মই কবিতা কেৱল মোৰ : মাইন উদ্দিন

মই কবিতা কেৱল মোৰ
@ মাইন উদ্দিন
==============
মই কবিতা কেৱল মোৰ
মই মোকে পালন কৰো
মোৰ অপৰিমেয় ভালপোৱাত
জীবন্ত কৰি ৰাখো অপৰিসীম ভাল লগাত।

মোৰ ভালপোৱাত কেৱল ময়েই
ভাল লগাত ও কেৱল ময়েই
এয়াই মই, মোৰ কবিতা
পল অনুপলৰ পম খেদা জীৱনৰ বাস্তৱতা।

প্রিয় বন্ধুৰ তালিকাত দাপোণৰ স্থান শীৰ্ষত
কাৰণ মই কান্দিলে সি হাঁহি নাথাকে
বৰষুণত খোজকাঢ়ি ফুৰো যাতে
কোনোৱে মোৰ অশ্রু দেখা নাপায়।

মই যি নহও সেয়া হবলৈ
যি কৰিব নোৱাৰো সেয়া কৰিবলৈ
অবিৰত সংগ্রামেই হৈছে মোৰ কবিতা
খাদ্য -অখাদ্য যি গোটতে স্থান নিদিয়া কিয়।

পৃথিবীৰ প্রতিজন মানুহৰেই কিছু আশা-আকাঙ্ক্ষা থাকে
লগতে বহন কৰে সীমাহীন সপোন
যত জীৱনটোক সজায় সম্পূর্ণ নিজৰ মতে
প্রাপ্তি-অপ্রাপ্তি হিচাব সদায়ে অসম্পূর্ন।

জীৱনক বুজিবলৈ চেষ্টা কৰিছো
অতি-স্বাভাবিক ভাবে লোকালয়ত
মোক বিচাৰি লিখিলো বহু গল্প, কবিতা
পাঠকৰ হৃদয়ৰ বহু অলিখিত ক্রন্দন ও সপোন।


ফটো : খছৰু আলী আহমেদ (২০০৯)

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.