মনত পৰে তোমালৈ
@ মাইন উদ্দিন
================
মনত পৰে তোমালৈ
মনত পৰে প্রতিটো লগ্নত
মনত পৰে ভালপোৱাত
মনত পৰে অপমানত
মনত পৰে ক্ষমাত
মনত পৰে আলিঙ্গনত
মনত পৰে অপাৰগতাত।
মনত পৰে প্রতাৰণাত
মনত পৰে সান্ত্বনাত
মনত পৰে যন্ত্রণাত
মনত পেলায় আর্তনাদ কৰিছো
মনত পৰে বিদায় পৰত।
মনত পৰে আগতীয়াকৈ মনৰ শান্তি বিনাশ হলে
মনত পৰে অসীম কষ্টৰে সংসাৰৰ কিবা যেন হেৰাই যায়
মনত পৰে নিদ্রাহীন কিমান ৰাতি জাগি থাকো থলপুৱাৰ আশাত
এই হৃদয়ত কুঠাৰ আঘাতে কিমান তেজ নির্গত হৈছে বেদনাত।
সঞ্চিত কৰি থৈ গৈছে বহু অপৰিস্ফুটত বেদনা
মনত পৰে লুইতৰ বালিচৰ
মনত পৰে জটিলতাত
মনত পৰে শিহৰণত
মনত পৰে মোহনাৰ অস্থিৰতাত।
মনত পৰে কামনাত
মনত পৰে বাসনাত
মনত পৰে নিষ্ঠুৰতাত
মনত পৰে ঈর্ষাপৰানয়াত
মনত পৰে সহজাত প্রবৃতিত।
মনত পৰে অসহায় হৈ দৌৰিছিলো মায়াৰ মৰীচিকাত
মনত পৰে প্রতিশোধ লোৱাৰ প্রবণতাক প্ৰতিৰোধ কৰাত
মনত পৰে অপৰাধী হোৱাৰ পৰা ৰক্ষা পোৱা ক্ষণত
মনত পৰে জীৱনৰ সকলো আশা নির্বাপিত হোৱাত।
মনত পৰে এই হতভাগা পৃথিবীত জীয়াই থকাৰ কঠিন সংগ্রামত
মনত পৰে নিদ্রাহীন মনৰ ধুমুহাত জাগি থকাৰ স্বস্তিৰ আশাত
হৃদয় কুঠিৰত লুকাই থকা ইটভাটাত কিমান শিল্পীৰ মনাগ্নি হৈছে
মনত পৰে সংগ্রাম কৰি জীয়াই থকাৰ নতুন নতুন অনুপ্রেৰণাত।
মনত পৰে হেজাৰ বিজাৰ স্মৃতি পাহৰি যোৱাত
মনত পৰে কেৱল গন্ডগোলত
মনত পৰে নিস্তব্ধতাত
মনত পৰে অপূর্ণতাত
মনত পৰে অহেতুক সুযোগ লোৱাত।
মনত পৰে ঝলমল মিছা কথাত
মনত পৰে উৎপীড়নত
মনত পৰে জীয়াই থকাৰ উন্মাদনাত
মনত থাকিব অনাগত কোন গীতিকবিতাত
মনত পৰে নিদাৰুণ এই বাস্তৱতাত।
