফোৰণ প্ৰতিৰোধ আৰু জন্ম নিয়ন্ত্ৰণৰ ওপৰত আপোনাৰ দল তথা আপোনাৰ ব্যক্তিগত পৰিকল্পনা কেনেকুৱা??
(১৮) 2015 চনত উত্তীৰ্ণ হোৱা মাদ্ৰাছা টেটৰ প্ৰাৰ্থীসকলক নিযুক্তি দিয়াৰ ক্ষেত্ৰত আপোনাৰ দলৰ বা আপোনাৰ স্থিতি কি হ’ব??
(১৯) অসমত এক বুজন সংখ্যক মাদ্ৰাছাত পঢ়া ছাত্ৰ-ছাত্ৰীয়ে সংস্থাপনৰ অভাৱত চান্দা তুলি পৰিয়াল পোহপাল দিব লগা হৈছে ৷ তাৰ মূখ্য কাৰণ মাদ্ৰাছাৰ পৰম্পৰাগত শিক্ষাব্যৱস্থা ৷ মাদ্ৰাছা শিক্ষা আধুনিকীকৰণত আপোনাৰ দল তথা আপোনাৰ ব্যক্তিগত পৰিকল্পনা কি??
(20) ধুবুৰী লোকসভা সমষ্টিত জিলা পুথিভঁৰাল আছে যদিও ভিতৰুৱা অঞ্চলসমূহত তেনে কোনো পাব্লিক লাইব্ৰেৰী ব্যৱস্থা নাই ৷ অঞ্চল বিশেষে পাব্লিক লাইব্ৰেৰী গঢ় দিবলৈ আপোনাৰ দল বা আপোনাৰ ব্যক্তিগত পৰিকল্পনা কি??
(21) নাৰী সৱলীকৰণত আপোনাৰ পৰিকল্পনা কি??
(22) বিকলাঙ্গসকলক সন্মানজনক সংস্থাপন দিয়াৰ কাৰণে আপোনাৰ পৰিকল্পনা কি??
(23) আপোনাৰ দলত বা আপোনাৰ লগত কৰ্মী হিচাপে দিনে ৰাতিয়ে কাম কৰা কৰ্মীসকলে বহু দুৰ্নীতি কৰাৰ অভিযোগ পোৱা যায় ৷ তাৰ কাৰণ হৈছে কৰ্মসংস্থাপনৰ অভাৱ ৷ তেওঁলোকক কৰ্মসংস্থাপন দি দুৰ্নীতিমুক্ত কৰাত আপোনাৰ পৰিকল্পনা কি??
(24) ব্ৰহ্মপুত্ৰ পাৰ হ’বলৈ নাও ডুবি ইতিমধ্যে বহু লোকে প্ৰাণ আহুতি দিছে ৷ পাৰঘাট ব্যৱস্থাৰ সমস্যা সমাধানৰ বাবে আপোনাৰ পৰিকল্পনা কি??