তামিঘৰত ৰঙা চোলাটো : মাইন উদ্দিন

তামিঘৰত ৰঙা চোলাটো

@ মাইন উদ্দিন

তোমাৰ বাবেই মই মোৰ দূখবোৰ
বেঁকী, মানাহ , লুইতৰ মোহনাত উটুৱাই দিলো
সজালো থাকিবলৈ এটা তামিঘৰ
উৱঁলি যোৱা ৰঙা চোলাটো ইস্ত্রী কৰিলো।

জিলমিল দুচকুযে আঁকি যায় বুকুত হেপাঁহৰ তামিঘৰ.
চৌদিশে বসন্তৰ সুবাস প্ৰকৃতিৰ মোহনীয়া ৰুপ
আক্ষেপ মাথোঁ বুকুৰ একোণত ৰোৱা কপৌফুল পাহক লৈ
নাজানো কাৰ বা খোপাত ফুলে গৈ বিহু তলি শোৱনি কৰি।

উশাহখিনি চিনিবৰ জোখাৰে নাছিল কোনো হেঁপাহ
কেতিয়াবা স্বতঃস্ফূর্তভাবে নিজেই কৈ উঠিবা
অ হেৰা, আমাৰ পৰাও মৰম অকণমান লওক
অকল আমাকেই ইমান মৰম যাঁচিব নালাগে !

সিচঁৰিত সপোনবোৰ,আশাবোৰ আমাৰ নহয়
দিনবোৰ, সময়বোৰ, সকলোবোৰ আমাৰ নহয়
পৃথিৱীখনো আমাৰ নহয় কিয়নো
আমাৰ প্রেমবোৰ অভিজাত শ্ৰেণীভুক্ত নহয়।

Photo: Main Uddin & Shazida Khatun – 1993

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.