উদাসী আত্মাৰ ক্রন্দন
@মাইন উদ্দিন
মনৰ এন্ধাৰত যন্ত্ৰণাৰ দলিচাত
অঘৰী আত্মাই নীৰৱে কান্দে
পোৱা-নোপোৱাৰ নষ্টালজিয়া প্ৰতি নিশা
এৰি অহা অতীতৰ স্মৃতিবোৰ সোঁৱৰি।
মনৰ গভীৰতম গহ্বৰৰ পৰা
অনবৰতে নিগৰিত হয়
আত্মীয়তা বিহীন কোমল
হর্ষ-বিষাদৰ টোপাল।
কর্মহীন অৱসাদ উদাসীন
তীৰ বিহীন জীৱন তৰী
প্ৰেমৰ আবেগত মাতাল হৈ
মৌনতাৰে অনুভূত হয় বিষাদৰ শলিতা।
জীৱন নামৰ গ্রন্থত লিপিবদ্ধ হয়
উকা কাগজৰে প্ৰতিটো পৃষ্ঠা
অন্তৰখন কপি উঠে প্রতি মুহূৰ্তত
উদাসী হৈয়ে গলনে মানবী জীৱন?
