মাইন উদ্দিন: বর্ণবাদৰ সংজ্ঞা সমাজ বিজ্ঞানী সকলে সহজ ভাবে দিয়াত প্ৰায়ে বিফল হোৱা দেখা যায়। সাধাৰণতে বর্ণবাদ হ’ল এনেকুৱা এক মানসিকতা যিয়ে এটা জনগোষ্ঠীক উচ্চ বা নীচ প্রতিপন্ন কৰে। এটা জনগোষ্ঠীক যোগ্য আৰু আনটো জনগোষ্ঠীক অযোগ্য বা এটা জনগোষ্ঠীৰ ওপৰত আনটো জনগোষ্ঠীৰ প্রভুত্বৰ অধিকাৰী। কোনো মানুহৰ আচৰণ যদি তেখেতৰ জাতি-ধর্ম , ভাষা বা গাৰ বৰণ আদি দি নিয়ন্ত্রিত হয় সেয়া সমাজৰ কাৰণে ক্ষতিকাৰক নহলেও তাক বর্ণবাদ বুলি কোৱা হয়। এই বর্ণবৈষম্যৰ ফলতেই অৱহেলিত, নির্যাতিত, পদদলিত, নিপীড়িত, শোষিত, বঞ্চিত শ্রেণী এটাৰ সৃষ্টি হৈছে। Photo source: Twitter.com পৃথীবিৰ ভিন ভিন অঞ্চলত এই বর্ণবাদ ভিন ভিন নাম লৈ আভির্ভাব হৈছে আৰু সাধাৰণতে সংখ্যালঘু সকল […]
অনুভৱ: মিঞা শব্দটোতেই বহুতৰ এলাৰ্জী
✍ ডাঃ জাহিদ আহমেদ মাজে মাজে এখনি মিঞা জাতীয় অভিবৰ্তনৰ প্ৰয়োজন অনুভৱ কৰোঁ ! ৰ’ব ৰ’ব, হেডলাইন দেখিয়েই ছাৰপোকাৰ নিচিনা ছাট মাৰি নুঠিব। আমি জানোঁ মিঞা শব্দটোতেই বহুতৰ এলাৰ্জী উঠি যায়, অসমত থাকি ইয়াৰে হাওৱা পানী খাই আজিয়েই মিঞাই পৃথককৈ অভিবৰ্তন পাতিব! এয়া জানো হজম কৰিব পাৰি!! এইহেন চিন্তাধাৰা বেছিভাগ তথাকথিত মূলসুঁতিৰ লেণ্ডছন অৰ্থাৎ ভূমিপুত্ৰৰ। আৰু এইটো বাৰ্তাৰেই আজি অতবছৰে সহজ সৰল অসমীয়া মানুহৰ মগজ ধুলাই কৰি মামুহঁতে নিজৰ ব্যাক্তিস্বাৰ্থ পূৰণ কৰি অাহিছে। শুনক, কবলৈ গলে বিভিন্ন সৰু বৰ উপগোষ্ঠী লগলগাই অসমত আজি মিঞাৰ সংখ্যা প্ৰায় কোটিৰ ওচৰা উচৰি। কোটি নহলেও অনাগত দুই চাৰি বছৰতে কোটিৰ সংখ্যা গৈ চুবগৈ দিয়কচোন। তেনেক্ষেত্ৰত […]
১৯৪৬ ৰ নৌ-বিদ্রোহৰ এটি গীত আৰু স্বাধীনতা পিয়াসী উৰন্ত তৰুন আমাৰ ককাদেউতা
১৯৪৬ চনৰ ১৮ ফেব্ৰুৱাৰীৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈ নৌ-বিদ্রোহ সংগঠিত হৈছিল। সেই সময়ত সলিল চৌধুৰী নামৰ ডেকা গীতিকাৰ এজনে এটি গীত ৰচনা কৰিছিল আৰু নিজেই ১৩ টা ভাষালৈ অনুবাদ কৰিছিল। আমাৰ ককাদেউতা এজন স্বাধীনতা পিয়াসী উৰন্ত তৰুন হিচাবে অসমত বাদ্য যন্ত্র নোহোৱাকৈ নিজেই এই গীতটো গাইছিল আৰু মানুহক বুজাই ফুৰিছিল। কিবা কথা প্রসঙ্গত আমাৰ দেউতা (আব্বাই) যোৱাকালি সেই গানটোৰ কেইটামান কলি গাই শুনালে। আমাৰ ককাদেউতাক স্বশৰীৰে দেখাৰ সৌভাগ্য হোৱা নাছিল (১৯৫১ চনতে ইহলীলা ত্যাগ কৰিছিল) কিন্তু তেখেতৰ বহু চিন্তাধাৰা আব্বাৰ মূখত শুনি তবোধ মানিলো।আমাৰ ককাদেউতা (আক্কেল আলী শ্বেখ ) এজন স্বল্প শিক্ষিত ব্যক্তিও বহু বিচক্ষণ আৰু দূৰদৰ্শী হব পাৰে, সেয়া বুজি […]
টোপনিত লালকাল : মাইন উদ্দিন
টোপনিত লালকাল @ মাইন উদ্দিন টোপনি নাই ওৰে ৰাতি উজাগৰে নীল আকাশলৈ তন্ময় হৈ চাই থাকো অমানিশাৰ অন্ধকাৰত এছাটি পোহৰৰ অপেক্ষাত মৰুত মৰিচীকা বিচাৰি খিৰিকী খন খুলি দিলো। ভাবিছিলো চন্দ্ৰৰ পোহৰত গা ধুম নাই , সেয়া আচন্দ্রাৰ অলৌকিকতা মাথোন শতাব্দীজোৰা এলান্ধু মুক্ত হোৱাৰ সপোন অমাবশ্যাৰ জোনটোৰ দৰেই আশাহত কৰিলে। নিশাচৰ পক্ষীকূলে বহি আছে গছৰ ডালত প্রতিমুহূর্তে ইজনে সিজনক সংকেতেৰে মাতে আমাৰ উজাগৰী প্রাণী কেইটা বাদে জাহান টোপনিত লালকাল নগণ্য কেইজন সম্ভাব্য বিপদত কম্পিত ,অনুভুতিত সিক্ত । এয়া নিশ্চিত মৃত্যুৰ দুৱাৰদলিৰ সপোন গাথা কেৱল মিছা মায়াৰ পৰিশ্ৰান্ত পথিকৰ অপেক্ষায় অপেক্ষমান এয়া নহয়তো বিধিৰ বিধান আহাজাৰি দীর্ঘ নিঃশ্বাস ? হয়তো আৰু দেখা পোৱা […]
অসমৰ চাহ শীৰ্ষক ৰচনা প্রতিযোগিতাৰ আয়োজন
আমাৰ গোটৰ উদ্যোগত আৰু SHAHRIA TEA ৰ সহযোগত অনলাইনত প্রথম বাৰৰ বাবে অসমৰ চাহ (বিশেষকৈ Camellia sinensis var. assamica ) নামৰ চাহৰ ওপৰত এক ৰচনা প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। ( Submit your Post here: https://bit.ly/2ByovRl ) প্ৰতিযোগিতাখনিৰ নিয়মাৱলী সমূহ:: ————————————————– * প্রতিযােগিতাখন Online ত অনুষ্ঠিত হব । ** এই প্ৰতিযোগিতাখনিলৈ পঠোৱা লিখিনী সমূহ ক/ অসমীয়া বা ইংৰাজী বা হিন্দী ভাষাত হব লাগিব। খ/ ৰচনা অতি কমেও ৫০০ শব্দৰ ওপৰত হব লাগিব। গ/ আগতে কৰবাত প্রকাশিত লেখনী গ্রহণযোগ্য নহব। ঘ / অতি কমেও ৮০% copyscape pass হব লাগিব। ঙ/ মানদন্ড সম্পন্ন ইংৰাজী আৰু হিন্দী ভাষাৰ লেখনী সমূহ ৰাষ্টীয় বা অন্তৰাষ্টীয় পেপাৰ বা আলোচনীত […]
এটি কবিতাৰ চুইচাইড নোট আৰু ৰুদ্র-তছলিমা যুটি
ব্যক্তি এজন যিমানেই কলামোদী নহওঁক কিয়, দৈনন্দিন জীৱনত বহু গান , কবিতা শুনি নাথাকক কিয়, তাৰ মাজৰ বেছি সংখ্যক আমি পাহৰি যাও বা পাহৰি যাবলৈ বাধ্য হও। স্বল্প সংখ্যক গান বা কবিতা বা গল্পই এনেকুৱাকৈ অন্তৰত ৰেখাপাত কৰে যে পাহৰিব ইচ্ছা কৰিলেও সেয়া হৈ নুঠে। ১৯৯০-৯১ চন মানৰ কথা ১৪-১৫ বছৰীয়া কিশোৰ জনৰ হৃদয়ত ৰেখাপাত কৰিছিল এটি বিশেষ গীত সেয়া ৰেডিওত শুনিছিলো। কোনে লিখিছিল , কিয় লিখিছিল , কাৰ বাবে লিখিছিল একো জনা নাছিলো কিন্তু ভাল লাগিছিল। বহু বছৰ পিছত জানিছিলো – কবিতাটো লিখিছিল স্বল্পস্থায়ী কবি ৰুদ্র মুহম্মদ শহিদুল্লাহ আৰু কবিতাটোক “চুইচাইড নোট”বুলি বিজ্ঞ মহলে অভিবিহিত কৰিছিল। বিখ্যাত / কুখ্যাত […]
তামিঘৰত ৰঙা চোলাটো : মাইন উদ্দিন
তামিঘৰত ৰঙা চোলাটো @ মাইন উদ্দিন তোমাৰ বাবেই মই মোৰ দূখবোৰ বেঁকী, মানাহ , লুইতৰ মোহনাত উটুৱাই দিলো সজালো থাকিবলৈ এটা তামিঘৰ উৱঁলি যোৱা ৰঙা চোলাটো ইস্ত্রী কৰিলো। জিলমিল দুচকুযে আঁকি যায় বুকুত হেপাঁহৰ তামিঘৰ. চৌদিশে বসন্তৰ সুবাস প্ৰকৃতিৰ মোহনীয়া ৰুপ আক্ষেপ মাথোঁ বুকুৰ একোণত ৰোৱা কপৌফুল পাহক লৈ নাজানো কাৰ বা খোপাত ফুলে গৈ বিহু তলি শোৱনি কৰি। উশাহখিনি চিনিবৰ জোখাৰে নাছিল কোনো হেঁপাহ কেতিয়াবা স্বতঃস্ফূর্তভাবে নিজেই কৈ উঠিবা অ হেৰা, আমাৰ পৰাও মৰম অকণমান লওক অকল আমাকেই ইমান মৰম যাঁচিব নালাগে ! সিচঁৰিত সপোনবোৰ,আশাবোৰ আমাৰ নহয় দিনবোৰ, সময়বোৰ, সকলোবোৰ আমাৰ নহয় পৃথিৱীখনো আমাৰ নহয় কিয়নো আমাৰ প্রেমবোৰ অভিজাত […]
উদাসী আত্মাৰ ক্রন্দন : মাইন উদ্দিন
উদাসী আত্মাৰ ক্রন্দন @মাইন উদ্দিন মনৰ এন্ধাৰত যন্ত্ৰণাৰ দলিচাত অঘৰী আত্মাই নীৰৱে কান্দে পোৱা-নোপোৱাৰ নষ্টালজিয়া প্ৰতি নিশা এৰি অহা অতীতৰ স্মৃতিবোৰ সোঁৱৰি। মনৰ গভীৰতম গহ্বৰৰ পৰা অনবৰতে নিগৰিত হয় আত্মীয়তা বিহীন কোমল হর্ষ-বিষাদৰ টোপাল। কর্মহীন অৱসাদ উদাসীন তীৰ বিহীন জীৱন তৰী প্ৰেমৰ আবেগত মাতাল হৈ মৌনতাৰে অনুভূত হয় বিষাদৰ শলিতা। জীৱন নামৰ গ্রন্থত লিপিবদ্ধ হয় উকা কাগজৰে প্ৰতিটো পৃষ্ঠা অন্তৰখন কপি উঠে প্রতি মুহূৰ্তত উদাসী হৈয়ে গলনে মানবী জীৱন?
এন্ধাৰৰ চক্রবেহু : মাইন উদ্দিন
এন্ধাৰৰ চক্রবেহু @ মাইন উদ্দিন আন্ধাৰৰ উত্তৰ সদায়ে পোহৰ কাৰোবাক এন্ধাৰৰ বেপাৰ কৰা দেখিলে নীৰৱে পোহৰ বিলাই দিবলৈ যত্ন কৰিলো এন্ধাৰ আঁতৰিল ঠিকেই কিন্তু এলান্ধু থাকি গল। আন্ধাৰৰ ব্যাপকতা অধিক পোহৰৰ তুলনাত দিনৰ পিছতেই ৰাতিৰ এন্ধাৰ সেইদৰে দিনৰ আগতেও ৰজনী ঘোৰ মাতৃগর্ভতো এন্ধাৰৰ ৰাজত্ব। এতিয়াও জীৱনত চকু মেলাতকৈ অধিককাল বন্ধ আঁখিত অন্ধকাৰ নিমজ্জিত স্বপ্নবিভোৰ প্রাণবায়ু উৰি গলেও আকৌ জীৱন হেৰাই যায় এন্ধাৰত। পোহৰ-এন্ধাৰৰ চক্রবেহুত মায়াময় উৎসৱ জীৱনৰ এলান্ধুৱে আৱৰা পোহৰৰ স্থায়িত্ব এন্ধাৰে ৰাজত্ব কৰে দীৰ্ঘম্যাদী।
মনত পৰে তোমালৈ : মাইন উদ্দিন
মনত পৰে তোমালৈ @ মাইন উদ্দিন ================ মনত পৰে তোমালৈ মনত পৰে প্রতিটো লগ্নত মনত পৰে ভালপোৱাত মনত পৰে অপমানত মনত পৰে ক্ষমাত মনত পৰে আলিঙ্গনত মনত পৰে অপাৰগতাত। মনত পৰে প্রতাৰণাত মনত পৰে সান্ত্বনাত মনত পৰে যন্ত্রণাত মনত পেলায় আর্তনাদ কৰিছো মনত পৰে বিদায় পৰত। মনত পৰে আগতীয়াকৈ মনৰ শান্তি বিনাশ হলে মনত পৰে অসীম কষ্টৰে সংসাৰৰ কিবা যেন হেৰাই যায় মনত পৰে নিদ্রাহীন কিমান ৰাতি জাগি থাকো থলপুৱাৰ আশাত এই হৃদয়ত কুঠাৰ আঘাতে কিমান তেজ নির্গত হৈছে বেদনাত। সঞ্চিত কৰি থৈ গৈছে বহু অপৰিস্ফুটত বেদনা মনত পৰে লুইতৰ বালিচৰ মনত পৰে জটিলতাত মনত পৰে শিহৰণত মনত পৰে মোহনাৰ […]









