এটি কবিতাৰ চুইচাইড নোট আৰু ৰুদ্র-তছলিমা যুটি

ব্যক্তি এজন যিমানেই কলামোদী নহওঁক কিয়, দৈনন্দিন জীৱনত বহু গান , কবিতা শুনি নাথাকক কিয়, তাৰ মাজৰ বেছি সংখ্যক আমি পাহৰি যাও বা পাহৰি যাবলৈ বাধ্য হও। স্বল্প সংখ্যক গান বা কবিতা বা গল্পই এনেকুৱাকৈ অন্তৰত ৰেখাপাত কৰে যে পাহৰিব ইচ্ছা কৰিলেও সেয়া হৈ নুঠে। ১৯৯০-৯১ চন মানৰ কথা ১৪-১৫ বছৰীয়া কিশোৰ জনৰ হৃদয়ত ৰেখাপাত কৰিছিল এটি বিশেষ গীত সেয়া ৰেডিওত শুনিছিলো। কোনে লিখিছিল , কিয় লিখিছিল , কাৰ বাবে লিখিছিল একো জনা নাছিলো কিন্তু ভাল লাগিছিল। বহু বছৰ পিছত জানিছিলো – কবিতাটো লিখিছিল স্বল্পস্থায়ী কবি ৰুদ্র মুহম্মদ শহিদুল্লাহ আৰু কবিতাটোক “চুইচাইড নোট”বুলি বিজ্ঞ মহলে অভিবিহিত কৰিছিল। বিখ্যাত / কুখ্যাত নাৰীবাদী লেখক তছলিমা নাছৰিনক সাহিত্য ৰচনাৰ প্ৰেৰণা দিয়া মূল ব্যক্তিজনেই আছিল এই ৰুদ্র মুহম্মদ শহিদুল্লা। দুয়োজনৰ মাজত প্রেম বিবাহ (ঘৰৰ পৰা পলাই) হৈছিল যদিও উচ্চাভিলাষী তছলিমা নাছৰিনৰ লগত ঘৰ বেছিদিন (চাৰি বছৰ) টিকা নাছিল . সেয়ে দূর্বল হৃদয়ৰ কবিয়ে ১৯৯১ চনত আত্মহত্যা কৰা বুলি অনুমান কৰা হয়। কবিয়ে মৃত্যুৰ আগমুহূর্ত্ত এই কবিতাটো লিখা বাবেই “চুইচাইড নোট” আজিও প্রচলিত হৈ আছে আৰু তছলিমা নাছৰিনে অকপটে সেয়া স্বীকাৰ কৰিছিল।

taslima nasrin and rudra mohammad shahidullah

“আমাৰ ভিতৰে বাহিৰে অন্তৰে অন্তৰে ” কবিতা টো বাংলাদেশ টিভিত চিৰিয়েল এটাত গান হিচাবে ব্যৱহাৰ কৰিছিল আৰু পিছলৈ “তোমাকে চাই” নামৰ চলচিত্র এখনতো ব্যৱহাৰ কৰা হৈছিল। গানটোক মাত্রাধিক জনপ্রিয়তা দিছিল কবীৰ সুমন (সুমন চট্টোপাধ্যায়) নামৰ ভাৰতীয় গায়ক জনৰ কণ্ঠই। কথিত আছে যে এই গানটোৰ অনুকৰণত বলিউডৰ বিখ্যাত গীতিকাৰ মেহবুবে “तू ही रे आजा रे आजा रे यु ही तडपा ना तू मुझको” গীতটো ৰচনা কৰিছিল আৰু এ আৰ ৰহমানে সঙ্গীত প্রায় একেই ঘৰানাত দিছিল।

আমাৰ এওঁ (সহধৰ্মী) আজি ঘৰত নাই সেয়ে আজি আকৌ পুৰণি গীতটো মনত পৰিল বাবেই তুলি দিলো। (অনুবাদ সংশোধন যোগ্য)

আমাৰ ভিতৰে বাহিৰে অন্তৰে অন্তৰে

@ ৰুদ্র মুহম্মদ শহিদুল্লাহ

অনুবাদ : মাইন উদ্দিন
=================
মোৰ ভিতৰত বাহিৰত অন্তৰৰ অন্তৰত
আছা তুমি হৃদয় আৱৰি

ঢাকি ৰাখে যেনেকৈ কুসুম
পাহীৰ আৱৰণত শস্যৰ বীজ
তেনেকৈয়ে তোমাৰ নিবিড় চলন
প্ৰেমৰ মূল পথত উঠে।

পুহি ৰাখে যেনেকৈ শামুক
খোলাৰ আৱৰনত মুকুতাৰ সূখ
তেনেকৈয়ে তোমাৰ গভীৰ স্পর্শ
হৃদয়ৰ নীলা বন্দৰত।

ভালেই আছো , ভালেই থাকিবা
আকাশৰ ঠিকানাত চিঠি লিখিবা
দিবা তোমাৰ মালাধাৰী
বাউলৰ এই মনটোকে ।
===========================

আমার ভিতর বাহিরে অন্তরে অন্তরে

@ ৰুদ্র মুহম্মদ শহিদুল্লাহ

আমার ভিতর বাহিরে অন্তরে অন্তরে
আছো তুমি হৃদয় জুড়ে ।।

ঢেকে রাখে যেমন কুসুম
পাঁপড়ির আবডালে ফসলের ঘুম
তেমনি তোমার নিবিড় চলা
মরমের মূল পথ ধরে ।।

পুষে রাখে যেমন ঝিনুক
খোলসের আবরণে মুক্তোর সুখ
তেমনি তোমার গভীর ছোঁয়া
ভিতরের নীল বন্দরে ।।

ভালো আছি, ভালো থেকো
আকাশের ঠিকানায় চিঠি লিখ
দিও তোমার মালা খানি
বাউলের এই মনটারে ।।
================

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.