সচেতন মিঞা ভাই সকলক আকৌ কৈছো

মাইন উদ্দিন: সমাজচ্যুত হোৱাৰ পৰা ৰক্ষা পাবলৈ লব লগা পদক্ষেপ :

১. প্রতিটো চুবাতে সমাজ সচেতন সকলৰ ক্ষুদ্র কমিটি গঠন কৰক।
২. অপৰাধী আৰু সম্ভাব্য সকলক চিনাক্ত কৰক।
৩. প্রথমে কমিটিৰ ফালৰ পৰা বুজনি দিয়াৰ ব্যৱস্থা কৰক।
৪. অভিজ্ঞ মানসিক ৰোগ বিশেষজ্ঞৰ দ্বাৰা কাউন্সেলিং ৰ ব্যৱস্থা কৰক।
৫. মদ, জুৱা, লটাৰী আদিত জড়িত সকলক প্রশাসনৰ হতুৱাই নাকি লগাওক।
৬. ইজি মানিৰ বিপৰীতে বৈধ বিকল্প উপার্জনৰ ৰাস্তা উলিয়াই দিয়ক।
৭. পশ্চিমীয়া বা আৰবীয় সংস্কৃতি নহয়, শুদ্ধ ইছলামিক সংস্কৃতিৰ প্রচলনত সহযোগ কৰক।
৮. প্রতিটো চুবাতে মছজিদৰ কাষতে এখন আধুনিক বিদ্যালয়ৰ ব্যৱস্থা কৰক।
৯. সামাজিক বিচাৰ ব্যৱস্থাত প্রতক্ষ্য ভাবে প্রশাসনক জড়িত কৰক।
১০. সমাজ সচেতন সকলে দিয়া ৰায় অস্বীকাৰ কৰা সকলক (প্রয়োজনত বল প্রয়োগ কৰি) সমাজচ্যুত কৰক।

এইখিনি কাম কৰিব নোৱাৰিলে মিঞা সমাজ অসমৰ মূলসুঁতিৰ পৰা সম্পূর্ণ ৰূপে সমাজচ্যুত হোৱাৰ পৰা কোনোৱে ৰক্ষা কৰিব নোৱাৰে।

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.