আপুনি যদি মিঞাক বেয়া পায় তেন্তে বন্ধু তালিকাৰ পৰা দূৰত থাকিব লৈ অনুৰোধ থাকিল । মোৰ ভ্রাতৃক ঘৃণা কৰা সকলে মোক ভাল নাপালে ও চলিব।

কোনো মূল /ভুল বুজি নাপাওঁ – চিধা কথা – অগ্রজ বা অনুজ আন বহু প্রব্রজনকাৰী জনগোষ্ঠীৰ দৰেই মিঞা ও বৃহত্তৰ ‘অসমীয়া’ জাতিৰ অংগ। মানি লব নোৱাৰটো আপোনাৰ মানসিকতা আৰু আপোনাৰ সমস্যা কিন্তু বাস্তৱতা নহয়।
অসমীয়া জাতি গঠন :
বহুতে আজিকালি দাবী কৰে যে তেখেত বা তেখেতৰ জনগোষ্ঠীৰ মানুহ খিনি ভূমিপুত্র আৰু প্রকৃত অসমীয়া। যদি কেতিয়াবা সেই মূধাফুটা জনক সোধা যায় – “আপুনি বা আপোনাৰ জনগোষ্ঠীৰ কি কি অৱদান আছে বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্রিয়াত? ”
.
কেৱল আহোম সকলোৰ বাদে কোনো এটা জনগোষ্ঠীৰ নেতা/মূধাফুটাই পলকতে উত্তৰ দিব নোৱাৰিব।
.
অসমীয়া জাতি গঠন প্রক্রিয়া ইমানেই জটিল যে ভাৰতীয় নৃ-তত্ব আৰু ভাষা বিধ সকলেও প্ৰায়েই ” নিপাতনে সন্ধি” বাক্যাংশ প্রয়োগ কৰা দেখা যায়।
.
অসমীয়া জাতি হৈছে বিভিন্ন সময়ত, বিভিন্ন কাৰণত অসমলৈ অহা বিভিন্ন প্ৰজাতিৰ লোকৰ সংমিশ্ৰণতে গঢ় লৈ উঠা এটা বৃহত্তৰ জাতি। সময়ৰ লগে লগে তেওঁলোকৰ বিভিন্ন ভাষা, সংস্কৃতি আদি মিলি গৈ এই জাতিৰ ভাষা-সংস্কৃতিৰ ৰূপ লৈছে।অতি প্ৰাচীন কালৰে পৰা অসমত নানা জাতিৰ লোকে বসতি কৰি আছে। সেয়েহে অসমৰ আদিম বাসিন্দা কোন তাৰ কোনো প্ৰামণিক আৰু বৈজ্ঞানিক তথ্য-সমল নাই। কোনো নিৰ্দিষ্ট জনগোষ্ঠীকেই মূল অসমীয়া বা অসমৰ আদিম বাসিন্দা বুলি চিহ্নিত কৰিব নোৱাৰি। অসমত প্ৰত্ন-প্ৰস্তৰ যুগত মানুহ বাস কৰাৰ কোনো বস্তুনিষ্ঠ প্ৰমাণ নাই। নৱপ্ৰস্তৰ যুগত এই ভূখণ্ডত মানুহ বসবাস কৰাৰ কিছু প্ৰমাণ পোৱা গ’লেও তাৰ পৰা সেইসময়ত ইয়াত বসবাস কৰা মানুহৰ আৱয়বিক গঠন স্পষ্টকৈ নিৰ্ণয় কৰিব পৰা হোৱা নাই।
উনবিংশ শতিকাত অসমলৈ পূৰ্ব বংগৰ পৰা বহু লোক আহিছিল আৰু তেওঁলোকৰ অধিক সংখ্যকেই পোনতেই গোৱালপাৰা জিলাত বসবাস আৰম্ভ কৰি পাছলৈ অসমৰ আন আন ঠাইতো বিয়পি পৰিছিল।
.
পূৰ্ববংগৰ পৰা অহা আগতে অহা মুছলমান সম্প্ৰদায়ৰ লোকসকলে বিশেষকৈ খেতি-বাতি কৰি পেট প্ৰৱৰ্তাবলৈ ধৰে। ইংৰাজৰ দিনতে অসমত চাহ খেতিৰ বহুল প্ৰসাৰ হয়। বিহাৰ, উৰিষ্যা, উত্তৰ-প্ৰদেশ আৰু মাদ্ৰাজৰ পৰা অহা লোকসকলে ঘাইকৈ চাহ বনুৱা হিচাপে অসমৰ চাহ বাগিচাসমূহত নিযুক্তি লাভ কৰিছিলহি। ইয়াৰ বাহিৰেও সময়ে সময়ে ৰাজস্থান, পঞ্জাৱকে আদি কৰি ভাৰতৰ অন্যান্য ৰাজ্য আৰু নেপালৰ পৰাও বহু সংখ্যক লোক আহি নানান ধৰণৰ বেহা-বেপাৰ কৰি অসমত থাকিবলৈ লয়। নেপালৰ পৰা অহা লোকসকলে বিশেষকৈ গাখীৰৰ ব্যৱসায় কৰি লাভৱান হোৱা দেখা গৈছিল। এনেদৰে যুগে যুগে চামে চামে অহা মানুহবোৰ নিজা নিজা মাত-কথা, ধৰণ-কৰণ, এৰা-ধৰা আৰি দিয়া-লোৱা প্ৰক্ৰিয়াৰ মাজতেই বৃহত্তৰ অসমীয়া জাতি গঢ় লৈ উঠিছে।
.
ডঃ লীলা গগৈৰ মতে,”অসমত যাৰ জন্ম, যি অসমত স্থায়ীভাৱে বসবাস কৰিছে, যি অসমীয়া ভাষা কয়,যি অসমীয়া জাতীয় জীৱনৰ সৈতে নিৰৱচ্ছিন্ন সম্পৰ্ক গঢ় দি তুলিছে, আৰু অসমৰ স্বাৰ্থ-স্বত্ব সংৰক্ষণৰ অৰ্থে আন্তৰিকতাৰে সৈতে বৰঙণি যোগাইছে, তেৱেঁই অসমীয়া।সত্যেন বৰকটকীৰ মতে, “খ্ৰীষ্টপূৰ্ব দুহেজাৰ চনৰ সময়ৰ পৰা চীন দেশৰ হোৱাংহো আৰু ইয়াং চিকিয়াং নদীৰ পাৰৰ পৰা অসমৰ মাজেদি ভাৰতলৈ এক জনপ্ৰৱাহ চলি আছিল। এই মংগোল লোকসকল আৰু ব্ৰহ্মদেশৰ উত্তৰ অঞ্চলৰ পৰা দেশান্তৰিত হৈ অহা লোকসকলে অসমৰ মুঠ অধিবাসীসকলৰ এটা প্ৰধান অংশ অধিকাৰ কৰি আছে।”
.
অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কে বিভিন্ন ভাষাবিজ্ঞানীয়ে সময়ে সময়ে বিভিন্ন মত আগবঢ়াই আহিছে৷ এই বিষয়ে ঘাইকৈ ছয়টা মত পোৱা যায়৷ তাৰ ভিতৰত উল্লেখযোগ্য মত কেইটা হ’ল- কালিৰাম মেধিৰ মতে প্ৰাচ্য-পশ্চিমাৰ মিশ্ৰণ, কনকলাল বৰুৱাৰ মতে পৈশাচী প্ৰাকৃত, দেবানন্দ ভৰালীৰ মতে কামৰূপীয়া, সৌমাৰ প্ৰাকৃত, বেণিমাধৱ বৰুৱা, ডিম্বেশ্বৰ নেওগ, বিশ্বেশ্বৰ হাজৰিকাৰ মতে কামৰূপী প্ৰাকৃত আৰু ড° জৰ্জ আব্ৰাহম গ্ৰীয়াৰ্চন, তাৰাপৰোৱালা, ড° সুনীতি কুমাৰ চেটাৰ্জী, ড° বাণীকান্ত কাকতি, ড° বিৰিঞ্চি কুমাৰ বৰুৱা, ড° উপেন্দ্ৰনাথ গোস্বামী, ড° গোলোক চন্দ্ৰ গোস্বামী, ড° মহেশ্বৰ নেওগ, ড° নগেন ঠাকুৰ, ড° ভীমকান্ত বৰুৱা আদিৰ মতে মাগধী প্ৰাকৃত৷
খৃষ্টীয় পঞ্চম শতিকাৰ পৰা দ্বাদশ শতিকালৈকে প্ৰাচীন কামৰূপ ৰাজ্যত ৰাজত্ব কৰা হিন্দু ৰজাসকলৰ তাম্ৰফলিসমূহতেই প্ৰাচীন অসমীয়া লিখিত সাহিত্যৰ নিদৰ্শন পোৱা যায়৷ ইয়াৰ পিছত ক্ৰমে ক্ৰমে চৰ্যাপদ, শ্ৰীকৃষ্ণ কীৰ্তন, হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত’, মাধৱ কন্দলীৰ ‘ৰামায়ণ’, শংকৰদেৱ-মাধৱদেৱৰ ‘কীৰ্তন-নামঘোষা’, ভট্টদেৱৰ ‘কথা-গীতা’, কথাগুৰুচৰিত, বুৰঞ্জীসাহিত্য আদিৰ পিছত সৃষ্টি হোৱা অৰুণোদই, জোনাকী, ৰামধেনু আদি বিভিন্ন সাহিত্যৰ মাজেৰে অসমীয়া ভাষাই এটা পূৰ্ণাঙ্গ অৱস্থা লাভ কৰে৷
দেশ স্বাধীন হোৱাৰ আগলৈকে অসমীয়া ভাষা আৰু সম্স্কৃতিৰ বিশাল নদীত জাহ যাবলৈ আগবাঢ়ি আহিছিল এই ভূমিত বসবাস কৰা অসংখ্য ক্ষুদ্ৰ জাতি – উপজাতি। এতিয়াৰ অৰুণাচল বা তেতিয়াৰ নেফা, নগা ভূমি আদিত অসমীয়া ভাষা সংযোগী ভাষা (lingua franca) হিচাপে গঢ় লৈ উঠিছিল। খাছীয়া, জয়ন্তীয়া, কাৰ্বি, ডফলা, আবৰ, চিংফৌ, দেউৰী, বড়ো,চৰ চাপৰিৰ লোক, ৰাভা আদি নানান জাতি উপজাতিৰ লোকে অসমীয়া ভাষা সংস্কৃতিত নিজকে বিলীন কৰি অসমীয়া বুলি পৰিচয় দিবলৈ আগবাঢ়ি আহিছিল।
দেশ স্বাধীন হোৱাৰ পিচত বৰ লুইতৰ দুয়োপাৰে গঢ় লবলৈ ধৰা বৃহত অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো একেটা গতিত চলি নাথাকিল। গণতান্ত্ৰিক শাসন ব্যৱস্থাত এসময়ত অসমীয়া জাতি সত্বাত নিজকে বিলীন কৰি দিবলৈ ওলোৱা জাতি উপজাতি বোৰে নিজৰ স্বকীয়তা বজাই ৰখাত অধিক ৰাজনৈতিক লাভ প্ৰত্যক্ষ কৰিবলৈ আৰম্ভ কৰিলে। সেয়ে অসমীয়া বুলি পৰিচয় দিয়াতকৈ তেওঁলোকে নিজকে স্বকীয় জাতি বা জনজাতি বুলি পৰিচয় দিবলৈ ধৰিলে। ইয়াত ইন্ধন যোগালে উগ্ৰ অসমীয়া জাতীয়তাবাদ আৰু আন জাতি – জনজাতি সকলক ৰাজনৈতিক ক্ষমতা লাভৰ পৰা বঞ্চিত কৰি ৰখাৰ নিকৃষ্ট অসমীয়া ৰাজনৈতিক চক্ৰান্তই। এটা এটাকৈ জাতি – জনজাতি অসমীয়া জাতিসত্বাৰ আওতাৰ পৰা আঁতৰি যাবলৈ ধৰিলে। ঐক্যৰ পৰিৱৰ্তে আৰম্ভ হ’ল পৃথকীকৰণৰ ৰাজনীতি। বৰ অসমৰ পৰা ভাগ হৈ ওলাই গ’ল অৰুণাচল, মেঘালয়, নগালেণ্ড, মিজোৰাম। সংমিশ্ৰন প্ৰক্ৰিয়াৰে গঢ় লবলৈ ধৰা বৃহত অসমীয়া জাতি ভাঙি থান বান হ’বলৈ ধৰিলে। বিদেশী বহিস্কৰণৰ দাবীত হোৱা ছবছৰীয়া অসম আন্দোলনেও বহুতো অনা অসমীয়া লোকক অসমীয়া জাতিত চামিল হোৱাৰ প্ৰক্ৰিয়াৰ পৰা আঁতৰাই পেলালে।
তত্স্বত্বেও অন্য ভাষা আৰু সংস্কৃতিৰ মানুহ অসমীয়া জাতি সত্বাত বিলীন হোৱাৰ প্ৰক্ৰিয়াটো ক্ষীণ অন্ত:স্ৰোতৰ দৰে এতিয়াও চলি আছে। অসমৰ মাটি পানীক আপোন বুলি আঁকোৱালি লোৱা বহুতো অনা অসমীয়া লোকে অসমীয়া ভাষা আৰু সংস্কৃতিত বিলীন হ’বলৈ এতিয়াও আগবাঢ়ি আহিব বিচাৰে। নানান জাতি জনজাতিৰ লোক সকলে এতিয়াও অসমীয়া সাহিত্য সংস্কৃতিৰ চৰ্চা কৰি আহিছে। চৰ চাপৰিৰ পৰাও অসমীয়া ভাষাৰ চৰ্চা কৰা লোক ওলাই আহিছে। মূলত: বাংলা, হিন্দী বা অন্য ভাষী অনেকেই অসমীয়া ভাষাত সাহিত্য ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। এয়া অসমীয়া জাতিৰ কাৰণে শুভলক্ষণ।এতিয়াও কিছু ‘অতি অসমীয়া’ ৰ দ্বাৰা মাজে মাজে ঘটি থকা কিছু অপ্রীতিকৰ ঘটনাই জনজাতি তথা ছিন্নমূলৰ মানুহখিনিক মূলসুঁতিৰ পৰা আতৰাই পঠায়।ছবছৰীয়া অসম আন্দোলনৰ পাচৰ সময়ছোৱাৰ পৰাই অসমীয়া জাতিৰ ৰাজহাড়স্বৰূপ জনগোষ্ঠীসমূহৰৰ মাজত বিভিন্ন ধৰণৰ অসন্তুষ্টিয়ে গা কৰি উঠিছে। ফলস্বৰূপে তেওঁলোকে অসমীয়া জাতি ৰূপে নিজৰ পৰিচয় পৰিত্যাগ কৰি নিজস্ব স্বকীয় জনগোষ্ঠীয় পৰিচয় দিবলৈ আগ্ৰহী হৈ উঠিছে। তেওঁলোকৰ অৰ্থনৈতিক অনগ্ৰসৰতা আৰু কিছুমান সুবিধাবাদী ৰাজনীতিবিদৰ কাৰুকাৰ্যই এইক্ষেত্ৰত যথেষ্ট পৰিমাণে উদগণি জনাই আহিছে। অৱশ্যে অসমৰ কেইবাজনো ৰাজনৈতিক নেতাই কৰা অদূৰদৰ্শী আৰু অপৰিপক্ক সিদ্ধান্তসমুহেও এই ভাঙোনত অৰিহনা যোগাইছে। এই ধাৰা বর্তমানেই বর্তি থকা দেখা যায়। সদৌশেষত অসম মাতৃৰ আৰু অংগ ছেদ যাতে নহয় তাৰ প্রতি আটায়ে সজাগ হোৱাৰ আহবান জনাই সামৰিছো।
জয় আই অসম
সংগ্রহ : মাইন্ উদ্দিন , বৰপেটা ৰোড (অসম )