মিঞা ভাই : অসমত এয়াই বাস্তৱ

বহুবাৰ বহলাই ব্যাখ্যা দিছো যে স্বাধীনতাৰ কেইবাদশক আগৰ পৰাই লক্ষ লক্ষ মিঞা অসমত নিগাজীকৈ বাস কৰিছিল গতিকে অসমৰ মিঞা খিনিক বৈধ/অবৈধ নীতি নিয়মৰ মাজেৰে ৰাষ্ট্রহীন কৰিব পাৰিব কিন্তু বাংলাদেশী বুলি প্রমাণ কৰিব কোনোৱে নোৱাৰে।

বাংলাদেশী বুলি প্রমান কৰিবলৈ সেইদেশৰ ঠিকনা বা প্রমান পত্র দিব লাগিব সেয়া অসম বা ভাৰত চৰকাৰৰ হাতত নাই। সেয়ে বাংলাদেশে অসমৰ মিঞা খিনিক গ্রহণ নকৰে। গতিকে মিঞাক অসমৰ পৰা কোনোৱে খেদিব ও নোৱাৰে।

১৮৯২ ৰ পৰা ২০১৯ লৈ সকলো কাগজ পাতি ঠিক থকাৰ কাৰণেই NRC ড্রাফটত নাম আহিছে ইয়াৰ পিছতো আমাৰ পৰিয়ালৰ ৪ গৰাকী ব্যক্তিৰ বিৰুদ্ধে আপত্তি (Objection) দাখিল কৰিলে কোনোবা অচিনাকি দাস উপাধিৰ ব্যক্তিয়ে কিন্তু কিয় ?

কেৱল মিঞা মুছলমান নাম থকাৰ বাবেই নহয় জানো ? আমাৰ পৰিয়াল টোক বাংলদেশী (বিদেশী) সজোৱাৰ ক্ষমতা অসম বা ভাৰত চৰকাৰৰ নাই সেয়া আমি জানো (যেতিয়ালৈকে ভাৰতীয় সংবিধান কার্যক্ষম হৈ থাকে।) আমাৰ পৰিয়ালৰ দুটা জেনেৰেচনে ভাৰতৰ স্বাধীনতা সংগ্রামত ভাগ লৈছিল কিন্তু আজি সেই পৰিয়ালৰ সদস্যই ,ভাৰতবৰ্ষত বাৰে বাৰে নাগৰিকত্বৰ নামত লজ্জিত হব লগা হৈ আছে। এয়া অপমানজনক নহয় নেকি ?

এই অপমান ১৯১৯ চনত Line system ৰ মাজেৰে আৰম্ভ হৈ ২০১৯ NRC ৰ মাজেৰে সমাপ্ত হব বুলি ভাবিছিলো কিন্তু ………..।

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.