ডি-ভোটাৰ (D-Voter) ৰ পিছত অনাগত ডি- এন আৰ ছি

সাধাৰণতে বহুতে প্রশ্ন কৰে -ডি-ভোটাৰ মানে কি? হয় নাগৰিক হ’ব, নাইবা বিদেশী হ’ব। ইয়াত আকৌ ডি ভোটাৰৰ কথা ক’ৰ পৰা আহিল?

মহামান্য উচ্চতম ন্যায়ালয়ে Civil Appeal Nos.4171-4180 of 1994 ত ০৫.০৫.১৯৯৪ তাৰিখে দিয়া ৰায়দান অনুসৰি ভাৰতীয় নির্বাচন আয়োগে Letter No.23/96/P.S.-II Dated 07.10.1996 যোগে ০১.০১.১৯৯৭ ভিত্তি হিচাবে লৈ অসমত ভোটাৰ তালিকা সংশোধনীৰ নির্দেশ দিয়ে।

ভাৰতীয় নির্বাচন আয়োগে Letter No.23/AS/96 Dated 04.02.1997 যোগে নির্বাচনী পন্জীয়ক বিষয়া তথা অন্যান্য সকলৰ বাবে গাইডলাইন জাৰি কৰে। নির্বাচন আয়োগে Letter No.23/AS/96 Dated 17.07.1997 যোগে আৰু কিছু নির্দেশনা জাৰি কৰে।

ভাৰতীয় নির্বাচন আয়োগে Letter No.23/AS/96 Vol.III Dated 12.11.1997 যোগে নির্দেশ দিয়ে, যি সকলৰ গোচৰ ন্যায়াধীকৰণলৈ প্রেৰন কৰা হৈছে তেওলোকৰ নাম “ডি” হিচাবে চিহ্নিত কৰি ভোটাৰ তালিকাত অর্ন্তভুক্ত কৰিব লাগে। নির্বাচন আয়োগে Letter No.23/AS/96 Vol.III Dated 06.12.1997 যোগে অসমৰ ১২৬ টা সমষ্টিৰ ভোটাৰ তালিকা ০৯.১২.১৯৯৭ তাৰিখে প্রকাশ কৰাৰ নির্দেশ দিয়ে। সেই অনুসৰি নামৰ আগত “ডি” সহ প্রথম ভোটাৰ তালিকা ০৯.১২.১৯৯৭ তাৰিখে প্রকাশ হয়। নির্বাচন আয়োগে Letter No.23/AS/96 Vol.III Dated 05.01.1998 যোগে নির্দেশনা দিয়ে যে “ডি” ভোটাৰ সকলে কোনো নির্বাচনত ভোটদান বা অংশগ্রহন কৰিব নোৱাৰিব।

“ডি” ভোটাৰৰ সাংবিধানীক বৈধতা সম্পর্কে মহামান্য গৌহাটী উচ্চ ন্যায়ালয়ত কেইবাটাও ৰাজহুৱা স্বার্থজনীত আবেদন (PIL) দাখিল হৈছিলে। আবেদন কেইটা ক্রমে- CR (PIL) No.185/1998; CR (PIL) No.253/1998 ও CR (PIL) No.254/1998. মহামান্য গৌহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে ১১.০১.২০০২ তাৰিখে আটাইকেইটা আবেদন নাকচ কৰে তথা ভোটাৰ তালিকাত “ডি” সাংবিধানীক ভাবে বৈধ বুলি ৰায়দান কৰে।

মহামান্য গৌহাটী উচ্চ ন্যায়ালয়ৰ ১১.০১.২০০২ তাৰিখৰ ৰায়ৰ বিৰুদ্বে মহামান্য উচ্চতম ন্যায়ালয়ত আপিল দাখিল হৈছিল যদিও পৰবর্তী সময়ত আপিল সমূহ উঠাই লয়। সেয়ে “ডি” ভোটাৰৰ সাংবিধানীক বৈধতা সম্পর্কে মহামান্য গৌহাটী উচ্চ ন্যায়ালয়ৰ ৰায় বাহাল আছে।

অবৈধ বিদেশী নহয়, অবৈধ বাংলাদেশী সমস্যাটোক লৈ বিগত প্ৰায় চাৰিটা দহক ধৰি অসমৰ ৰাজনীতি গৰম হৈ আছে৷ কিন্তু অসমত বৰ্তমানলৈ কিমান অবৈধ বাংলাদেশী নাগৰিক আছে সেই তথ্য এতিয়ালৈকে চৰকাৰৰ হাতত নাই৷ বিভিন্ন সময়ত কোনো ব্যক্তি বা দল সংগঠনৰ নেতাই অসমত ৩০ৰ পৰা ৬০ লাখলৈ অবৈধ বাংলাদেশী নাগৰিক আছে বুলি মন্তব্য কৰি আহিছে যদিও সেইসকল ব্যক্তি বা সংগঠনৰ হাততো তেনে কোনো তথ্য নাই৷ তথ্যবিহীন এই সমস্যাটোক লৈ বিগত দিনত অসমৰ ৰাজনীতি, সমাজনীতি আদি বহু তল-ওপৰ হৈ গ’ল যদিও সমস্যাটো আজিও সমস্যা হৈয়ে থাকিল৷ ডি-ভোটাৰৰ বিষয়টো লৈ যোৱা বিধানসভা অধিৱেশনত অৰ্থাৎ চলিত বৰ্ষৰ ১২ ফেব্ৰুৱাৰীত বিধায়ক মাননীয় নজৰুল হকৰ এটি প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোনোৱালৰ হৈ পৰিবহণ মন্ত্ৰী মাননীয় চন্দ্ৰমোহন পাটোৱাৰীয়ে কৈছিল যে বৰ্তমান অসমত ১,২৫,৩৩৩ গৰাকী ডি-ভোটাৰ আছে আৰু ২০১৭ চনৰ ৩১ ডিচেম্বৰলৈ মুঠ ৬৬,৯৮৬ গৰাকী ডি-ভোটাৰক আদালতে ভাৰতীয় বুলি ৰায় দিছে৷ ধিং সমষ্টিৰ বিধায়ক মাননীয় আমিনুল ইছলামে ডি-ভোটাৰ আৰু বিদেশী সম্পৰ্কীয় কেইটামান প্ৰশ্ন উত্থাপন কৰিছিল৷ সেই প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোনোৱালৰ হৈ পৰিবহণ মন্ত্ৰী মাননীয় চন্দ্ৰমোহন পাটোৱাৰীয়ে দিয়া উত্তৰত কৈছিল যে যোৱা ৩১/১২/২০১৭ ইং তাৰিখলৈ ২৪,৪১৪৪ গৰাকী ব্যক্তিক ডি-ভোটাৰ হিচাপে চিনাক্ত কৰা হৈছে৷ ইয়াৰে ১,৩১,০৩৪ গোচৰ বিদেশী ন্যায়াধীকৰণৰ দ্বাৰা নিষ্পত্তি কৰা হৈছে আৰু ১,১৩,১১০ টা গোচৰ এতিয়াও নিষ্পত্তি হ’বলৈ বাকী আছে৷ নিষ্পত্তি হোৱা গোচৰৰ মুঠ ২০,৫৭৮ গৰাকী লোকক বিদেশী (১৯৭১ চনৰ আগৰ ১,৯৪২ গৰাকী, ৭১ চনৰ পিছৰ ১৮,৬৩৬ গৰাকী) বুলি ৰায় দিয়া হৈছে আৰু ৬৬,৯৮৬ গৰাকী লোকক ভাৰতীয় বুলি ৰায় দিয়া হৈছে৷ আনহাতে ৩১ ডিচেম্বৰ ২০১৭ ইং তাৰিখলৈ অসম আৰক্ষীৰ সীমান্ত শাখাই বিদেশী সন্দেহত ২,৪১,৪৯৬ গৰাকী ব্যক্তিৰ নাম বিদেশী ন্যায়াধীকৰণলৈ পঠিয়াইছিল৷ তাৰে ১,০৯,৫৪৯ টা গোচৰ নিষ্পত্তি হৈছে যাৰ ভিতৰত ৬৯,৬২৮ জন ব্যক্তিক আদালতে বিদেশী বুলি ৰায় দিছে আৰু এতিয়ালৈকে ১,৩১,৯৪৭ টা গোচৰ নিষ্পত্তি হ’বলৈ বাকী আছে৷

উল্লেখিত দুয়োটা প্ৰশ্নৰ উত্তৰত ডি-ভোটাৰ সংক্ৰান্তীয় তথ্যৰ বিসংগতি মন কৰিবলগীয়া৷ ইফালে আকৌ নিৰ্বাচন আয়োগে আদালতৰ মজিয়াত দাখিল কৰা তথ্য অনুসৰি ৰাজ্যখনত ১,২৬,৫২০ জন ডি-ভোটাৰ আছে কিন্তু বিদেশী ন্যায়াধীকৰণত গোচৰ চলি আছে ১,৯৯,৬৫৯ জন ডি-ভোটাৰ গোচৰ৷ এইদৰেই বিভিন্ন বিভ্ৰান্তিকৰ পৰিৱেশৰ মাজত সোমাই পৰিছে ডি-ভোটাৰৰ সমস্যাটো৷

“ডি” ভোটাৰে উপযুক্ত নথি-পত্র ও সাক্ষী সহ দেৱানী আদালত (Civil Court) ৰ দ্বাৰস্থ হৈ স্বত্ব মামলা (Title Suit) দাখিল কৰি ভাৰতীয় বুলি ঘোষিত হৈছিলে। এই সম্পর্কে মহামান্য গৌহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় এজনীয়া বিচাৰপীঠে যোৱা ১১.০৪.২০১৩ তাৰিখে WP (C) No.256/2013 [Md. Bahaluddin Sheikh Vs The Union of India and Ors] গোচৰত গুৰুত্বপূর্ণ ৰায় প্রদান কৰে। মহামান্য এজনীয়া বিচাৰপীঠে নির্দেশ দিয়ে যে- নাগৰিকত্ব সম্পর্কীয় গোচৰ মাত্র বিদেশী ন্যায়াধীকৰনত চলিব তথা দেৱানী আদালতত নাগৰিকত্ব সম্পর্কীয় গোচৰ নচলিব।

মহামান্য উচ্চতম ন্যায়ালয়ৰ দুজনীয়া খন্ড বিচাৰপীঠে ২৫.১০.২০১৩ তাৰিখে WP (C) No.274/2009 (Assam Public Works Vs Union of India and Ors) গোচৰত নিৰ্দেশনা দিয়ে যে- বিদেশী ন্যায়াধীকৰনে ভাৰতীয় বুলি ঘোষণা কৰাৰ পিছতহে “ডি” ভোটাৰৰ নাম এন.আৰ.চি ত অন্তৰ্ভুক্ত হব।

বিদেশী ন্যায়াধীকৰণৰ সদস্যসকলৰ ভুমিকা যে পক্ষপাতমুলক আৰু আঁকোৰগোজ স্বভাৱৰ বাবে ইতিমধ্যে বহুতো প্ৰকৃত ভাৰতীয় নাগৰিকে বিদেশীৰ অপবাদ মুৰ পাতি ল’বলগীয়া হৈছে৷ বহু ক্ষেত্ৰত অভিযুক্তক আত্মপক্ষ সমৰ্থন সুযোগ নিদি একপক্ষীয় ভাৱে বিদেশী বুলি ৰায় দিয়াৰ উদাহৰণ বহুত আছে৷ দাৰিদ্ৰতাই কোঙা কৰা বহুতো ডি-ভোটাৰ বা আৰক্ষীৰ দ্বাৰা অভিযুক্ত নাগৰিকে ধনৰ অভাৱত উপযুক্ত অধিবক্তাৰ কাষ চাপিব নোৱাৰে যাৰ ফলত সময়মতে আদালতত হাজিৰ হ’ব নোৱাৰে৷ সেইসকলকো আদালতে একপক্ষীয় ৰায় (যাক উকিলৰ ভাষাত ex-partite decree বুলি কোৱা হয়) যোগে বিদেশী বুলি ঘোষণা কৰিছে৷ এনে বহুতো ব্যক্তি আছে যিসকলে ন্যায়াধীকৰণৰ পৰা জাৰি কৰা জাননী সীমান্ত আৰক্ষীৰ গাফিলতিৰ বাবে সময়মতে লাভ কৰা নাই ফলত আদালতত হাজিৰ হ’ব পৰা নাই৷ এনেবোৰ কাৰণতে ঘোষিত বিদেশীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে৷ ইফালে বিদেশী ন্যায়াধীকৰণে ঘোষনা কৰা সেইসকল বিদেশীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ডিটেনছন কেম্পলৈ নিক্ষেপ কৰিছে আৰু আগলৈ ও ডিটেনছন কেম্পলৈ নিক্ষেপ কৰিব।
উচ্চতম ন্যায়ালয়ত ২৪.০৮.২০১৮ তাৰিখে গোচৰ অৰ্থাৎ WP (C) No.1045/2018 ৰ ভিত্তিত দিয়া অসম চৰকাৰৰ পক্ষপাত মূলক অসংবৈধানিক শপত নামাই বিষয়টো অধিক জটিল কৰিছে।
পাঁচজনীয়া কমিটিৰ পৰামৰ্শ মতে ৰাজ্য চৰকাৰৰ নিদিষ্ট নিৰ্দেশনা মতে বিদেশী ন্যায়াধীকৰণে তলত উল্লেখ কৰা চৰ্ত সাপেক্ষে বন্দীক মুক্তি দিব পাৰিব:
(১) এক লাখ টকা মূল্যৰ দুজন ভাৰতীয় নাগৰিক (প্ৰতিজন এক লাখ) জামিনদাৰ হব লাগিব;
(২) মুক্তিৰ পিছত থাকিবলগীয়া নিদিষ্ট ঠিকনা সম্পৰ্কে জনাব লাগিব;
(৩) মুক্তি দিয়াৰ আগতে বায়োমেট্রিক কৰাব লাগিব, দহ আঙুলিৰ ছাপ ও ফটো লব লাগিব। বিদেশী ন্যায়াধীকৰণে নিদিষ্ট কৰি দিয়া আৰক্ষী থানাত সপ্তাহত এদিন হাজিৰ হব লাগিব;
(৪) আৰক্ষী অধীক্ষক (সীমান্ত) য়ে মুক্তি পোৱা বন্দীৰ হাজিৰা সম্পৰ্কে ত্রৈমাসিক প্ৰতিবেদন বিদেশী ন্যায়াধীকৰণত দাখিল কৰিব লাগিব। চৰ্ত ভংগ কৰিলে মুক্তি পোৱা বন্দীক কৰায়ত্ব কৰি বিদেশী ন্যায়াধীকৰণত হাজিৰ কৰাব লাগিব।

ৰাজ্য চৰকাৰে গঠন কৰিবলগীয়া পাচঁজনীয়া কমিটিয়ে চৰ্ত সাপেক্ষে ৫ বছৰতকৈ অধিক সময়ৰ বন্দীৰ মুক্তিৰ পৰামৰ্শৰ বাবে প্ৰাধান্য দিব-
(ক) ৬৫ বছৰতকৈ অধিক বয়সৰ দুৰ্বল ও অসুস্থ বন্দী;
(খ) ৬ বছৰতকৈ কম বয়সৰ সন্তান থকা মহিলা বন্দী;
(গ) বিকলাঙ্গ বন্দী;
(ঘ) ১৪ বছৰৰ কম বয়সৰ শিশু বন্দী।

বিদেশীক মুক্তি দিয়াৰ পক্ষপাতী আমি নহয় এয়া অসাংবিধানিক। ডিটেনচন কেম্পত বন্দী হৈ সকলৰ কাগজ পাতি পুনৰক্ষীণ কৰি প্রকৃত ভাৰতীয় সকলক বিনা চৰ্তত ক্ষতিপূৰণ সহ মুকলি কৰি দিব লাগে আৰু বিদেশী সকলক নিজ নিজ দেশত প্রত্যাবর্তন কৰিব লাগে। এক লাখ টকা মূল্যৰ দুজন ভাৰতীয় নাগৰিক জামিনদাৰ হব বিচৰাৰ অর্থ হল মানুহ জন ভাৰতীয় আৰু ভাৰতীয় এজনে নিজৰ দেশতে কিয় শৰণার্থী হৈ থাকিব? নিশ্চিত ভাবে অসম চৰকাৰে দিয়া শপতনামা অসাংবিধানিক। নিৰীহ মানুহক হাৰাশাস্তি কৰাৰ নতুন কৌশল মাথোন। ( অবেশ্য মাননীয় উচ্চতম নায়ালয়ে চৰকাৰে দিয়া শপতনামা অগ্রাহ্য কৰিছে। )

এখন শুদ্ধ আৰু বিতৰ্কমুক্ত এনআৰচি প্ৰস্তুত হোৱাটো অসমৰ প্ৰতিজন নাগৰিকেই বিচাৰিছিল৷ কিন্তু দিন অতিবাহিত হোৱাৰ লগে লগে এনআৰচিক লৈয়ো গোপন অভিসন্ধি ৰচনা কৰা হৈছে বুলি ইতিমধ্যে বহুত অভিযোগ উত্থাপন হৈছে৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ, চমুকৈ এনআৰচিৰ প্ৰথম আৰু দ্বিতীয় খচৰাত অন্তৰ্ভুক্ত হোৱা কেইবা লাখ লোকৰ নাম পূৰ্ণাংগ এনআৰচিৰ পৰা বাদ পৰাটো নিশ্চিত। আনকি এনআৰচিৰ পৰা কৰ্তন যোৱা লোক পুনৰ নথি-পত্ৰ পুনৰীক্ষণৰ সন্মুখীন হ’ব লাগিব। ক্লজ-৪(৩) ধাৰাৰ অধীনত যিবোৰ আবেদনৰ নথি-পত্ৰত বিসংগতি ধৰা পৰে সেইসকল লোক পূৰ্ণাংগ এনআৰচিৰ পৰা বাদ পৰিব। নথি-পত্ৰ পুনৰীক্ষণৰ ক্ষেত্ৰত বিষয়া-কৰ্মচাৰীসকলক তৎপৰ হোৱাৰ নিৰ্দেশ জাৰি কৰিছে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই। বিশেষকৈ ক্লজ-৪(৩)ৰ অধীনত সন্দেহযুক্ত লোকৰ নথি-পত্ৰসমূহ পুংখানুপুংখভাৱে পৰীক্ষা কৰি ক্লজ-৫ৰ অধীনত অহা ১৫ জুনত এনআৰচিৰ পৰা কৰ্তন হোৱা লোকসকলৰ নাম সন্নিৱিষ্ট কৰি এখন অতিৰিক্ত খচৰা প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এনআৰচিৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে। প্ৰথম আৰু দ্বিতীয় খচৰাত অন্তৰ্ভুক্ত হোৱা কে’বা লাখ লোকৰ নাম শেহতীয়াকৈ অতিৰিক্ত কৰ্তন খচৰাত অন্তৰ্ভুক্ত হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈছে।

এনআৰচিৰ প্ৰথম আৰু দ্বিতীয় খচৰাৰ পৰা কৰ্তন হোৱা যিসকল লোকৰ নাম এই অতিৰিক্ত কৰ্তন খচৰাত অন্তৰ্ভুক্ত হয় সেইসকল লোকে পুনৰবাৰ, অৰ্থাৎ ১৫ জুনৰ পিছত দাবী আবেদন কৰিব লাগিব। কৰ্তন হোৱা লোকসকলৰ আবেদন দাখিলৰ অন্তিম তাৰিখ হ’ব ৩০ জুন। অৰ্থাৎ উক্ত পোন্ধৰ দিনৰ ভিতৰত প্ৰথম আৰু দ্বিতীয় খচৰাত অন্তৰ্ভুক্ত হোৱা যিসকল লোকৰ নাম কৰ্তন হ’ব সেইসকল লোক পুনৰ আবেদন দাখিল কৰি নথি-পত্ৰ পৰীক্ষাৰ সন্মুখীন হ’ব লাগিব। এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই নাম কৰ্তন হোৱা লোকৰ খচৰা প্ৰকাশৰ সিদ্ধান্তৰ কথা উল্লেখ কৰি প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু ডিআৰচিআৰলৈ প্ৰেৰণ কৰা এক পত্ৰই এতিয়া জোকাৰণিৰ সৃষ্টি কৰিছে। উক্ত পত্ৰখনত এইবুলিও উল্লেখ কৰা হৈছে যে যোৱা ১০ এপ্ৰিলত এক শুনানি কালত উচ্চতম ন্যায়ালয়ে কৰ্তন হোৱা লোকসকলৰ নাম অন্তৰ্ভুক্ত কৰি এখন খচৰা প্ৰকাশৰ অনুমতি প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি এনআৰচিৰ কামত নিয়োজিত সকলো বিষয়া-কৰ্মচাৰীকে ক্লজ- ৪(৩)ৰ অধীনত আপত্তিৰ আবেদনৰ ভিত্তিত সন্দেহজনক লোকসকলৰ নথি-পত্ৰ তন্ন তন্নকৈ পৰীক্ষা কৰি যাৱতীয় কাম সম্পন্ন কৰাৰ নিৰ্দেশ দিছে। এনআৰচিৰ ৰাজ্যিক সমন্বয়কগৰাকীৰ এই পত্ৰই স্পষ্ট কৰি দিছে যে প্ৰথম আৰু দ্বিতীয় খচৰাত নাম অন্তৰ্ভুক্ত হ’লেও পূৰ্ণাংগ এনআৰচিত নাম অন্তৰ্ভুক্ত নহ’বও পাৰে। নথি-পত্ৰ যদি সঠিক ৰূপত দাঙি ধৰিব নোৱাৰে, তেন্তে পূৰ্ণাংগ এনআৰচিত নাম অন্তৰ্ভুক্ত হোৱাৰ ক্ষেত্ৰত জটিলতাই দেখা দিব।

কেৱল এয়াই নহয়, এৰাতিৰ ভিতৰত প্রায় ৩.৫ লাখ আপত্তি দাখিল ও সন্দেহৰ আৱৰ্তৰ ভিতৰত, যিসকল লোকৰ বিৰুদ্ধে আপত্তি দাখিল হৈছে, অৰ্থাৎ যিসকলৰ লোকৰ নাম ক্লজ-৫ৰ অধীনত কৰ্তন হোৱা লোকৰ তালিকাত অন্তৰ্ভুক্ত হয় সেইসকল লোক পুনৰবাৰ নথি-পত্ৰ পুনৰীক্ষণৰ সন্মুখীন হ’ব লাগিব। যাৱতীয় প্ৰক্ৰিয়া ৩১ জুলাইৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব। অৰ্থাৎ ৩১ জুলাইত প্ৰকাশ পাব পূৰ্ণাংগ খচৰা। এনআৰচি উন্নীতকৰণ হ’লে অসমৰ এই জলন্ত সমস্যাটো চিৰদিনৰ বাবে নাইকীয়া হৈ যাব বুলি সকলোৱে আশা কৰিছিল৷ কিন্তু সেইটোও যে বাস্তৱত পৰিণত হ’ব তাৰ আশা ক্ষীণ৷ কাৰণ উপযুক্ত নথিৰে এনআৰচিৰ প্ৰ-পত্ৰ পুৰণ কৰি জমা দিয়াৰ পাছতো আজি নিত্য নতুন নীতি নিৰ্দেশনা জাৰি কৰি সম্পূৰ্ণ প্ৰক্ৰিয়াটোকে জটিল কৰি তোলা হৈছে৷ বাহ্যিকভাৱে যদিও উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত এনআৰচিৰ পাম কাজ চলি আছে তথাপিও আভ্যান্তৰীণভাৱে ইয়াত ৰাজনৈতিক হস্তক্ষেপৰ ধাৰণা নুই কৰিব নোৱাৰি৷ আমাৰ এটাই আহ্বান যে উপযুক্ত আৰু শুদ্ধ নথি জমা দিয়া প্ৰতিজন ব্যক্তিৰ নাম এনআৰচিত অন্তৰ্ভূক্তি কৰি এখন বিদেশীমুক্ত এনআৰচি প্ৰস্তুত কৰক যাতে অনাগত দিনত ইয়াক লৈ কোনেও ব্লেকমেইলিঙৰ ৰাজনীতি কৰি আকৌ ডি এনআৰচি সৃষ্টি কৰিব নোৱাৰে।

তথ্য সংগ্রহ :

১ .মোস্তফা খাদ্দাম হুছাইন
২. জাহিদুল ইছলাম মির্ধা
৩. শাহজাহান আলী আহমেদ

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.