ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বা NRC ৰ মুঠ ১৭ তৰপীয়া পর্যবেক্ষণ পাৰ হৈ অন্তিম খচৰাত নাম আহিল। এৰাতিৰ ভিতৰত লাখ লাখ মানুহৰ বিৰুদ্ধে তথাকথিত কিছু সংগঠনে আপত্তি দিলে আৰু সেই সংগঠনক প্রত্যক্ষ বা পৰোক্ষ ভাবে বহুতে সহযোগিতা কৰিলে।

এতিয়া প্রশ্ন হয় –
A . ২১ টা সংখ্যাৰ নিজৰ ARN নম্বৰটো আমি নিজেই মুখস্থ ৰাখিব পৰা নাই সেই ক্ষেত্রত তথাকথিত কিছু সংগঠনে কেনেকৈ মনত ৰাখিলে বা কোনে যোগান দিলে?
B. চালনীৰে ছেকি ছেকি কেৱল বিশেষ ধর্মীয় আৰু ভাষিক সকলৰ বিৰুদ্ধে আপত্তি দর্শাবলৈ লাখ লাখ ARN নম্বৰৰ ব্যক্তি সকলক অভিযোগকাৰী সকলে চিনি নোপোৱাৰ কাৰণ কি?
পানী নসৰকা ব্যৱস্থাৰ মাজেৰে চুপ্ৰিম কৰ্টৰ নিৰ্দেশনা মতেই চুড়ান্ত খছৰাত নাম অহাৰ পিছতো কিয় সাধাৰন নাগৰিকক আপত্তিৰ সুযোগ দিয়া হ’ল। সকলো ভাৰতীয় নাগৰিকে NRC কতৃপক্ষই যোগান ধৰা লিগেছী ডাটা, নিৰ্বাচনী বিষয়াই যোগান ধৰা ভোটাৰ লিষ্ট, চক্ৰ বিষয়াই সত্য প্ৰত্যায়িত কৰা লিংকেজ চাৰ্টিফিকেট, চৰকাৰী বিষয়াই দিয়া জন্মৰ প্ৰ-পত্ৰ, চৰকাৰী স্কুল, কলেজ, বিশ্ববিদ্যালয়ে দিয়া শিক্ষাগত অৰ্হতাৰ প্ৰ-পত্ৰ জমা দি ভাৰতীয় নাগৰিক বুলি আবেদন কৰিছিল। লগতে সেইবোৰ NRC কতৃপক্ষই পুনৰ ভেৰিফিকচনো কৰিছিল। এইখিনিতে ভ্রাতৃপ্রতীম Mridul Haque এ কৰা প্রশ্ন কেইটা যথাযথ যেন লাগিল :
১/ চুপ্ৰীম কোৰ্টৰ মতে প্ৰশাসনিক বিষয়া, বিশ্ববিদ্যালয়ৰ আচাৰ্য্য, চৰকাৰী বিষয়াসকলতকৈ ঠিকনাবিহীন ভূৱা আপত্তিকাৰী বেছি গুৰুত্বপুৰ্ন নেকি?
২/ যদি সাধাৰণ নাগৰিকৰ আপত্তি দাখিল কৰাতোৱেই বেছি গুৰুত্বপুৰ্ন বুলি ন্যায়ালয়ে বিবেচনা কৰিছিল তেন্তে প্ৰথম পৰ্যায়তে এই ব্যৱস্থা নকৰিলে কিয়?
৩/ উপৰোক্ত প্ৰক্ৰিয়াসমুহক চুপ্ৰিম কোৰ্টে বিশ্বাসত লোৱা নাই নেকি? যদি সেয়াই হয় তেন্তে ইমান ধন আৰু সময়ৰ অপচয় কৰাৰ প্ৰয়োজনেই বা ক’ত?
৪/ আপত্তি দাখিলৰ ক্ষেত্ৰত হোৱা খেলিমেলিৰ বিষয়তো ন্যায়ালয়ক জনোৱাৰ পিছত ন্যায়ালয়ে নিজেই বিশেষ ব্যৱস্থা নলৈ হুদুক মাছ ৰখীয়া কৰাৰ দৰে পুনৰ হাজেলালৈ ঠেলিলে কিয়?
এইবোৰ কাণ্ডক বর্ণবাদী নুবুলি নো কি বুলি কম ? নগন্য কিছু সংখ্যক মানৱতাবাদী বাদে তথাকথিত মূলসুঁতিৰ কোনোৱে এই বর্ণবাদী কার্য্যৰ প্রতিবাদ কৰা আজিলৈ দেখা নাপালো।
আমি আগতেও কৈছিলো যে যিমান কষ্ট নহওঁক কিয় NRC ত আমি পূর্ণ সহযোগিতা আগবঢ়াম আৰু সেয়া ইতিমধ্যে পালন কৰিছো।
টোকা: তলৰ চিত্রত ১৮৯২ ৰ পৰা ২০১৯ লৈ সকলো কাগজ পত্র ঠিকে থকাৰ পিছতো কোনোবা “অসম প্রেমী” (দাস ) এ অভিযোগ কৰিছে কিন্তু দুঃখজনক কথাটো হৈছে – এটা পৰিয়ালৰ তিনি গৰাকী ব্যক্তিক তিনিটা বেলেগ বেলেগ বেলেগ স্থানত বেলেগ বেলেগ তাৰিখত Hearing ৰ বাবে মাতিছে। ইয়াক সমাদৰ নে বর্ণবাদী হাৰাশাস্তি বুলি কম ?