মিঞাৰ Et tu, Brute

মাইন উদ্দিন :

অসম চৰকাৰৰ দ্বাৰা নিযুক্তি প্রাপ্ত সংখ্যালঘু উন্নয়ন বোর্ডৰ অধ্যক্ষই কৈছিল ১.১ কৌটি তথাকথিত অখিলঞ্জীয়া মিঞা কিন্তু প্রকৃত ৯০ লাখহে। এই তথাকথিত অখিলঞ্জীয়া ২৯% মিঞা অসমত কিন্তু চৰকাৰী চাকৰি ৩.৯% , শিক্ষাৰ হাৰ ৫১% যত সমগ্র ৰাজ্যৰ হাৰ প্রায় ৭৬%, অসমত থকা মুঠ ভূমিহীনৰ ৮৫% ভূমিহীন তথাকথিত অখিলঞ্জীয়া মিঞা। অসমৰ মুঠ ভূমিৰ ৯% (ম্যাদী মাটি ) হে এই তথাকথিত অখিলঞ্জীয়া মিঞাৰ দখলত। এতিয়া প্রশ্ন হয় -অসমত প্রভুত্ব কাৰ চলি আছে? ইয়াৰ পিছতো বহুতেই দাবী কৰি আছে – “অসমত খিলঞ্জীয়াৰ প্রভুত্ব থাকিবই লাগিব।

প্রতিকূল পৰিস্থিতিৰ লগত সংগ্রাম কৰি কিছু সংখ্যক মিঞাৰ সন্তানে সমাজৰ সুস্থ নাগৰিক হৈছে। এই কিছু সংখ্যকৰ মাজত মুষ্টিমেয় কেইজনে ভিন্নৰুপী বর্ণবাদী হাতোৰাৰ পৰা এই তথাকথিত অখিলঞ্জীয়া মিঞা জনগোষ্ঠী টোক উদ্ধাৰৰ বাবে মনৰ মাজত পঞ্জীভূত ক্ষোভ খিনি কবিতা, গল্প ,উপন্যাস আদি আকাৰে লিখিবলৈ আৰম্ভ কৰিছে। ঘৃণাৰ বতাহে পৰিবেশ এনেকুৱা কুলষিত কৰিছে যে এই লিখা-মেলা কৰা কাম খিনিও এতিয়া তথাকথিত প্রভু সকলৰ অনুমতি লব লগা সময় আহিছে যেন লাগে। উদাহৰণ বহুত আছে – কিছুদিন আগত মোৰ এটা কবিতাই জোৱাৰ-ভাটা আনি দিছিল , গাজী ৰহমানৰ “কেৰামতৰ পুতেক” নামৰ কবিতা টোৱে ভালেই খিনি জোকাৰি গৈছিল। শেহতীয়া ভাবে ৰেহনা চুলতানাৰ ” মিঞা সংকট?” নামৰ কবিতা টোৱে প্রায় সকলো সাগৰ মহাসাগৰত চুনামীৰ সৃষ্টি কৰিছে। কাকো বেয়াও পোৱা নাই ,অভিযোগ দিয়াও নাই আৰু সহানুভূতি ও নিবিচাৰো, কেৱল জনাই থলো। সময় বৰ নিষ্ঠুৰ বাবেই ই কাকো কেতিয়াও ক্ষমা নকৰে। ব্র্যান্ডেড নাগপুৰীয়া জ্ঞান ভাণ্ডাৰৰ মালিক সকলে যাহাতাহা কলে বেয়া নালাগে কিন্তু বিশ্ব মানৱতাৰ দাবীদাৰ একাংশ বামপন্থী ও যেতিয়া “মিঞা” ক উপলুঙা কৰাত হাত উজান দিয়ে তেতিয়া নীৰৱে মূখৰ পৰা ওলাই আহে – Et tu, Brute?

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.