চৰকাৰী বা চৰকাৰৰ পৃষ্ঠপোষক ঘৃণাৰ বেপাৰী সকলৰ প্রতি

চৰকাৰী বা চৰকাৰৰ পৃষ্ঠপোষকতা কৰা বেচৰকাৰী কূটিল যন্ত্র প্রয়োগ কৰি অভাৰতীয় বুলি প্রমাণ কৰিব পাৰিব কিন্তু অন্য দেশৰ নাগৰিক বুলি প্রমাণ কৰাৰ সক্ষমতা আৰু যোগ্যতা আপোনালোকৰ নাই । গতিকে অন্যদেশে মিঞাক গ্রহণ কৰাৰ প্রশ্নই নাহে।

ব্যাখ্যা আৰু নিদিওঁ। মোকো বাংলাদেশী , বাংলাদেশী মূল, বিদেশী , আদি যি মন যায় কব পাৰে। আপোনালোকৰ দাবী মতে – অশিক্ষিত মিঞা এজনে ১৯৭১ চনৰ আগৰ চৰকাৰী নথি বনাই লব পাৰে । সেয়ে চৰকাৰী ৰঙা ফিতাৰ পাকেৰে অসমত জন্ম লোৱা মিঞা খিনিক , অসমবাসী নহয় বুলি প্রমাণ কৰাৰ অধিকাৰ আপোনালোকৰ আছে বুলি মানি ললো কিন্তু অন্য দেশৰ নাগৰিক বুলি প্রমান কৰাৰ সক্ষমতা নাই আৰু যোগ্যতা ও আপোনালোকৰ নাই। কাৰণ এই অভিযোগৰ বাস্তৱ কোনো ভিত্তি নাই। ৯৫% মিঞাই ১৯৫১ ৰ নথিৰে NRC ত নাম সন্নিবিষ্ট কৰিছে।

অপ্রিয় হলেও সত্য যে – চৰকাৰী নথি প্রদান কৰা ৯০% কৰ্মচাৰীয়েই তথাকথিত খিলঞ্জীয়া ভূমিপুত্র। (চৰকাৰী চাকৰিত মিঞাৰ অংশগ্রহণ ৩.৯% বা প্রায় ৪% হে)

শেষত এটা কথাকে কম – ভাৰতীয় বুলি মানে বা ৰাষ্ট্রহীন কৰে বা যি মন যায় কৰিব পাৰিব ( The SC has given Free hand) কিন্তু মিঞা খিনি ও অসমবাসী অসমীয়া আৰু মৃত্যু নোহোৱালৈকে অসমৰ পৰা খেদিব নোৱাৰে।

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.