ব্ৰহ্মপুত্ৰৰ বালিচৰত এজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে কোৱা শুনিলো :

” মোৰ হিন্দু মুছলিম সম্পৰ্কে সকলো ধ্যান ধাৰণা নোহোৱা হৈ গৈছে। কেতিয়াবা নিজৰ ওপৰতে ঘীণ ওপজে । আজিকালি অসমত দুটা শব্দই তেজে ধোৱা তিৰাশিলৈ মনত পেলাই দিয়ে।
সন্দেহযুক্ত হিন্দু বাংলাদেশী, সন্দেহযুক্ত মুছলিম বাংলাদেশী …..নৃগোষ্ঠীয়ভাবে এই দ্রাবিড় মূলীয় লোক সকল যেন মানুহেই নহয়….কিমান যে তুচ্ছ-তাচ্ছিল্যৰ সন্মুখীন হৈ আছে ,এই প্ৰজাতি দুটাই ….কি ভুল কৰিছে ইহঁতে ….নিৰীহ ,দুখীয়া, লেৰেলা, চেপেটা,…কেৱল দৌৰিছে দুমুঠি অন্নৰ বাবে …..কি যে দুখ লগা ইহঁতৰ অৱস্থা….
মই কাৰো ঠিকাদাৰহৈ ইহঁতৰ বাবে উকালতি কৰিব যোৱা নাই….মোৰ নিজৰ ওপৰতে খং আৰু ভগৱান আল্লাৰ ওপৰত ধিক্কাৰ উপজিছে…. এজন মানৱ সন্তান হিচাবে নিজৰ ওপৰত ধিক্কাৰ ওপজে।
কিয় সৃস্টি কৰিব লাগে এনে প্ৰজাতি যাৰ লাঞ্ছনা বঞ্চনাৰ বাহিৰে পাবলৈ একো নাই….মানুহ হিচাপে জীয়াৰ থকাৰ সাধাৰন নূন্যতম আত্মসন্মানো ইহঁতৰ নাই আৰু সিহঁতৰ নূন্যতম মানবাধিকাৰ খিনি হৰণ কৰাৰ কাৰণে নিত্য নতুন কূট কৌশল ৰচনা হৈয়েই আছে বিগত ১০০ বছৰ আগৰ পৰাই ।”