চচিয়েল মেডিয়াত অতপালি আৰু সময়ৰ আহবান

 মাইন উদ্দিন:  যোৱা কেইবছৰ হ’ল কিছুমান ৰাজনৈতিক দল /সংগঠনৰ কৰ্মীৰ অতপালি চচিয়েল মেডিয়াত বৃদ্ধি পাইছে। “আদাক দেখি উঠিল গা , কেতেৰীয়ে বোলে মোকো খা” ধৰণে কিছুমান সংখ্যালঘু যুৱক আৰু সংগঠনৰ সদস্যই সকলেও একেধৰণেই অতপালি কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। এইক্ষেত্ৰত কিছু অসামাজিক তত্বই FAKE একাউন্টৰ জড়িয়তেও এই কামত সাৰপানী যোগাইছে। ব্যক্তিগত ভাবে বহু জনক হকা-বাধা দি আহিছো যাতে এনেকুৱা অতপালি চচিয়েল মেডিয়াত নকৰে। কিন্তু বর্তমানে অতপালি কৰা ব্যক্তিৰ সংখ্যা বৃদ্ধি পাইছে সেয়ে ৰাজহুৱা ভাবে (বিশেষ কৈ সংখ্যালঘু) ৩০ অনূর্ধ চেঙেলীয়া যুৱ সকল লৈ আবেদন /নিবেদন /আদেশ : ১. চচিয়েল মিডিয়াত বিতর্কিত পোস্টত মন্তব্য দিয়া বন্ধ কৰক। ২. নিউজ চেনেলৰ পেজত লাইক […]

অসমৰ নৃগোষ্ঠীয় প্ৰব্ৰজন আৰু কিছু সমল

সংগ্রহ , সম্পাদনা : মাইন উদ্দিন এজন বা তাতোধিক ব্যক্তিয়ে যেতিয়া স্থায়ীৰূপে নাইবা দীৰ্ঘদিনৰ বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ বাসস্থান সলনি কৰে, এই প্রাকৃতিক পৰিঘটনাক প্ৰব্ৰজন বোলে। প্ৰব্ৰজনৰ ফলতেই এটা অঞ্চলৰ জনসংখ্যাৰ হ্ৰাস-বৃদ্ধি হয়। প্ৰব্ৰজন আৰম্ভ হোৱা এলেকাক প্ৰব্ৰজনৰ উৎস বোলে । আৰু যি স্থানলৈ প্ৰব্ৰজন হয় সেই এলেকাক প্ৰব্ৰজনৰ লক্ষ্যস্থল বোলে। প্ৰব্ৰজনৰ কাৰকসমূহ: মানুহে বিভিন্ন দুর্যোগৰ পৰা ৰক্ষা পাবলৈ বা অধিক সুবিধা লাভৰ অৰ্থে নতুবা বিভিন্ন সা-সুবিধাৰ প্ৰতি আকৰ্ষিত কৰি প্ৰব্ৰজন কৰিবলৈ বাধ্য কৰা হয়। প্ৰব্ৰজনৰ প্ৰধান কাৰক দুটা হ’ল আকৰ্ষণী কাৰক আৰু বিকৰ্ষণী কাৰক 1. আকৰ্ষণী কাৰক যিবোৰ কাৰকে এটা অঞ্চললৈ মানুহক অন্য এটা অঞ্চলৰ পৰা […]

সচেতন মিঞা ভাই সকলক আকৌ কৈছো

মাইন উদ্দিন: সমাজচ্যুত হোৱাৰ পৰা ৰক্ষা পাবলৈ লব লগা পদক্ষেপ : ১. প্রতিটো চুবাতে সমাজ সচেতন সকলৰ ক্ষুদ্র কমিটি গঠন কৰক। ২. অপৰাধী আৰু সম্ভাব্য সকলক চিনাক্ত কৰক। ৩. প্রথমে কমিটিৰ ফালৰ পৰা বুজনি দিয়াৰ ব্যৱস্থা কৰক। ৪. অভিজ্ঞ মানসিক ৰোগ বিশেষজ্ঞৰ দ্বাৰা কাউন্সেলিং ৰ ব্যৱস্থা কৰক। ৫. মদ, জুৱা, লটাৰী আদিত জড়িত সকলক প্রশাসনৰ হতুৱাই নাকি লগাওক। ৬. ইজি মানিৰ বিপৰীতে বৈধ বিকল্প উপার্জনৰ ৰাস্তা উলিয়াই দিয়ক। ৭. পশ্চিমীয়া বা আৰবীয় সংস্কৃতি নহয়, শুদ্ধ ইছলামিক সংস্কৃতিৰ প্রচলনত সহযোগ কৰক। ৮. প্রতিটো চুবাতে মছজিদৰ কাষতে এখন আধুনিক বিদ্যালয়ৰ ব্যৱস্থা কৰক। ৯. সামাজিক বিচাৰ ব্যৱস্থাত প্রতক্ষ্য ভাবে প্রশাসনক জড়িত কৰক। ১০. […]

ডি-ভোটাৰ (D-Voter) ৰ পিছত অনাগত ডি- এন আৰ ছি

সাধাৰণতে বহুতে প্রশ্ন কৰে -ডি-ভোটাৰ মানে কি? হয় নাগৰিক হ’ব, নাইবা বিদেশী হ’ব। ইয়াত আকৌ ডি ভোটাৰৰ কথা ক’ৰ পৰা আহিল? মহামান্য উচ্চতম ন্যায়ালয়ে Civil Appeal Nos.4171-4180 of 1994 ত ০৫.০৫.১৯৯৪ তাৰিখে দিয়া ৰায়দান অনুসৰি ভাৰতীয় নির্বাচন আয়োগে Letter No.23/96/P.S.-II Dated 07.10.1996 যোগে ০১.০১.১৯৯৭ ভিত্তি হিচাবে লৈ অসমত ভোটাৰ তালিকা সংশোধনীৰ নির্দেশ দিয়ে। ভাৰতীয় নির্বাচন আয়োগে Letter No.23/AS/96 Dated 04.02.1997 যোগে নির্বাচনী পন্জীয়ক বিষয়া তথা অন্যান্য সকলৰ বাবে গাইডলাইন জাৰি কৰে। নির্বাচন আয়োগে Letter No.23/AS/96 Dated 17.07.1997 যোগে আৰু কিছু নির্দেশনা জাৰি কৰে। ভাৰতীয় নির্বাচন আয়োগে Letter No.23/AS/96 Vol.III Dated 12.11.1997 যোগে নির্দেশ দিয়ে, যি সকলৰ গোচৰ ন্যায়াধীকৰণলৈ প্রেৰন কৰা […]

চৰকাৰী বা চৰকাৰৰ পৃষ্ঠপোষক ঘৃণাৰ বেপাৰী সকলৰ প্রতি

চৰকাৰী বা চৰকাৰৰ পৃষ্ঠপোষকতা কৰা বেচৰকাৰী কূটিল যন্ত্র প্রয়োগ কৰি অভাৰতীয় বুলি প্রমাণ কৰিব পাৰিব কিন্তু অন্য দেশৰ নাগৰিক বুলি প্রমাণ কৰাৰ সক্ষমতা আৰু যোগ্যতা আপোনালোকৰ নাই । গতিকে অন্যদেশে মিঞাক গ্রহণ কৰাৰ প্রশ্নই নাহে। ব্যাখ্যা আৰু নিদিওঁ। মোকো বাংলাদেশী , বাংলাদেশী মূল, বিদেশী , আদি যি মন যায় কব পাৰে। আপোনালোকৰ দাবী মতে – অশিক্ষিত মিঞা এজনে ১৯৭১ চনৰ আগৰ চৰকাৰী নথি বনাই লব পাৰে । সেয়ে চৰকাৰী ৰঙা ফিতাৰ পাকেৰে অসমত জন্ম লোৱা মিঞা খিনিক , অসমবাসী নহয় বুলি প্রমাণ কৰাৰ অধিকাৰ আপোনালোকৰ আছে বুলি মানি ললো কিন্তু অন্য দেশৰ নাগৰিক বুলি প্রমান কৰাৰ সক্ষমতা নাই আৰু যোগ্যতা […]

অসমত বর্ণবাদৰ নবীনতম সংস্কৰণ: ভুৱা আপত্তি

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বা NRC ৰ মুঠ ১৭ তৰপীয়া পর্যবেক্ষণ পাৰ হৈ অন্তিম খচৰাত নাম আহিল। এৰাতিৰ ভিতৰত লাখ লাখ মানুহৰ বিৰুদ্ধে তথাকথিত কিছু সংগঠনে আপত্তি দিলে আৰু সেই সংগঠনক প্রত্যক্ষ বা পৰোক্ষ ভাবে বহুতে সহযোগিতা কৰিলে। এতিয়া প্রশ্ন হয় – A . ২১ টা সংখ্যাৰ নিজৰ ARN নম্বৰটো আমি নিজেই মুখস্থ ৰাখিব পৰা নাই সেই ক্ষেত্রত তথাকথিত কিছু সংগঠনে কেনেকৈ মনত ৰাখিলে বা কোনে যোগান দিলে? B. চালনীৰে ছেকি ছেকি কেৱল বিশেষ ধর্মীয় আৰু ভাষিক সকলৰ বিৰুদ্ধে আপত্তি দর্শাবলৈ লাখ লাখ ARN নম্বৰৰ ব্যক্তি সকলক অভিযোগকাৰী সকলে চিনি নোপোৱাৰ কাৰণ কি? পানী নসৰকা ব্যৱস্থাৰ মাজেৰে চুপ্ৰিম কৰ্টৰ নিৰ্দেশনা মতেই […]

মিঞা ভাই : অসমত এয়াই বাস্তৱ

বহুবাৰ বহলাই ব্যাখ্যা দিছো যে স্বাধীনতাৰ কেইবাদশক আগৰ পৰাই লক্ষ লক্ষ মিঞা অসমত নিগাজীকৈ বাস কৰিছিল গতিকে অসমৰ মিঞা খিনিক বৈধ/অবৈধ নীতি নিয়মৰ মাজেৰে ৰাষ্ট্রহীন কৰিব পাৰিব কিন্তু বাংলাদেশী বুলি প্রমাণ কৰিব কোনোৱে নোৱাৰে। বাংলাদেশী বুলি প্রমান কৰিবলৈ সেইদেশৰ ঠিকনা বা প্রমান পত্র দিব লাগিব সেয়া অসম বা ভাৰত চৰকাৰৰ হাতত নাই। সেয়ে বাংলাদেশে অসমৰ মিঞা খিনিক গ্রহণ নকৰে। গতিকে মিঞাক অসমৰ পৰা কোনোৱে খেদিব ও নোৱাৰে। ১৮৯২ ৰ পৰা ২০১৯ লৈ সকলো কাগজ পাতি ঠিক থকাৰ কাৰণেই NRC ড্রাফটত নাম আহিছে ইয়াৰ পিছতো আমাৰ পৰিয়ালৰ ৪ গৰাকী ব্যক্তিৰ বিৰুদ্ধে আপত্তি (Objection) দাখিল কৰিলে কোনোবা অচিনাকি দাস উপাধিৰ ব্যক্তিয়ে কিন্তু […]

মোৰ জাতীয় পৰিচয় আজীৱন অসমীয়া তাৰ পিছতেই জনগোষ্ঠীয় পৰিচয় ‘মিঞা’

আপুনি যদি মিঞাক বেয়া পায় তেন্তে বন্ধু তালিকাৰ পৰা দূৰত থাকিব লৈ অনুৰোধ থাকিল । মোৰ ভ্রাতৃক ঘৃণা কৰা সকলে মোক ভাল নাপালে ও চলিব। কোনো মূল /ভুল বুজি নাপাওঁ – চিধা কথা – অগ্রজ বা অনুজ আন বহু প্রব্রজনকাৰী জনগোষ্ঠীৰ দৰেই মিঞা ও বৃহত্তৰ ‘অসমীয়া’ জাতিৰ অংগ। মানি লব নোৱাৰটো আপোনাৰ মানসিকতা আৰু আপোনাৰ সমস্যা কিন্তু বাস্তৱতা নহয়। অসমীয়া জাতি গঠন : বহুতে আজিকালি দাবী কৰে যে তেখেত বা তেখেতৰ জনগোষ্ঠীৰ মানুহ খিনি ভূমিপুত্র আৰু প্রকৃত অসমীয়া। যদি কেতিয়াবা সেই মূধাফুটা জনক সোধা যায় – “আপুনি বা আপোনাৰ জনগোষ্ঠীৰ কি কি অৱদান আছে বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্রিয়াত? ” […]

মিঞাৰ Et tu, Brute

মাইন উদ্দিন : অসম চৰকাৰৰ দ্বাৰা নিযুক্তি প্রাপ্ত সংখ্যালঘু উন্নয়ন বোর্ডৰ অধ্যক্ষই কৈছিল ১.১ কৌটি তথাকথিত অখিলঞ্জীয়া মিঞা কিন্তু প্রকৃত ৯০ লাখহে। এই তথাকথিত অখিলঞ্জীয়া ২৯% মিঞা অসমত কিন্তু চৰকাৰী চাকৰি ৩.৯% , শিক্ষাৰ হাৰ ৫১% যত সমগ্র ৰাজ্যৰ হাৰ প্রায় ৭৬%, অসমত থকা মুঠ ভূমিহীনৰ ৮৫% ভূমিহীন তথাকথিত অখিলঞ্জীয়া মিঞা। অসমৰ মুঠ ভূমিৰ ৯% (ম্যাদী মাটি ) হে এই তথাকথিত অখিলঞ্জীয়া মিঞাৰ দখলত। এতিয়া প্রশ্ন হয় -অসমত প্রভুত্ব কাৰ চলি আছে? ইয়াৰ পিছতো বহুতেই দাবী কৰি আছে – “অসমত খিলঞ্জীয়াৰ প্রভুত্ব থাকিবই লাগিব। প্রতিকূল পৰিস্থিতিৰ লগত সংগ্রাম কৰি কিছু সংখ্যক মিঞাৰ সন্তানে সমাজৰ সুস্থ নাগৰিক হৈছে। এই কিছু সংখ্যকৰ […]

My Identity definition : Poem by Main Uddin

My Identity definition ================ What are you? I really wanna know I have all these theories but no evidence to show For it, it’s strange really for a whole You look like your black & white but there’s something different Clearly, there’s another side to the story that I’m missing Oh, you’re Bangladeshi? How can that be the case? That doesn’t mean your indigenous Your Lungi or beard is the true definition of race. Oh, I see, you meant Indian. Really, you’re from the East Bengal? Your forefathers must have been born in British India The truths have been released […]