এন্ধাৰৰ চক্রবেহু : মাইন উদ্দিন

এন্ধাৰৰ চক্রবেহু

@ মাইন উদ্দিন

আন্ধাৰৰ উত্তৰ সদায়ে পোহৰ
কাৰোবাক এন্ধাৰৰ বেপাৰ কৰা দেখিলে
নীৰৱে পোহৰ বিলাই দিবলৈ যত্ন কৰিলো
এন্ধাৰ আঁতৰিল ঠিকেই কিন্তু এলান্ধু থাকি গল।

আন্ধাৰৰ ব্যাপকতা অধিক পোহৰৰ তুলনাত
দিনৰ পিছতেই ৰাতিৰ এন্ধাৰ
সেইদৰে দিনৰ আগতেও ৰজনী ঘোৰ
মাতৃগর্ভতো এন্ধাৰৰ ৰাজত্ব।

এতিয়াও জীৱনত চকু মেলাতকৈ
অধিককাল বন্ধ আঁখিত অন্ধকাৰ নিমজ্জিত
স্বপ্নবিভোৰ প্রাণবায়ু উৰি গলেও
আকৌ জীৱন হেৰাই যায় এন্ধাৰত।

পোহৰ-এন্ধাৰৰ চক্রবেহুত
মায়াময় উৎসৱ জীৱনৰ
এলান্ধুৱে আৱৰা পোহৰৰ স্থায়িত্ব
এন্ধাৰে ৰাজত্ব কৰে দীৰ্ঘম্যাদী।

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.