নৱপ্ৰজন্মৰ এজন মিঞা বৰপেটীয়া ভোটাৰৰ প্রশ্ন তালিকা

ডাঃ জাহিদ আহমেদ: বৰপেটা লোকসভা সমষ্টিৰ মই এজন নৱপ্ৰজন্মৰ ভোটাৰ, সেই তাহানিৰ UMF ত থকা গোলাম উচমানীক ভোট দিয়াৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে বহুবাৰ বহু নেতাক ভোট প্ৰদান কৰি আহিলোঁ কিন্তু ইমানদিনে কেতিয়াও ভোট দিয়াৰ আগতে কোনো প্ৰাৰ্থীৰ যোগ্যতা বা তেওঁৰ সমস্যাৰ সমাধান কৰিব পৰা ক্ষমতা কিমান সেয়া খুব সুক্ষ্ম আৰু গভীৰভাৱে চিন্তা কৰা নাছিলোঁ। ভোটদানৰ দিনা ৰাতিপুৱা সপৰিয়ালে ঘৰত গৈ দুই এজনৰ লগত ওপৰে ওপৰে কথা পাতি ক্ষন্তেকীয়া সিদ্ধান্ত এটা লৈ মাত্ৰ আশা আৰু ভৰষাৰ ওপৰত ভিত্তি কৰি কাৰোবাক ভোটটো দি আহিছিলোঁ। কিন্তু এইবেলি নিজকে অলপ সলনি কৰিছোঁ, ভোটদানৰ আগতে মগজুত অনবৰতে কাইট বিন্ধাৰ নিচিনা বিন্ধি থকা প্ৰশ্ন সমূহৰ উত্তৰ বিচাৰি প্ৰাৰ্থীসকলৰ সন্মুখত থিয় দিয়াৰ মন। সন্তোষজনক উত্তৰ যিয়েই দিব পাৰিব মোৰ ভোট তেওঁৰ খাতাত….

(১) বেঁকী আৰু ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ কবলত পৰি নৈপৰীয়া আৰু ইয়াৰ আশে পাশে থকা ভাৰতীয় দুখীয়া মানুহবোৰৰ একাংশই প্ৰতিবছৰে নিজৰ ঘৰ বাৰী এৰি গৃহহীন হৈ অন্য ঠাইলৈ প্ৰব্ৰজন কৰে, কিন্তু বহু সময়ত সিহঁতৰ এই নতুন গৃহ নিৰ্মাণে তেওঁলোকক ৰাজ্যখনৰ অতি জাতীয়তাবাদী সকলৰ চকুত বিভিন্ন পেপাৰ মেডিয়াৰ কৃপাত বাংলাদেশী হিচাপে চিহ্নিত কৰা হয়। প্ৰতিবছৰে নতুন নতুন গৃহনিৰ্মানৰ চিন্তাই নিজৰ সন্তানক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰিবলৈও তেওঁলোকৰ সময়ৰ অভাৱ হৈ পৰে। এই গৃহহীন ভাৰতীয় মানুহৰ স্থায়ী আৰু সন্মানজনক সংস্থাপনৰ কাৰণে আপোনাৰ দলৰ বা আপোনাৰ ব্যাক্তিগত পৰিকল্পনা কি??

(২) এক বিশেষ সম্প্ৰদায়ৰ ক্ষেত্ৰত ডি ভোটাৰ এক ভাইৰাছ সদৃশ। বহু সময়ত দেখা যায় যে এবাৰ এজন মানুহ ডি ভোটাৰৰ পৰা মুক্তি পাই আদালতত ভাৰতীয় হিচাপে ঘোষণা হোৱাৰ পিছতো পুনৰাই ডি ভোটাৰৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হয়। এই ভাইৰাছটোৰ কবলত পৰি ইতিমধ্যেই বহু দুখীয়া মানুহে নিজৰ সৰ্বস্ব বিক্ৰী কৰি পথৰ ভিক্ষাৰী হৈ পৰিছে, বহুতে উপায়হীন হৈ আত্মহত্যাও কৰিলে। এই ডি ভোটাৰ নামৰ ব্যাধিটো চিৰদিনৰ বাবে নিৰ্মূল কৰিবলৈ আপোনাৰ দল তথা আপোনাৰ ব্যাক্তিগত পৰিকল্পনা কি??

(৩) তিহাৰ জেল কি জীৱনত দেখা নাই কিন্তু ডিটেন্সন কেম্প কি সেয়া আজি আমাৰ লগতে প্ৰায় সকলোৱেই জ্ঞাত। এই নৰক সদৃশ কাৰাগাৰত এতিয়ালৈকে কিমান নিষ্পাপ প্ৰাণীয়ে সূৰ্যবিহীন জিন্দেগী পাৰ কৰি আহিছে তাৰ বৰ্ণনা ভাষাৰে কৰিব নোৱাৰি। মাতৃদুগ্ধ নিৰ্ভৰশীল শিশু এটাও এই নৰক যন্ত্ৰণাৰ পৰা মুক্তি পোৱা নাই। ইয়াৰে বেছিভাগৰে দেশী বিদেশী প্ৰমাণ কৰিবলৈ বাহিৰত উপযুক্ত মানুহ পৰ্যন্ত নাই। এক অন্ধকাৰ ভৱিষ্যত মূৰত লৈ মাত্ৰ আল্লাহ ভৰষা কৰি হুমুনিয়াহ কাৰিয়েই সময়বোৰ পাৰ কৰে সিহঁতে। এই নৰক সদৃশ ডিটেন্শন কেম্পত থকা মানুহবোৰ সোনকালে দেশী বিদেশী হিচাপে প্ৰমাণ কৰি ভাৰতীয়ক সসন্মানেৰে সংস্থাপন দিয়া আৰু বিদেশীক বহিষ্কৰণৰ বাবে আপোনাৰ দল তথা আপোনাৰ ব্যাক্তিগত পৰিকল্পনা কেনেকুৱা??

(৪) এন আৰ চিৰ অন্তিম তথা চুড়ান্ত তালিকাৰ পৰা যদি কোনো বৈধ ভাৰতীয়ৰ নাম কিবাকৈ উপযুক্ত নথিপত্ৰৰ অভাৱত বা কৰ্তৃপক্ষৰ গাফিলতিৰ ফলত বাদ পৰি ৰয় তেতিয়াহলে সেইখিনি মানু্হৰ ভৱিষ্যত কেনেকুৱা হব আপুনি মই সকলোৱেই জ্ঞাত। তেনেকুৱা পৰিস্থিতিত সেই সকল মানুহৰ হকে যুঁজিবলৈ আপোনাৰ দল বা আপোনাৰ ব্যাক্তিগত পৰিকল্পনা কেনেকুৱা??

(৫) বৰপেটা জিলাখন শিক্ষা দীক্ষাৰ ক্ষেত্ৰত এক সুনাম কঢ়িয়াই ফুৰিছে বহু দিনৰ পৰাই, কিন্তু পশ্চিম বৰপেটা অঞ্চলত আমি দীৰ্ঘ দিনৰ পৰাই এক চৰকাৰী উচ্চশিক্ষা প্ৰতিষ্ঠানৰ অভাৱ অনুভৱ কৰি আহিছোঁ। বিশেষকৈ বিশ্ববিদ্যালয় পৰ্য্যায়ৰ এক শিক্ষানুষ্ঠানৰ দাবী সকলোৰে অন্তৰত বিদ্যমান, কিন্তু সদায় ৰাজ্যখনৰ অতি জাতীয়তাবাদী সকলৰ হাতেৰে সৃষ্ট সমস্যাবোৰৰ মোকাবিলা কৰোতে কৰোতে এই দাবীটোৱে এতিয়ালৈকে বিশেষ গুৰুত্ব পোৱা নাই, আৰু আপোনালোকে তো নিবিচাৰেই যে ইয়াৰ মানুহবোৰ উচ্চ শিক্ষা লাভ কৰি নিজৰ বিবেকৰ ওপৰত নিৰ্ভৰশীল হওঁক। গতিকে পশ্চিম বৰপেটা অঞ্চলত এখন বিশ্ববিদ্যালয় পৰ্যায়ৰ চৰকাৰী উচ্চশিক্ষা অনুষ্ঠান গঢ়ি তুলিবলৈ আপোনাৰ দল তথা আপোনাৰ ব্যাক্তিগত পৰিকল্পনা কেনেকুৱা??

(৫) বৰপেটাৰ পৰা মন্দিয়া হৈ বাঘবৰ পৰ্যন্ত যিটো ৰাস্তা সেইটোৰ ওপৰতেই বৰপেটা জিলাৰ দক্ষিণ অঞ্চলৰ চৰ চাপৰি বাসী সম্পূৰ্ণ নিৰ্ভৰশীল। এইটোৱেই একমাত্ৰ পথ যিটোৰে এক বৃহৎ সংখ্যক বৰপেটা বাসী দৈনিক বিভিন্ন চৰকাৰী বিষয়া কৰ্মচাৰী বা ব্যৱসায় বাণিজ্যৰ নামত বহু মানুহ বৰপেটা চহৰলৈ অহা যোৱা কৰিব লাগে কিন্তু পথটোৰ যিটো দূৰবস্থা তাৰ বৰ্ণনা ভাষাৰে কৰিব নোৱাৰি। তদুপৰি মন্দিয়াৰ দক্ষিণ অঞ্চলৰ আলু খেতি অসম বিখ্যাত কিন্তু প্ৰতিবছৰে মাত্ৰ এখন cold storage ৰ অভাৱত হাজাৰ হাজাৰ কুইণ্টল আলু নষ্ট হৈ যায় আৰু কৃষকসকলে এক বৃহৎ লোকচানৰ সন্মুখীন হবলগীয়া হয়। ইফালে বৰপেটা ৰোডতো এখন cold storage ৰ খুবেই প্ৰয়োজন যাৰ অভাৱত সেই ঠাইলৈ বিক্ৰী কৰিবলৈ লৈ যোৱা আলু বিলাহী তিয়হ ইত্যাদি উপযুক্ত দাম নাপাই ৰাস্তাৰ কাষতে ব্যৱসায়ীসকলে পেলাই দিব লগীয়া হয়। এই বিশেষ পথ (বৰপেটা চহৰৰ পৰা মন্দিয়া হৈ বাঘবৰ পৰ্যন্ত) আৰু মন্দিয়াত কৃষকৰ সমস্যা সমাধানৰ বাবে আপোনাৰ দল তথা আপোনাৰ ব্যাক্তিগত পৰিকল্পনা কেনেকুৱা??

(৬) যোৱা তৰুণ গগৈ চৰকাৰে কলগাছিয়া মহকুম ঘোষনাৰে সংখ্যালঘু অধ্যুষিত কলগাছিয়াত এক আলোড়নৰ সৃষ্টি কৰিছিল কিন্তু পিছলৈ সেয়া মাত্ৰ ঘোষনাতে সীমাবদ্ধ থাকিল অথচ এই মহকুমা স্থাপনৰ দাবীৰে কলগাছিয়া অঞ্চলৰ বহুতেই বিভিন্ন সময়ত জোৰদাৰ আন্দোলন কৰি আহিছে। কলগাছিয়াৰ ৰাইজৰ দাবীৰ প্ৰতি সন্মান জনাই আপোনাৰ দল বা আপুনি এখন পুৰ্ণ পৰ্যায়ৰ মহকুমা স্থাপনৰ কি পৰিকল্পনা কৰিছে??

(৭) বৰপেটা লোকসভা সমষ্টিত দৰিদ্ৰ দুখীয়া মানুহৰ অভাৱ নাই, এইসকলে প্ৰায়েই উজনিত কাম বিচাৰি গলে বাংলাদেশীৰ নামত নানা ধৰণৰ নিকৃষ্ট নিৰ্যাতনৰ বলি হৈ আহিছে। একমাত্ৰ কৰ্মস্থানৰ অভাৱ হোৱা কাৰণেই তেওঁলোকে নিজৰ ঠাই এৰি দেশৰ বিভিন্ন প্ৰান্তলৈ কাম বিচাৰি যাবলগীয়া হয়। এইসকল অশিক্ষিত দৰিদ্ৰ পৰিয়ালৰ কৰ্মসংস্থানৰ বাবে নিজৰ জন্মঠাইতেই কিবা উদ্যোগীকৰণ বা তেনেকুৱা কিবা পৰিকল্পনা কৰিছে নেকি??

(৮) বৰপেটাত শিক্ষিত নিবনুৱাৰ অভাৱ নাই, বিশেষকৈ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মাজত এই সংখ্যা বহু বেছি আৰু দিনে দিনে এইটো জলন্ত সমস্যা ৰূপে পৰিগণিত হবলৈ আৰম্ভ কৰিছে। চৰকাৰী বিজ্ঞপ্তি যোগে চাকৰিৰ বজাৰ মেলি দিলে ধৰ্মীয় সংখ্যালঘুৱে কিমান চাকৰি পায় সেয়া সৰ্বজন বিদিত। গতিকে এই সকল শিক্ষিত নিবনুৱাক চৰকাৰী সংস্থাপনৰ বাবে আপোনাৰ দল বা আপোনাৰ ব্যাক্তিগত পৰিকল্পনা কেনেকুৱা??

(৯) বৰপেটা জিলাত এতিয়াও বহু ভেঞ্চাৰ স্কুলত বহু শিক্ষকে বছৰ বছৰ ধৰি বিনামূলীয়া পাঠদান কৰি আছে অথচ তেওঁলোকৰ পৰিয়ালৰ ভৰন পোষণৰ বাবে পকেটত ফুটাকড়ি এটাও নাথাকে। যদি প্ৰাদেশিকীকৰণৰ কৰিব নোৱাৰে তেন্তে সেইসকল শিক্ষকৰ পৰিয়ালৰ ভৰণ পোষণৰ বাবে আপোনাৰ দল বা আপোনাৰ ব্যাক্তিগত পৰিকল্পনা কেনেকুৱা??

(১০) বৰপেটাৰ ভিতৰুৱা অঞ্চলত থকা শিক্ষানুষ্ঠান সমূহত মাজে টেট উত্তীৰ্ণ শিক্ষক এজন দুজন দিয়া হয় যদিও কিছুদিন পিছতেই তেওঁলোকে উচ্চ পৰ্যায়ৰ বিষয়া সকলৰ কৃপাদৃষ্টি লাভ কৰি সেই শিক্ষানুষ্ঠানৰ পৰা বদলি হৈ গুচি যায়। তেওঁলোকে বদলি হবলৈ যিবোৰ কাৰণ দৰ্শায় সেয়াও আপুনি অমুলক বুলি কব নোৱাৰে। ৰাস্তা ঘাট নথকা বিজুলী বিহীন আন্ধাৰ ঠাইত কেনেকৈ তেওঁলোকে চাকৰি জীৱনৰ অমুল্য সময় নষ্ট কৰিবলৈ নিজৰ সৰ্বস্ব ত্যাগ কৰিব! এই সকলো সমস্যা সমাধানৰ কাৰণে আপোনাৰ দল বা আপোনাৰ ব্যাক্তিগত পৰিকল্পনা কেনেকুৱা??

(১১) বৰপেটা জিলাৰ সদ্য নিৰ্মিত আদৰ্শ চিকিৎসালয় তিনিখন (মন্দিয়া, চান্দমামা আৰু ভক্তডোবা) সকলো বিভাগৰ বিশেষজ্ঞ চিকিৎসক নিয়োগৰ দ্বাৰা পূৰ্ণ পৰ্যায়ৰ চিকিৎসালয় হিচাপে গঢ়ি তুলিবলৈ আপোনাৰ দল বা আপোনাৰ ব্যাক্তিগত পৰিকল্পনা কেনেকুৱা??

(১২) পশ্চিম বৰপেটা অঞ্চলত এতিয়াও ৰাস্তা ঘাটৰ ব্যপক অচলাৱস্থা। ৰাস্তা ঘাট উন্নয়ন নহলে সেই অঞ্চলৰ শিক্ষানুষ্ঠান বা চিকিৎসালয় সমূহত আপুনি উপযুক্ত চৰকাৰী কৰ্মচাৰী টানি ধৰি ৰাখিব নোৱাৰে। জাতি এটাৰ উন্নয়ন বিচাৰিলে প্ৰথমে সেই জাতিয়ে বসবাস কৰা অঞ্চলৰ ৰাস্তা ঘাটৰ উন্নয়ন হব লাগিব, ৰাস্তা ঘাট উন্নত হলে তাৰ শিক্ষানুষ্ঠান বা অন্যান্য অনুষ্ঠানলৈ দূৰ দূৰণিৰ পৰা উপযুক্ত মানুহৰ আগমন ঘটিব, ফলত নতুন নতুন অনুষ্ঠান গঢ় লৈ উঠিব, কৃষিজীৱী মানুহবোৰো উপকৃত হব, পুলিচ টহল বাঢ়িব ফলত বিভিন্ন অপৰাধজনিত কুকৰ্মবোৰ কমিব। গতিকে সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত ৰাস্তা ঘাট উন্নয়নৰ কাৰণে আপোনাৰ দল বা আপোনাৰ ব্যাক্তিগত পৰিকল্পনা কেনেকুৱা??

(১৩) একালৰ কংগ্ৰেছৰেই দুই এটা ধুৰন্ধৰ ৰাজনৈতিক নেতাৰ ষড়যন্ত্ৰৰ বলি হৈ বৰপেটাৰ বহু ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চল হাগ্ৰামাৰ বিটিএডি অঞ্চলত অন্তৰ্ভুক্ত হৈছিল আৰু আজিও সেই অঞ্চলৰ ৰাইজে তাৰ কুফল ভুগি থাকিবলগীয়া হৈছে। সেই অঞ্চলসমূহৰ অবড়ো মানুহৰ অধিকাৰ সুৰক্ষাৰ স্বাৰ্থত আপোনাৰ দল বা আপোনাৰ ব্যাক্তিগত পৰিকল্পনা কি??

(১৪) বৰপেটাৰ বহু অফিচ কাছাৰীত এতিয়াও বিভিন্ন ধৰণৰ দূৰ্নীতি চকুত লগা ধৰণে পৰিলক্ষিত হয়। সাধাৰণ ফাইল এটা লৰচৰ কৰাবলৈ টকা পইচাৰ লেন-দেন চকু কপালত উঠিবলগীয়া। এই ধৰণৰ বেমাৰ নিৰ্মূল কৰিবলৈ আপোনাৰ ব্যাক্তিগত পৰিকল্পনা কেনেকুৱা??

(১৫) ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি পেট্ৰলজাত সামগ্ৰীৰ লগতে দৈনন্দিন জীৱনত ব্যৱহৃত অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ মূল্য বৃদ্ধি ৰোধ কৰিবলৈ আপোনাৰ দলটোৰ পৰিকল্পনা কেনেকুৱা??

(১৬) বৰ্তমানৰ চৰকাৰখনে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ দূৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উঠা পৰিলক্ষিত হৈছে। যদি আপোনাৰ দলটোৰ চৰকাৰ হয় তেতিয়াহলে এইসকল দূৰ্নীতিগ্ৰস্ত ৰাজনৈতিক নেতাসকলৰ কি ধৰণৰ শাস্তিমূলক ব্যৱস্থা লম বুলি ভাৱিছে??

(১৭) বাল্যবিৱাহ প্ৰতিৰোধ, জনসংখ্যা বিস্ফোৰণ প্ৰতিৰোধ আৰু জন্ম নিয়ন্ত্ৰণৰ ওপৰত আপোনাৰ দল তথা আপোনাৰ ব্যাক্তিগত পৰিকল্পনা কেনেকুৱা??

(উল্লেখযোগ্য যে উপৰোক্ত প্ৰশ্নসমূহ মোৰ জন্মস্থান পশ্চিম বৰপেটা অঞ্চলৰ লগত জড়িত, আপুনিও আপোনাৰ অঞ্চলৰ লগত জড়িত প্ৰশ্নসমূহৰ তালিকা যুগুত কৰি তাৰ উপযুক্ত উত্তৰ বিচাৰি প্ৰাৰ্থীসকলৰ সন্মুখত থিয় দিয়ক)

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.