মোৰো অতীত আছে : মাইন উদ্দিন

মোৰো অতীত আছে
@ মাইন উদ্দিন

মোৰো অতীত আছে
সুদীর্ঘ ৪২ বছৰৰ
ভয়াবহ কিছু তিক্ত স্মৃতি
বিশেষকৈ বিগত ২০ বছৰৰ।

অতীত সমূহ হায়েনা হৈ কাষত ঘূৰি ফুৰে
ভয়ানক দৃষ্টিৰে চাই থাকে বর্তমানলৈ
এৰি আহিলো অতীত
বহু দূৰ দিগন্তত।

মোৰো ইচ্ছা হয় অতীতকলৈ ভাবি কিছু বিষ ঢালিবলৈ
লোতকেৰে অতীতৰ দিনবোৰক তিয়াই দিবলৈ
ইচ্ছা হয় উজাগৰে ৰাতিত অতীতৰ সুখস্মৃতি ৰোমন্থন কৰিবলৈ
তথাপি টোপনি যাবলৈ চেষ্টা কৰো নতুন সপোনক আদৰিবলৈ।

অতীত আছে মোৰ বীভৎস অতীত
সুখে ভৰা কিছু স্মৃতিও আছে এই জীৱনত
তথাপি পাহৰিব বিচাৰোঁ সকলো অতীত
জীয়াই থাকিব বিচাৰো বর্তমান আৰু ভৱিষ্যতৰ মাজত।

কিছু অতীত ধাৰণ কৰিবলৈ নিজৰো ইচ্ছা হয়
ক্ষত-বিক্ষত কৰিব ইচ্ছা হয় কিছু লেতেৰা অতীত
তথাপি কৰিব বিচাৰো জয় অতীতক
নিজৰ বর্তমান আৰু ভৱিষ্যতৰ প্রয়োজনত।

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.