মাইন উদ্দিন:
যোৱা কেইবছৰ হ’ল কিছুমান ৰাজনৈতিক দল /সংগঠনৰ কৰ্মীৰ অতপালি চচিয়েল মেডিয়াত বৃদ্ধি পাইছে। “আদাক দেখি উঠিল গা , কেতেৰীয়ে বোলে মোকো খা” ধৰণে কিছুমান সংখ্যালঘু যুৱক আৰু সংগঠনৰ সদস্যই সকলেও একেধৰণেই অতপালি কৰা আমাৰ দৃষ্টিগোচৰ হৈছে।

এইক্ষেত্ৰত কিছু অসামাজিক তত্বই FAKE একাউন্টৰ জড়িয়তেও এই কামত সাৰপানী যোগাইছে। ব্যক্তিগত ভাবে বহু জনক হকা-বাধা দি আহিছো যাতে এনেকুৱা অতপালি চচিয়েল মেডিয়াত নকৰে। কিন্তু বর্তমানে অতপালি কৰা ব্যক্তিৰ সংখ্যা বৃদ্ধি পাইছে সেয়ে ৰাজহুৱা ভাবে (বিশেষ কৈ সংখ্যালঘু) ৩০ অনূর্ধ চেঙেলীয়া যুৱ সকল লৈ আবেদন /নিবেদন /আদেশ :
১. চচিয়েল মিডিয়াত বিতর্কিত পোস্টত মন্তব্য দিয়া বন্ধ কৰক।
২. নিউজ চেনেলৰ পেজত লাইক কৰক /পঢ়ক কিন্তু মন্তব্য দিয়াৰ পৰা আঁতৰত থাকক।
৩. যিকোনো ধর্মীয় পোস্ট নিজৰ টাইম লাইন বা গ্রুপত দিয়াৰ পৰা আঁতৰত থাকক।
৪. যিকোনো ব্যক্তিৰ গঠনাত্মক পোস্টহে কেৱল শ্বেয়াৰ কৰক।
৫. বয়োজ্যেষ্ঠ /অভিজ্ঞ সকলৰ লেখনি পঢ়ি হৃদয়গম কৰক।
৬. সমস্যাৰ বিষয়ে লিখাৰ সময়ত আইন আৰু সংবিধানৰ কথা মনত ৰাখক।
৭. যিকোনো বিষয়ত নিজকে সর্বজান্তা বুলি ভাবিবলৈ বাদ দিয়ক।
টোকা : যিসকলে নিজকে সর্বজান্তা বুলি ভাবে , সেই সকলে মোৰ দৰে নিঃকিন / অজ্ঞানী ব্যক্তিৰ বন্ধু তালিকাৰ পৰা আঁতৰি যাব পাৰে।