অসমত থ্রী ডি (3D) কি বস্তু ?

মাইন উদ্দিন:

আজিকালি ইনবক্সত বা ফোনত বহুতে প্রশ্ন কৰে –

” দাদা/ Sir এই যে আপুনি আৰু কেইজন মানে প্ৰায়ে লিখি থাকে থ্রী ডি (3D) কিন্তু এই 3D কি বস্তু ? ”

Image may contain: 1 person, outdoor and nature

প্রশ্নটো ৰাজহুৱা স্বার্থজড়িত হোৱা ভাবেই ৰাজহুৱা বাবে দিলো।আচলতে 3D মানে Three-dimension (তিনি তৰপীয়া) ফটো তৈয়াৰ কৰা জ্যামিতিক কৌশল (Three-dimensional space is a geometric setting in which three values are required to determine the position of an element)। অসমত 3D কলে ভিন্ন অর্থ বুজায়। অসমত ১৯১৯ চনত পোনতে এই 3D ৰ আৱিস্কাৰ হৈছিল যদি ও নাম ভিন্ন আছিল। এই 3D ৰ প্রভাৱতে Line System -১৯২০ আইনত পৰিণত হৈছিল। ১৯২৬, ১৯৩৪, ১৯৪৬, ১৯৫০, ১৯৬১, ১৯৭১, ১৯৭৯, ১৯৮৩, ১৯৮৮,১৯৯৪ আদিতো এই 3D আহিছিল কিন্তু ভিন্ন ভিন্ন নাম লৈ। অৱশেষত ১৯৯৭ চনত আনুষ্ঠানিক ভাবে এই 3D ঘোষিত হৈছিল চৰকাৰী ভাবে। চৰকাৰ কোন দলে চলাইছিল সেয়া মনত পেলাই লব। ২০০১ ৰ ২০১৬ লৈ এই 3D ক সাৰ-পানী দি লহপহ কৈ বাঢ়িবলৈ অসম চৰকাৰে পৃষ্ঠপোষকাত কৰি পূর্ণতা দিয়ে।
3D in Assam
==================
All inhabitants demanded 3D
==================
D= Detection of doubtful citizen
D= Deletion of doubtful voters
D= Deportation of identified foreigner
==================
But the Govt has delivered
==================
D= Detention Camp
D= Doubtful Voter
D= Doubtful Citizen

যিসকলে এতিয়াও অসমৰ এই 3D ক বুজি পোৱা নাই, সেই সকলক বুজাব পৰা সক্ষমতা এই নিঃকিনৰ নাই। বিজ্ঞ কাৰোবাক সুধিবলৈ অনুৰোধ কৰিলোঁ।

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.